বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰে?
“মেঘৰ পৰা এই বাণী হল, বোলে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।”—মথি ১৭:৫.
১. ব্যৱস্থাৰ উদ্দেশ্য কেতিয়া পূৰণ হয়?
যিহোৱাই ইস্ৰায়েল জাতিক বিভিন্ন নিয়মৰে ভৰি থকা এক ব্যৱস্থা দিছিল। তাৰ সম্পৰ্কে, পাঁচনি পৌলে লিখিছিল: “এই সকলো সংশোধনৰ সময়লৈকে পালনীয় মাংসিক ধৰ্ম্ম-বিধি মাত্ৰ।” (ইব্ৰী ৯:১০) এই বিধানে ইস্ৰায়েলৰ অৱশিষ্ট বৰ্গক, যীচুক মচীহ বা খ্ৰীষ্টৰূপে স্বীকাৰ কৰা উদ্দেশ্যক পূৰণ কৰিবলৈ পৰিচলনা কৰে। সেইকাৰণে পৌলে কৈছিল: “খ্ৰীষ্টেই বিধানৰ শেষ।”—ৰোমীয়া ১০:৪; গালাতীয়া ৩:১৯-২৫; ৪:৪, ৫.
২. কোনসকলে ব্যৱস্থাৰ অধীনত আছিল, আৰু কেতিয়া তেওঁলোককে তাৰ পৰা মুক্তি পায়?
২ ইয়াৰ মানে এইটোনে যে আজিৰ সময়ত আমি ব্যৱস্থাত আৱদ্ধ হৈ থকা নাই? আচলতে সৰহ সংখ্যক মানুহে কেতিয়াও ব্যৱস্থাৰ অধীনত নাছিল, যেনেকৈ গীতমালা ৰচোঁতাই বৰ্ণনা কৰিছে: “[যিহোৱাই] যাকোবক নিজ বাক্য, আৰু ইস্ৰায়েলক নিজ বিধি আৰু শাসন-প্ৰণালীবোৰ জনায়। তেওঁ অন্য কোনো জাতিৰে সৈতে এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন-প্ৰণালীবোৰ সিহঁতে নাজানে।” (গীতমালা ১৪৭:১৯, ২০) যেতিয়া ঈশ্বৰে যীচুৰ বলিদানৰ আধাৰত নতুন নিয়মটি স্থাপন কৰিলে, তেতিয়া ইস্ৰায়েলসকলেও পুৰণি ব্যৱস্থাৰ ভিতৰত আৰু নাথাকিল। (গালাতীয়া ৩:১৩; ইফিচীয়া ২:১৫; কলচীয়া ২:১৩, ১৪, ১৬) যদিও এতিয়া ব্যৱস্থাক পালন কৰা নহয়, তথাপি বৰ্তমান সময়ত যিহোৱাই তেওঁক সেৱা কৰিবলৈ ইচ্ছা কৰা লোকসকলৰ পৰা কি বিচাৰে?
যিহোৱাই কি বিচাৰে
৩, ৪. (ক) আচলতে যিহোৱাই বৰ্তমান সময়ত আমাৰ পৰা কি বিচাৰিছে? (খ) আমি কিয় যীচুৰ খোজৰ অনুগামী হোৱা উচিত?
৩ যীচুৰ পৰিচৰ্য্যা কাৰ্য্যৰ শেষৰ ভাগত, তেওঁৰ শিষ্য পিতৰ, যাকোব, আৰু যোহন তেওঁৰ সৈতে হৰ্মোণ নামৰ ওখ পৰ্ব্বতত গৈছিল। তাতে তেওঁলোকে যীচুক তেজস্বী ৰূপত দেখিবলৈ পালে আৰু ঈশ্বৰে এই বুলি কোৱা এক বাক্য তেওঁলোকে শুনিবলৈ পালে: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।” (মথি ১৭:১-৫) বাস্তৱতে যিহোৱাই আমাৰ পৰা—তেওঁৰ পুত্ৰক শুনা আৰু তেওঁৰ আৰ্হি আৰু শিক্ষাক অনুকৰণ কৰাটো বিচাৰে। (মথি ১৬:২৪) সেইবাবে পাঁচনি পিতৰে লিখিছিল: “খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।”—১ পিতৰ ২:২১.
৪ আমি কিয় যীচুৰ খোজৰ অনুগামী হোৱা উচিত? কিয়নো তেওঁক অনুকৰণ কৰা মানেই হৈছে যিহোৱা ঈশ্বৰক অনুকৰণ কৰা। যীচুৱে অন্তৰঙ্গভাৱে পিতৃক জানিছিল, পৃথিৱীত অহাৰ পূৰ্বেই স্বৰ্গত তেওঁৰ পিতৃৰ সৈতে লাখ লাখ বছৰ অতিবাহিত কৰিছিল। (হিতোপদেশ ৮:২২-৩১; যোহন ৮:২৩; ১৭:৫; কলচীয়া ১:১৫-১৭) পৃথিৱীত তেওঁ পিতৃৰ বিশ্বাসী প্ৰতিনিধি আছিল। তেওঁ বৰ্ণনা কৰিছিল: “কিন্তু পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছোঁ।” বাস্তৱতে যীচুৱে যিহোৱাক সঠিকৰূপে অনুকৰণ কৰিছিল যে তেওঁ কব পাৰিছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।”—যোহন ৮:২৮; ১৪:৯.
৫. খ্ৰীষ্টানসকলে কোনটো ব্যৱস্থাৰ অন্তৰ্গত আৰু কেতিয়া এই ব্যৱস্থাৰ আৰম্ভ হʼল?
৫ যীচুক শুনা আৰু তেওঁৰ অনুগামী হোৱাত কি জড়িত আছে? ইয়াৰ অৰ্থ এইটোনে যে আমি এতিয়াও পুৰণি ব্যৱস্থাৰ অন্তৰ্গত আছোঁ? পৌলে লিখিছিল: ‘নিজে বিধানৰ অধীনত নহওঁ।’ তেওঁ ‘পুৰণি ব্যৱস্থাক’ উল্লেখ কৰিছিল, যিটো ইস্ৰায়েলসকলৰ সৈতে স্থাপন কৰা হৈছিল। পৌলে জানিছিল যে তেওঁ ‘খ্ৰীষ্টৰ ব্যৱস্থাৰ অধীনত’ আছে। (১ কৰিন্থীয়া ৯:২০, ২১; ২ কৰিন্থীয়া ৩:১৪) ‘পুৰণি ব্যৱস্থা’ অন্ত হোৱাৰ লগে-লগেই খ্ৰীষ্ট ব্যৱস্থাৰ’ সৈতে ‘নতুন ব্যৱস্থা’ আৰম্ভ হʼল, যাক বৰ্তমান সময়ৰ সকলো যিহোৱাৰ সেৱকে পালন কৰা অপৰিবাৰ্য্য।—লূক ২২:২০; গালাতীয়া ৬:২; ইব্ৰী ৮:৭-১৩.
৬. ‘খ্ৰীষ্টৰ ব্যৱস্থা’ কি আৰু আমি ইয়াক কেনেকৈ পালন কৰিব পাৰোঁ?
৬ যিহোৱাই ‘খ্ৰীষ্টৰ ব্যৱস্থা’ লিখিতৰূপে দিয়া নাছিল আৰু পুৰণি ব্যৱস্থাৰ দৰে বেলগ বেলগ বিষয়ত নিয়ম দিয়া নাছিল। এইটো খ্ৰীষ্টৰ শিষ্যসকলৰ বাবে দিয়া হৈছিল, এই নতুন ব্যৱস্থাত তেওঁলোকে কি কৰা উচিত কি কৰা উচিত নহয় এই বিষয়ে বহুত প্ৰকাৰৰ নিয়ম নাছিল। তাৰ পৰিৱৰ্ত্তে যিহোৱাই তেওঁৰ বাক্য বাইবেলৰ চাৰিখন কিতাপত যীচুৰ জীৱনীৰ বিষয়ে লিপিবদ্ধ কৰাই থলে। এই কিতাপত যীচুৱে যি কৰিলে আৰু যি শিক্ষা দিছিল তাৰ সম্পূৰ্ণ বিৱৰণ দিয়া হৈছে। তাৰ উপৰিও ঈশ্বৰে প্ৰথম শতাব্দীৰ যীচুৰ শিষ্যসকলক বিভিন্ন বিষয়ত, যেনে ব্যক্তিগত আচাৰ-ব্যৱহাৰ, মণ্ডলীৰ বিষয়সমূহত, পৰিয়ালৰ সৈতে কৰা আচৰণ আৰু আন বিষয়সমূহত পৰামৰ্শ দিলে। (১ কৰিন্থীয়া ৬:১৮; ১৪:২৬-৩৫; ইফিচীয়া ৫:২১-৩৩; ইব্ৰী ১০:২৪, ২৫) যেতিয়া আমি যীচু খ্ৰীষ্টৰ আৰ্হিত চলো, তেওঁৰ শিক্ষাৰ অনুসাৰে নিজ জীৱন নিৰ্বাহ কৰোঁ আৰু প্ৰথম শতাব্দীৰ বাইবেল লিখকসকলৰ ঈশ্বৰ-নিশ্বাসিত পৰামৰ্শবোৰ অনুসাৰে চলোঁ, তেতিয়া আমি ‘খ্ৰীষ্টৰ ব্যৱস্থা’ পালন কৰা হয়। যিহোৱাই আজি তেওঁৰ সেৱকসকলৰ পৰা তেনে কৰাটো বিচাৰিছে।
প্ৰেমৰ আৱশ্যকতা
৭. যীচুৱে নিজৰ শিষ্যসকলৰ সৈতে অন্তিম পৰ্ব্ব উৎযাপন কৰা সময়ত ‘খ্ৰীষ্টৰ ব্যৱস্থা’ সম্পৰ্কে থকা গুৰুত্বক কেনেকৈ জোৰ দি কৈছিল?
৭ যিহেতু মোচিৰ ব্যৱস্থাৰ অন্তৰ্গত প্ৰেমৰ বহুত আৱশ্যকতা আছিল, কিয়নো খ্ৰীষ্টৰ সম্পূৰ্ণ ব্যৱস্থা প্ৰেমৰ ওপৰত আধাৰিত। যীচুৱে সা.যু. ৩৩ চনত তেওঁৰ শিষ্যসকলৰ সৈতে নিস্তাৰ-পৰ্ব্ব পালন কৰা সময়ত এই কথাত জোৰ দি কৈছিল। পাঁচনি যোহনৰ বৃতান্তৰ অনুসাৰে, সেই নিশা যীচুৱে তেওঁৰ শিষ্যসকলক উৎসাহিত কৰি যি কৈছিল তাত তেওঁ ২৮ বাৰ প্ৰেমৰ সম্বন্ধে উল্লেখ কৰিছিল। সেইবাবে পাঁচনিসকলৰ মন আৰু হৃদয়ত খ্ৰীষ্টৰ ব্যৱস্থাৰ আৱশ্যকতা দকৈ খোপনি পোতি লৈছিল। মন কৰিবলগীয়া কথা এই যে সেই বিশেষ সন্ধ্যাত ঘটা ঘটনাসমূহক লিখাৰ সময়ত পাঁচনি যোহনে এই শব্দত প্ৰকাশ কৰিলে: “নিস্তাৰ-পৰ্ব্বৰ আগেয়ে, যীচুৱে, এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি, জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল, তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে।”—যোহন ১৩:১.
৮. (ক) কিহে দেখুৱাইছে যে পাঁচনিসকলৰ মাজত বহুদিনৰ পৰাই বিবাদ চলি আছিল? (খ) যীচুৱে কেনেকৈ পাঁচনিসকলক নম্ৰতাৰ পাঠ শিকালে?
৮ যদিও যীচুৱে তেওঁৰ শিষ্যসকলকৰ বহুতো দুৰ্ব্বলতাৰ বিষয়ে জানিছিল, তথাপিও তেওঁলোকক প্ৰেম কৰিছিল। তেওঁলোকে আনৰ ওপৰত শাসন কৰিবলৈ আৰু এক বিশেষ পদ পাবলৈ বহুত ইচ্ছা আছিল। যীচুৱে বাৰে বাৰে কোৱাৰ স্বত্তেও তেওঁলোকৰ ভাৱধাৰা সলনি নহল। নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমলৈ যোৱাৰ কিছু মাহৰ পূৰ্বেই তেওঁলোকৰ মাজত “কোন শ্ৰেষ্ঠ, . . . তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰিছিল।” আৰু পৰ্ব্বৰ বাবে যিৰূচালেমত অহাৰ ঠিক আগতে, তেওঁলোকৰ মাজত পুনৰ বিবাদ আৰম্ভ হৈছিল। (মাৰ্ক ৯:৩৩-৩৭; ১০:৩৫-৪৫) পৰ্ব্বৰ সময়ত যি হৈছিল তেওঁলোকৰ মাজত বহুদিনৰ পৰা চলি থকা বিবাদ বুলি জানিব পৰা যায়। সেই দিনা অন্তিম নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ ওপৰৰ কোঠাত একগোট হৈছিল। সেই সময়ত ঘৰলৈ অহা আলহীক আদৰণি জনাবলৈ তেওঁলোকৰ ভৰি ধোৱাই দিয়াৰ প্ৰথা আছিল, যদিও শিষ্যসকলৰ মাজত যিকোনো এজনে ইয়াক কৰিবলৈ সুযোগ লব পাৰিলেহেঁতেন কিন্তু কোনেও এইদৰে নকৰিলে। যীচুৱে তেওঁলোকক নম্ৰতাৰ পাঠ শিকাবলৈ তেওঁ নিজেই তেওঁলোকৰ ভৰি ধোৱাই দিছিল।—যোহন ১৩:২-১৫; ১ তীমথিয় ৫:৯, ১০.
৯. অন্তিম নিস্তাৰ-পৰ্ব্বৰ পাছত যি ঘটনা ঘটিল তাক যীচুৱে কেনেকৈ সমাধান কৰিলে?
৯ এই শিক্ষাৰ উপৰিও, নিস্তাৰ-পৰ্ব্বৰ পাছত যীচুৱে নিজৰ মৃত্যুৰ স্মৰক পালন কৰে, লক্ষ্য কৰক যে পুনৰ কি ঘটিল। লূকৰ শুভবাৰ্ত্তাৰ কিতাপে কৈছে: “তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হৈছিল।” পাঁচনিসকলৰ ওপৰত ক্ৰোধ কৰা আৰু ধমক দিয়াৰ পৰিৱৰ্ত্তে, যীচুৱে প্ৰেমৰে বুজনি দিছিল যে এই জগতৰ অধিকাৰীৰ দৰে হোৱা উচিত নহয়, কিয়নো তেওঁলোকে অধিকাৰ পাবলৈ যি কোনো কাৰ্য্য কৰিব পাৰে। (লূক ২২:২৪-২৭) তাৰ পাছত যীচুৱে এনে এটা আজ্ঞা দিলে যাক খ্ৰীষ্টৰ ব্যৱস্থাৰ আধাৰশিলা বুলিব পাৰি। তাত তেওঁ কৈছিল “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা।”—যোহন ১৩:৩৪.
১০. যীচুৱে তেওঁৰ শিষ্যসকলক কি আজ্ঞা দিছিল, আৰু ইয়াত কি অন্তৰ্ভূক্ত হৈ আছে?
১০ সেই সন্ধ্যাত যীচুৱে দিয়া তেওঁৰ প্ৰেমৰ দৃষ্টান্তত স্পষ্টকৈ কৈছিল যে তেওঁৰ শিষ্যসকলে কিমানলৈকে প্ৰেম প্ৰদৰ্শন কৰা উচিত। তেওঁ কৈছিল: “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ দিয়াতকৈ, অধিকতৰ প্ৰেম কাৰো নাই।” (যোহন ১৫:১২, ১৩) যীচুৱে এইদৰে কোৱাৰ অৰ্থ এইটো আছিল নে যে আৱশ্যক হʼলে আধ্যত্মিক ভাই-ভনীসকলৰ বাবে নিজৰ প্ৰাণ দিবলৈ প্ৰস্তুত থাকিব লাগে? সেই সময়ত উপস্থিত থকা যোহনে এইটোৱে বুজিছিল, কিয়নো তাৰ পাছত তেওঁ এইদৰে লিখিছিল: “তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ; আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।”—১ যোহন ৩:১৬.
১১. (ক) আমি কেনেকৈ খ্ৰীষ্টৰ ব্যৱস্থা পূৰণ কৰিব পাৰোঁ? (খ) যীচুৱে কি আৰ্হি ৰাখিলে?
১১ তেতিয়াহলে খ্ৰীষ্টৰ ব্যৱস্থাক পূৰ্ণ কৰিবলৈ আনক খ্ৰীষ্টৰ বিষয়ে শিকোৱাটোৱেই যথেষ্ঠ নহয়। যেনেকৈ খ্ৰীষ্টই কৰিছিল তেনেকৈ আমি আমাৰ জীৱন নিৰ্বাহ কৰা আৰু আচৰণ কৰা উচিত। নিঃসন্দেহ, যীচুৱে তেওঁৰ ভাষণত বহুতো মনোহৰ, নিৰ্ব্বাচিত শব্দ ব্যৱহাৰ কৰিছিল। তাৰ উপৰিও যীচুৱে উদাহৰণ ব্যৱহাৰ কৰি শিক্ষা দিছিল। যদিও যীচু স্বৰ্গত সৃষ্টি কৰা আত্মিক প্ৰাণীৰ ভিতৰত অধিক শক্তিশালী আছিল, তথাপিও তেওঁ পৃথিৱীত পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈ আৰু আমাৰ বাবে আৰ্হি ৰাখিবলৈ সকলোকে ত্যাগ কৰিলে। তেওঁ নম্ৰ, দয়ালু, আনৰ প্ৰতি সহানুভূতিশীল আৰু ভাৰৰ ফলত দাবী থকা লোকক সহায় কৰিছিল। (মথি ১১:২৮-৩০; ২০:২৮; ফিলিপীয়া ২:৫-৮; ১ যোহন ৩:৮) যীচুৱে যেনেকৈ শিষ্যসকলক প্ৰেম কৰিছিল তেনেকৈ আনকো প্ৰেম দেখুৱাবলৈ শিষ্যসকলক অনুৰোধ কৰিছিল।
১২. এইটো কিয় কব পাৰি যে খ্ৰীষ্টৰ বিধানে যিহোৱাৰ প্ৰতি থকা প্ৰেমক হ্ৰাস নকৰে?
১২ কিন্তু, মোচি ব্যৱস্থাত দিয়া সকলোতকৈ ডাঙৰ আজ্ঞা অৰ্থাৎ যিহোৱাক প্ৰেম কৰা আজ্ঞা খ্ৰীষ্টৰ ব্যৱস্থাত কোনটো স্থানত আছে? (মথি ২২:৩৭, ৩৮; গালাতীয়া ৬:২) দ্বিতীয় স্থানত নে? নিশ্চয়ে নহয়! আচলতে, যিহোৱাৰ প্ৰতি প্ৰেম আৰু নিজ ভাইসকলৰ প্ৰতি প্ৰেম, এই দুয়োটাৰ মাজত গভীৰ সম্বন্ধ আছে। এজনে নিজৰ ভাইক প্ৰেম নকৰাকৈ ঈশ্বৰক সচাঁ প্ৰেম কৰিব নোৱাৰে, সেইবাবে পাঁচনি যোহনে লিখিছিল: “মই ঈশ্বৰক প্ৰেম কৰোঁ, ইয়াকে বুলি কোনোৱে যদি নিজ ভাইক ঘিণ কৰে, তেন্তে তেওঁ মিছলীয়া; কিয়নো যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।”—১ যোহন ৪:২০; ১ যোহন ৩:১৭, ১৮ সৈতে তুলনা কৰক।
১৩. শিষ্যসকলে যীচুৰ নতুন আজ্ঞাক পালন কৰাৰ পৰিণাম কি হৈছিল?
১৩ যীচুৱে নিজৰ শিষ্যসকলক নতুন আজ্ঞা দিলে যে তেওঁলোকেও এজনে আনজনক প্ৰেম কৰক যেনেকৈ তেওঁ তেওঁলোকক কৰিলে, তেওঁ ইয়াৰ পৰিণাম কি হʼব পাৰে তাক বৰ্ণনা কৰিছিল। “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) যীচুৰ মৃত্যুৰ এশতকৈ অধিক বছৰৰ পাছত বুৰঞ্জীবিদ টৰ্টুলিয়ান কৈছিল প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ মাজত এজনে আন প্ৰতি থকা প্ৰেম অধিক আছিল। টৰ্টুলিয়ানে অখ্ৰীষ্টীয়লোকৰ শব্দক স্মৰণ কৰিছিল যিসকলে কৈছিল: ‘চোৱা, তেওঁলোকে এজনে আনজনক কিমান প্ৰেম কৰে আৰু এজনে আন জনৰ বাবে কেনেকৈ প্ৰাণ আহুঁতি দিবলৈ প্ৰস্তুত থাকে।’ আমি নিজকে সুধিব পাৰোঁ, ‘কি মই নিজ খ্ৰীষ্টান ভাই-ভনীৰ প্ৰতি এনে প্ৰেম দেখুৱাওঁ নে যাৰ দ্বাৰা এইটো প্ৰকাশ হয় যে মই এজন যীচুৰ শিষ্য?
আমি আমাৰ প্ৰেমক কেনেকৈ প্ৰতিফলিত কৰিম
১৪, ১৫. কি কাৰণসমূহৰ বাবে আমি খ্ৰীষ্টৰ ব্যৱস্থাক পালন কৰাটো কঠিন হʼব পাৰে আৰু আমাক কিহে সহায় কৰিব পাৰে?
১৪ যিহোৱাৰ সেৱকসকলে খ্ৰীষ্টীয় প্ৰেম প্ৰতিফলিত কৰাটো আৱশ্যকীয় কৰ্তব্য। কিন্তু আপোনাৰ বাবে এনে খ্ৰীষ্টান অনুগামীক প্ৰেম দেখুৱাটো কঠিন হয়নে যিসকলে স্বাৰ্থপৰ আচৰণ কৰে? যেনেকৈ আমি দেখিলোঁ যে পাঁচনিসকলে নিজ স্বাৰ্থৰ বাবে বিবাদ আৰু লাঞ্চনা ভূগিবলগীয়া হৈছিল। (মথি ২০:২০-২৪) গালাতীয়া মণ্ডলীত থকা লোকসকলৰ মাজতো বিবাদ হৈছিল। চুবুৰীয়াক প্ৰেম কৰা যি ব্যৱস্থা সিদ্ধ হোৱাৰ উল্লেখ কৰি, পৌলে সতৰ্ক কৰি কৈছিল: “কিন্তু তোমালোকে যদি পৰস্পৰ কামোৰা-কামুৰি, গিলা-গিলি কৰা, তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা, তালৈ সাৱধান হবা।” শাৰীৰিক কাৰ্য্য আৰু আত্মাৰ ফলৰ তুলনা কৰি পৌলে আগলৈ এইদৰে কৈছিল: “আমি ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসুয়া কৰি, অনৰ্থক দৰ্প নকৰোঁহঁক।” পাছলৈ পাঁচনি পৌলে কৈছিল: “তোমালোকে ইজনে সিজনৰ ভাৰ বৈ, খ্ৰীষ্টৰ ব্যৱস্থা সম্পূৰ্ণকৈ পালন কৰা।”—গালাতীয়া ৫:১৪-৬:২.
১৫ খ্ৰীষ্টৰ ব্যৱস্থা প্ৰতি আজ্ঞাকাৰী হৈ, যিহোৱাই আমাৰ পৰা অধিক বিচাৰিছেনে? এইটো সচাঁ যে যিসকলে আমাক মানসিকৰূপে বহু আঘাট দিছে, তেনেলোকৰ বাবে প্ৰেম দেখুৱাটো কঠিন হʼব পাৰে, তথাপিও আমি “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, . . . ঈশ্বৰৰ অনুকাৰী হোৱা” উচিত। (ইফিচীয়া ৫:১, ২) আমি ঈশ্বৰৰ আৰ্হিত একেৰাহে দৃষ্টি কৰা উচিত, যি জনে “আমালৈ তেওঁৰ প্ৰেম প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” (ৰোমীয়া ৫:৮) যিসকলে আমাৰ সৈতে বেয়া আচৰণ কৰিলে তেওঁলোকক সহায় কৰাত আগভাগ লৈ, আমি এইটো জনাত আনন্দৰ লাভ কৰিব পাৰিম যে আমি ঈশ্বৰ আৰু খ্ৰীষ্টৰ ব্যৱস্থাৰ আজ্ঞাকাৰী হৈছোঁ।
১৬ ঈশ্বৰ আৰু খ্ৰীষ্টৰ প্ৰতি থকা আমাৰ প্ৰেমৰ কেনেকৈ প্ৰতিফলিত কৰিম?
১৬ আমি মনত ৰখা উচিত যে আমি মাথোন আমাৰ কথাৰে নহয় কিন্তু কাৰ্য্যৰো প্ৰেম প্ৰতিফলিত কৰা উচিত। যীচুৱেও কাৰ্য্যৰ দ্বাৰা ইয়াক প্ৰকাশ কৰি দেখুৱালে। নিজৰ মৃত্যুৰ সময়ত যীচুৱে এইটো বিচাৰ নাছিল যে তেওঁ ঈশ্বৰৰ নিন্দাকাৰী ৰূপে মৃত্যু বৰণ কৰাটো, সেইকাৰণে তেওঁ বিনতি কৰি কৈছিল: “হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেন্তে এই পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা।” কিন্তু তাৰ পাছত তেওঁ তৎক্ষণাত কৈছিল: “তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।” (লূক ২২:৪২) সকলো ক্লেশ ভূগি যীচুৱে ঈশ্বৰৰ ইচ্ছা পালন কৰিলে। (ইব্ৰী ৫:৭, ৮) আজ্ঞাকাৰীতাই হৈছে আমাৰ প্ৰেমৰ প্ৰমাণ আৰু এইটোও দেখুৱাই যে আমি ঈশ্বৰৰ পথেই সকলোতকৈ উত্তম বুলি স্বীকাৰ কৰিছোঁ। বাইবেলে কৈছে, “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।” (১ যোহন ৫:৩) আৰু যীচুৱে তেওঁৰ পাঁচনিসকলক কৈছিল: “তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা।”—যোহন ১৪:১৫.
১৭. যীচুৱে তেওঁৰ অনুগামীসকলক কি বিশেষ আজ্ঞা দিছিল আৰু আমি কেনেকৈ জানিব পাৰো যে সেই আজ্ঞা আজি আমাৰ সময়তো ব্যৱহাৰ হয়?
১৭ যীচুৱে নিজৰ অনুগামীসকলক এজনে আনজনৰ প্ৰতি প্ৰেম দেখুৱা আজ্ঞাৰ ওপৰিও কি বিশেষ আজ্ঞা দিছিল? তেওঁ প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল যিটো কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ হৈছিল। পিতৰে কৈছিল: “তেৱেঁই সেই জনা, এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ, তেওঁ আমাক আজ্ঞা দিলে।” (পাঁচনিৰ কৰ্ম্ম ১০:৪২) যীচুৱে বিশেষকৈ এই আজ্ঞা দিছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ১:৮) যীচুৱে কৈছিল যে এইধৰণৰ শিক্ষা আজি অৰ্থাৎ ‘শেষ কালৰ’ অনুগামীসকলৰ বাবেও ব্যৱহাৰ হয়, সেই বাবে তেওঁ কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (দানিয়েল ১২:৪; মথি ২৪:১৪) অৱশ্যে, আমি যি প্ৰচাৰ কাৰ্য্য কৰিছোঁ সেইটো হৈছে ঈশ্বৰৰ ইচ্ছা। কিন্তু কিছুমান লোকে হয়তো এইদৰে ভাৱিব পাৰে যে আমাক এই কাৰ্য্য কৰিবলৈ আজ্ঞা দি ঈশ্বৰে আমাৰ সন্মূখত বহুত কঠিন কাৰ্য্য ৰাখিলে। কিন্তু আচলতে সচাঁকৈ ই বহুত কঠিন নে?
এই কাৰ্য্য কিয় কঠিন যেন বোধ হয়
১৮. আমি যিহোৱাই যিটো বিচাৰে তাক পালন কৰোঁতে অহা পৰীক্ষাৰ সময়ত আমি কি কথা মনত ৰখা উচিত?
১৮ যেনেকৈ আমি দেখিলোঁ যে, গোটেই ইতিহাসত ঈশ্বৰে মানুহৰ পৰা তেওঁৰ বিভিন্ন আৱশ্যকতাক পালন কৰাৰ বাবে দাবী কৰা হৈছে। তেওঁলোকৰ পৰা যি বিভিন্ন আৱশ্যকতাসমূহক পালন কৰাটো বিচৰা হৈছে, তাৰ বাবে তেওঁলোকে বিভিন্ন পৰীক্ষাৰ সন্মূখীন হৈছে। ঈশ্বৰৰ প্ৰিয় পুত্ৰ বহুতো কঠিন যাতনাৰ সন্মূখীন হৈছিল আৰু অৱেশেষত ঈশ্বৰে তেওঁৰ পৰা যি বিচাৰিছিল তাক পালন কৰাৰ বাবে নিদাৰুণীয় মৃত্যুক আকোঁৱালি লবলগীয়া হʼল। কিন্তু আমি যেতিয়া ঈশ্বৰে যি বিচাৰিছে তাক কৰোঁতে আমাৰ ওপৰত পৰীক্ষা আহে, তেতিয়া এটা কথা মন ৰখাটো ভাল হʼব যে সেই সকলো ক্লেশ আৰু কষ্টৰ বাবে ঈশ্বৰে দায়ী নহয়। (যোহন ১৫:১৮-২০; যাকোব ১:১৩-১৫) চয়তানে বিৰোধীতাৰ ফলত আমি পাপ, ক্লেশ আৰু মৃত্যু ভূগিবলগীয়া হʼল আৰু তেৱেঁ সেই সকলৰ বাবে পৰিস্থিতি কঠিন কৰি দিয়ে যি সেৱকসকলে যিহোৱাৰ আৱশ্যকতাসমূহক পালন কৰিব বিচৰে।—ইয়োব ১:৬-১৯; ২:১-৮.
১৯. যিহোৱাই তেওঁৰ পুত্ৰৰ দ্বাৰা আমাৰ পৰা যি কাৰ্য্য কৰাটো বিচাৰিছে, সেইটো কিয় এক বিশেষ অধিকাৰ?
১৯ যিহোৱাই গোটেই পৃথিৱীত তেওঁৰ সেৱকসকলক ঈশ্বৰৰ ৰাজ্যই যে মানৱজাতি সকলো দুখ-কষ্ট দূৰ কৰিব তাক সকলোকে জনাবলৈ তেওঁৰ পুত্ৰৰ নিৰ্দ্দেশনাৰ দ্বাৰা পৰিচালনা কৰিছে। এই চৰকাৰে যুদ্ধ, অপৰাধ, দাৰিদ্ৰতা, বৃদ্ধ অৱস্থা, বেমাৰ, মৃত্যু আৰু মানৱজাতিৰ সকলো দুখ-কষ্টক দূৰ কৰিব। সেই ৰাজ্যই পৃথিৱীখনক এক সুন্দৰ পৰমদেশলৈ পৰিণত কৰিব আৰু মৃতসকলক পুনৰাই জীয়াই তুলিব। (মথি ৬:৯, ১০; লূক ২৩:৪৩; পাঁচনিৰ কৰ্ম্ম ২৪:১৫; প্ৰকাশিত বাক্য ২১:৩, ৪) এই বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কিযে এক মহান আশীৰ্ব্বাদ! স্পষ্টৰূপে যিহোৱাই আমাৰ পৰা যি বিচাৰিছে তাক কৰাটো কোনো কঠিন নহয়। আমি সন্মূখীন হোৱা বিৰোধীতাবিলাকৰ বাবে চয়তান আৰু তেওঁৰ জগতে দায়ী।
২০. চয়তানে আমাৰ বিৰোধে থিয় কৰা প্ৰত্যাহ্বানৰ উত্তৰ আমি কেনেকৈ দিব পাৰিম?
২০ চয়তানে কৰা প্ৰত্যাহ্বানৰ উত্তৰ আমি কেনেকৈ সফলতাৰে দিব পাৰোঁ? এটা বাক্য মনত ৰখাৰ দ্বাৰা আমি সফলতা লাভ কৰিব পাৰোঁ, সেই বাক্য হৈছে: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।” (হিতোপদেশ ২৭:১১) যীচুৱে স্বৰ্গৰ নিৰাপত্তাক ত্যাগ কৰি পৃথিৱীত তেওঁৰ পিতৃৰ ইচ্ছা পূৰণ কৰি চয়তানৰ ইতিকিঙৰ সঠিক উত্তৰ দিলে। (যিচয়া ৫৩:১২; ইব্ৰী ১০:৭) মানৱৰূপে যীচুৱে যাতনা স্তম্ভত মৃত্যু বৰণ কৰালৈকে সকলো যান্ত্ৰনাৰ সহন কৰিলে। আমি তেওঁৰ আৰ্হিক অনুকৰণ কৰিলে পৰীক্ষাত সহন কৰিবলৈ শক্তি পাম আৰু যিহোৱাই যিটো বিচাৰিছে তাক আমি কৰিব পাৰিম।—ইব্ৰী ১২:১-৩.
২১. যিহোৱা আৰু তেওঁৰ পুত্ৰই দেখুৱা প্ৰেমৰ বাবে আমি কেনে অনুভৱ কৰোঁ?
২১ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰই আমাৰ বাবে কি যে মহৎ প্ৰেম প্ৰকাশ কৰিলে! যীচুৰ বলিদানৰ ফলত আজ্ঞাকাৰী মানৱে পৰমদেশত অনন্তকাল জীয়াই থকাৰ আশা লাভ কৰিলে। আহঁক আমি আমাৰ আশাত কোনো বাধা উৎপন্ন হবলৈ নিদিওঁ। তাৰ পৰিৱৰ্ত্তে, আহঁক আমি ব্যক্তিগতৰূপে যীচুৱে আমাক দিয়া সকলো কাৰ্য্যকে হৃদয়ৰে গ্ৰহণ কৰোঁ, যিজনৰ বিষয়ে পৌলে কৈছিল: “ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ।” (গালাতীয়া ২:২০) যিহোৱা, যিজনে আমাৰ পৰা কেতিয়াও অধিক নিবিচাৰে, সেই দয়াময় ঈশ্বৰক আমাৰ হৃদয়ৰে কৃতজ্ঞতা প্ৰকাশ কৰোঁহঁক।
আপুনি কেনেদৰে উত্তৰ দিব?
◻ বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰিছে?
◻ শিষ্যসকলৰ সৈতে তেওঁৰ শেষ সন্ধ্যাত, যীচুৱে কেনেকৈ প্ৰেমৰ গভীৰতাৰ বিষয়ে উল্লেখ কৰিছিল?
◻ ঈশ্বৰক যে আমি প্ৰেম কৰোঁ তাক কিদৰে প্ৰমাণ কৰিম?
◻ যিহোৱাই আমাৰ পৰা যি বিচাৰিছে তাক পালন কৰাটো আমাৰ বাবে কিয় এক বিশেষ অধিকাৰ?
[Picture on page 23]
যীচুৱে তেওঁৰ শিষ্যসকলৰ ভৰি ধুৱাই দিয়া কাৰ্য্যৰ পৰা আমি কি পাঠ শিকিব পাৰোঁ?
[Picture on page 25]
বিৰোধীতাৰ স্বত্তেও প্ৰচাৰ কাৰ্য্যত অংশ লোৱাটো এটা আনন্দকৰ বিশেষ অধিকাৰ