ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৪/১ পৃষ্ঠা ৩২
  • আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ কৰা হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ কৰা হৈছে
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৪/১ পৃষ্ঠা ৩২

আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ কৰা হৈছে

আজিৰ পৰা প্ৰায় ২০০০ বছৰৰ পূৰ্বেই প্ৰভু যীচু খ্ৰীষ্টই প্ৰভুৰ ভোজ পৰ্ব্ব উদযাপন প্ৰতিষ্ঠিত কৰিছিল, যিটো ইতিহাসৰ আন ঘটনাবোৰতকৈ অধিক গুৰুত্বপূৰ্ণ। কিয়নো এই উদযাপন প্ৰতিষ্ঠিত হোৱাৰ পৰাই লোকসকলক শক্তিশালীৰূপে প্ৰভাৱিত কৰি আহিছে। সেই নিশা হোৱা ঘটনাৰ সম্পৰ্কে শুভবাৰ্ত্তাৰ বৃতান্তবোৰত উল্লেখ কৰা বিৱৰণিবোৰ পঢ়ি বহুতো লোকে প্ৰভাৱিত হৈ বিভিন্ন প্ৰকাৰে প্ৰভুৰ ভোজ পৰ্ব্বক পালন কৰিবলৈ চেষ্টা কৰি আহিছে।

এই প্ৰভুৰ ভোজ পৰ্ব্ব নিয়মিতৰূপে বছৰত এবাৰকৈ পালন কৰিবলৈ যীচু খ্ৰীষ্টই স্বয়ং শিষ্যসকলক আজ্ঞা দিছিল। তেওঁ তেওঁলোকক নিৰ্দিষ্টৰূপে এইদৰে কৈছিল: “মোক সুঁৱৰিবলৈ ইয়াকে কৰা।”—লূক ২২:১৯; ১ কৰিন্থীয়া ১১:২৩-২৫.

অৱশ্যে এই উদযাপনৰ পৰা এজন ব্যক্তিয়ে বাস্তৱতে লাভবান হʼবলৈ ঈশ্বৰৰ বাক্য বাইবেলে প্ৰদান কৰা প্ৰভুৰ ভোজৰ অৰ্থক সঠিককৈ বুজি পোৱা আৱশ্যক। তদুপৰি সেই উদযাপন কেতিয়া আৰু কেনেকৈ পালন কৰা আৱশ্যক এই বিষয়ে বাইবেলে কি কৈছে তাৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ।

যীচুৱে দিয়া আজ্ঞাৰ আজ্ঞাকাৰী হৈ গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে ২০০৩ চনৰ বুধবাৰ, এপ্ৰিল ১৬ তাৰিখে যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস উদযাপন কৰিব। এই উপলক্ষ্যত তেওঁলোকে শাস্ত্ৰৰ পদবোৰ পৰীক্ষা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি থকা বিশ্বাস আৰু প্ৰেমক সুদৃঢ় কৰিব। তেওঁলোকে এইদৰে কয়: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) এই উদযাপনলৈ আপোনাকো আন্তৰিকতাৰে আমন্ত্ৰণ কৰা হৈছে যাতে আপুনি সেই সন্ধ্যা পৰ্ব্বত উপস্থিত হৈ যীচু খ্ৰীষ্ট আৰু স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু বিশ্বাস শক্তিশালী কৰিব পাৰে। (w03 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক