ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১/১ পৃষ্ঠা ৩১
  • ৰাজ্যগৃহলৈ সকলোকে আদৰণি জনোৱা হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰাজ্যগৃহলৈ সকলোকে আদৰণি জনোৱা হয়
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১/১ পৃষ্ঠা ৩১

ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰচাৰকসকলৰ বিষয়ে ৰিপৰ্ট

ৰাজ্যগৃহলৈ সকলোকে আদৰণি জনোৱা হয়

যীচুৱে নিজৰ শিষ্যসকলক প্ৰশিক্ষণ দিয়া সময়ত উৎসাহিত কৰি এইদৰে কৈছিল “ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা।” (মথি ১০:২৭) বাস্তৱতে যীচুৰ শিষ্যসকলে সকলোৰে আগত ঘোষণা কৰাৰ আৱশ্যক আছিল। এই একেই আজ্ঞাটোক পালন কৰি যিহোৱাৰ সাক্ষীসকলেও সকলোৰে আগত ঘোষণা কৰে। সেইবাবে তেওঁলোকে সকলোৰে আগত এই বিষয়ে প্ৰশংসা লাভ কৰিছে আৰু বিৰোধিতাৰ পৰা ৰেহাই পোৱাত সক্ষম হৈছে।

যদিও যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহ সকলোৰে বাবে দুৱাৰ মুকলি হৈ আছে তথাপিও কিছুমান লোকৰ মনত কোনো প্ৰকাৰৰ ভুল ধাৰণা বা বিচাৰধাৰা থকাৰ বাবে তেওঁলোকে ৰাজ্যগৃহলৈ আহিবলৈ কুন্ঠাবোধ কৰে। ফিনলেণ্ডটো একেইদৰে ঘটিছিল। কিছুমানে লাজ অনুভৱ কৰাৰ বাবে কোনো নতুন ঠাইলৈ অহা-যোৱা নকৰিছিল। যেতিয়া কোনো এটা নতুন ৰাজ্যগৃহৰ নিৰ্ম্মাণ কৰা বা ৰাজ্যগৃহক মেৰামতি কৰা হয় তেতিয়া ৰাজ্যগৃহটোত সাক্ষাৎ কৰিবলৈ আৰু যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ সৈতে পৰিচিত হʼবলৈ সকলো চুবুৰীয়াক এক বিশেষ আমন্ত্ৰণ দিয়া হয়।

এখন ঠাইত যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ নতুন ৰাজ্যগৃহটো মুকলি কৰাৰ দিনা আলোচনী বিতৰণৰ বাবে ব্যৱস্থা কৰিছিল। দুজন সাক্ষী ভায়ে এজন বৃদ্ধ ব্যক্তিক সাক্ষাৎ কৰে, সেই ব্যক্তিজনে তেওঁলোকক জনাই যে তেওঁ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ পঢ়ি অতি আনন্দিত হৈছে। তেতিয়া ভাই দুজনে তেওঁক নতুন ৰাজ্যগৃহটোৰ বিষয়ে আৰু তেওঁলোকে তেওঁক তালৈ নিব পাৰে বুলি জনায়। সেই বৃদ্ধ ব্যক্তিজনে কয় যে তেওঁ তেওঁলোকৰ সৈতে তালৈ যাবলৈ নথৈ আনন্দিত হʼব। একেই সময়ত তেওঁৰ স্ত্ৰীয়ে তেওঁলোকৰ কথা-বতৰা শুনি আছিল, তাই চিঞৰি এইদৰে কৈছিল, “ময়ো তালৈ যাম!”

সেই বৃদ্ধ ব্যক্তিজনে ৰাজ্যগৃহত প্ৰৱেশ কৰাৰ পিছত চাৰিওফালে দৃষ্টি কৰি এইদৰে কৈছিল: “ইয়াত দেখোন কলা ৰঙেৰে ৰং কৰা নাই। এইটো দেখাত অতি সুন্দৰ আৰু উজ্জ্বল। মোক কোৱা হৈছিল যে ৰাজ্যগৃহবোৰ কলা ৰঙেৰে ৰং কৰা থাকে!” সেই দম্পতীয়ে কিছু সময় অতিবাহিত কৰে আৰু প্ৰদৰ্শন কৰা কিছুমান আলোচনী বিচাৰে।

আন এখন মণ্ডলীয়ে তেওঁলোকৰ ৰাজ্যগৃহৰ সমৰ্পণৰ উপলক্ষ্যে বাতৰিকাকতত সংবাদ দিব বিচাৰিছিল। এই বিষয়ে গম পায় বাতৰিকাকতৰ মুখ্য সম্পাদিকাই সাক্ষীসকলক এখন প্ৰবন্ধ লিখিবলৈ পৰামৰ্শ দিয়ে। ভাইসকলে মান্তি হয় আৰু অলপ দিনৰ পিছত বাতৰিকাকতৰ আধা পৃষ্ঠা জুৰা যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলী আৰু তেওঁলোকৰ কাৰ্য্যৰ বিষয়ে এটা সুন্দৰ প্ৰবন্ধ প্ৰকাশ পায়।

সেই প্ৰবন্ধ প্ৰকাশ হোৱাৰ পিছত, এগৰাকী বয়সস্থ ভনীক তাইৰ চুবুৰীয়াৰ মহিলাই লগ পায় ভনী গৰাকীক এইদৰে কৈছিল: “আজিৰ বাতৰিকাকতত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে এখন সুন্দৰ প্ৰবন্ধ প্ৰকাশ পাইছে!” তেতিয়া ভনীগৰাকীয়ে সেই মহিলা গৰাকীক সাক্ষী দিবলৈ সুযোগ পায় আৰু তাইক বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰখন দিলে।

নতুন ৰাজ্যগৃহ সমৰ্পণ উপলক্ষ্যেই লোকসকলে কেৱল যিহোৱাৰ সাক্ষীৰ অহিতে থকা ভুল ধাৰণা বা বিচাৰধাৰাক আঁতৰ কৰাত সহায় কৰে এনে নহয়, তদুপৰি সভালৈ আহিবলৈ বহুতো লোকক আমন্ত্ৰণ কৰিবলৈ প্ৰচাৰকসকলৰ বাবে সুযোগো মুকলি হয়। প্ৰকৃততে ফিনলেণ্ড আৰু আন দেশবোৰত থকা লোকসকলে জানিব পাৰিলে যে ৰাজ্যগৃহৰ দুৱাৰ সকলোৰে বাবে মুকলি হৈ আছে। (w02 11/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক