পুনৰ সাক্ষাৎ কৰাৰ সময়ত
পাঠ ৯
সহানুভুতি দেখুৱাওক
সিদ্ধান্ত: “যিবিলাকে আনন্দ কৰে, তেওঁবিলাকে সৈতে আনন্দ কৰা; যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা।”—ৰোম. ১২:১৫.
যীচুৱে কি কৰিলে?
১. ভিডিঅʼখন চাওক বা মাৰ্ক ৬:৩০-৩৪ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:
ক. যীচু আৰু তেওঁৰ শিষ্যসকলে “নিৰ্জন ঠাইলৈ” কিয় যাব বিচাৰিছিল?
খ. যীচুৱে লোকসকলক কিয় শিকাবলৈ ধৰিলে?
যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
২. লোকসকলৰ প্ৰতি সহানুভুতি থাকিলে, আমি তেওঁলোকক কেৱল শুভবাৰ্তাই নজনাম, কিন্তু তেওঁলোকক সহায়ো কৰিম।
যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
৩. মনোযোগেৰে শুনক। ব্যক্তিজনক নিজৰ মনৰ কথা খুলি কʼবলৈ সুযোগ দিয়ক। যদি ব্যক্তিজনে নিজৰ চিন্তা-ধাৰা, তেওঁ কেনে অনুভৱ কৰিছে তাৰ বিষয়ে জনাই, তেনেহʼলে তেওঁক কʼবলৈ বাধা নিদিব। তেওঁৰ কথালৈ যদি আপুনি ধ্যান দিয়ে, তেনেহʼলে দেখুৱাব পাৰিব যে আপুনি তেওঁৰ বিষয়ে চিন্তা কৰে।
৪. আগ্ৰহী ব্যক্তিজনৰ বিষয়ে চিন্তা কৰক। আপুনি তেওঁৰ লগত যি বিষয়ে কথা পাতিলে, তাৰ আধাৰত নিজকে সোধক:
ক. ‘তেওঁ সত্যৰ বিষয়ে জনাটো কিয় প্ৰয়োজন?’
খ. ‘বাইবেল অধ্যয়ন কৰিলে তেওঁৰ দৈনন্দিন জীৱন আৰু ভৱিষ্যত কেনেকৈ ভাল হʼব পাৰে?’
৫. তেওঁক সহায় কৰিব পৰা বিষয়ৰ ওপৰত কথা পাতক। যিমান পাৰে সিমান সোনকালে তেওঁক জনাওক যে বাইবেল অধ্যয়ন কৰিলে তেওঁ কেনেকৈ লাভৱান হʼব। তেওঁ নিজৰ প্ৰশ্নবোৰৰ উত্তৰ পাব আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পৰা বাইবেলৰ পৰামৰ্শও লাভ কৰিব।