বিশ্ব শান্তি কেনেকৈ স্থাপিত হʼব?
এই জগতত অতি শীঘ্ৰেই শান্তি স্থাপিত হʼবনে? এসময়ত বহুতে এইদৰে অনুভৱ কৰিছিল, কিন্তু পাছলৈ তেওঁলোকে হতাশ হৈ পৰিছে। ভৱিষ্যতে আমি যি প্ৰত্যাহ্বানৰ সন্মূখীন হʼম তাৰ বিষয়ে বিবেচনা কৰি দক্ষিণ আফ্ৰিকাৰ ডেইলি মেইল এনড্ গাৰডিয়ান নামৰ বাতৰি কাকতখনৰ ৰিপৰ্টত এইদৰে কৈছে, “দহ বছৰৰ আগতে এখন নতুন অন্তঃৰাষ্ট্ৰীয় বিধি-ব্যৱস্থা স্থাপিত হʼব বুলি অনুমান কৰি বহুতো কল্পনা কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেই সকলোবোৰ আশাহীন হৈ পৰিছে।”
এই ৰিপৰ্ট লিখা সংবাদিকসকলে এইদৰে আলোচনা কৰি কয়, আজিৰ পৰা দহ বছৰৰ পূৰ্বেই লোকসকলে কল্পনা কৰিছিল যে ভৱিষ্যতে এক সুন্দৰ পৰিস্থিতি হʼব। কিয়নো ৰাষ্ট্ৰবিলাকৰ মাজত থকা শীতল যুদ্ধবোৰ শেষ হোৱা দেখা গৈছে আৰু দুই বিশ্ব-শক্তিৰ মাজত কোনো সংঘৰ্ষ হোৱা নাই। সেইবাবে লোকসকলে ভাবিছিল যে এক নতুন যুগৰ আৰম্ভ হৈছে। বহুতে আশা কৰিছিল যে মানৱে ভালদৰে উন্নতি কৰি দৰিদ্ৰতা, বেমাৰ আৰু পৰিবেশৰ সৈতে সমন্ধ থকা সমস্যাবোৰ সমাধান কৰিব পাৰিব। আগলৈ ৰিপৰ্টে এইদৰে কয়: “সেই সকলোবোৰ কথা এতিয়া কোনোবা সপোন ৰাজ্যত কোৱা কথা যেন বোধ হয়। আজি তেনে স্থানবোৰত যুদ্ধ আৰম্ভ হৈছে, যিবোৰ স্থানৰ নাম আমি আগতে কেতিয়াও শুনা নাছিলোঁ; জগতত দৰিদ্ৰতা আগতকৈও অধিকৰূপে বৃদ্ধি পাইছে। বৰ্তমান সময়ত পৰমাণবিক শক্তি থকা দুখন দেশ অস্তিত্বত আছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘই অধিকৰূপে হোৱা বিপৰ্য্যাবোৰৰ বাবে লোকসকলক সহায় কৰাত বিফল হৈছে যাৰ ফলস্বৰূপে ৰাষ্ট্ৰসংঘৰ নাম কলঙ্কিত হৈছে। সেয়েহে লোকসকলে নিৰাশ হৈ সুন্দৰ ভৱিষ্যতৰ পৰিবৰ্ত্তে দুখজনক ভৱিষ্যতৰ আশা কৰে।”
যিহেতু বাইবেলৰ বিদ্যাৰ্থীসকলে জানে যে মানুহে যিমানেই ভাল উদ্দেশ্যৰে এই সকলোবোৰ ঠিক কৰিবলৈ চেষ্টা নকৰক কিয় তেওঁলোক কেতিয়াও সফল নহʼব। কিয় নহʼব? কিয়নো বাইবেলে কৈছে, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) যিহেতু চয়তানৰ অধীনত থাকি এই পৃথিৱীখনক, ঈশ্বৰে সৃষ্টি কৰা প্ৰথম পৰমদেশৰ দৰে কেতিয়াও ৰূপান্তৰিত কৰিব নোৱাৰে।
তথাপিও, আমি এক সুন্দৰ ভৱিষ্যতৰ আশা কৰিব পাৰোঁ। কিয়নো যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ বিশ্বত শান্তি স্থাপন কৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ এই জগতৰ পুৰণি ব্যৱস্থাক কিছু পৰিমাণে সাল-সলনি কৰি শান্তি স্থাপন কৰিব। কিয়নো বাইবেলে স্পষ্টকৈ কৈছে যে ঈশ্বৰে এখন “নতুন পৃথিৱী” অৰ্থাৎ এখন নতুন ব্যৱস্থা আনিব যʼত “ধাৰ্ম্মিকতা নিবাস” কৰিব। (২ পিতৰ ৩:১৩) বাস্তৱতে, ঈশ্বৰৰ ৰাজ্যই এই জগতৰ সকলোবোৰ সমস্যাক সমাধান কৰি এক শান্তিপূৰ্ণ পৰমদেশলৈ ৰূপান্তৰিত কৰিব। সেই স্থানত সকলো আজ্ঞাকাৰী মানৱজাতিয়ে জীৱন-যাপন কৰাৰ আনন্দ লাভ কৰিব। ইয়াৰ উপৰিও, ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” ই কোনো অসিদ্ধ মানৱে কৰা সাধাৰণ প্ৰতিজ্ঞা নহয়। সৃষ্টিকৰ্ত্তা ঈশ্বৰ যিহোৱাই নিজেই এই প্ৰতিজ্ঞা কৰিছে, যিজনে কেতিয়াও মিছা নকয়।—প্ৰকাশিত বাক্য ২১:৪; তীত ১:২.