ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১/১ পৃষ্ঠা ৩২
  • “তুমি ঠিকেই কৈছিলা, জীৱনটো সঁচাকৈ সুন্দৰ!”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তুমি ঠিকেই কৈছিলা, জীৱনটো সঁচাকৈ সুন্দৰ!”
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১/১ পৃষ্ঠা ৩২

“তুমি ঠিকেই কৈছিলা, জীৱনটো সঁচাকৈ সুন্দৰ!”

আপুনি জীৱনটোৰ প্ৰকৃত অৰ্থ জানিবলৈ ইচ্ছা কৰেনে? পʼলেণ্ডৰ এখন চহৰত বাস কৰা ১৮ বছৰীয়া মাগদেলীনা নামৰ এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে হাই স্কুলত পঢ়া কাটাৰজেইনা নামৰ তাইৰ সহপাঠীক এই বিষয়ে জনাত সহায় কৰিছিল। কাটাৰজেইনাই নিজকে নাস্তিক হোৱাৰ পৰিচয় দিছিল, কিন্তু যেতিয়া মাগদেলীনাই তাইক বাইবেলৰ বিষয়ে কʼলে তাই তাৰ প্ৰতি জানিবলৈ অধিক আগ্ৰহী হʼল।

যদিও কাটাৰজেইনাই মাগদেলীনাই বাইবেলৰ পৰা কোৱা বিষয়বোৰক পছন্দ কৰিছিল, কিন্তু তাই সেইবোৰক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাছিল। এবাৰ কাটাৰজেইনাই মাগদেলীনাৰ সৈতে প্ৰকৃত বন্ধুৰ বিষয়ে কথোপকথন কৰি এইদৰে কৈছিল: “তোমাৰ ওচৰত বাইবেল আছে; এতেকে তুমি জানা যে কেনে সিদ্ধান্তবোৰ পালন কৰা আৱশ্যক আৰু কʼত প্ৰকৃত বন্ধু পোৱা যায়। কিন্তু সেইসকলৰ বিষয়ে কি কʼব পাৰি যিসকলে ইয়াৰ এটাও সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে?”

কাটাৰজেইনাই এবাৰ ইংলেণ্ডৰ লণ্ডন চহৰলৈ যাত্ৰা কৰোঁতে তাইৰ জীৱনলৈ এটা মহত্বপূৰ্ণ সময় আহিল। তাই তাত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়লৈ গৈছিল আৰু তাইলৈ দেখুউৱা প্ৰেমপূৰ্ণ ব্যৱহাৰত তাই অতিশয়ৰূপে প্ৰভাৱিত হʼল। তেনে সাধাৰণ পৰিচায়ক কাৰ্য্যই তাইক মাগদেলীনাই কোৱা বিষয়বোৰৰ প্ৰতি অধিক আগ্ৰহী আৰু প্ৰভাৱিত কৰি তুলাৰ দুৱাৰ মুকলি কৰিলে।

যেতিয়া ২০০১ চনৰ ছেপ্টেম্বৰ মাহত স্কুল নতুনকৈ আৰম্ভ হʼল তেতিয়া কাটাৰজেইনাই বাইবেল অধ্যয়ন কৰিবলৈ নিৰ্ণয় কৰিলে। তাই ক্ৰমান্বয়ে বাইবেল সিদ্ধান্তসমূহৰ প্ৰতি মূল্যাঙ্কন কৰিলে আৰু সেই অনুসাৰে জীৱন-যাপন কৰিব ধৰিলে। অলপতে তাই মাগদেলীনাক অন্তৰংগতাৰে এইদৰে কʼলে: “মই ভাবোঁ যে মই এটা নতুন জীৱন আৰম্ভ কৰিছোঁ।” তদুপৰি তাই নিজৰ চেলুলাৰ ফোনৰ দ্বাৰা এইদৰে এটা বাৰ্ত্তা প্ৰেৰণ কৰিলে: “আজিৰ আমাৰ অধ্যয়নৰ বাবে বহুত ধন্যবাদ! তুমি ঠিকেই কৈছিলা, জীৱনটো সঁচাকৈ সুন্দৰ! তদুপৰি এইটো জনাটো অতিশয় অপূৰ্ব যে আমি জীৱনটোৰ বাবে কাক ধন্যবাদ কৰা উচিত।” (w03 1/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক