ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১১/১ পৃষ্ঠা ২৯-৩১
  • স্বইচ্ছাৰে ঈশ্বৰক সেৱা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্বইচ্ছাৰে ঈশ্বৰক সেৱা কৰক
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁলোকে যিহোৱাক সেৱা কৰিবলৈ সম্পূৰ্ণকৈ অস্বীকাৰ কৰে
  • স্বইচ্ছাৰে সেৱা কৰা আৱশ্যক
  • সম্পূৰ্ণ হৃদয়েৰে সেৱা নকৰাৰ অৰ্থ কি?
  • আনন্দ মনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰক
  • ‘আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল’
  • ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বিছিন্ন কৰিব পাৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১১/১ পৃষ্ঠা ২৯-৩১

স্বইচ্ছাৰে ঈশ্বৰক সেৱা কৰক

পাঁচনি পৌলে কৈছিল, “ময়ো তোমালোকৰ প্ৰাণৰ নিমিত্তে আনন্দেৰে ব্যয় কৰিম।” (২ কৰিন্থীয়া ১২:১৫) এই বাক্যশাৰীয়ে যিহোৱাৰ উপাসকসকলক কেনেকৈ উচিত দৃষ্টিকোণ আৰু মনোবৃত্তি বিকাশিত কৰিবলৈ সহায় কৰে? পৌলে কৰিন্থীয়া মণ্ডলীলৈ লিখা সেই বাক্যশাৰীৰ অৰ্থ এজন বাইবেল লিখকে এইদৰে প্ৰকাশ কৰি কৈছিল: “যেনেকৈ এজন পিতৃয়ে তেওঁৰ পুত্ৰৰ বাবে সকলো কাম স্বইচ্ছাৰে কৰে, সেইদৰে তোমালোকৰ প্ৰাণৰ নিমিত্তে সকলো কাম মই সম্পূৰ্ণ শক্তি আৰু হৃদয়েৰে কৰিম।” পৌলে খ্ৰীষ্টান পৰিচৰ্য্যাৰ বাবে সম্পূৰ্ণ সময় “ব্যয়” কৰিবলৈ বা “পূৰ্ণ ৰূপে পৰিশ্ৰম কৰি ক্লান্ত” হৈ পৰা লৈকে প্ৰস্তুত আছিল।

তদুপৰি, পৌলে এই সকলোবোৰ “অতি আনন্দিত” মনেৰে কৰিছিল। দ্যা যিৰূচালেম বাইবেলʼৰ অনুসাৰে তেওঁ “সম্পূৰ্ণ স্বইচ্ছাৰে” সকলো কাম কৰিবলৈ প্ৰস্তুত আছিল। আমাৰ বিষয়ে কি? যিহেতু, কেতিয়াবা হয়তো আপুনি ক্লান্ত অনুভৱ কৰিব পাৰে, কিন্তু সেই সময়তো আপুনি যিহোৱাৰ সেৱা আৰু লোকসকলৰ হিতৰ প্ৰতি স্বইচ্ছাৰে আপোনাৰ শক্তি, বুদ্ধি, ধন আৰু সময় ব্যয় কৰিবলৈ প্ৰস্তুত আছেনে? সেই কামবোৰ আপুনি “অতি আনন্দিত” হৈ কৰিবনে?

তেওঁলোকে যিহোৱাক সেৱা কৰিবলৈ সম্পূৰ্ণকৈ অস্বীকাৰ কৰে

বেছিভাগ মানুহে অনিচ্ছুক হোৱাৰ বাবে যিহোৱাক সেৱা কৰাটো অস্বীকাৰ কৰে। কিয়নো তেওঁলোক অকৃতজ্ঞ, নিজৰ স্বাৰ্থৰ হকে স্বাধীনতা বিচৰা আৰু বিদ্ৰোহী ভাব ৰাখে। চয়তানেও আদম আৰু হৱাৰ মনত ঈশ্বৰৰ পৰা স্বাধীন হোৱাৰ ভাব জগাই বিপথে নিলে। কিয়নো চয়তানে মিছাকৈ কৈছিল যে তেওঁলোকে নিজৰ বাবে “ঈশ্বৰৰ নিচিনা ভাল আৰু বেয়াক” নিৰ্ণয় কৰিব পাৰিব। (আদিপুস্তক ৩:১-৫) আজি যিসকলে তেনেধৰণৰ মনোবৃত্তি ৰাখে, দৰাচলতে তেওঁলোকে ঈশ্বৰৰ পৰা স্বাধীন হৈ তেওঁলোকৰ যি ইচ্ছা তাক পূৰ কৰিবলৈ বিচাৰে। (গীতমালা ৮১:১১, ১২) তেওঁলোকে আৰ্জন কৰা সম্পূৰ্ণ ধন-সম্পত্তি কেৱল নিজৰ হিতৰ কাৰণহে ব্যৱহাৰ কৰিব বিচাৰে।—হিতোপদেশ ১৮:১.

সম্ভৱতঃ আপুনি তেনেধৰণৰ মনোবৃত্তিত সন্মত হʼব নিবিচাৰিব। কিয়নো আপুনি নিশ্চয়ে উপহাৰস্বৰূপে পোৱা জীৱনৰ প্ৰতি কৃতজ্ঞ হʼব আৰু আহিবলগীয়া এই পৰমদেশীয় পৃথিৱীত জীৱনৰ প্ৰকৃত আনন্দ উপভোগ কৰিব বিচাৰিব। (গীতমালা ৩৭:১০, ১১; প্ৰকাশিত বাক্য ২১:১-৪) যিহোৱাই আপোনাৰ প্ৰতি দেখুৱা শ্ৰেষ্ঠতাৰ বাবে হয়তো আপুনি কৃতজ্ঞ হʼব। কিন্তু ইয়াৰ বিপৰীতে আমি সকলোৱে সাৱধান হোৱা উচিত, কিয়নো চয়তানে আমাৰ বিচাৰ-ধাৰা ভ্ৰষ্ট কৰি উপাসনাত বিঘিনি জন্মাব পাৰে। (২ কৰিন্থীয়া ১১:৩) চয়তানে কেনেকৈ বিঘিনি জন্মাব পাৰে?

স্বইচ্ছাৰে সেৱা কৰা আৱশ্যক

যিহোৱাই স্বইচ্ছাৰে আৰু সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰাতো বিচাৰে। তেওঁ কেতিয়াও আমাৰ ওপৰত বল প্ৰয়োগ কৰি নিজ ইচ্ছা পূৰ কৰিবলৈ নিবিচাৰে। আনহাতে, চয়তানে সদায় লোকসকলৰ ওপৰত বল প্ৰয়োগ কৰি বা প্ৰলোভিত কৰি তাৰ ইচ্ছা পূৰ কৰিবলৈ বিচাৰে। গতিকে বাইবেলে কৈছে যে দায়ীত্ববদ্ধ, আজ্ঞাকাৰী আৰু তেওঁৰ আৱশ্যকতসমূহ পূৰণ কৰাৰ যোগেদি তেওঁক আমি উপাসনা কৰা প্ৰয়োজন। (উপদেশক ১২:১৩; লূক ১:৬) যিহেতু আমাৰ প্ৰধান লক্ষ্য হৈছে ঈশ্বৰক সেৱা কৰা কিয়নো তেওঁক আমি প্ৰেম কৰোঁ।—যাত্ৰাপুস্তক ৩৫:২১; দ্বিতীয় বিবৰণ ১১:১.

যিহোৱাৰ উপাসনাত নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা স্বত্বেও যদি ‘তেওঁত প্ৰেম নাথাকে’ তেন্তে সকলোবোৰ ব্যৰ্থ হʼব। (১ কৰিন্থীয়া ১৩:১-৩) বাইবেলৰ লিখকে খ্ৰীষ্টানসকলক ঈশ্বৰৰ সেৱক বুলি কোৱাৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰি নিজ ইচ্ছা পূৰ কৰা। (ৰোমীয়া ১২:১১; কলচীয়া ৩:২৪) স্বইচ্ছাৰে অধীন হোৱাৰ অৰ্থ হৈছে যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ প্ৰতি থকা গভীৰ প্ৰেম প্ৰদৰ্শিত কৰা।—মথি ২২:৩৭; ২ কৰিন্থীয়া ৫:১৪; ১ যোহন ৪:১০, ১১.

আমাৰ পৰিচৰ্য্যাত লোকসকলৰ প্ৰতি গভীৰ প্ৰেম প্ৰতিফলিত হোৱা উচিত। গতিকে পৌলে থিচলনীকীয়া মণ্ডলীৰ বাবে এনেদৰে কৈছিল, “কিন্তু তোমালোকৰ মাজত মৃদুশীল হৈ, পিয়াহ দিওঁতাই যেনেকৈ নিজ সন্তানৰ লালন-পালন কৰে।” (১ থিচলনীকীয়া ২:৭) বৰ্তমান সময়ত বহুতো দেশত, এইটো আইনসঙ্গত যে নিজৰ সন্তানক চোৱা-চিতা কৰাটো মাতৃৰ কৰ্তব্য। আইনে কোৱাৰ বাবেই যে বেছিভাগ মাতৃয়ে তেওঁলোকৰ সন্তানক স্নেহ কৰে এনে নহয়, কিন্তু আচলতে মাতৃবিলাকে নিজ সন্তানক অন্তৰেৰে সৈতে প্ৰেম কৰাৰ বাবে তেওঁলোকক প্ৰতি-পালন কৰে। যিগৰাকী মাতৃয়ে নিজৰ সন্তানক চোৱা-চিতা কৰে তেওঁ সন্তানৰ হকে যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে। কিয়নো সেইদৰে পৌলেও থিচলনীকীয়া মণ্ডলীৰ প্ৰতি অতি স্নেহ দেখুৱাইছিল। তেওঁ নিজৰ জীৱনৰ বেছিভাগ সময় তেওঁলোকৰ বাবে ব্যয় কৰি (“স্বইচ্ছা” কিং জেমচ ভাৰ্চন; “আনন্দিত” নিউ ট্যানচ্যালেচ্‌ন ৱাৰজেন) “অতি সন্তোষ্ট” হৈছিল। (১ থিচলনীকীয়া ২:৮) প্ৰেমে আমাক পৌলৰ আৰ্হিক অনুকৰণ কৰিবলৈ উৎসাহিত কৰে।—মথি ২২:৩৯.

সম্পূৰ্ণ হৃদয়েৰে সেৱা নকৰাৰ অৰ্থ কি?

আমি নিশ্চয়ে নিজৰ স্বাৰ্থৰ হকে যিহোৱা আৰু লোকসকলক প্ৰেম কৰা উচিত নহয়। যদি আমি তেনে কৰোঁ তেন্তে সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰাত বিফল হʼম। তদুপৰি, কেতিয়াবা আমি আক্ষেপ মনোভাৱ বিকাশিত কৰিব পাৰোঁ বা এনে মনোবৃত্তি উৎপন্ন হʼব পাৰে যিয়ে আমাক হতাশ কৰি তুলে। যেনেকৈ ইস্ৰায়েলৰ কিছুমান লোকে ঈশ্বৰৰ প্ৰতি থকা প্ৰেম বজাই ৰাখিব নোৱাৰাৰ বাবে যিহোৱাক সঠিক মনেৰে উপাসনা কৰা নাছিল। ইয়াৰ পৰিণাম কি হʼল? তেওঁলোকৰ বাবে ঈশ্বৰক সেৱা কৰাটো কেনে “দিগ্‌দাৰী” হৈছিল।—মলাখী ১:১৩.

যিহোৱালৈ উৎসৰ্গা কৰা বস্তুবোৰ “নিঘুণ” অৰ্থাৎ কোনো প্ৰকাৰৰ খুঁত নোহোৱা আৰু ‘উত্তম’ হোৱা উচিত আছিল। (লেবীয়া পুস্তক ২২:১৭-২০; যাত্ৰাপুস্তক ২৩:১৯) কিন্তু তাৰ পৰিবৰ্তে ভবিষ্যতবক্তা মলাখীৰ দিনত ইস্ৰায়েলৰ কিছুমান লোকে কণা, খোৰা, অন্ধ আদি পশুবোৰ যিহোৱালৈ বলিদান কৰিছিল। তেওঁলোকৰ এনে কাৰ্য্যত যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? যিহোৱাই যাজকসকলক এইদৰে কৈছিল, “আৰু যেতিয়া তোমালোকে বলিদানৰ অৰ্থে অন্ধ পশু উৎসৰ্গ কৰা, সেইটো বেয়া নহয়! আৰু যেতিয়া তোমালোকে খোৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰা, সেইটো বেয়া নহয়! তোমাৰ দেশাধিপতিৰ আগত তাক উপহাৰস্বৰূপে দিয়াচোন; বাহিনীবিলাকৰ যিহোৱাই কৈছে, তেওঁ তোমালৈ প্ৰসন্ন হব নে? বা তোমাকে গ্ৰাহ্য কৰিব নে? . . . তোমালোকে আৰু কৈছা, চোৱা, ই কেনে দিগ্‌দাৰী! আৰু বাহিনীবিলাকৰ যিহোৱাই কৈছে, তোমালোকে তাক হেয়জ্ঞান কৰিছা, আৰু তোমালোকে বলেৰে লোৱা পশু, খোৰা আৰু ৰুগীয়া পশু আনিছা; এইদৰে তোমালোকে বলি আনিছা, যিহোৱাই কৈছে, মই তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণ কৰিম নে?”—মলাখী ১:৮, ১৩.

কেনেকৈ আমিও তেওঁলোকৰ নিচিনা হব পাৰোঁ? যেতিয়া আমি যিহোৱাক স্বইচ্ছাৰে সেৱাত কৰাত বিফল হʼম, তেতিয়া আমাৰ বলিদান “দিগ্‌দাৰী” যেন বোধ হʼব পাৰে। (যাত্ৰাপুস্তক ৩৫:৫, ২১, ২২; লেবীয়া পুস্তক ১:৩; গীতমালা ৫৪:৬; ইব্ৰী ১৩:১৫, ১৬) উদাহৰণস্বৰূপে, আমি যিহোৱাক আমাৰ অৱশিষ্ট সময়বোৰ দিওঁনে?

নিজৰ পৰিয়ালৰ সদস্য বা এজন লেবী সদস্যই কোনো ইস্ৰায়েল ব্যক্তি অনিচ্ছুক হোৱাৰ স্বত্তেও উত্তম বলিদানৰ বাবে বলপূৰ্বকভাৱে বলিদান কৰোঁৱাই যিহোৱাক সন্তোষ্ট কৰিব পাৰি বুলি কোনোবাই এই বিষয়ে গভীৰভাৱে বিবেচনা কৰিছেনে? (যিচয়া ২৯:১৩; মথি ১৫:৭, ৮) যিহোৱাই তেনে ধৰণৰ বলিদান আৰু ব্যক্তিক এই দুয়োটাকে অগ্ৰাহ্য কৰিছিল।—হোচেয়া ৪:৬; মথি ২১:৪৩.

আনন্দ মনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰক

যদি যিহোৱাই আমাৰ সেৱাক স্বীকাৰ কৰাটো বিচাৰোঁ, তেনেহʼলে আমি নিশ্চয়ে যীচুৰ আৰ্হিক অনুকৰণ কৰাটো উচিত। কিয়নো যীচুৱে এইদৰে কৈছল “মই নিজৰ পৰা একো কৰিব নোৱাৰোঁ, . . . মই নিজ ইচ্ছালৈ নিচিন্তি, মোক পঠোৱা জনাৰ ইচ্ছালৈহে চিন্তো।” (যোহন ৫:৩০) যিহোৱাৰ সেৱা কৰি যীচুৱে অতি আনন্দিত হৈছিল। যীচুৱে ৰজা দায়ুদৰ ভবিষ্যতবাণীক পূৰ্ণ কৰি এইদৰে কৈছিল: “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পুৰ কৰিবলৈহে মই ভাল পাওঁ; এনে কি, তোমাৰ ব্যৱস্থা মোৰ অন্তৰত আছে।”—গীতমালা ৪০:৮.

যদিও যীচুৱে ঈশ্বৰৰ ইচ্ছাত পূৰ্ণ কৰাত আনন্দিত হৈছিল, কিন্তু প্ৰতিদিনে এনে কৰাটো তেওঁৰ বাবে সহজ নাছিল। তেওঁক আটক কৰাৰ কিছু সময়ৰ আগতে কি হৈছিল তাক বিবেচনা কৰক। তেওঁ গেৎচিমানী নামৰ এখন বাগিছাত ‘অতি ব্যাকুল হৈ যাতনা’ অনুভৱ কৰিছিল। কিয়নো তেওঁৰ মানসিক হেঁচা ইমানেই অধিক আছিল যে তেওঁ প্ৰাৰ্থনা কৰা সময়ত ‘তেওঁ ঘাম তেজৰ নিচিনাকৈ তেজময় হৈ মাটিত বৈ গৈছিল।’—মথি ২৬:৩৮; লূক ২২:৪৪.

যীচুৱে কিয় এনেধৰণৰ যান্ত্ৰনা অনুভৱ কৰিছিল? নিশ্চয় তেওঁ স্বাৰ্থপৰ হোৱাৰ বাবে বা ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰা অনিচ্ছুতাৰ বাবে নহয়। কিয়নো তেওঁ ইশ্বৰৰ ইচ্ছাক পালন কৰিবলৈ মৃত্যুকো আকোঁৱালি লবলৈ প্ৰস্তুত আছিল। আনকি পিতৰে কোৱা কথাটো যীচুৱে কঠোৰভাৱে উত্তৰ দিছিল, কিয়নো পিতৰে এইদৰে কৈছিল: “হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক; সেয়ে আপোনালৈ কেতিয়াও নঘটিব।” (মথি ১৬:২১-২৩) গতিকে তেওঁ জানিছিল যে তেওঁ এজন অপৰাধী হিচাপে মৃত্যু বৰণ কৰাৰ ওপৰিও যিহোৱাৰ পবিত্ৰ নাম অপমানিত হʼব, সেইবাবে তেওঁ অতি ব্যাকুল হৈ যাতনা অনুভৱ কৰিছিল। যীচুৱে ইয়াকো জানিছিল যে তেওঁৰ পিতৃৰ বাবেও ই এক অতি বেদনাৰ বিষয়।

তদুপৰি, যীচুৱে ইয়াকো জানিছিল যে তেওঁ এনে এক নিৰ্দ্ধাৰিত সময়ৰ কাষ চাপি আহিছে যʼত যিহোৱাৰ উদ্দেশ্য পূৰ্ণ হʼব। ঈশ্বৰৰ নিয়মৰ প্ৰতি নিষ্ঠা দেখুৱাই যীচুৱে ইয়াকে প্ৰমাণ কৰিছিল যে আদমেও তেনে কৰিব পাৰিলেহেঁতেন। ইয়াৰ ওপৰিও, যীচুৰ বিশ্বাসনীয়তাই এইটোও প্ৰমাণিত কৰিলে যে চয়তানৰ সকলোবোৰ প্ৰতিৰোধৰ সন্মূখীন হৈও মানুহে যিহোৱাক স্বইচ্ছাৰে সেৱা কৰিব পাৰে। অৱশেষত যিহোৱাই যীচুৰ দ্বাৰা চয়তান আৰু বিদ্ৰোহীসকলক এই পৃথিৱীৰ পৰা চিৰকালৰ বাবে বিনষ্ট কৰিব।—আদিপুস্তক ৩:১৫.

যীচুৰ ওপৰত কিমান যে মহান দায়ীত্ব আছিল! তেওঁৰ নিষ্ঠাৱানৰ ওপৰত পিতৃৰ নাম, বিশ্বৰ শান্তি আৰু সকলো মানৱজাতিৰ পৰিত্ৰাণ নিৰ্ভৰ আছিল। এই সকলোবোৰক অনুভৱ কৰি তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল: “মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।” (মথি ২৬:৩৮) যীচুৱে কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাৰ স্বত্বেও তেওঁ যিহোৱাৰ ইচ্ছাক স্বইচ্ছাৰে পূৰ্ণ কৰিছিল।

‘আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল’

যেনেকৈ যীচুৱে যিহোৱাৰ সেৱা কৰোঁতে যাতনা অনুভৱ কৰিছিল, ঠিক তেনেকৈ আমিও চয়তানে অনা হেঁচাৰ দ্বাৰা যাতনা অনুভৱ কৰিব পাৰোঁ। (যোহন ১৫:২০; ১ পিতৰ ৫:৮) তদুপৰি, আমি সকলোৱে অসিদ্ধ মানৱ হোৱাৰ হেতুকে যিহোৱাক স্বইচ্ছাৰে সেৱা কৰাটো ইমান সহজ নহয়। আনকি যীচুৱে নিজেও অনুভৱ কৰিছিল যে শিষ্যবিলাকে তেওঁৰ আজ্ঞা পালন কৰিবলৈ প্ৰবল চেষ্টা কৰিছিল। সেইবাবে তেওঁ কৈছিল: “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মথি ২৬:৪১) যিহেতু তেওঁ মানৱ শৰীৰ পোৱা স্বত্বেও সম্পূৰ্ণৰূপে সিদ্ধ আছিল। গতিকে যীচুৱে জানিছিল যে শিষ্যবিলাকে আদমৰ পৰা পোৱাৰ অসিদ্ধতাৰ বাবে তেওঁলোকৰ শৰীৰ সিদ্ধ নাছিল। যীচুৱে এইটোও জানিছিল যে উত্তাৰাধিকাৰীৰূপে পোৱা অসিদ্ধতাৰ বাবে মানৱ জীৱন সীমাবদ্ধ আছিল, সেইবাবে তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ হʼলে প্ৰবল চেষ্টা কৰিব লাগিব।

গতিকে আমিও পৌলৰ দৰে অনুভৱ কৰিব পাৰোঁ যিজনে যিহোৱাক সেৱা কৰাৰ বাবে প্ৰবল চেষ্টা কৰিব লগীয়া হৈছিল। কিয়নো তেওঁ এইদৰে কৈছিল: “কিয়নো মই জানো যে, মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে; ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই।” (ৰোমীয়া ৭:১৮) গতেকে আমিও আমাৰ ইচ্ছা অনুসাৰে সম্পূৰ্ণ উত্তমতা সাধন কৰিব নোৱাৰোঁ। (ৰোমীয়া ৭:১৯) এইটো অনিচ্ছুক হোৱাৰ বাবে নহয় কিন্তু আমাৰ শৰীৰত থকা অপৰিপূৰ্ণতাৰ বাবেহে।

গতিকে আমি নিৰুসাহ হোৱাটো উচিত নহয়। যদি আমি সম্পূৰ্ণ হৃদেয়েৰে যিহোৱাক সেৱা কৰিবলৈ প্ৰবল চেষ্টা কৰোঁ, তেন্তে আমাৰ সেৱা গ্ৰহণযোগ্য হʼব। (২ কৰিন্থীয়া ৮:১২) এতেকে আঁহক আমি যীচুৰ মনোবৃত্তিক অনুকৰণ কৰি যিহোৱাৰ ইচ্ছাৰ অধীনস্থ হবলৈ ‘প্ৰাণপনে চেষ্টা’ কৰোঁহঁক। (২ তীমথিয় ২:১৫; ফিলিপীয়া ২:৫-৭; ১ পিতৰ ৪:১, ২) যিহোৱাই তেনে লোকসকলৰ ওপৰত আশীৰ্ব্বাদ বৰ্ষাব। তেওঁ আমাক আমাৰ দুৰ্ব্বলতাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ অসীম সামৰ্থ দিব। পৌলৰ নিচিনাকৈ আমিও যিহোৱাৰ সহায়ৰ দ্বাৰা ‘অতি আনন্দিত’ হৈ তেওঁৰ বহুমূল্য সেৱাত সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰিম।

[২৯ পৃষ্ঠাৰ ছবি]

পৌলে নিজৰ সকলো সামৰ্থৰ সৈতে স্বইচ্ছাৰে যিহোৱাক সেৱা কৰিছিল

[৩১ পৃষ্ঠাৰ ছবি]

যীচুৱে কঠিন পৰিক্ষাতো যিহোৱাৰ ইচ্ছা পূৰণ কৰিলে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক