ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ৬/১ পৃষ্ঠা ৩১
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • কিয় বাপ্তিষ্মা লোৱা আৱশ্যক?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ৬/১ পৃষ্ঠা ৩১

পাঠকসকলৰ প্ৰশ্ন

শাৰীৰিকভাৱে অক্ষম বা অত্যন্ত দুৰ্ব্বল স্বাস্থ্যৰ বাবে পানীত ডুব লোৱাত অসুবিধা থকা এজন ব্যক্তিয়ে সম্পূৰ্ণকৈ পানীত নিমজ্জিত হৈ বাপ্তিষ্মা লোৱাটো আৱশ্যকনে?

“বাপ্তিষ্মা” শব্দটো গ্ৰীক ক্ৰিয়াপদ বাপ্ত শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “জুবুৰিয়া।” (যোহন ১৩:২৬) বাইবেলত উল্লেখ কৰা “বাপ্তিষ্মা লোৱা” বাক্যশাৰীৰ অৰ্থ “নিমজ্জিত হোৱা,” অৰ্থৰ সৈতে একেই। ফিলিপে কুচ-দেশীয় নপুংসকজনক দিয়া বাপ্তিষ্মাৰ সম্পৰ্কে ৰাথ্ৰেহমৰ দ্বাৰা লিখিত দ্যা এমফেচাইজড্‌ বাইবেলত এইদৰে ব্যাখ্যা কৰিছে, “ফিলিপ আৰু নপুংসক দুয়ো পানীত নামিল; আৰু ফিলিপে তেওঁক নিমজ্জিত কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:৩৮) এইদৰে প্ৰকৃততে এজন ব্যক্তিক পানীত জুবুৰিয়াই বাপ্তিষ্মা দিয়া হয়।—মথি ৩:১৬; মাৰ্ক ১:১০.

যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে নিৰ্দ্দেশনা দিছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . বাপ্তাইজ কৰা।” (মথি ২৮:১৯, ২০) সেই অনুসাৰে যিহোৱাৰ সাক্ষীসকলে নিমজ্জিত কৰিবলৈ পুল, পুখুৰী, নদী বা যথেষ্ট মাত্ৰাত পানী থকা আন স্থানৰ প্ৰবন্ধ কৰে। শাস্ত্ৰৰৰ অনুসাৰে সম্পূৰ্ণকৈ নিমজ্জিত কৰি বাপ্তিষ্মা দিয়া আৱশ্যক। সেয়েহে বাপ্তিষ্মাক অব্যাহতি কৰাৰ কোনো মানুহৰ অধিকাৰ নাই। গতিকে এজন ব্যক্তিৰ শৰীৰ অসুস্থ বা অক্ষম হোৱাৰ বাবে আৱশ্যকীয় পদক্ষেপ লৈ তেওঁক সম্পূৰ্ণকৈ পানীত নিমজ্জিত কৰি বাপ্তিষ্মা দিয়া হয়। উদাহৰণস্বৰূপে, বৃদ্ধ বা দুৰ্ব্বল স্বাস্থ্য থকা ব্যক্তিসকলক বাপ্তিষ্মা দিবলৈ ডাঙৰ বাথ টাবৰ ব্যৱস্থা কৰা হয়। বাথ টাবৰ পানী হয়তো গৰম, বাপ্তিষ্মা লোৱা বিদ্যাৰ্থীজনক লাহে লাহে আৰু সাৱধানে পানীত নমাত সহায়, এবাৰ ইয়াক অভ্যস্ত কৰি প্ৰকৃততে বাপ্তিষ্মা দিয়া হয়।

বাপ্তিষ্মা লোৱা বিদ্যাৰ্থীজন শাৰীৰিকভাৱে অক্ষম হলেও তেওঁক পানীত সম্পূৰ্ণৰূপে নিমজ্জিত কৰি বাপ্তিষ্মা দিয়া হয়। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ শ্বাস নলীৰ অস্ত্ৰোপচাৰৰ বাবে স্থায়ীভাৱে ডিঙিত বিন্ধা বা তেওঁ কৃত্ৰিম উশাহ-নিশাহৰ যন্ত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয়, তথাপিও তেওঁক নিমজ্জিত কৰি বাপ্তিষ্মা দিয়া হʼল। অৱশ্যে তেনে বাপ্তিষ্মাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থাৰ আৱশ্যক হয়। এনে অৱস্থাত যদি উপলব্ধ থকা কোনো চিকিৎসক বা প্ৰশিক্ষণ প্ৰাপ্ত নাৰ্চ পোৱা যায় তেনেহʼলে অধিক ব্যৱহাৰিক হʼব। তেনে সকলো অৱস্থাতে যেতিয়া বিশেষ যত্ন বা নিৰাপত্তামূলক ব্যৱস্থা কৰা হয়, তেতিয়াহে বাপ্তিষ্মা দিব পাৰি। সেয়েহে যদি এজন ব্যক্তিয়ে সকলো প্ৰকাৰৰ বিপদ নেওচী বাপ্তিষ্মা লʼবলৈ ইচ্ছা কৰে, তেনেহʼলে তেওঁক পানীত সম্পূৰ্ণৰূপে নিমজ্জিত কৰি বাপ্তিষ্মা দিবলৈ যুক্তিসঙ্গতভাৱে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰা উচিত। (w02 6/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক