পৰিচৰ্য্যা সভাৰ তালিকা
মে ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৭
১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক ব্যৱহাৰ কৰি কেনেকৈ মে ১ প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে পৃথকে দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। (আলোচনী প্ৰস্তুত কৰাৰ বাবে দিয়া প্ৰথম দুটা উপস্থাপন ব্যৱহাৰ কৰক।) প্ৰত্যেকটো উপস্থাপনত “মই ব্যস্ত আছোঁ,” বুলি কোৱা লোকসকলৰ তৰ্ক-বিতৰ্ক কেনেকৈ ভিন্ন প্ৰকাৰে প্ৰতিৰোধ কৰিব তাক প্ৰদৰ্শন কৰক।—ৰীজনিং কিতাপৰ ১৯-২০ পৃষ্ঠাত চাওক।
১০ মি: “আপুনি আমাৰ আলোচনীসমূহৰ প্ৰতি মূল্যাঙ্কণ কৰেনে?” এজন প্ৰাচীনৰ দ্বাৰা উৎসাহিতজনক ভাষণ।
২০ মি: “‘উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল’ ২০০২ চনৰ যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশন।”a এই ভাগটো মণ্ডলীৰ সচিবে পৰিচালনা কৰে। বাইবেলৰ সময়ৰ পৰা আমাৰ সময়লৈকে বৃহত সমাবেশসমূহে ঈশ্বৰৰ লোকসকলৰ বাবে এক মুখ্য ভূমিকা বহন কৰি আহিছে। (প্ৰক্লেইমাৰ কিতাপখনৰ ২৫৪ পৃষ্ঠা, ১-৩ অনুচ্ছেদ, আৰু অন্তৰ্দৃষ্টি, ১ খণ্ড, ৮২১ পৃষ্ঠা, ৫ অনুচ্ছেদ চাওক।) সকলোকে এই বছৰৰ জিলা অধিৱেশনৰ গোটেই কেইটাদিনত উপস্থিত থাকিবলৈ এতিয়াৰ পৰা সাজু হʼবলৈ উৎসাহিত কৰক।
গীত ১১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। প্ৰশ্ন বক্সক পুনৰ নিৰীক্ষণ কৰক।
১০ মি: আমাৰ খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰখা। এজন উপযুক্ত প্ৰাচীনৰ দ্বাৰা ভাষণ। স্কুল, কৰ্মক্ষেত্ৰ আৰু ওচৰ-চুবুৰীয়াত দেশভক্তিৰ ভাৱনা জাগি উঠিছে। বহুতে জাতীয় শোকজনক ঘটনাৰ বেদনা আৰু দুচিন্তাৰ পৰা উপশম পাবলৈ দেশভক্তিৰ ভাৱনাক জগাই তুলিবলৈ উৎসাহিত কৰে। আনকি যদিও আমি এই জগতৰ পৰিস্থিতিসমূহ দেখি নিৰুৎসাহিত হৈ পৰিছোঁ, তথাপিও আমি বুজিব পাৰিছোঁ যে কেৱল ৰাজ্যৰ শুভবাৰ্ত্তাই বিশ্বৰ সাৰ্ব্বভৌমত্বৰ মহান বিষয়ক সমাধান আৰু লোকসকলক শান্ত্বনা প্ৰদান কৰে। আমি কিয় জাতীয়তাবাদ কাৰ্য্যসমহূত ভাগ নলওঁ এই বিষয়ে আমি সতৰ্কতাৰে বৰ্ণনা কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ বাক্যত দিয়া আশা আৰু শান্ত্বনাৰ বিষয়েও কোৱা উচিত। যিহোৱাৰ সাক্ষীসকল আৰু শিক্ষা ব্যৱস্থা নামৰ ব্ৰচাৰখনৰ ২০-৪ পৃষ্ঠাত দিয়া “পতাকাক প্ৰণাম কৰা” নামৰ শিৰোনামটোত বৰ্ণনা কৰা হৈছে যে আমি কিয় দেশভক্তিমূলক উৎযাপনসমূহত অংশ গ্ৰহণ নকৰোঁ। তাত দিয়া উল্লেখৰ পৰা মুখ্যবিষয়মূহ দাঙি ধৰক আৰু পিতৃ-মাতৃসকলক নিজৰ লʼৰা-ছোৱালীৰ সৈতে মনোযোগেৰে সেই ব্ৰচাৰখন পুনৰ নিৰীক্ষণ কৰিবলৈ উৎসাহিত কৰক। সেই ব্ৰচাৰখনৰ ২০ পৃষ্ঠা আৰু জানুৱাৰী ৮, ১৯৯৬ চনৰ সচেতন! আলোচনীখনৰ ৩১ পৃষ্ঠাত দিয়া অনুভৱসমূহৰ বিষয়ে উল্লেখ কৰক। চৰকাৰী বিষয়াৰ প্ৰতি সন্মান দেখুৱাৰ সময়ত যিহোৱাক দিবলগা অনন্য ভক্তিৰ বিষয়ে জোৰ দিয়ক।
৮ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে।” এজন প্ৰাচীনে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। ফেব্ৰুৱাৰী ১, ২০০২ চনৰ, প্ৰহৰীবুৰুজ, ৬-৭ পৃষ্ঠাত দিয়া সংবাদসমূহক চমূকৈ পুনৰ নিৰীক্ষণ কৰি সমাপ্ত কৰে।
গীত ১৬৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৮
১২ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে মে মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰথমটো উপস্থাপন এজন ডেকা প্ৰকাশক আৰু আনটো এজন বয়সস্থ প্ৰকাশকে প্ৰস্তুত কৰি দেখুৱাই যে মে ১ প্ৰহৰীবুৰুজ কেনেকৈ গৃহস্থক দিব পাৰি। (শেষৰ দুটা উপস্থাপন ব্যৱহা কৰি আলোচনী প্ৰস্তুত কৰক।) তাৰ পিছত প্ৰত্যেকটো উপস্থাপনৰ বিষয়ে মন্তব্য দি কওক যে কেনেকৈ সহজে সেই উপস্থাপনত শাস্ত্ৰীয় পদ সন্মিলিত কৰা হʼল।
১৫ মি: “আপোনাৰ মণ্ডীলৰ বাবে প্ৰচাৰ কৰিবলৈ যথেষ্ট মাত্ৰাত এলেকা উপলব্ধ আছেনে?” এটা ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে সেৱা অধ্যক্ষই আলোচনা কৰে। বৰ্তমান মণ্ডলীৰ ওচৰত কিমান এলেকা বাকী আছে আৰু যোৱা বছৰত কিমানখন এলেকাত প্ৰচাৰ কৰা হʼল তাৰ বিষয়ে কওক। পৰামৰ্শসমূহক কেনেকৈ স্থানীয়ভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে ব্যাখ্যা কৰক। ইতিমধ্যেই প্ৰচাৰ কাৰ্য্য কৰা এলেকাবোৰত ভৱিষ্যতে কেনেকৈ পুনৰাই কাৰ্য্য কৰিব, এই বিষয়ে বনোৱা আঁচনিক পুনৰ নিৰীক্ষণ কৰক।
১৮ মি: “বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?” (এই বিষয়ে আলোচনা কৰাৰ সময়ত সকলোৰে ওচৰত জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচাৰ্য্যাʼৰ অন্তপত্ৰখন থকা উচিত।) ৩ অনুচ্ছেদত দিয়া উদাহৰণক ব্যৱহাৰ কৰি উত্তমৰূপে তৈয়াৰ কৰা এজন প্ৰচাৰকৰ দ্বাৰা উপস্থাপন প্ৰস্তুত কৰি দেখুৱাওক যে কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰে। তাৰ পিছত ব্ৰচাৰখনৰ মুখ্য বিষয়সমূহক দাঙি ধৰি বৰ্ণনা কৰক যে অধ্যয়ন আৰম্ভ কৰিবলৈ কেনেকৈ ইয়াক উত্তমৰূপে তৈয়াৰ কৰা হৈছে। জানুৱাৰী ২০০২ চনৰ অন্তপত্ৰখনত উল্লেখ কৰা প্ৰস্তুতিবোৰক পুনৰ আলোচনা কৰাটো কিমান গুৰুত্বপূৰ্ণ, তাক উল্লেখ কৰক। শ্ৰোতাসকলক সোধক যে কোনটো প্ৰস্তুতিয়ে তেওঁলোকৰ বাবে সফলতা কঢ়িয়াই আনিলে। ওপৰত উল্লেখ কৰা উপস্থাপনটোৰ বিষয়ে পুনৰাই বৰ্ণনা কৰি সমাপ্তি কৰক।
গীত ৯৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৮
১৫ মি: স্থানীয় ঘোষণাসমূহ। মাৰ্চ, এপ্ৰিল বা মে মাহত সহযোগী বা নিয়মিত অগ্ৰগামী কাৰ্য্য কৰি প্ৰচাৰকসকলে কেনেকৈ আনন্দ উপভোগ কৰিলে, এই বিষয়ে অনুভৱ কবলৈ আগতীয়াকৈ প্ৰবন্ধ কৰক।
১৫ মি: ৰীজনিং কিতাপখনত আন আন অনুবাদৰ বাইবেলসমূহ কেনেকৈ ব্যৱহাৰ কৰা হৈছে। চমুকৈ এটা ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। ৰীজনিং কিতাপখনৰ ৮ পৃষ্ঠাৰ ২ অনুচ্ছেদটো পঢ়ক আৰু বৰ্ণনা কৰি কওক যে প্ৰচাৰ কাৰ্য্যত কেনেকৈ আৰু কিয় বাইবেলখন ব্যৱহাৰ কৰা উচিত এই বিষয়ে মুখ্য বিষয়মসূহ দাঙি ধৰা আৱশ্যক। ৰীজনিং কিতাপখনৰ ৬ পৃষ্ঠাত থকা বাইবেলৰ সংক্ষিপ্ত নামসমূহ চাবলৈ কওক আৰু বৰ্ণনা কৰক যে আমি কিয় আন আন অনুবাদৰ বাইবেল ব্যৱহাৰ কৰোঁ। অক্টোবৰ ১, ১৯৯৭ চনৰ প্ৰহৰীবুৰুজ ১৬ পৃষ্ঠাৰ ২ অনুচ্ছেদ আৰু ২০ পৃষ্ঠাৰ ১৫ অনুচ্ছেদত উল্লেখ কৰা পৰামৰ্শবোৰ আলোচনা কৰক। ৰীজনিং কিতাপখনত থকা “পাঁচনিৰ উত্তৰাধিকাৰত্ব,” “প্ৰতিমাসমূহ” আৰু “ত্ৰিমূৰ্ত্তি” দৰে বিষয়বোৰক বুজাবলৈ কেনেকৈ আন আন অনুবাদৰ বাইবেল ব্যৱহাৰ কৰি সত্যৰ বিষয়ে শিক্ষা দিয়াত লাভজনক এই বিষয়ে বৰ্ণনা কৰিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
১৫ মি: “আমাৰ বিশ্বাসে আমাক সৎকৰ্ম্ম কৰিবলৈ প্ৰেৰিত কৰে।”b যেতিয়া ২ অনুচ্ছেদটো আলোচনা কৰা হয়, তেতিয়া এজন উৎসাহী প্ৰচাৰকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। প্ৰচাৰকজনক কবলৈ কওক যে কেনেকৈ আনক সাক্ষী দিয়া কাৰ্য্যই তেওঁ বা তাইৰ বিশ্বাসক শক্তিশালী কৰিছে।
গীত ৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।