নতুন ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান
১ বহুতে জগতৰ বৰ্তমানৰ পৰিস্থিতিক লৈ চিন্তিত। কিন্তু কিছুমানেহে কেৱল এনে হোৱাৰ কাৰণ, ভৱিষ্যতে কি ঘটিব আৰু আগন্তুক ন্যায়-বিচাৰৰ পৰা ৰক্ষা পাই উত্তৰজীৱি হʼবলৈ কি কৰা আৱশ্যক, সেই বিষয়ে বুজিব পাৰিছে। (যিহি. ৯:৪) সেয়েহে তেওঁলোকক আমাৰ এই বিশেষ সময়ত সচেতন হোৱাত সহায় কৰিবলৈ এপ্ৰিল ১৮ তাৰিখৰ পৰা মে’ ১৫ তাৰিখলৈকে পৰ দি থাকক! নামৰ ব্ৰচাৰখন বিশ্বজুৰি বিতৰণ কৰিবলৈ এক অভিযান আয়োজন কৰা হৈছে।
২ এই ব্ৰচাৰখন ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্য, পুনৰ সাক্ষাৎ, অনিয়মিত বা ৰাজহুৱা ঠাইবোৰত সাক্ষী দিয়াৰ সময়ত ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই ব্ৰচাৰখন জধে-মধে বিতৰণ কৰা উচিত নহয়। এই ব্ৰচাৰখন কেৱল তেনে ব্যক্তিসকলক দিয়া আৱশ্যক যিসকলে বৰ্তমান সময়ত জগতত ঘটা ঘটনাবোৰৰ অৰ্থ কি, সেই বিষয়ে জানিবলৈ আগ্ৰহী। কিন্তু যিসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি কম আগ্ৰহকতা দেখুৱাই তেওঁলোকক এখন ট্ৰেক্ট দিয়াটো উত্তম হʼব।
৩ এজন ব্যক্তিৰ আগ্ৰহকতা জগাই তুলিবলৈ আপুনি হয়তো এইদৰে কʼব পাৰে:
▪ “সাধাৰণতে দেখিবলৈ বা শুনিবলৈ পোৱা গুৰুত্বৰ সমস্যাবোৰৰ প্ৰতি বহুতে চিন্তিত। [স্থানীয় কোনো এটা ঘটনাৰ বিষয়ে উল্লেখ কৰক।] আপুনি জানেনে যে ঘটিবলগীয়া এনেবোৰ ঘটনাৰ বিষয়ে বাইবেলত পূৰ্ব্বেই ভৱিষ্যতবাণী কৰা হৈছিল? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত এটা উপযুক্ত শাস্ত্ৰীয় পদ পঢ়ক, যেনে, মথি ২৪:৩, ৭, ৮; লূক ২১:৭, ১০, ১১; ২ তীমথিয় ৩:১-৫.] আমাৰ সময়ত ঘটা ঘটনাবোৰৰ অৰ্থ কি আৰু ভৱিষ্যতে মানৱজাতিৰ বাবে কেনে আশা আছে, সেই বিষয়ে বাইবেলে বৰ্ণনা কৰিছে। আপুনি অধিক জানিব বিচাৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু আগ্ৰহকতা দেখুৱা ব্যক্তিসকলক ব্ৰচাৰখন দিয়ক।] এই ব্ৰচাৰখনৰ বাবে কোনো মূল্য লোৱা নহয়। যদি আপুনি আমাৰ বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে স্বইচ্ছাৰে কোনো দান-বৰঙণি দিব বিচাৰিছে, তেন্তে আমি গ্ৰহণ কৰিবলৈ পায় সুখী হম।”
৪ অথবা আপুনি হয়তো এইদৰে কʼব পাৰে:
▪ “আজি বহুতে জগতত হোৱা আকস্মিক দুৰ্ঘটনা বা নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাই মনোবেদনাত ভাঙি পৰিছে। এনেবোৰ ঘটনাত হস্তক্ষেপ কৰি ঈশ্বৰে কিয় সমাধান নকৰে বুলি বহুতে আচৰিত হয়। কিন্তু বাইবেলে আমাক আশ্বাস দিছে যে ঈশ্বৰে অতি সোনকালে মানৱজাতিয়ে ভুগী থকা সকলো দুখ-কষ্টৰ অন্ত কৰিব। লক্ষ্য কৰক যে ঈশ্বৰে মানৱজাতিৰ বাবে কেনে লাভসমূহ কঢ়িয়াই আনিব। [গীত ৩৭:১০, ১১ পদটো পঢ়ক।] এই বিষয়ে আপুনি অধিক জানিবলৈ ইচ্ছা কৰেনে?” ওপৰত দিয়া অনুসাৰে কৈ সমাপ্তি কৰক।
৫ যিসকল ব্যক্তিয়ে এই ব্ৰচাৰখন গ্ৰহণ কৰে, তেওঁলোকৰ নাম, ঠিকনা লিখি ৰাখক আৰু ব্যক্তিজনক অধিক আগ্ৰহী কৰিবলৈ পুনৰ সাক্ষাতৰ বাবে আয়োজন কৰক। আগ্ৰহী ব্যক্তিজনৰ সৈতে পৰ দি থাকক! আৰু আন প্ৰকাশন, যেনে, বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি, সেই বিষয়ে ভৱিষ্যতে পৰামৰ্শ দিয়া হʼব। এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰি আপুনি কৃতকাৰ্য্যতা লাভ কৰিব পাৰে।
৬ সেৱা সভাৰ এই ভাগটো আলোচনা কৰাৰ পিছত পৰ দি থাকক! নামৰ ব্ৰচাৰখন বিতৰণৰ বাবে লʼব পাৰিব। প্ৰথম দিনা বিতৰণৰ বাবে কিমানখন ব্ৰচাৰৰ প্ৰয়োজন কেৱল সিমান পৰিমাণে ব্ৰচাৰ লʼবলৈ প্ৰকাশকসকলক অনুৰোধ কৰা হʼল। এই বিশেষ অভিযানৰ দ্বাৰা যিহোৱাৰ নাম স্তুতি আৰু সকলো ঠাইত থকা নম্ৰ মনৰ লোকসকলক সহায় কৰাত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰক।—গীত ৯০:১৭.