ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১০/১ পৃষ্ঠা ৩
  • আপুনি এজন অদৃশ্য ঈশ্বৰৰ কাষ চাপিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি এজন অদৃশ্য ঈশ্বৰৰ কাষ চাপিব পাৰেনে?
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বিবাহ—জীৱন বাটৰ লগৰী
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১০/১ পৃষ্ঠা ৩

আপুনি এজন অদৃশ্য ঈশ্বৰৰ কাষ চাপিব পাৰেনে?

আপুনি হয়তো নিজকে এইদৰে সুধিব পাৰে ‘মই এজন অদৃশ্য ব্যক্তিৰ সৈতে কেনেকৈ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ?’ এই প্ৰশ্নটো যুক্তিসংগত যেন বোধ হয়। কিন্তু বিবেচনা কৰি চাওঁক:

এজন ব্যক্তিৰ সৈতে প্ৰেমময় আৰু চিৰস্থায়ী সম্বন্ধ বজাই ৰাখিবলৈ তেওঁক দেখা পোৱাটোৱেই যথেষ্ট নতুবা তেওঁক নেদেখাকৈও তেওঁৰ সৈতে সেই একেই সম্বন্ধ বজাই ৰখাতো গুৰুত্বপূৰ্ণ? অৱশ্যেই এই কথাটো যুক্তিপূৰ্ণ! সেইবাবে কিছুমান লোকে অন্য বন্ধু-বান্ধৱ বা পৰিচিত লোকৰ সৈতে নিজৰ সুখ-দুখ, ভৱিষ্যতৰ পৰিকল্পনা আদিৰ বিষয়ে চিঠিত লিখি, তাৰ আদান-প্ৰদান কৰাৰ দ্বাৰাই ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে।

এই বিষয়ে আমি অন্ধ ব্যক্তিসকলৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ, যেনেকৈ এজন অন্ধ ব্যক্তিয়ে নেদেখাকৈও অন্যৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাত কঠিনতা অনুভৱ নকৰে। উদাহৰণস্বৰূপে এহাল অন্ধ বিবাহিত দম্পতী এডৱাৰ্ড্‌ আৰু গেৱেনৰ কথাকে বিবেচনা কৰক।a এডৱাৰ্ড্‌ স্কুলত পঢ়ি থকাৰ সময়তে গেৱেনৰ নামৰ এজনী ছোৱালীৰ সৈতে চিনাকি হয় আৰু তেওঁ গেৱেনৰ ভাল আচাৰ-ব্যৱহাৰ, সত্যবাদীতা আৰু কামৰ প্ৰতি সঠিক মনোবৃত্তিৰ কথা শুনি প্ৰভাৱিত হয়। আনহাতে গেৱেনে বিচৰা অনুসাৰে সেই সকলোবোৰ গুণৰ অধিকাৰী এডৱাৰ্ড্‌ৰ কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰক অনুভৱ কৰি তেওঁৰ প্ৰতি তাইও আকৰ্ষিত হয়।” এইদৰে ক্ৰমান্বয়ে তেওঁলোকে ইজনে-সিজনৰ প্ৰেমত পৰে আৰু তিনি বছৰৰ পিছত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।

এডৱাৰ্ডে এইদৰে কয়, “আমি অন্ধ হোৱাৰ স্বত্তেও আমাৰ দুজনৰ মাজত ভাল সমন্ধ বজাই ৰখাটো কোনো কঠিন হোৱা নাছিল। আপুনি হয়তো ইজনে সিজনক শৰীৰিক ভাবে নেদেখিবও পাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আন ব্যক্তিৰ অনুভূতিক উপলব্ধি কৰিব নোৱাৰে।” আজি তেওঁলোকৰ বিয়া হোৱা ৫৭ বছৰ হৈ গʼল কিন্তু আজিও তেওঁলোকৰ মাজত প্ৰেমৰ ঘনিষ্ঠ সম্পৰ্ক শেষ হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকে এইদৰে কয় যে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিবলৈ হʼলে এই চাৰিটা বিষয়ৰ উপৰত মনোযোগ দিয়া আৱশ্যক। সেই বিষয়বোৰ হৈছে: (১) অন্য ব্যক্তিৰ ভাল গুণবোৰৰ প্ৰতি মনোযোগ দিয়ক, (২) সেই গুণবোৰৰ বিষয়ে চিন্তা কৰক যিয়ে আপোনাক আকৰ্ষিত কৰে, (৩) উন্নতজনক কথা-বতৰা আৰু (৪) সকলো কাম একেলগে কৰক।

উপৰত উল্লেখ কৰা এই চাৰিটা মুখ্য বিষয়, যিয়ে বন্ধুত্ব, বিবাহ বন্ধন, পিতৃ-মাতৃ বা ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাত সহায় কৰে। পৰৱৰ্তী লেখত কোৱা হʼব যে ঈশ্বৰক নেদেখাকৈ আপুনি কেনেকৈ এই চাৰিটা বিষয়ৰ দ্বাৰা তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰে।b

[ফুটনোটবোৰ]

a ইয়াত তেওঁলোকৰ আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

b আজি আমি ইজনে সিজনক দেখিহে এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলো; কিন্তু অস্তিত্ব থকা ঈশ্বৰ যিহোৱাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ হʼলে বিশ্বাসৰ আৱশ্যক। (ইব্ৰী ১১:৬) ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাস কেনেকৈ গঢ়ি তুলিব পাৰি সেই বিষয়ে গভীৰভাৱে বিবেচনা কৰিবলৈ অনুগ্ৰহ কৰি ভাৰতত থকা ওৱাচ্‌টাৱাৰ বাইবেল এন্ড ট্ৰ্যাক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত এনে এজন ঈশ্বৰ আছেনে যিজনে আমাৰ তত্ত্বাৱধান লয়? নামৰ ব্ৰচাৰখন চাওঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক