আপোনাৰ বিবেকক ৰক্ষা কৰক
ভুল সংবাদ থকা কম্পিউটাৰৰ ওপৰত নিৰ্ভৰ কৰি চলোৱা এখন উৰাজাহাজত যাত্ৰা কৰাটো সকলোতকৈ মাৰত্মাক বিষয়। কল্পনা কৰক, কোনোবাই বিমানখনৰ পথ-নিৰ্দ্দেশনৰ প্ৰণালী বা তথ্য-পাতিৰ সৈতে ইচ্ছাকৃতভাৱে খেলি-মেলি কৰিলে! ঠিক তেনেদৰে, কোনোবাই আমাৰ বিবেককো লাক্ষণিকৰূপে নষ্ট কৰিবলৈ একেৰাহে প্ৰচেষ্টা কৰি আছে। সি আপোনাৰো নৈতিক নিৰ্দ্দেশনাৰ প্ৰণালীত ক্ষতি সাধন কৰিবলৈ ঠিৰাং কৰিছে। তাৰ লক্ষ্য হৈছে আপোনাক ধ্বংসৰ পথলৈ পৰিচালিত কৰা।—ইয়োব ২:২-৫; যোহন ৮:৪৪.
এই ক্ষতি সাধন কৰোঁতাজন কোন? বাইবেলত তেওঁক, “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়,” বুলি চিনাক্ত কৰিছে। (প্ৰকাশিত বাক্য ১২:৯) হৱাই যিটোক সঠিক বুলি ভাবিছিল তাক প্ৰত্যাখ্যান কৰি ঈশ্বৰৰ অহিতে বিদ্ৰোহ কৰিবলৈ, এদন বাগিছাত চয়তানে তাইৰ আগত এক লোভনীয় প্ৰস্তাৱ আগবঢ়ালে। (আদিপুস্তক ৩:১-৬, ১৬-১৯) তেতিয়াৰে পৰা চয়তানে এই পৃথিৱীত মানৱজাতিৰ মাজত প্ৰবঞ্চনামূলক অৱস্থা সৃষ্টি কৰি, তেওঁলোকক ঈশ্বৰৰ বিৰোধ কৰাবলৈ ষড়যন্ত্ৰ কৰাৰ মুখ্য গুৰিয়াল হিচাপে কাৰ্য্য কৰিব ধৰিলে। তাৰ সংগঠনৰ আটাইতকৈ ঘৃণনীয় প্ৰবঞ্চনা হৈছে মিছা ধৰ্ম্ম।—২ কৰিন্থীয়া ১১:১৪, ১৫.
মিছা ধৰ্ম্মই বিবেক দূষিত কৰে
বাইবেলত পোৱা প্ৰকাশিত বাক্য নামৰ কিতাপখনত এই মিছা ধৰ্ম্মক অৰ্থাৎ লাক্ষণিকৰূপে উল্লেখ কৰা বেশ্যাক মহা-বাবিল বুলি কোৱা হৈছে। তাইৰ শিক্ষাই বহুতো লোকৰ নৈতিক স্থৰত ক্ষতি সাধন, আন ধৰ্ম্মৰ লোকক ঘৃণা দৃষ্টিৰে চাবলৈ আৰু তেওঁলোকক হত্যা কৰিবলৈ উৎসাহিত কৰিছে। দৰাচলতে প্ৰকাশিত বাক্যৰ অনুসাৰে যিহোৱায়েও এই মিছা ধৰ্ম্মক প্ৰমুখৰূপে “পবিত্ৰবিলাকৰ তেজৰ, আৰু যীচুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা” বাবে অপৰাধী হিচাবে দৃষ্টি কৰে।—প্ৰকাশিত বাক্য ১৭:১-৬; ১৮:৩, ২৪.
যীচুৱে তেওঁৰ শিষ্যসকলক সতৰ্ক কৰিছিল যে মিছা ধৰ্ম্মই কিছুমানৰ নৈতিকতাক অতিশয়ৰূপে বিকৃতি কৰি তুলিব। সেয়েহে যীচুৱে তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল: “তোমালোকক বধ কৰোঁতা প্ৰতিজনে, ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহিছে।” এই অত্যাচাৰী ব্যক্তিসকলে কিমান যে গভীৰ নৈতিক আন্ধকাৰময় অৱস্থাত আছিল! আগলৈ যীচুৱে এইদৰে কৈছিল: ‘তেওঁবিলাকে পিতৃক আৰু মোকো নাজানে।’ (যোহন ১৬:২, ৩) সেই কথাশাৰী কোৱাৰ অলপ সময়ৰ পাছতেই যীচুৱে কিছুমান ধৰ্ম্মগুৰুৰ হাতত নিজৰ প্ৰাণ হেৰুৱালগা হৈছিল। সেই ধৰ্ম্মগুৰুসকলৰ বিবেকেও সেই অপৰাধক স্বীকাৰ কৰিব পাৰিছিল। (যোহন ১১:৪৭-৫০) ইয়াৰ বিপৰীতে, যীচুৱে কৈছিল যে তেওঁৰ প্ৰকৃত শিষ্যসকলক তেওঁলোকৰ মাজত থকা প্ৰেমৰ দ্বাৰা চিনি পোৱা যাব। কিন্তু তেওঁলোকৰ প্ৰেম সীমিত নাছিল, সেয়েহে তেওঁলোকে নিজৰ শত্ৰুসকলকো প্ৰেম কৰিছিল।—মথি ৫:৪৪-৪৮; যোহন ১৩:৩৫.
মিছা ধৰ্ম্মৰ আন এটা ক্ষতিকাৰক কাৰ্য্য হৈছে অবৈধ যৌন সম্বন্ধ, যিয়ে বহুতৰে বিবেকক নিজৰ বশত কৰিছে। যাৰ বাবে তেওঁলোকৰ বিবেকে যিকোনো অনৈতিকতা বা নৈতিকতাৰ হ্ৰাস হোৱাক গ্ৰহণ কৰিছে যিটো জনপ্ৰিয় হৈ পৰিছে। এই সন্দৰ্ভত পাঁচনি পৌলে ভৱিষ্যতবাণী কৰি এইদৰে কৈছিল: “যি কালত মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব, কিন্তু খজুউৱা কাণৰ মানুহ হৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দʼমে দʼমে শিক্ষক কৰি লব।”—২ তীমথিয় ৪:৩.
বৰ্তমান সময়ত ধৰ্ম্মগুৰুসকলে বিবাহ বন্ধৰ বাহিৰে ৰখা যৌন সম্বন্ধ ঈশ্বৰৰ গ্ৰহণীয় বুলি শিক্ষা দি লোকসকলৰ কাণ খজুউৱাইছে। আন লোকসকলে সমলিঙ্গ কাৰ্য্যক মাৰ্জনা কৰিছে। আনকি কিছুমান গীৰ্জাৰ যাজকসকলে স্বয়ং এই কাৰ্য্যত সন্মিলিত আছে। দ্যা টাইমছ নামৰ এখন বৃটিছ বাতৰি কাকতৰ এখন লেখত এইদৰে কোৱা হৈছিল যে “সাৰ্ব্বজনিকৰূপে সমলিঙ্গ কাৰ্য্য কৰা বুলি জনা ১৩ জন যাজকক” ইংলেণ্ডৰ গীৰ্জাই জেনেৰʼল চাইনড হিচাবে নিৰ্ব্বাচিত কৰে। যেতিয়া গীৰ্জাৰ যাজকসকলে বাইবেলৰ নৈতিকতাক ত্যাগ কৰে আৰু তেওঁলোকৰ গীৰ্জাও এই বিষয়ে অলপহে কাৰ্য্য কৰে, তেনেহʼলে তেওঁলোকৰ গীৰ্জাৰ উপাসক মণ্ডলীৰ সভ্যসকলে কেনে সিদ্ধান্ত গ্ৰহণ কৰা উচিত? সেইবাবে কোটি কোটি লোকে সম্পূৰ্ণকৈ বিভ্ৰান্তি হোৱাতো কোনো আচৰিত কথা নহয়।
গতিকে নৈতিক আৰু আধ্যাত্মিক মাৰ্গ-দৰ্শনৰ বাবে নিৰ্দ্দেশবন্তিৰূপী বাইবেলৰ উপদেশসমূহক পালন কৰাটো কিমান যে উত্তম! (গীতমালা ৪৩:৩; যোহন ১৭:১৭) উদাহৰণস্বৰূপে, বাইবেলত কোৱা হৈছে যে ব্যভিচাৰী আৰু দেৱপূজকসকলে “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (১ কৰিন্থীয়া ৬:৯, ১০) ইয়াত বৰ্ণনা কৰা হৈছে যে যি পুৰুষ আৰু স্ত্ৰী উভয়ে “স্বাভাৱিক সঙ্গ এৰি স্বভাৱৰ বিপৰিত সঙ্গ” কৰে, তেওঁলোকে ঈশ্বৰৰ দৃষ্টিত “লাজৰ কৰ্ম্ম সাধন কৰাৰ” অনুসাৰে চলে। (ৰোমীয়া ১:২৬, ২৭, ৩২) ইয়াত থকা নৈতিক সত্যতা কোনো অসিদ্ধ মানুহে মনে সাজি কোৱা কথাৰ ওপৰত আধাৰিত নহয়; সেইবোৰ হৈছে ঈশ্বৰৰ শুদ্ধ মানদণ্ডৰ ওপৰত আধাৰিত, যাক কেতিয়াও প্ৰত্যাহাৰ কৰিব নোৱাৰি। (গালাতীয়া ১:৮; ২ তীমথিয় ৩:১৬) কিন্তু চয়তানে আন প্ৰকাৰে বিবেকক ক্ষতি সাধন কৰে।
নিৰ্ব্বাচিত মনোৰঞ্জনৰ আনন্দ লাভ কৰক
আনক বেয়া কাৰ্য্য কৰিবলৈ বল প্ৰয়োগ কৰাটো হৈছে অনুচিত, কিন্তু নিজে বেয়া কাৰ্য্য কৰিবৰ অৰ্থে আনক ব্যৱহাৰ কৰিবলৈ বিচৰাটো হৈছে তাতকৈও অনুচিত কাৰ্য্য। তেনে বেয়া কাৰ্য্যৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ বিচাৰা ব্যক্তিজন হৈছে চয়তান, যিজন “এই জগতৰ শাসনকৰ্ত্তা।” সি তাৰ ভুল ধাৰণাবোৰ নিৰ্ব্বোধ ব্যক্তিসকল, বিশেষকৈ যুৱক-যুৱতী সকলৰ মন আৰু হৃদয়ত সুমুৱাই দিবলৈ সন্দেহজনক কিতাপ, চলচিত্ৰ, সঙ্গীত, কম্পিউটাৰ গেমচ, আৰু ইন্টাৰনেটত উপলব্ধ হোৱা অশ্লীল ছলচিত্ৰসমূহক ব্যৱহাৰ কৰে।—যোহন ১৪:৩০; ইফিচীয়া ২:২.
পেদিয়েট্ৰিকচ্ নামৰ এখন আলোচনীয়ে এইদৰে কৈছিল যে “কম বয়সীয়া লোকসকলে দূৰদৰ্শনত তেওঁলোকলৈ থকা সকলোতকৈ হিংসাত্মক কাৰ্য্যক্ৰমবোৰ চোৱাৰ বাবে প্ৰতি বছৰে [সযুক্ত ৰাষ্ট্ৰত] লʼৰা-ছোৱালীবোৰে প্ৰায়ে ১০,০০০ টা হিংসাত্মক কাৰ্য্যত লিপ্ত হয়।” তদুপৰি, সেই ৰিপৰ্টখনে ইয়াকো কৈছিল যে “প্ৰত্যেক বছৰে প্ৰায় ১৫,০০০ জন কিশোৰ-কিশোৰীয়ে অশ্লীল বিষয়ে থকা তথ্য, কৌতুক আৰু অৰুচিকৰ বিষয়সমূহত জড়িত হয়।” ইয়াৰ ওপৰিও প্ৰাইম টাইম টেলিভিছনে এইদৰে কয় যে, ১৯৭৬ চনৰ তুলনাত আজি চাৰি গুণে অধিকৈ অৰ্থাৎ ঘন্টাত ৮ খনতকৈও অধিক যৌন কাৰ্য্যৰ সৈতে সম্বন্ধ থকা ছবি প্ৰদৰ্শন কৰা হয়। মন কৰিবলগীয়া এটা নিৰীক্ষণে প্ৰকাশ কৰিছে যে “অশ্লীল ভাষাও নাটকীয়ভাৱে বৃদ্ধি পাইছে।” গতিকে বাইবেল আৰু বহুতো বৈজ্ঞানীক অধ্যয়নে সতৰ্ক কৰিছে যে এনেধৰণৰ ভৌতিক বস্তুসমূহে মানুহক আৰু অধিক বেয়ালৈ পৰিণত কৰিছে। সেইবাবে যদি আপুনি সচাঁকৈ ঈশ্বৰক সন্তুষ্ট কৰিব আৰু ব্যক্তিগতৰূপে লাভবান হʼব বিচাৰিছে, তেনেহʼলে হিতোপদেশ ৪:২৩ পদত উল্লেখ কৰা বাক্যশাৰীৰ প্ৰতি মনোযোগ দিলে উত্তম হʼব, তাত এইদৰে কোৱা হৈছে: “তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।”—যিচয়া ৪৮:১৭.
জনপ্ৰিয় সঙ্গীতেও আমাৰ বিবেকক ধ্বংস কৰে। পাশ্চ্যত দেশসমূহত গান গোৱা এজন গায়কৰ গীতটো ইমানেই প্ৰাধান্য আৰু জনপ্ৰিয় আছিল যে তেওঁ লোকসকলক “চকখুৱাই তুলিবলৈ বিশেষভাবে চেষ্টা” কৰাৰ বিষয়ে দা চানডে মেইল নামৰ অষ্ট্ৰেলিয়াত প্ৰকাশ পোৱা বাতৰি কাকতখনে সতৰ্ক কৰিছিল। কাকতখনত কোৱা হৈছিল যে “গায়কজনৰ গীতবোৰত ড্ৰাগ, অবৈধ যৌন সঙ্গম, ধৰ্ষণ আৰু “নিজৰ পত্নীক হত্যা কৰি তাইৰ মৃত্যদেহ এখন হ্ৰদত পেলোৱাৰ বিষয়ে উচ্চপ্ৰশংসা কৰিছিল।” তেওঁৰ আন আন গীতসমূহৰ কথাবোৰ ইমানেই অশ্লীল যে তাক ইয়াত উল্লেখ কৰিব নোৱাৰি। তথাপিও তেওঁৰ সঙ্গীতে এক সন্মানীয় পুৰষ্কাৰ লাভ কৰিলে। ওপৰত উল্লেখ কৰা অশ্লীল বিচাৰধাৰাবোৰ আপুনি নিজৰ মন আৰু হৃদয়ত স্থান দিবনে, যিয়ে গীতবোৰক মধুৰ কৰি তুলিবলৈ প্ৰস্তুত কৰা হয়? সম্ভৱতঃ নিজৰ মন আৰু হৃদয়ত কেতিয়াও স্থান নিদিব। কিয়নো যিসকলে তেনে কাৰ্য্যৰ দ্বাৰা নিজৰ বিবেকক দূষিত কৰে আৰু “দুষ্ট হৃদয়” উৎপন্ন কৰে, তেওঁলোকে নিজকে ঈশ্বৰৰ শত্ৰু কৰি লয়।—ইব্ৰী ৩:১২; মথি ১২:৩৩-৩৫.
গতিকে মনোৰঞ্জন বাছনি কৰাৰ ক্ষেত্ৰত বুদ্ধিমান হওঁক। বাইবেলে উৎসাহিত কৰি এইদৰে কৈছে: “যি যি সত্য, যি যি আদৰণীয়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা।”—ফিলিপীয়া ৪:৮.
সঙ্গতিয়ে আপোনাৰ বিবেকত অনিষ্ট সাধে
সৰুকালত নীল আৰু ফ্ৰান্জে সত্য খ্ৰীষ্টানসকলৰ সৈতে হিতজনক সঙ্গতি কৰি আনন্দ উপভোগ কৰিছিল।a কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে নীলে কৈছিল: “মই বেয়া লোকসকলৰ সৈতে সঙ্গতি কৰিবলৈ আৰম্ভ কৰোঁ।” শেষত ইয়াৰ পৰিণামৰ বাবে অতি দুষিত হয়, কিয়নো তেওঁ অপৰাধ কৰাৰ কাৰণে জেইলত যাবলগীয়া হৈছিল। ঠিক তেনেদৰে ফ্ৰান্জৰ সৈতেও সেই একেই হৈছিল। তেওঁ এইদৰে কৈছিল: “মই ভাবিছিলোঁ যে নিজলৈ কোনো অনিষ্ট নোহোৱাকৈ মই জগতৰ যুবকসকলৰ সৈতে সঙ্গতি কৰি আনন্দিত হʼব পাৰিম।” কিন্তু তেনে ভাবি মই কিমান যে ভুল কৰিলোঁ। “কিয়নো যেনেকৈ গালাতীয়া ৬:৭ পদে কৈছে যে, ‘তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।’ পাছলৈ মই ভোগা কঠিন অভিজ্ঞতাৰ পৰা জানিব পাৰিলোঁ যে একমাত্ৰ যিহোৱাই সত্য আছিল। মই কৰা ভুল কাৰ্য্যৰ পৰিণামস্বৰূপে যাৱজ্জীৱন জেইলত কটাব লাগিব।”
নীল আৰু ফ্ৰান্জৰ দৰে লোকসকলে এৰাতিতে অপৰাধী হৈ নপৰে; সৰ্ব্বপ্ৰথমে তেওঁলোকে অপৰাধ কৰাটো একেবাৰে ভুল কাৰ্য্য বুলি বিবেচনা কৰিব পাৰিলেহেঁতেঁন। দৰাচলতে তেনে অৱস্থালৈ পৰিচালিত হোৱাৰ মুখ্য কাৰণ হৈছে বেয়া লোকসকলৰ সৈতে সঙ্গতি কৰা। (১ কৰিন্থীয়া ১৫:৩৩) ড্ৰাগ অথবা ফটিকাই প্ৰায়ে এজন ব্যক্তিক ইয়াৰ আসক্ত বা মদাহি লৈ পৰিণত কৰে। বাস্তৱতে, সেই ব্যক্তিজনৰ বিবেক অৰ্থাৎ “ব্যক্তিজনৰ ব্যক্তিত্ব ফটিকাৰ সৈতে দ্ৰব্যভূত হৈ যোৱা” বুলি উপযুক্তভাৱে কʼব পাৰি। ভুল পথলৈ যোৱা এক সৰু পদক্ষেপে পাছলৈ ডাঙৰ অপৰাধ বা ব্যভিচাৰ কৰিবলৈ পৰিচালিত কৰে।
তেনেহʼলে এনে ক্ষুদ্ৰ পদক্ষেপ কিয় লোৱা উচিত? ইয়াৰ বিপৰীতে, যিসকলে প্ৰকৃততে ঈশ্বৰক প্ৰেম কৰে এনে জ্ঞানী লোকৰ সৈতে সঙ্গতি কৰক। তেওঁলোকে আপোনাৰ বিবেকক সঠিক পথ-প্ৰদৰ্শন কৰিব আৰু বহুতো বেয়া পৰিণামৰ পৰা আতঁৰি থাকিবলৈ সহায় কৰিব। (হিতোপদেশ ১৩:২০) নীল আৰু ফ্ৰান্জে জেইলত থকাৰ স্বত্ত্বেও নিজৰ বিবেকক ঈশ্বৰৰ পৰা পোৱা এক অমূল্য দান আৰু তাক সঠিকৰূপে প্ৰশিক্ষণ আৰু প্ৰতিপালন কৰা আৱশ্যক বুলি বিবেচনা কৰে। তদুপৰি, তেওঁলোকে যিহোৱাৰ সৈতে পুনৰাই ভাল সম্বন্ধ গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰে। গতিকে বুদ্ধিমান হৈ তেওঁলোকে কৰা ভুলৰ পৰা এক পাঠ শিকক।—হিতোপদেশ ১৩:২০
আপোনাৰ বিবেকৰ প্ৰতি যত্ন লওঁক
যেতিয়া আমি যিহোৱাক প্ৰেম আৰু বিশ্বাস কৰি তেওঁলৈ হিতকাৰী ভয় ৰাখোঁ, তেতেয়া এই কাৰ্য্যই প্ৰকাশ কৰে যে নিজৰ বিবেকৰ প্ৰতি যত্ন লৈছোঁ। (হিতোপদেশ ৮:১৩; ১ যোহন ৫:৩) বাইবেলে প্ৰকাশ কৰিছে যে নৈতিকতাৰ প্ৰতি অৱহেলা কৰাৰ বাবে আমাৰ বিবেকত প্ৰায়ে ক্ষতি সাধন হয়। উদাহৰণস্বৰূপে, গীতমালা ১৪:১ পদত কৈছে: “অজ্ঞানে নিজ মনতে ভাবে, “ঈশ্বৰ নাই।” বিশ্বাসৰ হ্ৰাস হোৱাই কেনেকৈ তেওঁলোকৰ আচৰণক প্ৰভাৱিত কৰে? আগলৈ সেই পদে এইদৰে উল্লেখ কৰিছে: “সিহঁত ভ্ৰষ্ট হল; সিহঁতে ঘিণলগীয়া কৰ্ম্ম কৰিছে।”
যিসকলে ঈশ্বৰত প্ৰকৃত বিশ্বাস নাৰাখে তেওঁলোকৰ ভৱিষ্যতে কোনো আশা নাই। তেওঁলোকে বৰ্তমান সময়ত মাংসৰ অভিলাষ পূৰণ কৰাৰ অৰ্থে জীয়াই থাকিবলৈ চেষ্টা কৰে। তেওঁলোকৰ দাৰ্শনিক জ্ঞান হৈছে: “আমি ভোজন-পান কৰোঁহঁক; কিয়নো কালিলৈ মৰিম।” (১ কৰিন্থীয়া ১৫:৩২) আনহাতে যিসকলে অনন্ত জীৱনৰ বাবে আশা ৰাখে, তেওঁলোকে এই জগতৰ মোহ-মায়াৰ দ্বাৰা পথভ্ৰষ্ট নহয়। সঠিকভাৱে পথ-প্ৰদৰ্শন কৰা কম্পিউটাৰৰ দৰে তেওঁলোকৰ প্ৰশিক্ষিত বিবেকে তেওঁলোকক উপযুক্ত পথত চলি ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী আৰু বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।—ফিলিপীয়া ৩:৮.
আপোনাৰ বিবেকত বিবেচনাশক্তি আৰু যথাৰ্থতা বজাই ৰাখিবলৈ হʼলে, নিয়ামীয়াকৈ ঈশ্বৰৰ বাক্যৰ দ্বাৰা পথ-প্ৰদৰ্শন হোৱা আৱশ্যক। বাইবেলে আমাক চিত্ৰাত্মক ভাষাৰে এইদৰে কৈছে: “তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবৰ সময়ত, তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” (যিচয়া ৩০:২১) গতিকে নিতৌ বাইবেল পঢ়িবলৈ সময় উলিয়াওক। কিয়নো ইয়ে সঠিক কাৰ্য্য কৰিবলৈ অহা বাধা বা চিন্তাই ঘেৰি ধৰাৰ সময়ত আমাক শক্তিশালী আৰু উৎসাহিত কৰি তুলিব। আপুনি সম্পূৰ্ণৰূপে যিহোৱাত ভাৰসা ৰাখি নিশ্চিত হওঁক যে তেওঁ আমাক নিশ্চয়ে নৈতিক আৰু আধ্যাত্মিকৰূপে পথ-প্ৰদৰ্শন কৰিব। আঁহক আমি গীতমালা লিখকক অনুকৰণ কৰোঁহঁক, কিয়নো তেওঁ এইদৰে কৈছিল: “মই যিহোৱাক সদায় মোৰ সম্মুখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম।”—গীতমালা ১৬:৮; ৫৫:২২. (w01 11/01)
[ফুটনোট]
a আচল নামৰ পৰিৱৰ্ত্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।
[৫ পৃষ্ঠাৰ ছবি]
বাইবেলত মিছা ধৰ্ম্মক “মহা-বাবিল” ৰূপে উল্লেখ কৰিছে যিয়ে বহুতৰে বিবেকক নষ্ট কৰাৰ বাবে গম্ভীৰভাৱে দায়ী
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
পাদুৰীজনে সৈন্যসকলক আশীৰ্ব্বাদ কৰিছে: U.S. Army photo
[৬ পৃষ্ঠাৰ ছবি]
হিংসাত্মক আৰু অশ্লীল কাৰ্য্যক্ৰমবোৰে আপোনাৰ বিবেকত ক্ষতি সাধন কৰে
[৭ পৃষ্ঠাৰ ছবি]
নিয়মিতৰূপে ঈশ্বৰৰ বাক্যৰ পথ-প্ৰদৰ্শন গ্ৰহণ কৰি আপুনি নিজৰ বিবেকক ৰক্ষা কৰিব পাৰে