ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১১/১ পৃষ্ঠা ৩-৪
  • নৈতিকতাৰ মূল্য হ্ৰাস হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৈতিকতাৰ মূল্য হ্ৰাস হৈছে
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বাইবেলৰ নৈতিক সিধান্তসমূহ আমাৰ বাবে লাভদায়ক নে?
  • বাইবেলত দিয়া নৈতিক শিক্ষাসমূহ উত্তম নে?
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেলৰ নৈতিকতাৰ বিষয়ে নিজে শিকা আৰু আনকো শিক্ষা প্ৰদান কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১১/১ পৃষ্ঠা ৩-৪

নৈতিকতাৰ মূল্য হ্ৰাস হৈছে

জাৰ্মানীৰ হেলমোট্‌ স্মিথ্‌ নামৰ এজন ভূতপূৰ্ব প্ৰধান সচিবে, অলপ দিনৰ আগতে বাতৰি কাকতত প্ৰকাশ পোৱা চৰকাৰী অধিকাৰীসকলৰ ভ্ৰষ্টতাৰ বিষয়ে শুনি এইদৰে মন্তব্য দি কৈছিল, “আগতে কেতিয়াও এনেদৰে হোৱা নাছিল। কিন্তু আজি লোভে নৈতিক স্তৰক প্ৰায়ে শেষ কৰি পেলাইছে।”

বহুতে তেওঁৰ এই মন্তব্যক সমৰ্থন কৰে। যিহেতু এসময়ত সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য জানিবলৈ ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ সহায় লোৱা হৈছিল। কিন্তু বৰ্তমান সময়ত মানুহে বাইবেলৰ সকলোবোৰ নৈতিক স্তৰৰ প্ৰতি একেবাৰে আওকাণ কৰিছে। তদুপৰি, নিজকে খ্ৰীষ্টান বুলি দাবী কৰা দেশবোৰতো বাইবেলৰ নৈতিক স্তৰসমূহৰ মূল্যহীন হৈ পৰিছে।

বাইবেলৰ নৈতিক সিধান্তসমূহ আমাৰ বাবে লাভদায়ক নে?

বাইবেলৰ নৈতিক সিধান্তই আমাক সৰল আৰু নিষ্ঠাৱান হʼবলৈ শিক্ষা দিয়ে। কিন্তু ইয়াৰ বিপৰীতে আজি সকলো স্থানতে প্ৰবঞ্চনা, দুৰ্নীতি আৰু প্ৰতাৰণা দেখিবলৈ পোৱা গৈছে। লণ্ডনৰ দ্যা টাইমছ্‌ নামৰ এখন বাতৰি কাকতত এইদৰে প্ৰকাশ পাইছে যে চোৰাংচোৱা বিভাগৰ কিছুমান কৰ্মচাৰীৰ ওপৰত “এইটো অভিযোগ দিয়া হৈছে যে তেওঁলোকে জব্দ কৰা ড্ৰাগচ্‌বোৰক পুনৰ অপৰাধীসকললৈ উপলব্ধ কৰাবলৈ বা আন্ডাৰ ৱৰ্ল্ডৰ প্ৰখ্যাত ব্যক্তিবোৰৰ অহিতে থকা প্ৰমাণবোৰক লুপ্ত কৰিবলৈ এবাৰতে ৭০ লাখ টকা উৎকোচ (ঘোচ) লয়।” উদাহৰণস্বৰূপে অষ্ট্ৰিয়া দেশত, ছল কৰি বীমাৰ ধন লাভ কৰাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। জাৰ্মানীৰ বৈজ্ঞানিকসকলে “জাৰ্মানৰ বিজ্ঞানত হোৱা সকলোতকৈ বৃহৎ প্ৰৱঞ্চনাৰ” বিষয়টো উন্মোচন কৰে, যিটোৱে সেই দেশৰ বৈজ্ঞানিকসকলক বিচুৰ্ত্তি কৰি তুলে। সেই একেই কাৰণৰ বাবে “জাৰ্মানীৰ

জেনেটিক্‌বৈজ্ঞানিকসকলৰ সকলোতকৈ প্ৰসিদ্ধ” প্ৰফেচাৰ এজনক তেওঁ আৱিষ্কাৰ কৰা সংখ্যাক অধিক ভুলৰূপে প্ৰস্তুত কৰাৰ বাবে দোষাৰোপ কৰা হয়।

বাইবেলৰ নৈতিক সিধান্তই শিক্ষা দিয়ে যে স্বামী-স্ত্ৰীয়ে এজনে আনজনৰ প্ৰতি বিশ্বাসী হোৱা উচিত, কিয়নো ঈশ্বৰে তেওঁলোকক স্থায়ীৰূপে বিবাহপাশত আৱদ্ধ কৰিলে। কিন্তু প্ৰায়ে দেখা গৈছে যে বহুতো বিবাহিত দম্পতীৰ বৈবাহিক বন্ধন বিবাহ বিচ্ছেদৰ সৈতে শেষ হৈ যায়। খ্ৰাইষ্ট ইন দেৰ গেগনৱাৰ্ট (আজিৰ সময়ৰ খ্ৰীষ্টীয়) নামৰ কেথলিক বাতৰি কাকতে প্ৰকাশ কৰিছে যে “ছুজাইলেন্ডৰ দৰে ‘সংৰক্ষণশীল’ দেশতো বিবাহ বিচ্ছেদৰ সংখ্যা অত্যাধিকৰূপে বৃদ্ধি পাইছে।” নেডাৰলেণ্ডতো বিবাহ বিচ্ছেদৰ সংখ্যা হৈছে ৩৩ শতাংশ। যোৱা কিছু বছৰত জাৰ্মানীৰ সমাজত হোৱা পৰিৱৰ্তনৰ ওপৰত চিন্তা প্ৰকাশ কৰি এগৰাকী মহিলাই এইদৰে লিখিছিল: “আজি লোকসকলে বিবাহ কৰাটো পুৰণি ৰীতি বুলি মানে। গতিকে বিবাহ নকৰাকৈ গোটেই জীৱন একেলগে কটায়।”

আনহাতে, এনেদৰে লাখ সংখ্যক লোক আছে যিসকলে বাইবেলৰ নৈতিক সিধান্তসমূহৰ অনুসাৰে চলে আৰু বৰ্তমান সময়ৰ বাবে সেই শিক্ষাবোৰক লাভদায়ক বুলি বিশ্বাস কৰে। ছুজাৰলেণ্ড আৰু জাৰ্মানীৰ সীমাত অৱস্থিত থকা এখন চহৰত বাস কৰা এহাল দম্পতীয়ে যেতিয়া বাইবেলৰ নৈতিক সিধান্তৰ অনুসাৰে চলিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ জীৱনলৈ প্ৰকৃত আনন্দ ঘূৰি আহিল। তেওঁলোকে এইদৰে কৈছিল, “জীৱনৰ সকলো ক্ষেত্ৰতে এটাই মাত্ৰ পথ-প্ৰদৰ্শক আছে আৰু সেইয়া হৈছে বাইবেল।”

তেনেহʼলে, আপুনি কি ভাবে? বাইবেলৰ পৰা আমি সঁচাকৈ বহুমূলীয়া পথ-প্ৰদৰ্শন লাভ কৰিব পাৰোঁনে? বাইবেলত দিয়া নৈতিক সিধান্তবোৰ আমাৰ সময়ৰ বাবে লাভদায়ক হয়নে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক