ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৯/১ পৃষ্ঠা ৮-১৩
  • যুৱকসকল—জগতৰ আত্মাৰ প্ৰতিৰোধ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যুৱকসকল—জগতৰ আত্মাৰ প্ৰতিৰোধ কৰক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • জগতৰ আত্মাক চিনাক্ত কৰা
  • জগতৰ আত্মাৰ আবিৰ্ভাৱ
  • জাগতিক আত্মাক প্ৰতিৰোধ কৰা
  • “বেলেগ আত্মা” প্ৰদৰ্শিত কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৯/১ পৃষ্ঠা ৮-১৩

যুৱকসকল—জগতৰ আত্মাৰ প্ৰতিৰোধ কৰক

“ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে, সেইবোৰ জানিবলৈ, আমি জগতৰ আত্মা পালোঁ।”—১ কৰিন্থীয়া ২:১২.

১, ২. (ক) বৰ্তমান সময়ৰ জগতৰ যুৱক-যুৱতীসকল আৰু যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীত থকা যুৱক-যুৱতীসকলৰ মাজত কি পাৰ্থক্য দেখিবলৈ পাওঁ? (খ) যুৱা সাক্ষীসকলক কি ৰূপে শলাগ লব পাৰি?

“আমাৰ সময়ৰ ডেকাসকলে নিৰাশ, অগ্ৰাহ্য হোৱা বুলি অনুভৱ কৰে আৰু তেওঁলোক বিদ্ৰোহী হৈ উঠিছে।” দ্যা চান-হেৰাল্ড নামৰ অষ্ট্ৰেলিয়াৰ বাতৰি-কাকতে এইদৰে মন্তব্য দিয়ে। সেই কাকতে আগলৈ এইদৰে কয় যে: ভয়ানক হত্যাকাণ্ডৰ বাবে [যোৱা বছৰৰ পৰা] ২২ শতাংশতকৈ অধিক যুৱক-যুৱতীসকলক আদালতত অনা হৈছে। . . . যুৱক-যুৱতীসকলৰ মাজত আত্মাহত্যা ইমানে বৃদ্ধি হৈছে যে ১৯৬০ চনৰ মাজভাগৰ পৰা সংখ্যাত তিনিগুণ বৃদ্ধি পাইছে। . . . এনে যুৱক-যুৱতীসকলৰ সংখ্যা বৃদ্ধি হৈছে যিসকলে পিতৃ-মাতৃৰ পৰা আতঁৰি গৈছে, আৰু এই দূৰত্ব এটা অতি বহল খাললৈ পৰিণত হৈছে। তেওঁলোকে মাদক দ্ৰব্য সেৱন আৰু সুৰা পান কৰি নিজকে ধ্বংস কৰিছে।” বাস্তৱতে এইটো মাত্ৰ এখন দেশতে হোৱা নাই সকলো ঠাইতে বিয়পি পৰিছে। বৰ্তমান সময়ৰ যুৱক-যুৱতীসকলৰ এই অৱস্থাৰ বাবে গোটেই পৃথিৱীৰ পিতৃ-মাতৃ, শিক্ষক আৰু মানসিক-ডাক্তৰসকলে দুখ প্ৰকাশ কৰিছে।

২ কিন্তু তুলনাত্মকৰূপে বৰ্তমান সময়ৰ জগতৰ যুৱক-যুৱতীসকল আৰু যিহোৱাৰ সাক্ষীসকলৰ যুৱক-যৱতীসকলৰ মাজত আকাশ-পৃথিৱীৰ পাৰ্থক্য আছে! এইটো নহয় যে তেওঁলোকে সিদ্ধ মানৱ। তেওঁলোকেও “যৌৱন-কালৰ অভিলাষৰ” সৈতে যুজিব লগীয়া হয়। (২ তীমথিয় ২:২২) কিন্তু সমূহীয়াৰূপে, এই যুৱক-যুৱতীসকলে যিটো ভাল তাক গ্ৰহণ কৰিবলৈ আৰু এই জগতৰ পৰা অহা হেচাঁক অস্বীকাৰ কৰিবলৈ সাহসেৰে দৃঢ়সঙ্কল্প লৈছে। আমি সেই সকলো যুৱক-যুৱতীসকলক আন্তৰিকতা প্ৰশংসা কৰিছো যিসকলে চয়তানৰ “নানাবিধ কুকল্পনাৰ” বিৰূদ্ধে যুজঁ কৰি বিজয়ী হৈছে! (ইফিচীয়া ৬:১১) পাঁচনি যোহনৰ দৰে আমি প্ৰশংসা কৰিবলৈ প্ৰভাৱিত হৈছো: “হে ডেকাবিলাক, তোমালোক বলৱন্ত, আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে, আৰু তোমালোকে পাপ-আত্মা জয় কৰিলা; এই কাৰণে তোমালোকলৈ লিখিলোঁ।”—১ যোহন ২:১৪.

৩. “আত্মাৰ” অৰ্থ কি হব পাৰে?

৩ যি কি নহওঁক, বাইবেলে কোৱা “জগতৰ আত্মা” অৰ্থাৎ দুষ্ট লোকসকলৰ বিৰুদ্ধে কৰা আপোনাৰ যুদ্ধত একেৰাহে জয় কৰিবলৈ হʼলে, আপুনি পৰাক্ৰমী হৈ প্ৰতিৰোধ কৰিব লাগিব। (১ কৰিন্থীয়া ২:১২) এজন বিদ্ধানৰ মতে, “আত্মা” বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দৰ অৰ্থ এইদৰে হব পাৰে “প্ৰবণতা, বা মনোবৃত্তিয়ে যিকোনো ব্যক্তিক নিয়ন্ত্ৰণ কৰে।” উদাহৰণস্বৰূপে, যদি আপুনি কোনো এজনক অতিপাত ক্ৰোধ কৰা দেখে, তেনেহলে আপুনি কব পাৰে যে তেওঁৰ বেয়া “আত্মা” আছে। আপোনাৰ “আত্মা” নিয়ন্ত্ৰণ বা মানসিক প্ৰবৃত্তিবোৰ, যিবোৰক আপুনি বাচঁনি কৰিব; সেইবোৰে, আপোনাৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ, কাৰ্য্য, আচলতে আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰভাৱিত কৰে। কিন্তু এই আত্মা বা প্ৰবণতা মাত্ৰ এজন ব্যক্তিত নাথাকে কিন্তু সমূহীয়াৰূপে ই প্ৰতিফলিত হয়। পাঁচনি পৌলে খ্ৰীষ্টানসকলক লিখিছিল: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক।” (ফিলীমন ২৫) তেনেহʼলে এই জগতে প্ৰতিফলিত কৰা আত্মা কি? যিহেতু “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে” অৰ্থাৎ দিয়াবল চয়তানৰ অধীনত, তেনেহʼলে এই জগতে ভাল আত্মা প্ৰতিফলিত কৰাটো সম্ভৱনে?—১ যোহন ৫:১৯.

জগতৰ আত্মাক চিনাক্ত কৰা

৪, ৫. (ক) সত্য খ্ৰীষ্টান হোৱাৰ আগতে ইফিচীয়াত থকা লোকসকলে কেনেদৰে জীৱন-যাপন কৰিছিল? (খ) ‘আকাশৰ ক্ষমতাযুক্ত অধিপতি’ কোন আৰু এই ‘আকাশৰ’ অৰ্থ কি?

৪ পৌলে লিখিছিল: “যেতিয়া তোমালোক তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। সেইবোৰত তোমালোকে, এই জগতৰ নিয়ম অনুসাৰে, আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ, অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন কৰোঁতা আত্মাৰ দৰে, আগেয়ে চলিছিলা; সেইবোৰৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি, নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ, আৰু আন সকলোৰ নিচিনা, স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ।”—ইফিচীয়া ২:১-৩.

৫ খ্ৰীষ্টান পথত চলাৰ আগতে, ইফিচীয়াত থকা খ্ৰীষ্টানসকলে অজানিতে “আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ” অৰ্থাৎ দিয়াবল চয়তানৰ ৰীতি-নীতিৰে চলিছিল। ইয়াত ‘আকাশ’ শব্দটো চয়তান আৰু তাৰ ভূতবিলাকে বাস কৰা স্থানক বুজোৱা নাই। যেতিয়া পৌলে এই চিঠিখনক লিখিছিল, চয়তান আৰু তাৰ দুষ্ট দূতবিলাক তেতিয়াও স্বৰ্গত আছিল। (ইয়োব ১:৬; প্ৰকাশিত বাক্য ১২:৭-১২ সৈতে তুলনা কৰক।) ‘আকাশ’ শব্দৰ অৰ্থ হৈছে আত্মা বা মানসিক মনোভাৱ, যাৰ দ্বাৰা চয়তানে গোটেই জগতৰ ওপৰত প্ৰভুত্ব কৰিছে। (প্ৰকাশিত বাক্য ১৬:১৭-২১ তুলনা কৰক।) যিদৰে আকাশ আমাৰ চাৰিওফালে আছে, ঠিক সেইদৰে এই আত্মাবোৰো আমাৰ চাৰিওফালে আছে।

৬. “আকাশৰ ক্ষমতাযুক্ত অধিপতি” অৰ্থ কি আৰু ই কেনেকৈ যুৱক-যুৱতীসকলৰ ওপৰত শাসন কৰে?

৬ কিন্তু ‘আকাশৰ ক্ষমতাযুক্ত অধিপতি’ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে সেই ‘আকাশৰ’ শক্তিশালী মহাসাগৰত জগতৰ লোকসকলক ডুবাই ৰাখে। পৌলে কৈছে যে এই আত্মাই “অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন” কৰে। সেইবাবে, জগতৰ আত্মাই লোকসকলৰ অবাধ্যতা আৰু বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰি তেওঁলোকৰ ওপৰত শাসন কৰে আৰু যুৱক-যুৱতীসকলৰ ওপৰতো তেওঁলোকৰ সঙ্গীৰ দ্বাৰা হেচাঁ দিয়াৰ দ্বাৰা শাসন কৰে। সঙ্গীসকলৰ এই হেচাঁৰ বিষয়ে এগৰাকী যুৱা ভনীয়ে কয় যে “স্কুলত লৰা-ছোৱালীবোৰে তোমাক প্ৰায়ে অলপ মাত্ৰাত বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰে। যদি তুমি এনেধৰণৰ কাৰ্য্য কৰা তেনেহʼলে লৰা-ছোৱালীবোৰে তোমাক সন্মান কৰিব।”

জগতৰ আত্মাৰ আবিৰ্ভাৱ

৭-৯. (ক) বৰ্তমান সময়ত কিশোৰ-কিশোৰীবিলাকৰ কি কি কাৰ্য্যত জগতৰ আত্মা দেখিবলৈ পোৱা গৈছে? (খ) কি আপুনি নিজৰ এলেকাত তেনেধৰণৰ কিছুমান কাৰ্য্য লক্ষ্য কৰিছে নে?

৭ বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ মাজত আবিৰ্ভাৱ হোৱা জগতৰ কিছুমান আত্মা কি? ভ্ৰষ্টাচাৰ আৰু বিদ্ৰোহতা। এখন আলোচনীত এইদৰে ৰিপৰ্ট কৰিছে যে কলেজৰ ৭০ শতাংশ লৰা-ছোৱালীয়ে নিজৰ হাই স্কুলৰ পৰীক্ষাৰ সময়ত নকল কৰিছিল। বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ মাজত আনক বিদ্ৰূপ কৰা, ইতিকিং কৰা, বেয়া কথা-বতৰা পতা, এইবোৰ একেবাৰে সাধাৰণ হৈ পৰিল। ইয়োব আৰু পাঁচনি পৌলে নিজৰ ক্ৰোধ প্ৰকাশ কৰাৰ বিষয়ে লিখিছিল এনেধৰণৰ বিষয়বিলাক হয়তো লোকসকলৰ বাবে অপ্ৰীতিকৰ যেন বোধ হব পাৰে। (ইয়োব ১২:২; ২ কৰিন্থীয়া ১২:১৩) তথাপি, আজি বহুতো যুৱক-যুৱতীয়ে প্ৰতিটো কথাতে এনেধৰণৰ নিষ্ঠুৰ বিদ্ৰূপ আৰু ককৰ্থনা কথা কয় যিয়ে হৃদয়ক আঘাত দিয়ে।

৮ খেলা-ধুলা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো জগতৰ আত্মা দেখিবলৈ পোৱা যায়। নাইট ক্লাব, ৰেৱa বা ডাঞ্চ্‌ পাৰ্টী, আৰু ভিন্ন-ভিন্নৰূপে কৰা মতলীয়া ভোজবোৰ যুৱক-যুৱতীসকলৰ মাজত জনাজাত হৈ পৰিছে। সেইদৰে পিন্ধন আৰু শৃঙ্গাৰতো যুৱক-যুৱতীসকলে বহু নিম্নগামী হৈছে। একেবাৰে সোলোক-ঢোলক কাপোৰ পিন্ধি, শৰীৰত বিভিন্ন ছবি আকিঁ, একেবাৰে আচৰ্য্যজনক ফেচন কৰি তেওঁলোকে এইটো প্ৰদৰ্শন কৰে যে তেওঁলোকৰ ওচৰত জগতৰ বিদ্ৰোহী আত্মা আছে। (ৰোমীয়া ৬:১৬ তুলনা কৰক।) ভৌতিক সম্পত্তিৰ নিবিষ্ট কৰাতো জগতৰ আত্মা দেখা যায়। এক শৈক্ষিক বাতৰি কাকত মতে “বিক্ৰেয়তাই নিজৰ ব্যতিব্যস্ত বিজ্ঞাপনৰে কণ-কণ শিশুবিলাকক বিভিন্ন প্ৰকাৰৰ লোভনীয় বস্তুৰে প্ৰলোভিত কৰে।” অনুমান কৰা হৈছে যে এজন আমেৰিকাৰ কিশোৰে নিজৰ হাই স্কুলৰ শিক্ষা শেষ কৰা লৈকে টিভিত ৩৬০,০০০ টা বিজ্ঞাপন চায়। আপোনাৰ সঙ্গীসকলেও আপোনাৰ ওপৰত তেনেধৰণৰ বস্তুবোৰ কিনিবলৈ হেচাঁ দিব পাৰে। এজনী ১৪ বছৰীয়া কিশোৰীয়ে এইদৰে কয়: “সকলোৱে সোধে, ‘তুমি কোন ব্ৰান্ডৰ ছুৱেটাৰ, জাকেট বা জীন্চ পিন্ধিছা?’”

৯ বাইবেলৰ সময়ৰ পৰা হানিকাৰক সঙ্গীত ব্যৱহাৰ কৰি চয়তানে লোকসকলক বেয়া আচৰণৰ বাবে উত্তেজিত কৰি আহিছে। (যাত্ৰাপুস্তক ৩২:১৭-১৯; গীতমালা ৬৯:১২; যিচয়া ২৩:১৬ সৈতে তুলনা কৰক।) এইটো আচৰিত কথা নহয় যে আজিও কামোত্তেজিত কৰা গীতবোৰ গোৱা হয় যদিও এই গীতবোৰত এনেধৰণ অশ্লীন কথাবোৰ মুকলিৰূপে গোৱা নহয় আৰু এনেধৰণৰ তাল আৰু অশ্লীন ভাষাৰ সৃষ্টি কৰা সঙ্গীতবোৰক অধিকৰূপে মান্যতা দিয়া হয়। যৌন অনৈতিকতাতো এই জগততৰ নিকৃষ্ট আত্মা দেখা যায়। (১ কৰিন্থীয়া ৬:৯-১১) দ্যা নিউ ৱাৰ্ক টাইমচ্‌ ৰিপৰ্ট কৰিছে: “বন্ধুত্ব স্থাপনৰ বাবে যৌন সমন্ধ বৰ্তমান সময়ত এটা পদ্ধতি হৈ পৰিল . . . সেইবাবে বৰ্তমান সময়ৰ লৈকে হাই স্কুলৰ তিনিভাগৰ দুভাগতকৈ অধিক বিদ্যাৰ্থীয়ে যৌন অনৈতিকতাত ভাগ লয়।” দ্যা ৱাল ষ্ট্ৰিট জাৰনেল-ৰ এটা পৱন্ধত এনেধৰণৰ প্ৰমাণ দিছে যে ৮ পৰা ১২ বছৰৰ লৰা-ছোৱালীয়েও “যৌন সম্পৰ্ক ৰাখে।” অলপতে অৱসৰ লোৱা এজন স্কুল কাউঞ্চলাৰে কৈছে: “বৰ্তমান সময়ত ষষ্ঠ শ্ৰেণীত পঢ়া ছোৱালীবিলাকেও গৰ্ভৱতী হোৱা দেখিবলৈ পাইছোঁ।”b

জাগতিক আত্মাক প্ৰতিৰোধ কৰা

১০. খ্ৰীষ্টান পৰিয়ালৰ কিছুমান যুৱক-যুৱতীক কেনেকৈ জগতৰ আত্মাই প্ৰভাৱিত কৰিলে?

১০ কিন্তু দুঃখৰ বিষয় এই যে কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীসকলৰ মাজতো জগতৰ আত্মা দেখিবলৈ পোৱা গৈছে। এজনী জাপনী ছোৱালীয়ে এইদৰে কয়: “মই মা-দেউতা আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ আগত বহুত ভাল ছোৱালীৰূপে আছিলো। কিন্তু প্ৰকৃততে মোৰ আচাৰ-ব্যৱহাৰ ইয়াতকৈ একেবাৰে বিপৰীত আছিল।” কেনিয়াৰ এজনী যুৱতীয়ে কয়: “মই কিছু সময়ৰ বাবে দুতৰপীয়া জীৱন-যাপন কৰিছিলো, যʼত সন্মিলিত আছিল পাৰ্টীত যোৱা, ৰঁক সঙ্গীত শুনা, বেয়া অভ্যাস থকা বন্ধু-বান্ধৱৰ সৈতে ফুৰা-চকা কৰা। মই জানিছিলো যে মই যি কৰিছো এইবোৰ সঠিক নহয়, কিন্তু মই এইটো ভাৱি ইয়াক আওকাণ কৰিছিলো যে হয়তো পিছলৈ মই ঠিক হৈ যাম। কিন্তু এইদৰে নহল। সকলো বেয়াৰ ফালেই গʼল।” জাৰ্মানীৰ এগৰাকী যুৱতীয়ে কয়: “মোৰ জীৱন তেতিয়া আৰম্ভ হʼল যেতিয়া মই বেয়া লোকবোৰ সৈতে বন্ধুত্ব কৰিলো। মই ধুম্ৰপান কৰিবলৈ ধৰিলো। মই মাক-দেউতাক মানসিক আঘাত কৰিবলৈ বিচাৰিছিলো কিন্তু মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলো।”

১১. যেতিয়া দহজন গুপ্তচৰে বেয়া খবৰ শুনালে সেই সময়ত কালেবে কেনেকৈ বিৰোধ কৰিব পাৰিলে?

১১ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জগতৰ আত্মাক প্ৰতিৰোধ কৰাটো অসম্ভৱ। প্ৰাচীন সময়ৰ কালেবৰ উদাহৰণক বিবেচনা কৰক। যেতিয়া দহজন ভয়াতুৰ গুপ্তচৰে প্ৰতিজ্ঞা কৰা দেশৰ বিষয়ে বেয়া খবৰ শুনালে, তেতিয়া কালেব আৰু যিহোচূৱাই তেওঁলোকৰ খবৰ শুনি অলপো ভয়াভীত নহল আৰু তেওঁলোকৰ কথা সচাঁ বুলি স্বীকাৰ নকৰিলে। তেওঁলোকে সাহসৰে উত্তৰ দিলে: “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পৰ নাই উত্তম দেশ। যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, আৰু গাখীৰ-মৌজোল বোৱা সেই দেশ আমাক দিব।” (গণনা পুস্তক ১৪:৭, ৮) কিহে কালেবক ভয়াতুৰ গুপ্তচাৰে দিয়া মন্তব্যৰ বিৰোধে থিয় হবলৈ সাহস যোগালে? যিহোৱাই কালেবক কʼলে: “কালেবৰ মন বেলেগ।”—গণনা পুস্তক ১৪:২৪.

“বেলেগ আত্মা” প্ৰদৰ্শিত কৰা

১২. নিজৰ কথা-বতৰাত “বেলেগ আত্মা” দেখুৱাটো কিয় প্ৰয়োজন?

১২ বৰ্তমান সময়ত এই জগতৰ আত্মাৰ পৰা সম্পূৰ্ণ “বেলেগ আত্মা” দেখুৱাবলৈ সাহসী আৰু দৃঢ় হোৱা আৱশ্যক। অনাদৰ আৰু ব্যঙ্গ্যাত্মক কথা-বতৰাৰ পৰা আতঁৰি থাকি আমি “বেলেগ আত্মা” দেখুৱাব পাৰো। দৰাচলতে, “ব্যঙ্গ্যাত্মক” শব্দৰ বাবে গ্ৰীক শব্দৰ অৰ্থ হৈছে “কুকুৰ দৰে মাংসক ছিৰণ কৰা।” (গালাতীয়া ৫:১৫ তুলনা কৰক।) যিদৰে কুকুৰে নিজৰ চোকা দাতঁৰে হাড়ৰ পৰা মাংস ছিৰণ কৰে, সেইদৰে ব্যঙ্গ্যাত্মক “কৌতুকে” আনৰ সন্মান হানি কৰে। কিন্তু কলচীয়া ৩:৮ পদে আমাক উৎসাহিত কৰে “ক্ৰোধ, খং, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচনীয় বচন, এই সকলোকে দূৰ কৰা।” আৰু হিতোপদেশ ১০:১৯ পদে কৈছে: “অধিক বাক্যত অপৰাধৰ অভাৱ নাই; কিন্তু যি জনে নিজৰ ওঁঠক দমন কৰে, তেওঁ বুদ্ধিমান।” যদি আপোনাক কোনোবাই অপমান কৰে, তেনেহʼলে প্ৰতিশোধ লোৱাৰ পৰিবৰ্ত্তে ‘সিগালো পাতি’ দিয়ালৈকে আপোনাৰ ধৈৰ্য্য হোৱা উচিত আৰু হয়তো পাছত আপুনি অকলশৰীয়াকৈ তেওঁৰ সৈতে ধীৰ আৰু শান্তিৰে কথা পাতিব পাৰে।—মথি ৫:৩৯; হিতোপদেশ ১৫:১.

১৩. খ্ৰীষ্টান যুৱক-যুৱতীসকলে ভৌতিক বস্তুৰ প্ৰতি কেনেকৈ ভাৰসাম্য বজাই ৰাখিব পাৰে?

১৩ “বেলেগ আত্মা” দেখুৱা অন্য এটা পথ হৈছে ভৌতিক বস্তুৰ ওপৰত ভাৰসাম্য বজাই ৰখা। নিঃসন্দেহ, ভাল বস্তুৰ প্ৰতি লালসা ৰখাটো মানুহৰ স্বভাৱ। যীচু খ্ৰীষ্টই নিজেই এনেধৰণৰ বস্ত্ৰ পিন্ধিছিল যিটো অতি উত্তম আছিল। (যোহন ১৯:২৩, ২৪) কিন্তু, যেতিয়া আপোনাৰ বাবে সেইবোৰ বস্তুৰ প্ৰতি মোহ অধিক হয় তেতিয়া আপুনি এই জগতৰ যুৱক-যুৱতীসকলক অনুকৰণ কৰিবলৈ নিজৰ মাক-দেউতাক সেইবোৰ কিনি দিবলৈ একেৰাহে আপত্তি কৰে যিটো তেওঁলোকৰ বাবে অসম্ভৱ, যেতিয়া আপুনি চিনি পাব যে এইবোৰ কৰাৰ বাবে এই জগতৰ আত্মাই আপোনাক উৎসাহিত কৰিছে তেতিয়া এনে মনোবৃত্তিক সলনি কৰিবলৈ বহু পলম হৈ যাব। বাইবেলে কৈছে: “জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।” হয়, ভৌতিক বস্তুবোৰৰ প্ৰতি মোহত পৰি জগতৰ আত্মাক নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ নিদিব! আপোনাৰ ওচৰত যি আছে তাতে সন্তুষ্ট হৈ থাকিবলৈ চেষ্টা কৰক।—১ যোহন ২:১৬; ১ তীমথিয় ৬:৮-১০.

১৪. (ক) যিচয়া সময়ত ঈশ্বৰৰ লোকসকলে খেল-ধেমালি আৰু মনোৰঞ্জন ক্ষেত্ৰত কেনেকৈ ভাৰসাম্যহীন হৈছিল? (খ) নাইট-ক্লাৱ আৰু লীলাক্ৰীড়াত সন্মিলিত হোৱাৰ বাবে কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীসকলে কি কি বেয়া পৰিস্থিতিৰ সন্মূখীন হৈছিল?

১৪ খেল-ধেমালি আৰু মনোৰঞ্জনকো নিজ নিজ স্থানত ৰখাটো অতি গুৰুত্বপূৰ্ণ। ভৱিষ্যতবক্তা যিচয়াই ঘোষণা কৰিলে: “যিবোৰে সুৰাপানত আসক্ত হবলৈ অতি ৰাতিপুৱাতে উঠে, যিবোৰে দ্ৰাক্ষাৰসে মতলীয়া নকৰেমানে বহু ৰাতিলৈকে থাকে, সিহঁতৰ সন্তাপ হব। সিহঁতৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু সিহঁতে যিহোৱাৰ কাৰ্য্যলৈ মন নকৰে, তেওঁৰ হাতৰ ক্ৰিয়া বিবেচনা নকৰে।” (যিচয়া ৫:১১, ১২) দুঃখৰ বিষয় এই যে কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীয়ে এনেধৰণৰ মতলীয়া পাৰ্টীত যাবলৈ ধৰিছে। কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীসকল সোধা হʼল যে নাইট-ক্লাৱক কি কি হয়। এগৰাকী যুৱা ভনীয়ে কʼলে: “তাত সদায় দণ্ড-কাজিয়া হয়। কেতিয়াবা ময়ো সেইবোৰত সোমাই পৰোঁ।” এজন যুৱা ভায়ে কʼলে: “তাত সদায় মদ পান আৰু ধুম্ৰপান হয়।” অন্য এজন যুৱা ভায়ে স্বীকাৰ কৰে যে “লোকসকলে মদ পান কৰি নিৰ্বোধ লোকৰ দৰে কাৰ্য্য কৰে! তেওঁলোকে ড্ৰাগচ সেৱন কৰে। বেয়া-বেয়া কাৰ্য্য কৰে। যদি আপুনি এইটো ভাবি তালৈ যায় যে মোলৈ একো নঘটে, তেনেহʼলে আপুনি নিজকে বিশ্বাসঘাটক কৰিছে।” সেইবাবে বাইবেলে এনেধৰণৰ ৰঙ্গৰস বা “লীলাক্ৰীড়াক” “মাংসৰ কাৰ্য্য” বুলি কৈছে।—গালাতীয়া ৫:১৯-২১; ৰোমীয়া ১৩:১৩.

১৫. বাইবেলে মনোৰঞ্জনত কি ভাৰসাম্য বজাই ৰাখিবলৈ কৈছে?

১৫ যদি আপুনি এনেধৰণৰ মনোৰঞ্জনৰ পৰা আতঁৰি থাকে তেনেহʼলে ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱনৰ পৰা আনন্দ কাঢ়ি লোৱা হʼল। আমি এজন ‘আনন্দিত ঈশ্বৰৰ’ উপাসনা কৰো, যিজনৰ ইচ্ছা হৈছে যে আপুনি আপোনাৰ যৌৱন-কালত আনন্দিত কৰাটো! (১ তীমথিয় ১:১১; উপদেশক ১১:৯) কিন্তু বাইবেলে সাৱধান কৰিছে: “যি মানুহ ৰং-ধেমালিত [আমোদ-প্ৰমোদ] আসক্ত, তেওঁ দৰিদ্ৰ হব।” (হিতোপদেশ ২১:১৭) হয়, যদি আপুনি নিজৰ জীৱনত খেল-ধেমালি আৰু মনোৰঞ্জনক সকলোতকৈ প্ৰমুখ স্থান দিয়ে, তেনেহʼলে আপুনি আধ্যাত্মিক দৰিদ্ৰতাত ভুগিব। সেইবাবে মনোৰঞ্জনৰ ক্ষেত্ৰত বাইবেলৰ সিদ্ধান্তসমূহক অনুকৰণ কৰক। এনেধৰণৰ বহুতো মনোৰঞ্জন আছে যাৰ দ্বাৰা আপুনি নিজৰ জীৱনক ধ্বংসৰ পৰিবৰ্ত্তে গঢ়ি তুলিব পাৰিব।c—উপদেশক ১১:১০.

১৬. কেনেকৈ খ্ৰীষ্টান যুৱক-যুৱতীয়ে নিজকে বেলেগে প্ৰকাশ কৰিব পাৰে?

১৬ আপোনাৰ সাজ-পোচাকৰ দ্বাৰা ভদ্ৰতা প্ৰকাশ কৰি জগতৰ আত্মাক প্ৰতিৰোধ কৰিব পাৰে আৰু ইয়ে আপোনাক আনককৈ ভিন্নৰূপে চিহ্নিত কৰিব। (ৰোমীয়া ১২:২; ১ তীমথিয় ২:৯) সেইদৰে সঙ্গীতৰ ক্ষেত্ৰতো নিৰ্বাচনীয় হওঁক। (ফিলিপীয়া ৪:৮, ৯) এগৰাকী যুৱা ভনীয়ে কৈছে: “মই জানো যে মোৰ ওচৰত এনে গানৰ কেছেট আছে যিবোৰ পেলাই দিয়া উচিত, কিন্তু কি কৰিম এইবোৰ শুনি মই খুব ভাল পাওঁ।” সেইদৰে এজন ভাইয়ে এইদৰে কয়: “মই গান শুনি খুব ভাল পাওঁ আৰু এইটোৱেই হৈছে মোৰ বাবে ফান্দ। মই জানো যে যদি মা-দেউতাই কয় যে এইবোৰ গান ভাল নহয়, সেই সময়ত এনেবোৰ গানৰ কেছেটক পেলাবলৈ বাধ্য হওঁ, কিয়নো সেইবোৰ গান মোৰ বাবে অতি প্ৰিয়।” কিন্তু হে ডেকাসকল, ‘তাৰ [চয়তানৰ] পৰিকল্পনাত’ জ্ঞানহীন নহবা! (২ কৰিন্থীয়া ২:১১) যুৱক-যুৱতীসকলক যিহোৱাৰ পৰা আতঁৰাই নিবলৈ সি সঙ্গীত ব্যৱহাৰ কৰে। ৱাৰ্চ টাৱাৰৰ প্ৰকাশনবোৰত ৰেপ, হেভী মেটেল, আৰু অল্টাৰনেটিৱ ৰৰ্ক, দৰে সঙ্গীতৰ বিষয়ে আলোচনা কৰা হৈছে।d যিহেতু সকলো সময়ত ৱাৰ্চ টাৱাৰৰ প্ৰকাশনবোৰত নতুন প্ৰকাৰৰ গান আৰু সঙ্গীতৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয়। সেইবাবে আপুনি নিজেই সঙ্গীতৰ বাচঁনি কৰাৰ সময়ত “প্ৰজ্ঞা” আৰু “জ্ঞান” ব্যৱহাৰ কৰা উচিত।—হিতোপদেশ ২:১০.

১৭. (ক) পৌৰ-নেৰিয়া কি, আৰু ইয়াত কি কি সন্মিলিত আছে? (খ) নৈতিক আচৰণৰ বিষয়ে ঈশ্বৰ ইচ্ছা কি?

১৭ শেষত, আপুনি নিজকে নৈতিকৰূপে শুদ্ধ ৰাখিব পাৰে। বাইবেলে আগ্ৰহ কৰিছে: “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) গ্ৰীক শব্দ পৌৰ-নেৰিয়া বা ব্যভিচাৰৰ অৰ্থ সেই সকলো প্ৰকাৰৰ অবৈধ যৌন কাৰ্য্যক বুজাই যʼত সন্মিলিত আছে বিবাহ-বন্ধনৰ পূৰ্ব্বে যৌনাঙ্গ ব্যৱহাৰ কৰা। এইটো মৌখিক যৌন সমন্ধ আৰু যৌনৰ অঙ্গবোৰ স্পৰ্শ কৰাও হব পাৰে। বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে এনেধৰণৰ মৌখিক যৌন সমন্ধত বা এজনে আনজনৰ যৌনাঙ্গক কামোত্তেজক হৈ স্পৰ্শ কৰা কাৰ্য্যও সন্মিলিত হৈছে আৰু এনেদৰে কাৰ্য্য কৰি তেওঁলোকে বিবেচনা কৰে যে তেওঁলোকে ব্যভিচাৰ কৰা নাই। যিহেতু ঈশ্বৰৰ বাক্যই স্পষ্টৰূপে কৈছে: “ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা; আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাষৰ বশৱৰ্ত্তী নহৈ।”—১ থিচলনীকীয়া ৪:৩, ৪.

১৮. (ক) যুৱক-যুৱতীসকলে জগতৰ আত্মাত অশুদ্ধ হোৱাৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰে? (খ) পৰবৰ্ত্তী পৱন্ধত কিহৰ বিষয়ে আলোচনা কৰা হব।

১৮ হয়, যিহোৱাৰ সহায়েৰে আপুনি এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিব পাৰে! (১ পিতৰ ৫:১০) যিয়েই নহওঁক কিয়, চয়তানৰ কৌশলপূৰ্ণ ফান্দবোৰক আপুনি চিনাক্ত কৰিব লাগিব কিয়নো তাৰ ফান্দবোৰক সহজে ধৰা পেলাব নোৱাৰি। সেইবাবে আমাৰ পৰবৰ্ত্তী পৱন্ধত যুৱক-যুৱতীসকলক জ্ঞানী হবলৈ বা জ্ঞানেন্দ্ৰিয় শাক্তিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হব।

[Footnotes]

a এইধৰণৰ ডান্চ পাৰ্টিবোৰ প্ৰায়ে গোটেই নিশাটো চলে। অধিক সূচনাৰ বাবে সচেতন! ডিচেম্বৰ ২২, ১৯৯৭ (ইংৰাজী) থকা “যুৱক-যৱতীসকলে সোধে—কি গোটেই নিশা চলা ডান্চ পাৰ্টিত ভাগ লোৱাটো হানিকাৰক নে? পৱন্ধটো চাওঁক।

b প্ৰায় ১১ বছৰৰ ছোৱালীবোৰ।

c পৰামৰ্শৰ বাবে যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—তাৰ ব্যৱহাৰিক উত্তৰ (ইংৰাজী) কিতাপখনৰ ২৯৬-৩০৩ পৃষ্ঠা চাওঁক।

d প্ৰহৰীদূৰ্গ এপ্ৰিল ১৫, ১৯৯৩ (ইংৰাজী) চাওঁক।

পুনৰ আলোচনাৰ বাবে প্ৰশ্নসমূহ

◻ “জগতৰ আত্মা” কি, আৰু এইবোৰে কেনেকৈ লোকসকলৰ ওপৰত অধীকাৰ চলায়?

◻ বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ মাজত জগতত কি কি কাৰ্য্য দেখিবলৈ পোৱা যায়?

◻ খ্ৰীষ্টান যুৱক-যুৱতীয়ে কেনেকৈ নিজৰ কথা-বতৰা আৰু মনোৰঞ্জৰ ক্ষেত্ৰত “বেলেগ আত্মা” দেখুৱাব পাৰে?

◻ খ্ৰীষ্টান যুৱক-যুৱতীয়ে নৈতিকতা আৰু সঙ্গীতৰ ক্ষেত্ৰত কেনেকৈ “বেলেগ আত্মা” দেখুৱাব পাৰে?

[Picture on page 9]

বহুতো যুৱক-যুৱতীৰ আচৰণক দেখি এনে বোধ হয় যে তেওঁলোক এই জগতৰ আত্মাৰ ‘অধীনত’ আছে

[Picture on page 10]

সঙ্গীতৰ বাচঁনিৰ ওপৰত মনোযোগ দিয়ক

[Picture on page 11]

জগতৰ আত্মাক বিৰোধ কৰিবলৈ সাহসী হোৱা আৱশ্যক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক