এক অধ্যায়
ঈশ্বৰ কোন হয়?
১, ২. লোকসকলে প্ৰায়ে কি প্ৰশ্ন সোধে?
ল’ৰা-ছোৱালীয়ে বহুতো প্ৰশ্ন সোধে। আপুনি যিমানেই সিহঁতক নুবুজাওক কিয়, কিন্তু সিহঁতে পুনৰ সোধে,‘কিয়?’
২ কেৱল ল’ৰা-ছোৱালীৰহে প্ৰশ্ন থাকে এনে নহয়, আমাৰ ডাঙৰ সকলৰো প্ৰশ্ন থাকে। হয়তো আমি খোৱা-বোৱা বা কিনাৰ ক্ষেত্ৰত প্ৰশ্ন কৰোঁ। ইয়াৰ উপৰিও আমাৰ জীৱন আৰু ভৱিষ্যতক লৈ আমাৰ মনলৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে। কিন্তু যেতিয়া ইয়াৰ সঠিক উত্তৰ বিচাৰি নাপাওঁ, তেতিয়া আমি ইয়াৰ উত্তৰ বিচাৰিবলৈ এৰি দিওঁ।
৩. বহুতোলোকে কিয় ভাবে যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ পাব নোৱাৰি?
৩ এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পোৱা যাবনে? কিছুমানে ভাবে, ‘নোৱাৰি! কিয়নো ইয়াৰ উত্তৰ কেৱল ঈশ্বৰৰ ওচৰতহে আছে আৰু আমি মানুহে তেওঁক সোধাৰ কোনো অধিকাৰ নাই।’ কিছুমান লোকে ভাবে, ‘এই প্ৰশ্নবোৰৰ উত্তৰ কেৱল ধৰ্ম গুৰুসকলেহে জানে।’ কিছুমানে ভয় কৰে, যদি তেওঁলোকে প্ৰশ্ন সোধে, তেতিয়া হয়তো আনে তেওঁলোকক হাঁহিব পাৰে। এই বিষয়ে আপুনি কি ভাবে?
৪, ৫. (ক) আপুনি এনে কি কি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে? (খ) ইয়াৰ উত্তৰবোৰ আপুনি কিয় বিচাৰি থকা উচিত?
৪ আপুনি হয়তো এই প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰে। মোৰ জীৱনৰ উদ্দেশ্য কি? মৃত্যুৰ পাছত কি হয়? ঈশ্বৰ দেখিবলৈ কেনেকুৱা? এজন মহান শিক্ষক যীচুৱে এইদৰে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব; বিচাৰা তেহে পাবা; টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব।” (মথি ৭:৭) সেইবাবে, যেতিয়ালৈকে আপোনাৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ বিচাৰি নাপায়, তেতিয়ালৈকে আপুনি বিচাৰি থাকক।
৫ কিন্তু আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ ক’ত বিচাৰি পাব? পবিত্ৰ শাস্ত্ৰ বাইবেলত। (হিতোপদেশ ২:১-৫) ইয়াৰ উত্তৰবোৰ বুজিবলৈ কঠিন নহয়। ইমানেই নহয়, এই উত্তৰবোৰে আপোনাৰ জীৱনলৈ প্ৰকৃত আনন্দ আৰু ভৱিষ্যতৰ বাবে উজ্জ্বল আশা কঢ়িয়াই আনিব। আহক এতিয়া এনে এটা প্ৰশ্নৰ ওপৰত মনোযোগ দিওঁ, যিয়ে বহুতোলোকক চিন্তিত কৰি তুলিছে।
ঈশ্বৰে আমাৰ যত্ন লয়নে বা তেওঁ নিষ্ঠুৰনে?
৬. বহুতোলোকে কিয় ভাবে যে ঈশ্বৰে আমাৰ যত্ন নলয়?
৬ বহুতোলোকে ভাবে যে ঈশ্বৰে আমাৰ যত্ন নলয়। তেওঁলোকে ভাবে যে যদি ঈশ্বৰে আমাৰ যত্ন লোৱাহেঁতেন, আজি জগতৰ পৰিস্থিতি এনে নহ’লহেঁতেন। চাৰিওফালে যুদ্ধ, এজনে-আনজনৰ প্ৰতি ঘৃণা আৰু সমস্যাৰে ভৰি আছে। লোকসকলৰ বেমাৰ, দুখ-কষ্ট আৰু মৃত্যু হয়। সেইবাবে, কিছুমান লোকে ভাবে, ‘যদি ঈশ্বৰে সঁচাকৈ আমাৰ যত্ন লয়, তেনেহ’লে তেওঁ কিয় এই দুখ-কষ্টবোৰ দূৰ কৰা নাই?’
৭. (ক) ধৰ্ম গুৰুসকলে, ঈশ্বৰ নিষ্ঠুৰ হয় বুলি কেনেকৈ শিকায়? (খ) আমি কিয় বিশ্বাস কৰিব পাৰোঁ যে বেয়া ঘটনাবোৰৰ বাবে ঈশ্বৰ দায়ী নহয়?
৭ ইয়াৰ উপৰিও কেতিয়াবা ধৰ্ম গুৰুসকলে শিকায় যে ঈশ্বৰ নিষ্ঠুৰ হয় আৰু ইয়াক লোকসকলে বিশ্বাস কৰে। যেতিয়া কিবা দুৰ্ঘটনা ঘটে, তেতিয়া ধৰ্ম গুৰুসকলে কয়, এয়া ঈশ্বৰৰ ইচ্ছা। এইদৰে তেওঁলোকে সকলো সমস্যাৰ বাবে ঈশ্বৰক দায়ী কৰে। কিন্তু বাইবেলে শিকায় যে ঈশ্বৰ কেতিয়াও বেয়া ঘটনাৰ বাবে দায়ী নহয়। যাকোব ১:১৩ পদত উল্লেখ আছে, “কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” ইয়াৰপৰা বুজিব পাৰি যে বেয়া ঘটনাবোৰৰ বাবে ঈশ্বৰ কেতিয়াও দায়ী নহয়। কিন্তু এয়া সত্য যে তেওঁ বেয়া ঘটনাবোৰ হ’বলৈ বাধা নিদিয়ে। তেনেহ’লে ইয়াৰ অৰ্থ এয়া নেকি যে বেয়া কাৰ্য্যৰ বাবে ঈশ্বৰ দায়ী হয়? নহয়! (ইয়োব ৩৪:১০-১২ পঢ়ক।) ইয়াক বুজিবলৈ আহক আমি এটা উদাহৰণ চাওঁ।
৮, ৯. আমাৰ সমস্যাবোৰৰ বাবে আমি কিয় ঈশ্বৰক দায়ী কৰিব নোৱাৰোঁ? এটা উদাহৰণ দিয়ক।
৮ এটা পৰিয়ালত এটি ল’ৰা আছে আৰু ল’ৰাজনৰ দেউতাকে তাক বহুত মৰম কৰে। তেওঁ ল’ৰাজনক জীৱনত সঠিক নিৰ্ণয় ল’বলৈ শিকালে। কিন্তু এদিন ল’ৰাজনে দেউতাকৰ বিৰোধ কৰি ঘৰ এৰি গুচি যায়। সি বেয়াতকৈ বেয়া কামত লিপ্ত হৈ নিজকে বিপদত পেলায়। ইয়াৰ বাবে আপুনি ল’ৰাজনৰ দেউতাকক দোষ দিবনে যে তেওঁ ল’ৰাজনক বাধা নিদিলে? কেতিয়াও নিদিয়ে! (লূক ১৫:১১-১৩) ঠিক সেইদৰে, যেতিয়া লোকসকলে ঈশ্বৰৰ বিৰোধ কৰিলে আৰু বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া ঈশ্বৰেও তেওঁলোকক বাধা নিদিলে। সেইবাবে, আমি মনত ৰখা উচিত যে যেতিয়া কিবা বেয়া ঘটনা ঘটে, তাৰ বাবে ঈশ্বৰ দায়ী নহয়। তেওঁক দায়ী কৰাটো ভুল হ’ব।
৯ ঈশ্বৰে কিয় বেয়া ঘটনাবোৰ হ’বলৈ বাধা নিদিয়ে, ইয়াৰ এটা কাৰণ আছে। ইয়াৰ কাৰণ বাইবেলত উল্লেখ কৰিছে আৰু ইয়াৰ বিষয়ে আমি এই কিতাপৰ ১১ অধ্যায়ত শিকিবলৈ পাম। কিন্তু আপুনি বিশ্বাস কৰিব পাৰে যে ঈশ্বৰে আপোনাৰ যত্ন লয় আৰু তেওঁ আমাৰ সমস্যাবোৰৰ বাবে দায়ী নহয়। ইয়াৰ পৰিৱৰ্তে, কেৱল তেৱেঁই আমাৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰে।—যিচয়া ৩৩:২.
১০. আমি কিয় ভৰসা কৰিব পাৰোঁ যে দুষ্ট লোকসকলে যি ক্ষতি কৰিছে, ঈশ্বৰে তাক ঠিক কৰিব?
১০ ঈশ্বৰ পবিত্ৰ। (যিচয়া ৬:৩) তেওঁ যি কাৰ্য্য কৰে সেয়া সিদ্ধ আৰু সঠিক। সেইবাবে, আমি ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ। কিন্তু মানুহ তেনেকুৱা নহয়, তেওঁলোকে বহুতো বেয়া কাম কৰে। যদিও এজন নেতা সদাচাৰ, তথাপিও তেওঁৰ হাতত শক্তি নাই যে জগতৰ দুষ্ট মানুহে কৰা ক্ষতিবোৰ পূৰ কৰিব পাৰে। আনহাতে ঈশ্বৰ শক্তিশালী, তেওঁৰ ওচৰত অসীম শক্তি আছে। সেইবাবে, তেওঁ সকলো ধৰণৰ ক্ষতি পূৰ কৰিব পাৰে।—গীতমালা ৩৭:৯-১১ পঢ়ক।
লোকসকলৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?
১১. আপোনাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?
১১ জগতৰ পৰিস্থিতি আৰু আপোনাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে? বাইবেলে শিকায় যে তেওঁ “ন্যায়-বিচাৰ ভাল পায়।” (গীতমালা ৩৭:২৮) কাৰো লগত অন্যায় হোৱাটো তেওঁ নিবিচাৰে। সেইবাবে, যেতিয়া লোকসকলৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া লোকসকলৰ কষ্ট দেখি ঈশ্বৰকো দুখ লাগে। বাইবেলে উল্লেখ কৰিছে যে প্ৰাচীন সময়ত যেতিয়া পৃথিৱী দুষ্টতাৰে ভৰি পৰিছিল, তেতিয়া এইবোৰ দেখি ঈশ্বৰৰ “মনত বিষাদ” লাগিল। (আদিপুস্তক ৬:৫-৭) ঈশ্বৰ আজিও সলনি হোৱা নাই। (মলাখী ৩:৬) বাইবেলে উল্লেখ কৰিছে যে তেওঁ সঁচাকৈ আপোনাৰ যত্ন লয়।—১ পিতৰ ৫:৭ পঢ়ক।
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰেমময় সৃষ্টিকৰ্তা বুলি বাইবেলে শিকায়
১২, ১৩. (ক) জগতত হৈ থকা দুখ-কষ্ট দেখি আমি কেনে অনুভৱ কৰোঁ আৰু কিয়? (খ) ঈশ্বৰে দুখ-কষ্ট আৰু অন্যায় দূৰ কৰিব বুলি আমি কিয় নিশ্চিত হ’ব পাৰোঁ?
১২ বাইবেলত উল্লেখ আছে যে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰিছে। (আদিপুস্তক ১:২৬) ইয়াৰ অৰ্থ হৈছে যে ঈশ্বৰৰ যি ভাল গুণবোৰ আছে, সেই গুণবোৰ ঈশ্বৰে আমাকো দিছে। সেইবাবে, নিৰ্দোষী ব্যক্তিৰ লগত অন্যায় হৈ থকা দেখিলে আপোনাক বেয়া লাগে। যদি এইবোৰ দেখি আমাক বেয়া লাগে, তেনেহ’লে ঈশ্বৰক বেয়া নালাগিবনে?
১৩ বাইবেলত উল্লেখ কৰিছে যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) ঈশ্বৰে প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলো কাৰ্য্য কৰে। সেইবাবে, আমি প্ৰেম কৰোঁ কিয়নো ঈশ্বৰে প্ৰেম কৰে। কল্পনা কৰকচোন: যদি আপোনাৰ শক্তি থাকে, তেন্তে আপুনি এই জগতত হৈ থকা দুখ-কষ্ট আৰু অন্যায়বোৰ দূৰ নকৰিবনে? ঈশ্বৰৰ শক্তি আছে আৰু তেওঁ আমাক প্ৰেম কৰে। গতিকে, তেওঁ সকলো দুখ-কষ্ট আৰু অন্যায় দূৰ কৰিব। এই কিতাপখনৰ আৰম্ভণিত উল্লেখ কৰিছে যে ঈশ্বৰৰ প্ৰতিটো প্ৰতিজ্ঞা নিশ্চয় পূৰ হ’ব! কিন্তু এই প্ৰতিজ্ঞাবোৰৰ ওপৰত বিশ্বাস কৰিবলৈ আপুনি ঈশ্বৰৰ বিষয়ে অধিক জনাৰ প্ৰয়োজন আছে।
আমি ঈশ্বৰক জনাটো তেওঁ বিচাৰে
আপুনি যদি কাৰোবাৰ বন্ধু হ’ব বিচাৰে, তেনেহ’লে আপোনাৰ নামটো জনাওক। ঈশ্বৰে নিজৰ নামটো বাইবেলত উল্লেখ কৰিছে
১৪. (ক) ঈশ্বৰৰ নাম কি? (খ) আমি কিয় তেওঁৰ নাম ব্যৱহাৰ কৰা উচিত?
১৪ যদি আপুনি কাৰোবাৰ বন্ধু হ’ব বিচাৰে, তেনেহ’লে প্ৰথমে আপুনি তেওঁক কি কোৱাৰ প্ৰয়োজন? নিশ্চয়, আপোনাৰ নাম। তেনেহ’লে ঈশ্বৰৰ এটা নাম আছেনে? বহুতো ধৰ্মই শিকায় যে ঈশ্বৰৰ নাম হৈছে “ঈশ্বৰ” বা “প্ৰভু।” কিন্তু এয়া ঈশ্বৰৰ নাম নহয়। এয়া কেৱল উপাধিহে, যেনে “ৰজা” বা “প্ৰধানমন্ত্ৰী।” ঈশ্বৰে আমাক শিকায় যে তেওঁৰ নাম হৈছে “যিহোৱা।” গীতমালা ৮৩:১৮ পদত উল্লেখ আছে, “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” বাইবেলত ঈশ্বৰৰ নাম হাজাৰ হাজাৰ বাৰ উল্লেখ আছে। আপুনি যিহোৱাৰ নাম জনাটো আৰু ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে। ঈশ্বৰে আপোনাক নিজৰ নাম জনাইছে, যাতে আপুনি তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰে।
১৫. “যিহোৱা” নামৰ অৰ্থ কি?
১৫ “যিহোৱা” নামৰ গভীৰ অৰ্থ আছে। এই নামৰ অৰ্থ হৈছে, তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা আৰু উদ্দেশ্য পূৰ কৰিব পাৰে। কোনেও তেওঁক এনে কৰিবলৈ বাধা দিব নোৱাৰে। এই নাম ধাৰণ কৰিবলৈ কেৱল তেওঁৰহে অধিকাৰ আছে।a
১৬, ১৭. এই উপাধিবোৰৰ অৰ্থ কি: (ক) “সৰ্ব্বশক্তিমান”? (খ) “চিৰস্থায়ী ৰজা”? (গ) ‘সৃষ্টিকৰ্তা’?
১৬ গীতমালা ৮৩:১৮ পদত যিহোৱাৰ বিষয়ে এইদৰে উল্লেখ আছে, “অকল তুমিয়েই . . . সৰ্ব্বোপৰি জনা।” ইয়াৰ উপৰিও বাইবেলত যিহোৱাৰ বাবে আৰু বহুতো উপাধি ব্যৱহাৰ কৰা হৈছে। যেনেকৈ প্ৰকাশিত বাক্য ১৫:৩ পদত উল্লেখ আছে, “হে সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম্ম মহৎ আৰু আচৰিত; হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য।” “সৰ্ব্বশক্তিমান,” এই উপাধিৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে, গোটেই পৃথিৱীত তেৱেঁই একমাত্ৰ শক্তিশালী। তেওঁৰ লগত কাৰো তুলনা কৰিব নোৱাৰি। “চিৰস্থায়ী ৰজা,” এই উপাধিৰ অৰ্থ হৈছে, তেৱেঁই কেৱল অনাদি কালৰপৰা অস্তিত্বত আছে। গীতমালা ৯০:২ পদত এইদৰে উল্লেখ আছে, তেওঁ অনাদি কালৰপৰা অনন্ত কাললৈকে তেৱেঁই ঈশ্বৰ। এয়া এক আচৰিত বিষয় নহয়নে!
১৭ যিহোৱাৰ আন এক উপাধি হৈছে সৃষ্টিকৰ্তা, কিয়নো তেৱেঁই সকলো সৃষ্টি কৰিছে। প্ৰকাশিত বাক্য ৪:১১ পদত এইদৰে উল্লেখ আছে, “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” সঁচাকৈ, স্বৰ্গত থকা স্বৰ্গদূতেই হওক, আকাশত তিৰবিৰাই থকা তৰাই হওক, গছত লগা ফল-ফুলেই হওক বা সমুদ্ৰত থকা মাছেই নহওক কিয় এই সকলো যিহোৱাই সৃষ্টি কৰিছে।
আপুনি যিহোৱাৰ বন্ধু হ’ব পাৰেনে?
১৮. (ক) কিছুমান লোকে কিয় ভাবে যে তেওঁ কেতিয়াও ঈশ্বৰৰ বন্ধু হ’ব নোৱাৰে? (খ) বাইবেলে ইয়াৰ বিষয়ে কি শিকায়?
১৮ কিছুমান লোকে যেতিয়া যিহোৱাৰ এই গুণবোৰৰ বিষয়ে পঢ়ে, তেতিয়া তেওঁলোকে ভয় খায়। তেওঁলোকে ভাবে, ‘ঈশ্বৰ ইমান শক্তিশালী আৰু মহান আৰু মোৰপৰা ইমান দূৰৈত আছে, তেওঁ কিয় মোৰ বিষয়ে চিন্তা কৰিব?’ কিন্তু আমি এনেদৰে ভবাটো ঈশ্বৰে বিচাৰেনে? কেতিয়াও নিবিচাৰে। যিহোৱাই আমাৰ কাষত থাকিব বিচাৰে। বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰ “আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) আপুনি ঈশ্বৰৰ কাষত থকাটো তেওঁ বিচাৰে আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে যে ‘তেৱোঁ আমাৰ ওচৰলৈ চাপিব।’—যাকোব ৪:৮.
১৯. (ক) আপুনি যিহোৱাৰ বন্ধু কেনেকৈ হ’ব পাৰিব? (খ) যিহোৱাৰ কোনটো গুণ আপুনি আটাইতকৈ বেছি ভাল পায়?
১৯ আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে? যীচুৱে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) যিহোৱাৰ বিষয়ে শিকি থাকিলে, আপুনি তেওঁক জানিব পাৰিব আৰু অনন্ত জীৱন লাভ কৰিব। উদাহৰণস্বৰূপে, আমি শিকিলোঁ যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:১৬) কিন্তু প্ৰেমৰ উপৰিও তেওঁৰ আৰু বহুতো ভাল গুণ আছে। বাইবেলে উল্লেখ কৰিছে যে “যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।” (যাত্ৰাপুস্তক ৩৪:৬) যিহোৱা “মঙ্গলময় আৰু ক্ষমাৱান।” (গীতমালা ৮৬:৫) তেওঁ বিশ্বাসী আৰু “দীৰ্ঘ-সহিষ্ণু।” (২ পিতৰ ৩:৯; ১ কৰিন্থীয়া ১:৯) আপুনি যেতিয়া বাইবেল পঢ়িবলৈ আৰম্ভ কৰিব, তেতিয়া যিহোৱাৰ এই আকৰ্ষণীয় গুণবোৰ আৰু বেছিকৈ জানিব পাৰিব।
২০-২২. (ক) যদি আমি ঈশ্বৰক দেখা নাপাওঁ, তেনেহ’লে আমি কেনেকৈ তেওঁৰ কাষ চাপিব পাৰিম? (খ) যদি আপোনাক কোনোবাই বাইবেল অধ্যয়ন কৰিবলৈ বাধা দিয়ে, তেতিয়া আপুনি কি কৰা উচিত?
২০ যদি আপুনি ঈশ্বৰক দেখা নাপায়, তেনেহ’লে আপুনি কেনেকৈ তেওঁৰ কাষ চাপিব পাৰিব? (যোহন ১:১৮; ৪:২৪; ১ তীমথিয় ১:১৭) আপুনি যেতিয়া বাইবেলত যিহোৱাৰ বিষয়ে পঢ়িব, তেতিয়া আপুনি জানিব পাৰিব যে তেওঁ কেনেকুৱা ঈশ্বৰ হয়, তেওঁৰ কি কি গুণ আছে। (গীতমালা ২৭:৪; ৰোমীয়া ১:২০) আপুনি যিমানেই যিহোৱাৰ বিষয়ে শিকিব, সিমানেই তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু ঈশ্বৰ আপোনাৰ কাষত থকা যেন অনুভৱ কৰিব।
এজন পিতৃয়ে নিজৰ সন্তানক যিমান প্ৰেম কৰে, তাতকৈ বেছি আমাৰ স্বৰ্গত থকা পিতৃয়ে আমাক প্ৰেম কৰে
২১ যিহোৱা আমাৰ পিতৃ হয় বুলি আপুনি জানিব পাৰিব। (মথি ৬:৯) তেওঁ কেৱল আমাক জীৱন দিছে এনে নহয়, কিন্তু আমি এটা ভাল জীৱন-যাপন কৰাটো তেওঁ বিচাৰে। ঠিক সেইদৰে, এজন মৰমিয়াল পিতৃয়েও নিজৰ সন্তানৰ বাবে এনে বিচাৰে। (গীতমালা ৩৬:৯) বাইবেলে শিক্ষা দিয়ে যে আপুনি যিহোৱাৰ বন্ধু হ’ব পাৰে। (যাকোব ২:২৩) কল্পনা কৰকচোন, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা যিহোৱা ঈশ্বৰে বিচাৰে যে আপুনি তেওঁৰ বন্ধু হওক!
২২ কিছুমান লোকে আপোনাৰ বাইবেল অধ্যয়ন বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰে। হয়তো তেওঁলোকে ভাবিব পাৰে যে আপুনি নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছে। কিন্তু থিৰাং কৰক যে কোনেও আপোনাক যিহোৱাৰ বন্ধু হোৱাত বাধা দিব নোৱাৰে, কিয়নো তেওঁতকৈ ভাল বন্ধু আৰু কোনেও হ’ব নোৱাৰে!
২৩, ২৪. (ক) আপুনি কিয় প্ৰশ্ন সুধি থকা উচিত? (খ) পৰৱৰ্তী অধ্যায়ত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
২৩ বাইবেল অধ্যয়ন কৰি থাকোতে, হয়তো কিছুমান বিষয় আপোনাক বুজিবলৈ কঠিন হ’ব পাৰে। কিন্তু নজনা কথাৰ বিষয়ে সুধিবলৈ কেতিয়াও সংকোচ নকৰিব। যীচুৱে কৈছিল যে আমি সৰু ল’ৰা-ছোৱালীৰ দৰে নম্ৰ হোৱা উচিত। (মথি ১৮:২-৪) সৰু ল’ৰা-ছোৱালীয়ে বহুতো প্ৰশ্ন সোধে। আপুনিও প্ৰশ্নৰ উত্তৰ বিচৰাটো ঈশ্বৰে বিচাৰে। সেইবাবে, আপুনি বাইবেলখন ভালদৰে অধ্যয়ন কৰক, যাতে আপুনি যি শিকিছে সেয়া সত্য হয় নে নহয় তাক বুজিব পাৰিব।—পাঁচনিৰ কৰ্ম্ম ১৭:১১ পঢ়ক।
২৪ আপুনি যিহোৱাৰ বিষয়ে শিকাৰ একমাত্ৰ উপায় হৈছে বাইবেল অধ্যয়ন কৰা। বাইবেলখন এই পৃথিৱীৰ সকলো কিতাপতকৈ কিয় পৃথক, ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।