পাঠ ২
ঈশ্বৰ কোন হয়?
১. ঈশ্বৰক আমি কিয় উপাসনা কৰা উচিত?
আকাশ আৰু পৃথিৱীত থকা সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা হৈছে ঈশ্বৰ। তেওঁৰ কোনো আৰম্ভণি বা অন্ত নাই। (গীতমালা ৯০:২) বাইবেলত উল্লেখ থকা সকলো ভাল খবৰৰ উৎস হৈছে ঈশ্বৰ। (১ তীমথিয় ১:১১) জীৱনৰ উৎস হৈছে ঈশ্বৰ আৰু সেইবাবে আমি কেৱল তেওঁকহে উপাসনা কৰা উচিত।—প্ৰকাশিত বাক্য ৪:১১ পঢ়ক।
২. বাইবেলে ঈশ্বৰৰ বিষয়ে কি বৰ্ণনা কৰিছে?
ঈশ্বৰ আত্মা হয় আৰু সেইবাবে আজিলৈকে তেওঁক কোনেও দেখা নাই। মানুহৰ যেনেকৈ শৰীৰ থাকে, ঈশ্বৰৰ তেনেকৈ নাথাকে। তেওঁ মানুহতকৈ শ্ৰেষ্ঠ। (যোহন ১:১৮; ৪:২৪) কিন্তু সৃষ্টিৰপৰা আমি ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰোঁ। উদাহৰণস্বৰূপে, ঈশ্বৰে বিভিন্ন ধৰণৰ ফল-মূল বা ফুলৰ সৃষ্টি কৰিছে। এইবোৰৰ যোগেদি আমি তেওঁৰ প্ৰেম আৰু প্ৰজ্ঞা দেখিবলৈ পাওঁ। বিশ্বব্ৰহ্মাণ্ডৰ বিশাল আকাৰে ঈশ্বৰৰ শক্তিৰ প্ৰমাণ দিয়ে।—ৰোমীয়া ১:২০ পঢ়ক।
বাইবেল পঢ়াৰ যোগেদি আমি ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰোঁ। উদাহৰণস্বৰূপে, বাইবেলত উল্লেখ আছে যে ঈশ্বৰে কি ভাল পায় আৰু কি বেয়া পায়। ইয়াৰ উপৰিও, তেওঁ লোকসকলৰ লগত কেনেদৰে আচৰণ কৰে আৰু বিভিন্ন পৰিস্থিতিত কেনে প্ৰতিক্ৰিয়া দেখুৱাই তাৰ বিষয়েও উল্লেখ আছে।—গীতমালা ১০৩:৭-১০ পঢ়ক।
৩. ঈশ্বৰৰ নাম কি?
যীচু খ্ৰীষ্টই কৈছিল, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক।” (মথি ৬:৯) ঈশ্বৰৰ বহুতো উপাধি আছে কিন্তু তেওঁৰ কেৱল এটাহে নাম। বিভিন্ন ভাষাত ঈশ্বৰৰ নাম বেলেগ বেলেগ ধৰণে উচ্ছাৰণ কৰে। অসমীয়া ভাষাত ঈশ্বৰৰ নাম “যিহোৱা” বুলি উচ্ছাৰণ কৰা হয়।—গীতমালা ৮৩:১৮ পঢ়ক।
বহুতো বাইবেলত ঈশ্বৰৰ নামৰ সলনি প্ৰভু বা ঈশ্বৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু বাইবেলখন লিখাৰ সময়ত, প্ৰায় ৭,০০০ বাৰ ঈশ্বৰৰ নাম উল্লেখ কৰা হৈছিল। যীচু খ্ৰীষ্টই এই পৃথিৱীত থাকোঁতে তেওঁ ঈশ্বৰৰ নামৰ বিষয়ে লোকসকলক জনাইছিল।—যোহন ১৭:২৬ পঢ়ক।
৪. যিহোৱা ঈশ্বৰে আমাৰ যত্ন লয় নে?
এজন মৰমিয়াল পিতৃৰ দৰে, ঈশ্বৰে আমাৰ ভালৰ বাবে কাম কৰে
বৰ্তমান সময়ত হৈ থকা দুখ-কষ্টবোৰৰ অৰ্থ এয়ে নেকি যে ঈশ্বৰে আমাৰ বিষয়ে চিন্তা নকৰে? কিছুমান লোকে দাবী কৰে যে দুখ-কষ্টবোৰৰ যোগেদি ঈশ্বৰে আমাৰ পৰীক্ষা লয়। কিন্তু প্ৰকৃততে সেই কথা সত্য নহয়।—যাকোব ১:১৩ পঢ়ক।
ঈশ্বৰে মানুহক নিজৰ নিৰ্ণয় নিজে লোৱাৰ অধিকাৰ দিছে। তেওঁক আমি উপাসনা কৰোঁ নে নকৰোঁ, এনে স্বতন্ত্ৰতা দিয়াৰ বাবে আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ নহওঁনে? (যিহোচূৱা ২৪:১৫) কিন্তু আজি বহুতো লোকে বেয়া কামত লিপ্ত হৈছে আৰু পৰিণামস্বৰূপে দুখ-কষ্ট বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। এনে বেয়া কাৰ্য্যবোৰ দেখি যিহোৱা ঈশ্বৰৰ মনত বেজাৰ লাগে।—আদিপুস্তক ৬:৫, ৬ পঢ়ক।
যিহোৱা ঈশ্বৰে আমাৰ যত্ন লয়। আমি জীৱনত আনন্দ উপভোগ কৰাটো তেওঁ বিচাৰে। অতি সোনকালে ঈশ্বৰে দুখ-কষ্ট আৰু বেয়া কামত লিপ্ত হোৱা লোকসকলক অন্ত কৰিব। বৰ্তমান সময়ছোৱাত আমাৰ চাৰিওফালে দুখ-কষ্ট দেখিবলৈ পোৱা যায়। কিন্তু ঈশ্বৰে এনেকৈ হʼবলৈ অনুমতি দিয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে। সেই কাৰণটোনো কি তাৰ বিষয়ে আমি ৮ অধ্যায়ত শিকিবলৈ পাম।—২ পিতৰ ২:৯; ৩:৭, ১৩ পঢ়ক।
৫. আমি কেনেকৈ ঈশ্বৰৰ ওচৰ চাপিব পাৰোঁ?
যিহোৱা ঈশ্বৰে আমাক প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ ওচৰ চাপিবলৈ আহ্বান কৰিছে। ঈশ্বৰে সকলোৰে বিষয়ে চিন্তা কৰে। (গীতমালা ৬৫:২; ১৪৫:১৮) আমাৰ পাপবোৰ ক্ষমা কৰিবলৈ তেওঁ সাজু আছে। কেতিয়াবা কেতিয়াবা আমি তেওঁক প্ৰশংসা কৰিবলৈ ব্যৰ্থ হওঁ, কিন্তু আমাৰ যি প্ৰচেষ্টা তেওঁ তাক লক্ষ্য কৰে। গতিকে আমি মনত ৰখা উচিত যে আমাৰ অসিদ্ধতাৰ সত্ত্বেও আমি ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ।—গীতমালা ১০৩:১২-১৪; যাকোব ৪:৮ পঢ়ক।
যিহোৱা ঈশ্বৰ আমাৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে আমি তেওঁকহে বেছি ভালপোৱা উচিত। (মাৰ্ক ১২:৩০) ঈশ্বৰৰ বিষয়ে শিকা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেদি আপুনি তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম দেখুৱাবলৈ সক্ষম হʼব।—১ তীমথিয় ২:৪; ১ যোহন ৫:৩ পঢ়ক।