ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১০/১ পৃষ্ঠা ৩২
  • “ঐক্যতাৰ এক উত্তম আৰ্হি”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “ঐক্যতাৰ এক উত্তম আৰ্হি”
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১০/১ পৃষ্ঠা ৩২

“ঐক্যতাৰ এক উত্তম আৰ্হি”

কোনে উত্তম আৰ্হি ৰাখিলে? এই বিষয়ে ব্ৰাজিলত প্ৰকাশ হোৱা ইন-দাই-আটু-বা, চাউ, পাউল’ নামৰ এখন বাতৰি কাকতৰ সম্পাদকৰ লিখনীত মন্তব্য দিয়া হৈছিল যে “যিহোৱাৰ সাক্ষীসকলে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। কিয়নো তেওঁলোকে এটা নতুন ‘কিংডম হল’ নিৰ্মাণ কৰিবলৈ আঁচনি তৈয়াৰ কৰিছিল যাক তেওঁলোকৰ উপাসনাৰ মন্দিৰ বা স্থান বুলি কোৱা হয়। তেওঁলোকে ইয়াক নিৰ্মাণ কৰিবলৈ সঠিক মনোবৃত্তি ৰাখি ঐক্যতাৰে কাৰ্য্য আৰম্ভ কৰিছিল। তেনে সহযোগিতাৰে কৰা কাৰ্য্যক কোনেও উপেক্ষা কৰিব নোৱাৰে।”

এনেধৰণৰ উপলক্ষ্যবোৰত যিহোৱাৰ সাক্ষীসকলৰ মাজত থকা ঐক্যতাৰ প্ৰমাণ দেখিবলৈ পোৱা যায়। গতিকে, সেই লেখে এইটো নিৰ্দ্দেশিত কৰিছে: “ঈশ্বৰক উপাসনা কৰিবলৈ পুৰুষ, স্ত্ৰী আনকি সৰু-সৰু লʼৰা-ছোৱালীবোৰেও স্বইচ্ছাৰে উপাসনা গৃহ নিৰ্ম্মাণ কৰাত একেলগে কাৰ্য্য কৰাটো সঁচাকৈ উল্লেখনীয়।”

যিহোৱাৰ সাক্ষীসকলে মাত্ৰ কিংডম হল নিৰ্ম্মাণ কৰা কাৰ্য্যতেই নহয় কিন্তু অন্য ক্ষেত্ৰবোৰতো ভাল আৰ্হি প্ৰস্তুত কৰে। সেই বাতৰি কাকতখনৰ লেখত এই বিষয়েও উল্লেখ কৰা হৈছিল: “অধ্যয়ন আৰু প্ৰাৰ্থনাৰ ওপৰিও তেওঁলোকৰ প্ৰধান লক্ষ্য হৈছে যে অত্যাধিক মদ্যপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থকা আৰু লোকসকলক ঐক্যতা আৰু প্ৰেমৰ পথ প্ৰদৰ্শন কৰা।” তেওঁলোকে সেই লক্ষ্যত কেনেকৈ উপনীত হয়? কিয়নো যিহোৱাৰ সাক্ষীসকলে জানে যে বাইবেলৰ শিক্ষা আৰু তাত থকা উপদেশবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰাৰ দ্বাৰাই এজন ব্যক্তিয়ে সকলোবোৰ বেয়া কাৰ্য্যক ত্যাগ কৰিব পাৰে। গতিকে তেওঁলোকে বাইবেলৰ পৰা যিবোৰ শিকিলে তাক আনক শিকাবলৈ কঠোৰ পৰিশ্ৰম কৰে। সেই বাতৰি কাকতখনৰ লিখনীৰ শেষ ভাগত এইদৰে কয় যে “তেওঁলোকৰ মাজত এনে এক উত্তম আৰ্হি আছে যাক অনুকৰণ কৰাটো অতি আৱশ্যক।”

যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত সকলোকে নিমন্ত্ৰণ কৰা হৈছে আৰু তাত কোনো দান-বৰঙণি লোৱা নহয়। আমি আপোনাক ওচৰত থকা ৰাজ্যগৃহত উপস্থিত হʼবলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক