ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ২/১ পৃষ্ঠা ৮-১২
  • যিসকলক যিহোৱাই প্ৰেম কৰে, আপুনিও তেওঁলোকৰ মাজৰ এজন নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিসকলক যিহোৱাই প্ৰেম কৰে, আপুনিও তেওঁলোকৰ মাজৰ এজন নে?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে ৰখা প্ৰেমৰ আৰ্হিৰ পৰা শিক্ষা লাভ কৰা
  • নতুন আজ্ঞাক পালন কৰা
  • এক বহুমূলীয়া সম্বন্ধ
  • “তোমালোক জগতৰ নোহোৱা”
  • পিতৃ আৰু পুত্ৰৰ প্ৰেমত থাকা
  • বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • ‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “নিৰ্ভয় হোৱা! ময়েই জগতক জয় কৰিলোঁ”
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ২/১ পৃষ্ঠা ৮-১২

যিসকলক যিহোৱাই প্ৰেম কৰে, আপুনিও তেওঁলোকৰ মাজৰ এজন নে?

“যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হব।”—যোহন ১৪:২১.

১, ২. (ক) যিহোৱাই মানৱজাতিৰ প্ৰতি কিদৰে নিজৰ প্ৰেম প্ৰকাশ কৰিলে? (খ) সা.যু. ৩৩ চনৰ ১৪ তাৰিখে নিশা যীচুৱে কেনে পৰ্বৰ স্থাপন কৰিলে?

যিহোৱাই, তেওঁ সৃষ্টি কৰা মানৱজাতিক প্ৰেম কৰে। দৰাচলতে, তেওঁ মানৱজাতিক “ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) যেনেকৈ খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় দিৱস কাষ চাপি আহিছে, যিহোৱাই যে “আমাক প্ৰেম কৰিলে, আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে,” এই বিষয়ে সত্য খ্ৰীষ্টানসকলে আগতীয়াকৈ বিবেচনাশীল হোৱা উচিত।—১ যোহন ৪:১০.

২ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ নিশা যীচুৱে নিজৰ ১২ জন শিষ্যৰ সৈতে যিৰূচালেম চহৰৰ কোনো এটা ঘৰৰ ওপৰৰ কোঠালীত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ একত্ৰিত হৈছিল, যিয়ে যিহূদীসকলক মিচৰৰ দাসত্ব বন্ধনৰ পৰা মুক্তি পোৱাৰ সম্পৰ্কে স্মৰণ কৰাই দিছিল। (মথি ২৬:১৭-২০) যিহূদীসকলৰ এই পৰ্ব পালন কৰাৰ পাছত যীচুৱে ঈষ্কৰিয়োতীয়া যিহূদাক অব্যাহতি কৰিছিল আৰু এক স্মৃতি ৰক্ষামূলক ভোজৰ স্থাপন কৰিলে, যাক খ্ৰীষ্টানসকলে পাছলৈ খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় দিৱস হিচাবে পালন কৰিব ধৰিলে।a এই স্মৰণীয় পৰ্বত যীচুৱে ব্যৱহাৰ কৰা খমিৰ নোহোৱা পিঠা আৰু ৰঙা দ্ৰাক্ষাৰস তেওঁৰ শৰীৰ আৰু তেজক চিহ্নিত কৰে, যিটোক যীচুৱে তেওঁৰ মৃত্যু দিৱসৰ সোঁৱৰণী হিচাবে ১১ জন পাঁচনিক ভগাই দিছিল। যীচুৱে এই পৰ্বক কিদৰে উদযাপন কৰিছিল এই বিষয়ে মথি, মাৰ্ক, লূক নামৰ শুভবাৰ্ত্তাৰ কিতাপত বিতংকৈ লিখা হৈছিল। ইয়াৰ ওপৰিও পাঁচনি পৌলে লিখা বৃত্তান্তত ইয়াক “প্ৰভুৰ ভোজ” বুলি উল্লেখ কৰিছিল।—১ কৰিন্থীয়া ১১:২০; মথি ২৬:২৬-২৮; মাৰ্ক ১৪:২২-২৫; লূক ২২:১৯, ২০.

৩. যীচুৱে তেওঁৰ অন্তিম সময়ছোৱাত ওপৰৰ কোঠালিত শিষ্যসকলৰ সৈতে কৰা কথোপকথনৰ বিষয়ে লিখা পাঁচনি যোহনৰ বিৱৰণ আনতকৈ কেনেকৈ ভিন্ন আছিল?

৩ মন কৰিবলগা এই যে, পাঁচনি যোহনে পিঠা আৰু দ্ৰাক্ষাৰস ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰা নাই। কিয়নো তেওঁ যি সময়ছোৱাত (প্ৰায় সা.যু. ৯৮ চনত।) শুভবাৰ্ত্তাৰ কিতাপখন লিখিছিল, সেই সময়লৈকে প্ৰাচীন খ্ৰীষ্টানসকলে যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ পালন কৰা প্ৰণালীৰ সৈতে ভালদৰে পৰিচিত আছিল। (১ কৰিন্থীয়া ১১:২৩-২৬) যীচুৱে মৃত্যুৰ আগ মুহূৰ্ত্তত কোৱা বাক্য, তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্ব স্থাপন কৰা আগত আৰু পাছত কৰা কাৰ্য্যৰ সম্পৰ্কে যোহনৰ প্ৰেৰিত বচনে কিছুমান মুখ্য বৃত্তান্ত দাঙি ধৰিছে। এই ৰোমাঞ্চিতজনক বৃত্তান্তসমূহ যোহনে লিখা পাঁচখন শুভবাৰ্ত্তাৰ কিতাপতো মুখ্য বিষয়ৰূপে প্ৰকাশ পাইছে। ইয়ে সকলো প্ৰকাৰৰ ব্যক্তিক ঈশ্বৰে প্ৰেম কৰাৰ সম্পৰ্কে স্পষ্ট প্ৰমাণ দিয়ে। এতেকে আঁহক আমি যোহন ১৩ অধ্যায়ৰ পৰা ১৭ অধ্যায়লৈকে পৰীক্ষা কৰি চাওঁহঁক।

যীচুৱে ৰখা প্ৰেমৰ আৰ্হিৰ পৰা শিক্ষা লাভ কৰা

৪. (ক) যীচুৱে শিষ্যসকলৰ সৈতে তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ স্থাপন কৰা অৰ্থে তেওঁলোকক সাক্ষাৎ কৰি কোৱা প্ৰমুখ বিষয়ৰ সম্পৰ্কে যোহনে কেনেকৈ গুৰুত্ব আৰোপ কৰি কৈছিল? (খ) কেনে এটা গুৰুত্বপূৰ্ণ কাৰণৰ বাবে যিহোৱাই যীচুক প্ৰেম কৰে?

৪ প্ৰেম হৈছে এই গোটেই কেইটা অধ্যায়ৰ মুখ্য বিষয় আৰু তাৰ সৈতে যীচুৱে তেওঁৰ শিষ্যসকলক দিয়া পৰামৰ্শ প্ৰকাশ পাইছে। দৰাচলতে, এই অধ্যায়সমূহত “প্ৰেম” শব্দটোক বিভিন্ন ৰূপত ৩১ বাৰ প্ৰকাশ কৰা হৈছে। যীচুৰ যে তেওঁৰ পিতৃ যিহোৱা আৰু শিষ্যসকলৰ প্ৰতি গভীৰ প্ৰেম আছিল, এই বিষয়ে সেই অধ্যায়সমূহৰ বাহিৰে আন কোনো অধ্যায়ত ইমান স্পষ্টৰূপে প্ৰকাশ কৰা নাই। দৰাচলতে, যীচুৰ জীৱনীৰ বিষয়ে লিখা সকলো শুভবাৰ্ত্তাৰ কিতাপতে যিহোৱাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰিছে। কিন্তু একমাত্ৰ যোহনৰ বিবৰণিতহে যীচুৱে কোৱা এই কথাশাৰীক স্পষ্টকৈ উল্লেখ কৰা হৈছে। যীচুৱে এইদৰে কৈছিল: “মই যে পিতৃক প্ৰেম কৰোঁ।” (যোহন ১৪:৩১) তদুপৰি, যিহোৱাও তেওঁক প্ৰেম কৰা আৰু তাৰ কাৰণৰ বিষয়েও যীচুৱে বৰ্ণনা কৰি কৈছিল। তেওঁ এইদৰে কৈছিল: “পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ, তোমালোক মোৰ প্ৰেমতে থাকা। যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা।” (যোহন ১৫:৯, ১০) অৱশ্যে, যিহোৱাই তেওঁৰ পুত্ৰক প্ৰেম কৰে কিয়নো তেওঁ নিজৰ পিতৃৰ আজ্ঞাকাৰী আছিল। ইয়াৰ পৰা যীচুৰ সকলো অনুগামীয়ে কিযে এক অতুলনীয় শিক্ষা লাভ কৰিব পাৰে!

৫. শিষ্যসকলৰ প্ৰতি থকা প্ৰেমক যীচুৱে কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱালে?

৫ শিষ্যসকলৰ সৈতে যীচুৰ অন্তিম সাক্ষাতৰ বিষয়ে যোহনে লিখা বিবৰণিৰ আৰম্ভণীৰ বাক্যশাৰীত শিষ্যসকলৰ প্ৰতি থকা যীচুৰ অগাধ প্ৰেমৰ সম্পৰ্কে জোৰ দি উল্লেখ কৰিছে। যোহনে এইদৰে বৰ্ণনা কৰিছিল: “নিস্তাৰ-পৰ্ব্বৰ আগেয়ে, যীচুৱে, এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি, জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল, তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে।” (যোহন ১৩:১) সেই স্মৰণীয় সন্ধ্যাত যীচুৱে তেওঁৰ শিষ্যসকলক আনৰ সৈতে প্ৰেমপূৰ্বক আচৰণ কৰাৰ বিষয়ে এক পাহৰিব নোৱাৰা শিক্ষা দিছিল। সেই সন্ধ্যা যীচুৱে শিষ্যসকলৰ ভৰি ধুৱাইছিল। এইটো এনে এটা শিক্ষা, যাক শিষ্যসকলে যীচু আৰু তেওঁলোকৰ ভাই-ভনীৰ বাবে ইচ্ছাকৃত হৈ কৰিব লাগিছিল। কিন্তু তেওঁলোকে তেনে কৰাত বিফল হʼল। যীচুৱে নম্ৰভাৱে সেই কাৰ্য্য কৰিলে আৰু শিষ্যসকলক কৈছিল: “প্ৰভু আৰু গুৰু যি মই, মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুউৱা উচিত। কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।” (যোহন ১৩:১৪, ১৫) গতিকে সত্য খ্ৰীষ্টানসকলে তেওঁলোকৰ ভাই-ভনীক সেৱা কৰিবলৈ আনন্দ আৰু আগ্ৰহী হোৱা উচিত।—মথি ২০:২৬, ২৭; যোহন ১৩:১৭.

নতুন আজ্ঞাক পালন কৰা

৬, ৭. (ক) স্মৰণীয় পৰ্ব পালন কৰাৰ অৰ্থে পাঁচনি যোহনে কেনে গুৰুত্বপূৰ্ণ বৃত্তান্ত আগবঢ়ালে? (খ) যীচুৱে তেওঁৰ শিষ্যসকলক কেনেধৰণৰ নতুন আজ্ঞা দিলে আৰু সেই আজ্ঞাত কি নতুন আছিল?

৬ নিচান ১৪ তাৰিখে ওপৰৰ কোঠাত হোৱা ঘটনাটোৰ সম্পৰ্কে লিখা কেৱল যোহনৰ বিৱৰণীতে ঈষ্কৰিয়োতীয়া যিহূদাৰ প্ৰস্থান কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। (যোহন ১৩:২১-৩০) শুভবাৰ্ত্তাৰ বিবৰণিয়ে নিৰ্দ্দেশ কৰিছে যে, সেই বিশ্বাসঘাতক জন যোৱাৰ পাছতহে যীচুৱে তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ উৎযাপন কৰাৰ নিয়ম স্থাপন কৰিছিল। তাৰ পাছত তেওঁ শিষ্যসকলৰ সৈতে দীৰ্ঘ সময় ধৰি কথা-বতৰা হৈ তেওঁলোকক পৰামৰ্শ আৰু নিৰ্দ্দেশনা দিছিল। যেতিয়া স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ আমি প্ৰস্তুত হওঁ, তেতিয়া যীচুৱে সেই উপলক্ষত কি কৈছিল তাৰ বিষয়ে শুনিবলৈ আগ্ৰহী হোৱা উচিত। কিয়নো আমি নিশ্চয়ে যিহোৱাই প্ৰেম কৰোঁতাসকলৰ মাজৰ এজন হʼবলৈ ইচ্ছা কৰোঁ।

৭ যীচুৱে নিজৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ উৎযাপন কৰা নিয়ম স্থাপন কৰাৰ পাছত তেওঁৰ শিষ্যসকলক দিয়া প্ৰথম আজ্ঞাটো এটা নতুন নিৰ্দ্দেশনা আছিল। তেওঁ এইদৰে কৈছিল: “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৪, ৩৫) এই আজ্ঞাটোক কিয় নতুন বুলি কোৱা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ দি যীচুৱে সেই সন্ধ্যাটোৰ পাছৰ ভাগত এইদৰে বৰ্ণনা কৰি স্পষ্টিকৰণ দিছিল: “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ দিয়াতকৈ, অধিকতৰ প্ৰেম কাৰো নাই।” (যোহন ১৫:১২, ১৩) মোচি ব্যৱস্থাতো যিহূদীসকলক, ‘নিজৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম’ কৰিবলৈ আজ্ঞা দিয়া হৈছিল। (লেবীয়া পুস্তক ১৯:১৮) কিন্তু যীচুৱে দিয়া আজ্ঞা ইয়াতকৈ অধিক আছিল। যীচুৱে প্ৰেম কৰাৰ দৰে খ্ৰীষ্টানসকলে এজনে আনজনক প্ৰেম কৰি ভাই-ভনীৰ বাবে নিজৰ প্ৰাণৰো আহুতি দিবলৈ আগ্ৰহী হোৱা আৱশ্যক।

৮. (ক) আত্ম-ত্যাগত কি সন্মিলিত আছে? (খ) যিহোৱাৰ সাক্ষীসকলে বৰ্তমান সময়ত কিদৰে আত্ম-ত্যাগী প্ৰেম প্ৰকাশ কৰিছে?

৮ স্মৰণীয় পৰ্ব সময়ছোৱা হৈছে এক উপযুক্ত সময়, যʼত আমি নিজকে পৰীক্ষা কৰি চোৱা আৱশ্যক যে ব্যক্তিগত আৰু মণ্ডলী হিচাবে আমাৰ ওচৰত বাস্তৱতে সেই বৈশিষ্ট্যপূৰ্ণ গুণ অৰ্থাৎ খ্ৰীষ্টৰ দৰে প্ৰেম আছেনে, যিয়ে আমাক সত্য খ্ৰীষ্টান হোৱাৰ পৰিচয় দিয়ে। নিস্বাৰ্থ প্ৰেমৰ অৰ্থ হৈছে এজন খ্ৰীষ্টান ব্যক্তিয়ে নিজৰ ভাই বা ভনীক বিশ্বাসঘাত কৰাতকৈ নিজৰ জীৱনটো বিপদলৈ ঠেলি আগ্ৰহী হোৱা। যিয়েই নহওঁক কিয়, এই প্ৰেমত অন্তৰ্ভূক্ত আছে আমাৰ ভাই-ভনী আৰু আনক সহায় বা সেৱা কৰিবলৈ আমি নিজৰ ব্যক্তিগত সুবিধাক ত্যাগ কৰিবলৈ ইচ্ছুক হোৱা। এই ক্ষেত্ৰত পাঁচনি পৌলে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (২ কৰিন্থীয়া ১২:১৫; ফিলিপীয়া ২:১৭) গোটেই বিশ্বত যিহোৱাৰ সাক্ষীসকল ভাই-ভনী আৰু তেওঁলোকৰ ওচৰ-চুবুৰীয়াৰ প্ৰতি নিস্বাৰ্থ প্ৰেম ৰাখি সহায় কৰা ব্যক্তি হিচাবে সকলোৰে পৰিচিত। তদুপৰি, তেওঁলোকে সঙ্গী মানৱক বাইবেলৰ সত্য শিকাবলৈ নিজেই আগবাঢ়ি যায়।b—গালাতীয়া ৬:১০.

এক বহুমূলীয়া সম্বন্ধ

৯. যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৰ সৈতে বহুমূলীয়া সম্বন্ধ বজাই ৰাখিবলৈ আমি কি কৰিবলৈ আনন্দিত হোৱা আৱশ্যক?

৯ যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৱে আমাক কৰা প্ৰেমতকৈ আন একোৱেই বহুমূলীয়া হʼব নোৱাৰে। সেয়েহে এই প্ৰেমক অনুভৱ কৰিবলৈ হʼলে আমি নিশ্চয়ে কিবা কৰা উচিত। সেই শেষ নিশাত যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হব, আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।” (যোহন ১৪:২১) যিহেতু আমি ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ সৈতে থকা সম্বন্ধক মূল্যৱান হিচাবে বিবেচনা কৰোঁ, সেয়েহে আমি আনন্দেৰে তেওঁলোকৰ আজ্ঞা পালন কৰিম। সেই আজ্ঞা পালন কৰাত নিস্বাৰ্থ প্ৰেমৰ যি নতুন আজ্ঞা, যীচুৱে নিজৰ পুনৰুত্থানৰ পাছত শিষ্যসকলক, “জনসাধাৰণৰ আগত . . . সাক্ষ্য দিবলৈ” আৰু শুভবাৰ্ত্তা গ্ৰহণ কৰা সকলোকে ‘শিষ্য কৰিবলৈ’ চেষ্টা কৰাটো সন্মিলিত আছে।—পাঁচনিৰ কৰ্ম্ম ১০:৪২; মথি ২৮:১৯, ২০.

১০. অভিষিক্ত আৰু ‘অন্য মেৰ’ বৰ্গৰ লোকসকলক কেনে বহুমূলীয়া সম্পৰ্ক স্থাপন কৰিবলৈ আমন্ত্ৰণ কৰা হʼল।

১০ সেই নিশাৰ পাছৰ ভাগত, যীচুৱে যিহূদাই (থদ্দেয়) কৰা এটা প্ৰশ্নৰ উত্তৰ দি এইদৰে কৈছিল: “কোনোৱে যদি মোক প্ৰেম কৰে, তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।” (যোহন ১৪:২২, ২৩) অভিষিক্ত খ্ৰীষ্টানসকলে এই পৃথিৱীত থকাৰ স্বত্ত্বেও তেওঁলোকক খ্ৰীষ্টৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ, যিহোৱা আৰু তেওঁৰ পুত্ৰ খ্ৰীষ্টৰ সৈতে বিশেষভাৱে এক নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ আমন্ত্ৰণ কৰা হʼল। (যোহন ১৫:১৫; ১৬:২৭; ১৭:২২; ইব্ৰী ৩:১; ১ যোহন ৩:২, ২৪) তদুপৰি, তেওঁলোকৰ ‘অন্য মেৰ’ বৰ্গৰ লোকসকলেও আজ্ঞাকাৰী হৈ যিহোৱা ঈশ্বৰে প্ৰবন্ধ কৰা “একেজন ৰখীয়া” অৰ্থাৎ যীচু খ্ৰীষ্টৰ অধিনত সেই মূল্যৱান সম্পৰ্কৰ আনন্দ উঠাব পাৰিব।—যোহন ১০:১৬; গীতমালা ১৫:১-৫; গীতমালা ২৫:১৪.

“তোমালোক জগতৰ নোহোৱা”

১১. যীচুৱে তেওঁৰ শিষ্যসকলক কেনে গম্ভীৰ সতৰ্কবাণী দিছিল?

১১ যীচুৱে মৃত্যুৰ পূৰ্বেই শেষবাৰৰ বাবে সাক্ষাৎ কৰা সময়ত তেওঁ শিষ্যসকলক এক গম্ভীৰ সতৰ্কবাণী দিছিল: যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰেমী হʼব বিচাৰে, তেনেহʼলে এই জগতে তেওঁক ঘৃণা কৰিব। যীচুৱে এইদৰে কৈছিল: “জগতে যদি তোমালোকক ঘিণায়, তেন্তে জানিব লাগে যে, তোমালোকৰ আগেয়ে মোকেই ঘিণালে। তোমালোক জগতৰ হোৱা হলে, জগতে আপোন লোকক ভাল পালেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘিণায়। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়, মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা। তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰিলে, তেন্তে তোমালোকৰ বাক্যও পালন কৰিব।”—যোহন ১৫:১৮-২০.

১২. (ক) শিষ্যসকলক এই জগতে ঘৃণা কৰিব বুলি যীচুৱে কিয় সতৰ্কবাণী দিছিল? (খ) যেনেকৈ স্মৰণীয় পৰ্বৰ উৎযাপন কাষ চাপি আহিছে, আমাৰ সকলোৱে কি বিবেচনা কৰিলে উত্তম হʼব?

১২ যীচুৱে ১১ জন পাঁচনি আৰু তেওঁলোকৰ পাছত অহা সত্য খ্ৰীষ্টানসকলক এইবাবে এনে সতৰ্কবাণী দিছিল, যাতে তেওঁলোকে জগতৰ ঘৃণাৰ পাত্ৰ হোৱাৰ বাবে নিৰুৎসাহিত নহয় আৰু সত্যক ত্যাগ নকৰে। তেওঁ এইদৰে কৈছিল: “তোমালোকৰ যেন বিঘিনি নহয়, এই নিমিত্তে তোমালোকক এইবোৰ কথা কলোঁ। মানুহবিলাকে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব; আৰু যি কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে, ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহিছে। তেওঁবিলাকে পিতৃক আৰু মোকো নজানাৰ কাৰণেই এইবোৰ কৰ্ম্ম কৰিব।” (যোহন ১৬:১-৩) এখন লেক্সিকন বাইবেলৰ অনুসাৰে, ক্ৰিয়া ৰূপে থকা “বিঘিনি” শব্দটোৰ অৰ্থ হৈছে “এজন ব্যক্তিয়ে যিজনক উচিতভাৱে ভাৰসা আৰু আজ্ঞাকাৰী হয়, তেওঁক অবিশ্বাস আৰু পৰিত্যাগ কৰাৰ কাৰণ; পিছলি পৰাৰ কাৰণ।” যেনেকৈ স্মৰণীয় পৰ্ব উৎযাপনৰ সময় কাষ চাপি আহিছে, সম্মুখীন হোৱা কঠোৰ যাতনাৰ স্বত্ত্বেও প্ৰাচীন আৰু বৰ্তমান সময়ৰ বিশ্বাসী লোকসকলে বিশ্বাসত দৃঢ় হৈ থকাৰ আৰ্হিক আমাৰ সকলোৱে নিবিড়ভাৱে অনুকৰণ কৰা উচিত। কোনো বিৰোধ বা নিৰ্য্যাতনক আপুনি যিহোৱা আৰু যীচুক ত্যাগ কৰাৰ কাৰণ হʼবলৈ নিদিব। কিন্তু ইয়াৰ বিপৰীতে আপুনি তেওঁলোকক ভাৰসা আৰু আজ্ঞাকাৰী হৈ থাকিবলৈ দৃঢ় সঙ্কল্প লওঁক।

১৩. যীচুৱে তেওঁৰ শিষ্যসকলৰ হৈ পিতৃলৈ কৰা প্ৰাৰ্থনাত কিহৰ বিষয়ে অনুৰোধ কৰিছিল?

১৩ যিৰূচালেম চহৰত থকা ঘৰখনৰ ওপৰৰ কোঠাৰ পৰা ওলাই অহাৰ আগতে, যীচুৱে তেওঁৰ পিতৃলৈ কৰা প্ৰাৰ্থনাত এইদৰে কৈছিল: “মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ; আৰু মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত, জগতে তেওঁবিলাকক ঘিণালে। মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপআত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৪-১৬) আমি নিশ্চত হʼব পাৰোঁ যে, যিসকলে নিজকে এই জগতৰ পৰা পৃথকে ৰাখে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোকক শক্তিশালী কৰিবলৈ তেওঁ সদায়ে তেওঁলোকৰ ওপৰত চকু ৰাখে।—যিচয়া ৪০:২৯-৩১.

পিতৃ আৰু পুত্ৰৰ প্ৰেমত থাকা

১৪, ১৫. (ক) ‘ফল-উৎপন্নকাৰী জক্‌মকীয়া দ্ৰাক্ষালতাৰ’ বিপৰীতে যীচুৱে নিজকে কিহৰ সৈতে তুলনা কৰিছিল? (খ) ‘প্ৰকৃত দ্ৰাক্ষালতাত’ থকা সেই “ডাল” কোনসকলক সুচাইছে?

১৪ নিচান মাহৰ ১৪ তাৰিখৰ নিশা তেওঁৰ শিষ্যসকলৰ সৈতে কৰা অন্তৰঙ্গ কথোপকথনত যীচুৱে “ফল-উৎপন্নকাৰী জক্‌মকীয়া দ্ৰাক্ষালতাস্বৰূপ” থকা অবিশ্বাসী যিহূদীসকলৰ বিপৰীতে নিজকে “প্ৰকৃত দ্ৰাক্ষালতা” বুলি উল্লেখ কৰিছিল। তেওঁ এইদৰে কৈছিল: “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।” (যোহন ১৫:১) কিছু শতাব্দীৰ পূৰ্বেই যিৰিমিয়া ভৱিষ্যতবক্তাও যিহোৱাই তেওঁৰ লোকৰ উদ্দেশে কোৱা বাক্যক লিপিবদ্ধ কৰি থৈছিল। যʼত যিহোৱাই এইদৰে কৈছিল: “মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, . . . ৰুইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?” (যিৰিমিয়া ২:২১) এই সম্পৰ্কে হোচেয়া ভৱিষ্যতবক্তাই এইদৰে লিখিছিল: “ইস্ৰায়েল ফল-উৎপন্নকাৰী জক্‌মকীয়া দ্ৰাক্ষালতাস্বৰূপ; তেওঁ নিজৰ ফলৰ বাহুল্য . . . বৃদ্ধি কৰিলে; . . . তেওঁবিলাকৰ মন দুফলীয়া।”—হোচেয়া ১০:১, ২.

১৫ ইস্ৰায়েলসকলে সত্য উপাসনাৰ ফল উৎপন্ন কৰাৰ পৰিৱৰ্তে ধৰ্ম্মত্যাগী আৰু নিজেই ইয়াৰ ফল উৎপন্নকাৰী হৈ পৰিল। যীচুৱে তেওঁৰ শিষ্যসকলক শেষবাৰৰ বাবে সাক্ষাৎ কৰাৰ তিনি দিনৰ পূৰ্বেই যিহূদীসকলৰ স্বাৰ্থপৰ ধৰ্ম্মীয় নেতাসকলৰ উদ্দেশে এইদৰে কৈছিল: “মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ, তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হব।” (মথি ২১:৪৩) সেই নতুন জাতি হৈছে “ঈশ্বৰৰ ইস্ৰায়েল,” যি ১,৪৪০০০ জন অভিষিক্ত খ্ৰীষ্টানৰ দ্বাৰা গঠিত আৰু তেওঁলোকক যীচু অৰ্থাৎ ‘প্ৰকৃত দ্ৰাক্ষালতাত’ থকা ‘ডালৰ’ সৈতে তুলনা কৰা হৈছে।—গালাতীয়া ৬:১৬; যোহন ১৫:৫; প্ৰকাশিত বাক্য ১৪:১, ৩.

১৬. যীচুৱে তেওঁৰ ১১ জন বিশ্বাসী শিষ্যক কি কৰিবলৈ কৈছিল আৰু এই শেষকালত থকা অভিষিক্ত লোকসকলৰ সম্পৰ্কে কি কʼব পাৰি?

১৬ ওপৰৰ কোঠাত থকা তেওঁৰ ১১ জন শিষ্যক যীচুৱে এইদৰে কৈছিল: “যি যি ডালত গুটি ধৰে, সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ, পৰিষ্কাৰ কৰি দিয়ে। তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নথাকিলে, ডালে যেনেকৈ আপোনা-আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে, তোমালোকেও নোৱাৰা।” (যোহন ১৫:২, ৪) আধুনিক সময়ৰ যিহোৱা সাক্ষীসকলৰ ইতিহাসে প্ৰমাণ কৰিছে যে খ্ৰীষ্টানৰ বিশ্বাসী অভিষিক্তসকলে তেওঁলোকৰ মূৰস্বৰূপে থকা যীচু খ্ৰীষ্টৰ সৈতে সংযোগ হৈ আছে। (ইফিচীয়া ৫:২৩) তেওঁলোকে পৰিষ্কাৰ আৰু অপ্ৰয়োজনীয় শুদ্ধ হʼবলৈ স্বীকাৰ কৰিলে। (মলাখী ৩:২, ৩) ১৯১৯ চনৰ পৰাই তেওঁলোকে প্ৰচুৰমাত্ৰাত ৰাজ্যৰ ফল উৎপন্ন কৰিলে অৰ্থাৎ সৰ্ব্বপ্ৰথমে আন অভিষিক্ত খ্ৰীষ্টানসকল আৰু ১৯৩৫ চনৰ পৰা তেওঁলোকৰ সঙ্গী যি “বৰ লোকসমূহ” বৃহৎ সংখ্যাত বৃদ্ধি হʼব ধৰিলে।—প্ৰকাশিত বাক্য ৭:৯; যিচয়া ৬০:৪, ৮-১১.

১৭, ১৮. (ক) যীচুৱে কোৱা কেনে বাক্যই অভিষিক্ত আৰু অন্য মেৰ বৰ্গৰ লোকক যিহোৱাৰ প্ৰেমত থাকিবলৈ সহায় কৰে? (খ) স্মৰণীয় পৰ্বত উপস্থিত হোৱাৰ দ্বাৰা কেনেকৈ সহায় লাভ কৰিম?

১৭ সকলো অভিষিক্ত খ্ৰীষ্টান আৰু তেওঁলোকৰ সঙ্গীসকলৰ উদ্দেশে আগলৈ যীচুৱে এইদৰে কৈছিল: “তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়; আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা। পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকো তেনেকৈ প্ৰেম কৰিলোঁ, তোমালোক মোৰ প্ৰেমতে থাকা। যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে. মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা।”—যোহন ১৫:৮-১০.

১৮ আমি সকলোৱে ঈশ্বৰৰ প্ৰেমত থাকিবলৈ বিচাৰোঁ আৰু ইয়ে আমাক ফলদায়ক খ্ৰীষ্টান হʼবলৈ প্ৰেৰিত কৰে। আমি ফলদায়ক হʼবলৈ প্ৰত্যেকটো সুযোগতে “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰোঁ। (মথি ২৪:১৪) তদুপৰি, আমি আমাৰ ব্যক্তিগত জীৱনত “আত্মাৰ ফল” প্ৰতিফলিত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰোঁ। (গালাতীয়া ৫:২২, ২৩) যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্বত উপস্থিত হোৱাৰ দ্বাৰা আমি যিহোৱাৰ প্ৰেমত থাকিবলৈ লোৱা আমাৰ সঙ্কল্পত দৃঢ় হৈ থাকিব পাৰিম। তদুপৰি, ইয়ে আমাক যিহোৱা আৰু তেওঁৰ পুত্ৰই প্ৰকাশ কৰা মহৎ প্ৰেমৰ বিষয়ে স্মৰণ কৰাই দিব।—২ কৰিন্থীয়া ৫:১৪, ১৫.

১৯. পৰৱৰ্তী লেখত কেনে অতিৰিক্ত সহায়ৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ স্মৰণীয় পৰ্ব উৎযাপন কৰাৰ পাছত যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ পিতৃয়ে তেওঁৰ বিশ্বাসী অনুগামীসকলক ‘সহায়কৰ্ত্তা, অৰ্থাৎ পবিত্ৰ আত্মা’ প্ৰদান কৰিব। (যোহন ১৪:২৬) এই পবিত্ৰ আত্মাই অভিষিক্ত আৰু অন্য মেৰ বৰ্গৰ লোকক যিহোৱাৰ প্ৰেমত থাকিবলৈ কেনেকৈ সহায় কৰিব, ইয়াৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 2/1)

[ফুটনোটবোৰ]

a ২০০২ চনৰ বাবে বাইবেলৰ গণনা অনুসাৰে নিচান মাহৰ ১৪ তাৰিখৰ দিনটো হৈছে ২৮ মাৰ্চ বৃহস্পতিবাৰ সূৰ্য্য অস্ত যোৱাৰ পাছত। সেই সন্ধ্যা পৃথিৱীত থকা সকলো যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে প্ৰভু যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্ব পালন কৰিবলৈ একত্ৰিত হʼব।

b যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা যিহোৱাচ উইটনেচেচ—প্ৰক্লেইমাৰ্চ্‌ অৱ গডচ্‌ কিংডম নামৰ কিতাপখনৰ ১৯ আৰু ৩২ অধ্যায় চাওঁক।

পুনৰ বিবেচনা কৰা প্ৰশ্নসমূহ

• প্ৰেমেৰে আনৰ সেৱা কৰিবলৈ যীচুৱে তেওঁৰ শিষ্যসকলক কেনে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিলে?

• এই স্মৰণীয় পৰ্বৰ সময়ছোৱাত আমি নিজৰ সম্পৰ্কে কি পৰীক্ষা কৰাটো উপযুক্ত হʼব?

• তেওঁৰ শিষ্যসকলে জগতৰ ঘৃণাৰ পাত্ৰ আৰু উৎপীড়নৰ সম্মুখীন হʼব বুলি কোৱা এই সতৰ্কবাণীৰ প্ৰতি আমি কিয় বিভ্ৰান্ত হোৱা উচিত নহয়?

• “প্ৰকৃত দ্ৰাক্ষালতা” কাক চিত্ৰিত কৰিছে? ইয়াৰ “ডাল” কোন আৰু তেওঁলোকৰ পৰা কি অপেক্ষা কৰা হয়?

[৯ পৃষ্ঠাৰ ছবি]

প্ৰেমেৰে আনৰ সেৱা কৰিবলৈ যীচুৱে পাঁচনিসকলক এক পাহৰিব নোৱাৰা শিক্ষা প্ৰদান কৰিলে

[১০, ১১ পৃষ্ঠাৰ ছবিসমূহ]

খ্ৰীষ্টৰ অনুগামীসকলে নিস্বাৰ্থ প্ৰেম বজাই ৰাখিবলৈ তেওঁৰ আজ্ঞা পালন কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক