ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১৩
  • বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • নতুন ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১৩
ছবি: “নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা” ভাগত দেখুৱা পৰিয়ালে প্ৰচাৰ কৰি আছে। ১. এজনী ভনী আৰু তাইৰ মাতৃয়ে এগৰাকী তিৰোতাৰ ঘৰৰ দুৱাৰ মূখত “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখনৰপৰা তাইৰ লগত কথা পাতি আছে। ২. ভনীজনীৰ আইতাকে “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখনৰপৰা ফোনৰ যোগেদি বাইবেল অধ্যয়ন কৰি আছে। ৩. তাইৰ পিতৃ-মাতৃয়ে কাৰ্টৰ যোগেদি সাক্ষ্য দি আছে আৰু তাত “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰ থৈছে আৰু বিনামূলীয়া বাইবেল অধ্যয়নৰ বিষয়ে জনাইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান

চেপ্টেম্বৰ মাহত আমি সকলোৰে লগত এক অনন্ত জীৱন! ব্ৰচাৰখনৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। প্ৰচাৰকসকলে যদি বিচাৰে এই মাহত ৩০ ঘন্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। এই অভিযানত আমি কি কৰিম?

  • প্ৰথম সাক্ষাৎ: এজন ব্যক্তিৰ লগত ব্যক্তিগত আগ্ৰহ দেখুৱাই সাধাৰণভাৱে কথা-বতৰা আৰম্ভ কৰক আৰু কথা-বতৰা আগবঢ়াই লৈ যাওক। (ফিলি ২:৪) বহুবাৰ কথা-বতৰা হোৱাৰ পাছত যদি সম্ভৱ হয়, তেন্তে আপুনি তেওঁক ঈশ্বৰৰ বিষয়ে কʼব পাৰে। যদি ব্যক্তিজনে সঁচাকৈ আগ্ৰহ দেখুৱাই আৰু বেছিকৈ আলোচনা কৰিব বিচাৰে, তেন্তে বাইবেল অধ্যয়নৰ বিষয়ে কওক। যিসকলে আগতে অলপ আগ্ৰহ দেখুৱাইছিল, তেওঁলোকৰ লগতে আপুনি পুনৰ সাক্ষাৎ কৰা লোকসকলকো নাপাহৰিব। যদিও আগতে তেওঁলোকে অধ্যয়ন কৰিবলৈ মানা কৰিছিল, কিন্তু এতিয়া এই ব্ৰচাৰৰ যোগেদি নতুন উপায়েৰে তেওঁলোকে অধ্যয়ন কৰিবলৈ বিচাৰিব পাৰে। যদি কোনো এখন ঘৰত মানুহ নাই, তেনেহʼলে তাত ব্ৰচাৰখন এৰি থৈ নাহিব। যিসকলে আগতে আগ্ৰহ দেখুৱা নাছিল, তেওঁলোককো ব্ৰচাৰখন খামত ভৰাই নপঠিয়াব। মণ্ডলীৰ সেৱা সমিতিয়ে এই মাহত প্ৰচাৰৰ বাবে আৰু কিছুমান সভা ৰাখিব পাৰে।

  • আন সুযোগবোৰ: যদি আপোনাৰ মণ্ডলীয়ে কাৰ্ট লগাই সাক্ষ্য দিয়ে, তেনেহʼলে আপুনি তাত এক অনন্ত জীৱন! ব্ৰচাৰখন থʼব পাৰে। যদি কোনোবাই ব্ৰচাৰখন লʼব বিচাৰে, তেনেহʼলে আপুনি তেওঁক কʼব পাৰে যে আপুনি তেওঁৰ লগত বাইবেলৰপৰা আলোচনা কৰিব পাৰে আৰু ইয়াৰ বাবে তেওঁৰপৰা কোনো টকা-পইচা লোৱা নহʼব। প্ৰচাৰ সমূহৰ অধ্যক্ষই যদি বিচাৰে, তেনেহʼলে এনে কিছুমান ভাই-ভনীক বিজনেচ এলেকাত পঠিয়াব পাৰে, যিসকলে তাত ভালদৰে প্ৰচাৰ কৰিব পাৰিব। আপুনি কামৰ ঠাইত আৰু সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ সময়তো যদি লোকসকলে আগ্ৰহ দেখুৱায়, তেনেহʼলে তেওঁলোকক বাইবেল অধ্যয়নৰ বিষয়ে কʼব পাৰে।

যীচুৱে আমাক লোকসকলক “শিক্ষা” দিবলৈ আৰু তেওঁলোকক “শিষ্য” বনাবলৈ আজ্ঞা দিছে। (মথি ২৮:১৯, ২০) আমাৰ আশা আছে যে এই বিশেষ অভিযানত এক অনন্ত জীৱন! ব্ৰচাৰখনৰপৰা আমি এই কাম ভালদৰে কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক