ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১/১ পৃষ্ঠা ৪-৭
  • এক শ্ৰেণীবিহীন সমাজ প্ৰকৃততে সম্ভৱনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক শ্ৰেণীবিহীন সমাজ প্ৰকৃততে সম্ভৱনে?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ দৃষ্টিত সকলোৱে সমান
  • এক শ্ৰেণীবিহীন সমাজ—কেনেকৈ?
  • বৰ্তমান সময়ত থকা এক শ্ৰেণীবিহীন লোক
  • সমানতাই বিভিন্ন প্ৰকাৰৰ লোকক গ্ৰহণ কৰে
  • শ্ৰেণীভেদৰ বাবে উৎপন্ন হোৱা সমস্যাসমূহ
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ হয় নেকি?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১/১ পৃষ্ঠা ৪-৭

এক শ্ৰেণীবিহীন সমাজ প্ৰকৃততে সম্ভৱনে?

আমেৰিকা সংযুক্তৰাষ্ট্ৰৰ দ্বিতীয় ৰাষ্ট্ৰপতি জন্‌ আদামচ্‌, যিজনে ঐতিহাসিক স্বতন্ত্ৰ ঘোষণা পত্ৰত চহী কৰিছিল। সেই প্ৰসিদ্ধ ঘোষণাত এইদৰে কোৱা হৈছিল: “আমি স্বয়ংপ্ৰমাণিত হোৱা এই সত্যটোক বিশ্বাস কৰোঁ যে সকলো মানুহক একেই সমানে সৃষ্টি কৰা হৈছে।” তথাপিও তেওঁৰ মনত সমানতাৰ সম্পৰ্কে সৃষ্টি হোৱা সন্দেহৰ বিষয়ে এইদৰে লিখিছিল: সৰ্ব্বোপৰিজনাই একেই মন আৰু শৰীৰ সৈতে তেওঁৰ বিধিৰ অনুসাৰে মানৱ স্বভাৱৰ সৃষ্টি কৰিলে, যাক কোনো কল্যশাস্ত্ৰ বা শাসন-কৌশলে আজিলৈকে তেনে পৰিকল্পনা কৰিব পৰা নাই।” ইয়াৰ বিপৰীতে, ইংৰাজ ইতিহাস লিখক এইচ. জি. ৱেলচে এনে এক শ্ৰেণীবিহীন সমাজৰ কল্পনা কৰিছিল যি এই তিনিটা বিষয়ৰ ওপৰত আধাৰিত আছিল: এক শুদ্ধ আৰু ভ্ৰষ্টহীন ধৰ্ম্ম, বিশ্বব্যাপি শিক্ষা আৰু অস্ত্ৰহীন শক্তিসমূহ।

আজিলৈকে ইতিহাসে ৱেলচে কল্পনা কৰাৰ দৰে তেনে সমাজৰ সৃষ্টি কৰিব পৰা নাই। আজিও মানুহৰ সমাজত শ্ৰেণীভেদে ৰাজত্ব কৰি আছে। তেনে শ্ৰেণীভেদ সমাজে সমূদায় পৃথিৱীত কোনো লাভ কঢ়িয়াই আনিব পাৰিলেনে? নিশ্চয়ে নোৱাৰিলে। সমাজত থকা শ্ৰেণীভেদে মানুহৰ মনত শত্ৰুভাৱ, ঘৃণা, বেদনা, পৃথকতা আৰু অধিকৈ ৰক্তপাত জগাই তুলিছে। এসময়ত আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু উত্তৰ আমেৰিকাত শ্বেতাঙ্গসকলৰ ৰাজত্ব থকাৰ বাবে কৃষ্ণাঙ্গসকলে জীয়াতু ভুগিছিল। উদাহৰণস্বৰূপে ৱেন দাইমেনচ্‌ৰ (বৰ্তমান টাছমেনিয়া বুলি কোৱা হয়।) দেশৰ লোকসকলক ব্যাপকৰূপে হত্যা কৰা হৈছিল। ইউৰোপত যিহুদীসকলক নিম্নবৰ্গৰ জাতি হিচাবে বিভক্ত কৰা হৈছিল, সেয়েহে তেওঁলোকক অমানুষিকৰূপে বধ কৰা হৈছিল। অভিজাত, মধ্য আৰু নিম্ন বৰ্গৰ মাজত থকা বিবাদৰ বাবে ১৮ শতাব্দীত ফৰাচী বিপ্লৱ আৰু ২০ শতাব্দীত ৰাছিয়াত বলশ্বেভিক বিপ্লৱ দেখা দিয়ে।

প্ৰাচীনকালত এজন জ্ঞানী ব্যক্তিয়ে এইদৰে কৈছিল: “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” (উপদেশক ৮:৯) ব্যক্তিগত বা শ্ৰেণীগত হিচাবে আনৰ ওপৰত অধিকাৰ চলাওঁতাসকলৰ বাবে তেওঁৰ এই বাক্যশাৰী সত্যৰূপে প্ৰমাণিত হৈছে। যেতিয়া কোনো লোকসমূহৰ সমষ্টিয়ে নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰে, তেতিয়া সেই মনোভাৱৰ পৰিণামস্বৰূপে আলৈ-আথানি আৰু যন্ত্ৰণাদয়ক পৰিস্থিতিয়ে দেখা দিয়ে।

ঈশ্বৰৰ দৃষ্টিত সকলোৱে সমান

স্বাভাৱিকৰূপে কিছুমান মানুহে সঁচাকৈ আনতকৈ শ্ৰেষ্ঠ নে? ঈশ্বৰৰ দৃষ্টিত কেতিয়াও নহয়। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “[ঈশ্বৰে] গোটেই পৃথিবীত বাস কৰাবৰ কাৰণে, এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৬) তদুপৰি, সৃষ্টিকৰ্ত্তাই “অধ্যক্ষবিলাকৰ মুখলৈ নাচায়, আৰু দৰিদ্ৰত্‌কৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতে কৰা বস্তু।” (ইয়োব ৩৪:১৯) ঈশ্বৰৰ দৃষ্টিত সকলো মানুহে সমান আৰু ইজনে-সিজনৰ সৈতে সম্পৰ্ক আছে।

মনত ৰাখক যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁ নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি জ্ঞান কৰা সকলো কল্পনা লুপ্ত হৈ পৰে। এই বিষয়ে প্ৰাচীনকালৰ মিচৰ নিবাসীসকলে বিশ্বাস নকৰিছিল। উদাহৰণস্বৰূপে, যেতিয়া ফৰৌণ ৰজাৰ মৃত্যু হয় তেতিয়া তেওঁলোকে তেওঁৰ কবৰত বহুতো বহুমূলীয়া বস্তু ৰাখে, যাতে তেওঁ মৃত্যুৰ পাছতো শ্ৰেষ্ঠ স্থান লাভ কৰি সেইবোৰৰ আনন্দ উপভোগ কৰিব পাৰে। প্ৰকৃততে তেওঁ সেই বস্তুবোৰৰ উপভোগ কৰিছিলনে? নিশ্চয়ে নহয়। ইয়াৰ সৰহভাগ বস্তু চুৰ কৰি নিয়া হʼল আৰু যি বাকী থাকিল সেইবোৰক আজিও সংগ্ৰহালয়বোৰত দেখিবলৈ পোৱা যায়।

ফৰৌণে সেই বস্তুবোৰৰ আনন্দ উপভোগ কৰিব নোৱাৰিলে, কিয়নো তেওঁৰ মৃত্যু হৈছিল। মৃত্যুত এজন ব্যক্তিত থকা উচ্চ বা নিম্ন, ধনী বা দৰিদ্ৰতাৰ সকলো ভিন্নতা শেষ হয়। এই সন্দৰ্ভত বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “মানুহে মৰ্য্যদা পায়ো থিৰে নাথাকে; সি বিনষ্ট হব লগীয়া পশুবোৰৰ নিচিনা।” (গীতমালা ৪৯:১০, ১২) আমি ৰজাই হওঁক বা প্ৰজাই হওঁক এই প্ৰেৰিত বাক্যটো সকলোৰে বাবে সত্য, যʼত এইদৰে কোৱা হৈছে: “কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায় . . . কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা, সেই চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।”—উপদেশক ৯:৫, ১০.

ঈশ্বৰৰ দৃষ্টিত আমাৰ সকলোৰে একে সমানে জন্ম আৰু মৃত্যু হয়। তেন্তে আমাৰ জীৱনৰ এই কম সময়ছোৱাত আনৰ ওপৰত অধিকাৰ চলাবলৈ কোনো এটা সমূহক প্ৰেৰিত কৰাটো কিমান যে অৰ্থহীন!

এক শ্ৰেণীবিহীন সমাজ—কেনেকৈ?

তথাপিও এনে এখন সমাজ গঠন হʼব বুলি আশা কৰিব পাৰোঁনে, যʼত কোনো শ্ৰেণীক গুৰুত্ব দিয়া নহয়? অৱশ্যেই আশা কৰিব পাৰোঁ। আজিৰ পৰা প্ৰায় ২০০০ বছৰৰ পূৰ্ব্বেই যেতিয়া যীচু এই পৃথিৱীত আছিল, তেতিয়া তেওঁ তেনে এক সমাজৰ ভেঁটি স্থাপন কৰিছিল। তেওঁ নিজৰ জীৱন সকলোৰে বাবে আহুতি দিলে “যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।—যোহন ৩:১৬.

তেওঁৰ শিষ্যসকলৰ মাজত কোনো এজনে যাতে নিজকে উচ্চ বুলি নাভাৱে, সেইবাবে তেওঁ এইদৰে কৈছিল: “তোমালোকে হলে, ৰব্বি বুলি মতা নহবা; কিয়নো এজনা তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোক আচাৰ্য্য বুলি মতা নহবা; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য। কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হব। যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হব; আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হব।” (মথি ২৩:৮-১২) ঈশ্বৰৰ দৃষ্টিত যীচুৰ সকলো শিষ্যৰ বিশ্বাস এক সমান

প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে নিজকে সমানৰূপে দৃষ্টি কৰিছিল নে? যিসকলে যীচুৰ শিক্ষাৰ অৰ্থ বুজি পালে তেওঁলোকে তেনে দৃষ্টি কৰিছিল। তেওঁলোকে ইজনে-সিজনৰ বিশ্বাসক সমানৰূপে দৃষ্টি কৰিছিল আৰু ইয়াকে “ভাই” বুলি কৈ প্ৰকাশ কৰিছিল। (ফিলীমন ১, ৭, ২০) তেওঁলোকৰ মাজৰ কোনো এজনক ইজনে-সিজনতকৈ শ্ৰেষ্ঠ বুলিবলৈ উৎসাহিত কৰা নাছিল। উদাহৰণস্বৰূপে, পিতৰে তেওঁ লিখা দ্বিতীয় পত্ৰখনত বিনম্ৰে এইদৰে লিখিছিল: “যীচু খ্ৰীষ্টৰ দাস আৰু পাঁচনি চিমোন পিতৰ,—আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ ধৰ্ম্মগুণে যিবিলাক আমাৰে সৈতে একে সমান।” (২ পিতৰ ১:১) এই বিষয়ে যীচুৱে নিজেই পিতৰক শিক্ষা দিছিল আৰু পাঁচনি হোৱাৰ হেতুকে তেওঁৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। তথাপিও তেওঁ নিজকে সেৱক হিচাবে আৰু আন সঙ্গী খ্ৰীষ্টানসকলৰ বিশ্বাসকো একেই বুলি বিবেচনা কৰিছিল।

কিছুমানে হয়তো কʼব পাৰে যে অতীতত ঈশ্বৰে ইস্ৰায়েল জাতিক নিজৰ বিশেষ ৰাষ্ট্ৰ হিচাবে মনোনীত কৰা কাৰ্য্যই সেই সমানতাক খণ্ডন কৰে। (যাত্ৰাপুস্তক ১৯:৫, ৬) তেওঁলোকে হয়তো দাবী কৰিব পাৰে যে এই উদাহৰণে লোকবিলাকে নিজকে আনতকৈ শ্ৰেষ্ঠ হোৱা বুলি প্ৰকাশ কৰিছে। কিন্তু দৰাচলতে সেই উদাহৰণত তেনে কোনো আভাস পোৱা নাযায়। এইটো সঁচা যে অব্ৰাহামৰ বংশধৰ হোৱাৰ বাবে ইস্ৰায়েল জাতিয়ে ঈশ্বৰৰ সৈতে এক অটুট সম্বন্ধৰ আনন্দ উপভোগ আৰু ঈশ্বৰীয় গুপ্ত বিষয়বোৰ প্ৰকাশ কৰিবলৈ তেওঁলোকক মাধ্যম হিচাবে ব্যৱহাৰ কৰিছিল। (ৰোমীয়া ৩:১, ২) কিন্তু ইয়াৰ উদ্দেশ্য এইটো নাছিল যে তেওঁলোকে নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি জ্ঞান কৰা। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ দ্বাৰা ‘সকলো জাতিয়ে আশীৰ্ব্বাদ পাবলৈ আছিল।’—আদিপুস্তক ২২:১৮; গালাতীয়া ৩:৮.

কিন্তু দৰাচলতে বেছিভাগ ইস্ৰায়েল ব্যক্তিয়ে তেওঁলোকৰ আদিপুৰুষ অব্ৰাহামৰ আৰ্হিক অনুকৰণ কৰাত বিফল হৈছিল। তেওঁলোক অবিশ্বাসী হৈ যীচুক মচীহাৰূপে মানিবলৈ অস্বীকাৰ কৰিলে। এইবাবে যিহোৱাই তেওঁলোকক ত্যাগ দিলে। (মথি ২১:৪৩) তথাপিও নম্ৰ লোকসকলে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ আশীৰ্ব্বাদসমূহৰ পৰা বঞ্চিত নহʼল। সেয়েহে, পেন্টাকোষ্ট সা.যু. ৩৩ চনত খ্ৰীষ্টান মণ্ডলীৰ জন্ম হয়। এই সংস্থাত থকা খ্ৰীষ্টানসকলক পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰা হʼল, তেওঁলোকক “ঈশ্বৰৰ ইস্ৰায়েল” বুলি কোৱা হয় আৰু তেওঁলোকৰ যোগেদি আশীৰ্ব্বাদ অহাৰ মাধ্যম হিচাবে প্ৰমাণিত হʼল।—গালাতীয়া ৬:১৬.

মণ্ডলীৰ কিছুমান খ্ৰীষ্টান সদস্যক সমানতাৰ বিষয়ে শিক্ষা দিয়াৰ প্ৰয়োজন আছিল। উদাহৰণস্বৰূপে, পাঁচনি যাকোবে এনে কিছুমান খ্ৰীষ্টান ব্যক্তিক পৰামৰ্শ দিবলগা হৈছিল, যিসকলে ধনী খ্ৰীষ্টান ভাইসকলক দৰিদ্ৰ ভাইসকলতকৈ অধিক সন্মান কৰিছিল। (যাকোব ২:১-৪) কিয়নো তেওঁলোকে ৰখা মনোবৃত্তি সঠিক নাছিল। পাঁচনি পৌলে বৰ্ণনা কৰি কৈছিল যে অযিহূদী ব্যক্তি যিহূদী ব্যক্তিতকৈ নিম্ন নহয়, নতুবা স্ত্ৰীসকল পুৰুষতকৈ নিম্ন নহয়। এই সম্পৰ্কে তেওঁ এইদৰে লিখিছিল: “কিয়নো খ্ৰীষ্ট্‌ যীচুত কৰা বিশ্বাসৰ দ্বাৰাই তোমালোক সকলোৱেই ঈশ্বৰৰ সন্তান হৈছা। কাৰণ তোমালোক যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশে বাপ্তাইজিত হলা, সেই সকলোৱেই খ্ৰীষ্টক পিন্ধিলা। যিহূদী বা গ্ৰীক আৰু হবই নোৱাৰে, দাস বা স্বাধীন আৰু হবই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হব নোৱাৰে; কিয়নো খ্ৰীষ্ট্‌ যীচুত তোমালোক সকলোৱেই এক।”—গালাতীয়া ৩:২৬-২৮.

বৰ্তমান সময়ত থকা এক শ্ৰেণীবিহীন লোক

বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে বাইবলেত উল্লেখ কৰা সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰে। ঈশ্বৰৰ দৃষ্টিত যে সমাজত থকা শ্ৰেণীগত পৃথকতাই কোনো অৰ্থ নাৰাখে তাক তেওঁলোকে জানিব পাৰিছে। সেইবাবে তেওঁলোকৰ মাজত কোনো পাদুৰী/পুৰোহিত শ্ৰেণী আৰু গাৰ বৰণ বা ধনৰ পৰিমাণৰ অনুসাৰে কোনো পৃথকতা দেখা নাযায়। তেওঁলোকৰ মাজত যদিও কিছুমান ব্যক্তি ধনী, তথাপিও তেওঁলোকে “জীৱন কালৰ গৰ্ব্ব” নেদেখুৱায়। কিয়নো তেওঁলোকে জানে যে সেইবোৰ স্থায়ী নহয়। (১ যোহন ২:১৫-১৭) তদুপৰি, তেওঁলোক সকলোৱে সৰ্ব্বশক্তিমান যিহোৱা ঈশ্বৰৰ উপাসনাত এক।

যিহোৱাৰ সাক্ষীৰ প্ৰত্যেকজনে তেওঁ বা তাইৰ সহসঙ্গীৰ সৈতে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব বহন কৰিছে। যীচুৰ দৰে তেওঁলোকেও দুখীত আৰু আনলোকে তুচ্ছজ্ঞান কৰা লোকসকলৰ ঘৰলৈ গৈ সাক্ষাৎ কৰে আৰু ঈশ্বৰৰ বাক্যৰ বিষয়ে শিকাবলৈ সহায় আগবঢ়ায়। তদুপৰি, সাক্ষীসকলৰ মাজতো যিসকলক আনে উচ্চ শ্ৰেণীৰ লোক হিচাবে জ্ঞান কৰে, তেওঁলোকেও সকলোৰে সৈতে মিলিজুলি প্ৰচাৰকাৰ্য্যত ভাগ লয়। এইয়া কোনো শ্ৰেণীযুক্ত নহয়, কিন্তু আধ্যাত্মিক গুণসমূহৰ পৰিচয়। সকলোকে প্ৰথম শতাব্দীৰ ভাই-ভনীৰ দৰে বুলি বিবেচনা কৰা হয়।

সমানতাই বিভিন্ন প্ৰকাৰৰ লোকক গ্ৰহণ কৰে

অৱশ্যে সমানতাৰ অৰ্থ সম্পূৰ্ণৰূপে একে সদৃশ্য নহয়। খ্ৰীষ্টান মণ্ডলীত পুৰুষ বা স্ত্ৰী, বৃদ্ধ বা যুবক, বিভিন্ন জাতি, ফৈদ, ভাষা আৰু পৃষ্ঠভূমিৰ পৰা অহা সকলো ধৰণৰ ব্যক্তি সন্মিলিত আছে। ব্যক্তিগতৰূপে তেওঁলোকৰ ভিন্ন মানসিক আৰু শাৰীৰিক দক্ষতা আছে। কিন্তু এই ভিন্নতাই তেওঁলোকৰ কোনো এজনকো শ্ৰেষ্ঠ বা নিম্ন বুলি পৰিচয় দিবলৈ উৎসাহিত নকৰে। ইয়াৰ বিপৰীতে এই ভিন্নতাই তেওঁলোকক এক আনন্দজনক বৈশিষ্টতা উপভোগ কৰিবলৈ সহায় কৰে। তেওঁলোকে নিজত থকা কোনো বিশেষ দক্ষতাৰ বাবে নিজকে আনতকৈ শ্ৰেষ্ঠ জ্ঞান কৰাৰ পৰিৱৰ্তে, ইয়াক ঈশ্বৰৰ পাৰ পোৱা এক উপহাৰ হিচাবে গণ্য কৰে।

ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলাৰ পৰিৱৰ্তে মানুহে নিজ অধিকাৰৰ অনুসৰি চলাৰ বাবে এনে শ্ৰেণীভেদৰ সৃষ্টি হৈছে। অতি শীঘ্ৰেই ঈশ্বৰে নিজ হাতত ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু অতীতৰ পৰা চলি অহা শ্ৰেণীভেদৰ যুদ্ধৰ অন্ত কৰিব। তাৰ পাছত প্ৰকৃত অৰ্থত ‘নম্ৰবিলাক পৃথিৱীৰ অধিকাৰী হʼব।’ (গীতমালা ৩৭:১১) নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰা লোকসকল বিলুপ্ত হʼব। বিশ্বব্যাপি ভাতৃত্ব সমাজক পুনৰাই পৃথক কৰিবলৈ শ্ৰেণীভেদ সমাজক কেতিয়াও অনুমতি দিয়া নহʼব। (w02 1/1)

[৫ পৃষ্ঠাৰ ব্লাৰ্ব]

সৃষ্টিকৰ্ত্তাই “অধ্যক্ষবিলাকৰ মুখলৈ নাচায়, আৰু দৰিদ্ৰত্‌কৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে।”—ইয়োব ৩৪:১৯.

[৬ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ চুবুৰীয়াৰ প্ৰতি সন্মান দেখুৱায়

[৭ পৃষ্ঠাৰ ছবি]

এইয়া হৈছে সত্য খ্ৰীষ্টানসকলৰ মাজত থকা আধ্যাত্মিক গুণসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক