ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১০/১ পৃষ্ঠা ৩২
  • ‘ভৱিষ্যতে জ্ঞানী হোৱা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ভৱিষ্যতে জ্ঞানী হোৱা’
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১০/১ পৃষ্ঠা ৩২

‘ভৱিষ্যতে জ্ঞানী হোৱা’

সোতৰ শতিকাৰ জান ডে ল্যা ব্ৰুয়াৰ নামৰ এজন ফ্ৰান্স প্ৰবন্ধ লিখকে এইদৰে কৈছিল: “মানৱজাতিয়ে নিজৰ জীৱনৰ প্ৰাথমিক সময়ছোৱাত কৰা অধিকাংশ কাৰ্য্যই তেওঁলোকৰ জীৱনৰ শেষৰছোৱাক শোচনীয় কৰি তুলে।” দৰাচলতে এজন অনিশ্চিত ডেকা ব্যক্তিয়ে তেওঁ পোৱা সুবিধাবোৰত ভাৰসাম্যহীন হৈ অসন্তুষ্ট আৰু অনুতাপ কৰিব পাৰে। আনহাতে কঠোৰ মনৰ ডেকা ব্যক্তিয়ে হয়তো অজ্ঞানৰ দৰে কাৰ্য্য কৰি জীৱনৰ শেষৰছোৱাত আনন্দ হেৰুৱাব পাৰে। যিয়েই নহওঁক, ভুল কাৰ্য্য বা কোনো অপৰাধ কৰা পাপে অধিক দুৰৱস্থালৈ পৰিচালিত কৰে।

এনে সম্ভাৱনাক কেনেকৈ আঁতৰ কৰিব পাৰি? ডেকা অৱস্থাত অনিশ্চয়তাৰ অহিতে ঈশ্বৰৰ বাক্যই ডেকা ব্যক্তিসকলক এইদৰে সতৰ্ক কৰিছে: “যি দুখৰ দিন আৰু বছৰ কেইটাৰ বিষয়ে তুমি কবা, ‘এইবোৰত মোৰ সন্তোষ নাই,’ . . . ধূলি আগৰ দৰে মাটিত লীন নৌ হওঁতেই, আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নৌ যাওঁতেই তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।” (উপদেশক ১২:১, ৭) সেয়েহে যদি আপুনি এজন ডেকা ব্যক্তি, তেনেহʼলে ডেকা বয়সতে ‘আপোনাৰ সৃষ্টিকৰ্ত্তাকৰ’ বিষয়ে জানিবলৈ সঠিক পদক্ষেপ লওক।

বাইবেলে যৌৱনকালৰ অযুক্তিকৰ বিচাৰধাৰাৰ পৰা আঁতৰি থাকিবলৈ কেনেকৈ সহায় আগবঢ়াইছে? এই বিষয়ে বাইবেলে এইদৰে কৈছে: “[ভৱিষ্যতে, NW] জ্ঞানী হবৰ নিমিত্তে, পৰামৰ্শ শুনা আৰু শিক্ষা গ্ৰহণ কৰা।” (হিতোপদেশ ১৯:২০) ইয়াৰ উপৰিও বাইবেলে স্পষ্টকৈ কৈছে যে ঈশ্বৰীয় জ্ঞানৰ প্ৰতি আওকাণ কৰাৰ পৰিণামস্বৰূপে ডেকা অৱস্থাত বিদ্ৰোহী বা জীৱনৰ শেষ অৱস্থাত অনুতাপ কৰিবলগীয়া হʼব পাৰে। (হিতোপদেশ ১৩:১৮) ইয়াৰ বিপৰীতে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ প্ৰতি কাণ দিয়াৰ পৰিণামস্বৰূপে “আয়ুসৰ দীৰ্ঘতা, আৰু জীৱনৰ বছৰবোৰ ও শান্তি” অৰ্থাৎ সন্তুষ্টি আৰু সফলতা লাভ কৰিম।—হিতোপদেশ ৩:২. (w02 10/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক