ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৫/১ পৃষ্ঠা ২-৪
  • আপুনি ঈশ্বৰক কি সুধিব বিচাৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰক কি সুধিব বিচাৰিব?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰ, আচলতে আপুনি কোন?
  • কিয় ইমান দুখ-কষ্ট ভুগিবলগীয়া হৈছে?
  • মই কিয় জীয়াই আছোঁ? জীৱনৰ উদ্দেশ্য কি?
  • কিছুমানে কেনেকৈ ঈশ্বৰৰ সম্বন্ধে থকা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিলে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ বিষয়ে সত্যতা কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ নাম কি হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
আৰু চাওক
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৫/১ পৃষ্ঠা ২-৪

আপুনি ঈশ্বৰক কি সুধিব বিচাৰিব?

পৃথিৱীৰ সকলো লোকে জীৱনৰ সম্বন্ধে থকা বহুতো গম্ভীৰ প্ৰশ্নসমূহৰ বিষয়ে বিবেচনা কৰে। আপুনি তেনেদৰে বিবেচনা কৰিছেনে? বহুতে তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ যদিও ধৰ্ম্মীয় গুৰুসকলৰ কাষ চাপিছে, কিন্তু প্ৰকৃততে সন্তুষ্টিদায়ক উত্তৰ পোৱা নাই। অন্যসকলে নিজেই উত্তৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে। আন কিছুমানে উত্তৰ পাবলৈ মাৰ্গদৰ্শন বিচাৰি প্ৰাৰ্থনা কৰিছে। ঈশ্বৰৰ পৰা এনে জটিল প্ৰশ্নবোৰৰ উত্তৰ পোৱাটো আপোনাৰ বাবে সম্ভৱনে? লোকবিলাকে ঈশ্বৰক সুধিব বিচৰা প্ৰশ্নসমূহৰ কিছুমান হৈছে এনেধৰণৰ।

ঈশ্বৰ, আচলতে আপুনি কোন?

লোকসকলে নিজৰ পৰম্পৰা, পূৰ্ব্ব-পূৰুষে মানি অহা ধৰ্ম্ম আৰু সম্ভৱতঃ নিজৰ পছন্দৰ অনুসাৰে ঈশ্বৰৰ বিষয়ে কল্পনা কৰে। কিছুমানে দেৱ-দেৱীবোৰৰ চিনাক্তৰ বাবে নাম ব্যৱহাৰ কৰে বা আনসকলে কেৱল ঈশ্বৰ বুলি কয়। এইটো বাস্তৱতে এটা গম্ভীৰ বিষয়নে? আচলতে এনে এজন সত্য ঈশ্বৰ আছেনে যিজনে নিজৰ আচল পৰিচয় আৰু নামৰ বিষয়ে প্ৰকাশ কৰিছে?

কিয় ইমান দুখ-কষ্ট ভুগিবলগীয়া হৈছে?

যদি এজন ব্যক্তি অবিবেচনাশীল বা অনৈতিক জীৱন-যাপন কৰি শাৰীৰিক পতন অথবা দৰিদ্ৰ হৈ পৰিছে, তেওঁ হয়তো জীৱনৰ অৱস্থাৰ বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। দৰাচলতে তেওঁ তেনে অৱস্থা ভুগিবলগীয়া হোৱাৰ কাৰণৰ বিষয়ে ভালকৈ জানে।

তথাপিও বহুতে কোনো ভুল নকৰাকৈয়ে গম্ভীৰ দুখ-কষ্ট ভুগিবলগীয়া হৈছে। কিছুমানে হয়তো আৰোগ্যহীন ৰোগৰ দ্বাৰা পীড়িত। অন্যসকলে সুবিধাজনক বাসস্থান আৰু পৰিয়ালক ভালদৰে পোহপাল দিবলৈ জীৱনত সংগ্ৰাম কৰিবলগীয়া হৈছে। ইয়াৰ উপৰিও কোটি কোটি লোকে অপৰাধ, যুদ্ধ, হিংসা, প্ৰাকৃতিক দুৰ্যোগ আৰু অধিকাৰীসকলৰ অন্যায়ৰ সম্মুখীন হʼবলগীয়া হৈছে।

সেইবাবে লোকসকলে এনেদৰে সোধে: ‘এনেধৰণৰ পৰিস্থিতি কিয় সকলো ঠাইতে ব্যাপকৰূপে দেখা দিছে? ঈশ্বৰে কিয়ে তেনেদৰে হʼবলৈ অনুমতি দিছে?’

মই কিয় জীয়াই আছোঁ? জীৱনৰ উদ্দেশ্য কি?

দৈনন্দিন কাৰ্য্যৰ দ্বাৰা সন্তুষ্টি লাভ কৰাত বিফল হোৱাৰ বাবে এজনৰ মনত প্ৰায়ে তেনে প্ৰশ্ন ভাহি উঠে আৰু প্ৰকৃততে কʼবলৈ গʼলে বহুতো লোকে সেই একেইদৰে বিবেচনা কৰে। লাখ লাখ লোকে বিশ্বাস কৰে যে ঈশ্বৰে সকলোৰে ভাগ্য নিৰ্দ্ধাৰিত কৰি দিছে। প্ৰকৃততে এইটো সঁচানে? যদি ঈশ্বৰে আপোনাক কোনো বিশেষ কাৰ্য্যৰ বাবে বাছি লৈছে তেন্তে আপুনি নিশ্চয়ে তাৰ বিষয়ে জানিবলৈ বিচাৰিব।

পৃথিৱীত থকা সকলোবোৰ পুথি বা কিতাপৰ ভিতৰত কেৱল এখন কিতাপক ঈশ্বৰ-প্ৰেৰণা দ্বাৰা লিখা হৈছে। যদি আপুনি মানৱজাতিৰ বাবে থকা ঈশ্বৰৰ বাৰ্ত্তাক পঢ়িবলৈ বিচাৰিছে তেন্তে সেই কিতাপখনত পাব পাৰে। সেই কিতাপখন আনবোৰ কিতাপতকৈ অধিক ভাষাত লিখা হৈছে। এই কিতাপখন হৈছে পবিত্ৰ বাইবেল। ইয়াত পৃথিৱী আৰু আকাশ-মণ্ডলৰ সৃষ্টিকৰ্ত্তাজনে স্বয়ং তেওঁ কোন আৰু তেওঁৰ নাম কি, তাৰ বিষয়ে প্ৰকাশ কৰিছে। আপুনি সেই নামটো জানেনে? তেওঁৰ কেনেধৰণৰ ব্যক্তিত্ব আছে তাক আপুনি জানেনে? তদুপৰি তেওঁ আপোনাৰ পৰা কি বিচাৰে, তাৰ বিষয়ে জানেনে? (w03 5/1)

[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

বেটুপাত: Chad Ehlers/Index Stock Photography

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

পৰ্ব্বতমালা: Chad Ehlers/Index Stock Photography

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক