ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৯/১ পৃষ্ঠা ৩-৪
  • কেৱল এটাই ‘সত্য ধৰ্ম্ম’ আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কেৱল এটাই ‘সত্য ধৰ্ম্ম’ আছেনে?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • “সঠিক অৰ্থত গীৰ্জা বুলি বিবেচনা কৰা নহয়”
  • আপুনি কোনটো ধৰ্ম্মৰ, এই বিষয়টো বাস্তৱতে ভাবিবলগীয়ানে?
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৯/১ পৃষ্ঠা ৩-৪

কেৱল এটাই ‘সত্য ধৰ্ম্ম’ আছেনে?

“যিদৰে খ্ৰীষ্টৰ এটা শৰীৰ, এজনী কইনা আছে: ‘তেনেদৰে কেথলিক আৰু পাঁচনিবিলাকৰ এটা গীৰ্জা আছে।’”—দমিনাচ্‌ য়েচুছ

“সঠিক অৰ্থত গীৰ্জা বুলি বিবেচনা কৰা নহয়”

যোচেফ ৰেটজিনজাৰ নামৰ এজন জাৰ্মান ব্যক্তিয়ে নিজৰ গীৰ্জাত দিয়া এটা ভাষণত এইদৰে কয় যে কেৱল এটাই সত্য ধৰ্ম্ম থাকিব পাৰে। তেওঁ কোৱা সেই ধৰ্ম্মটো হৈছে “খ্ৰীষ্টই স্থাপিত কৰা একমাত্ৰ ধৰ্ম্ম, যিটো কেথলিক ধৰ্ম্ম নামেৰে জনা যায়।” যদিও দ্বিতীয় পোপ জন পৌলে দমিনাচ্‌ য়েচুছ দলীলনামাখনত “আন ধৰ্ম্মক নিম্ন জ্ঞান বা অসন্মান নকৰিবলৈ” উল্লেখ কৰা হৈছে বুলি জোৰ দি কয়, কিন্তু প্ৰটেষ্টান্ট গীৰ্জাৰ ধৰ্ম্মগুৰুসকলে সেই জাৰিনামাৰ প্ৰতি কঠোৰভাৱে সমালোচনা কৰে। উদাহৰণস্বৰূপে, জুন মাহৰ ২০০১ চনত উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্ট্‌ৰ প্ৰেচবেটেৰীয়ানত অনুষ্ঠিত হোৱা সাধাৰণ সভাত এজন পৰিচাৰকে কয় যে সেই দলীলনামাখন হৈছে “শক্তিশালী ৰোমান কেথলিক গীৰ্জাৰ দ্বাৰা লিখিত, . . . যিটোক দ্বিতীয় ভেটিকান কাউনচিলে প্ৰবিষ্ট কৰা বহল মনোবৃত্তিয়ে অৰ্থহীনভাৱে ভয়ভিত কৰি তুলিছে।”

আয়াৰলেণ্ডত থকা এখন গীৰ্জাৰ ৰবিন ইমেচ্‌ নামৰ এজন বিশ্বপে এইদৰে কয় যে যদি সেই দলীলনামাখন “দ্বিতীয় ভেটিকানৰ সম্মুখত কেথলিক ভাৱধাৰাক সংশোধন কৰিবলৈ” প্ৰস্তুত কৰা হʼলে তেওঁ অৱশ্যেই “অতিশয়ৰূপে হতাশ” হʼলহেঁতেন। ভেটিকানৰ এই দাবীত মন্তব্য দি ইমেচ নামৰ এজন ব্যক্তিয়ে এইদৰে কয়, যি গীৰ্জাসমূহে বিশেষ কিছুমান কেথলিক মূলনীতিক গ্ৰহণ নকৰে তেন্তে সেইবোৰক “সঠিক অৰ্থত গীৰ্জা বুলি বিবেচনা কৰা নহয়।” আগলৈ তেওঁ এইদৰে কয়, “সেইটো মোৰ বাবে অপমানজনক বিষয় হʼব।”

দমিনাচ্‌ য়েচুছে কি কৰিবলৈ উৎসাহিত কৰিলে? ইয়াত কোৱা হৈছিল যে ৰোমান কেথলিক কিউৰীয়াৰ বিশ্বাস আপেক্ষাবাদৰ ওপৰত আধাৰিত। দ্যা আইৰিচ্‌ টাইমচ্‌ আলোচনীৰ অনুসাৰে উদ্গম হোৱা বিভিন্নতাবাদ ধৰ্ম্মমত অৰ্থাৎ বাস্তৱতে এটা ধৰ্ম্ম আনটো ধৰ্ম্মৰ দৰে উত্তম বুলি কোৱা কথাষাৰে . . . কাৰ্ডিনেল ৰেটজিনজাৰক অধিককৈ বিভ্ৰান্ত কৰিলে।” এইটো দেখা গʼল যে বিশ্বাস আপেক্ষাবাদৰ ওপৰত আধাৰিত হোৱা মনোবৃত্তিয়ে এটা প্ৰকৃত গীৰ্জাৰ বিষয়ে দিয়া তেওঁৰ মন্তব্যত বিস্ফোৰিতৰূপে প্ৰকাশ পালে।

আপুনি কোনটো ধৰ্ম্মৰ, এই বিষয়টো বাস্তৱতে ভাবিবলগীয়ানে?

অৱশ্যেই ই হৈছে এটা ভাবিবলগীয়া বিষয়। কিয়নো কিছুমানে কেৱল এটা প্ৰকৃত ধৰ্ম্ম আছে বুলি দিয়া পৰামৰ্শতকৈ “বিশ্বাস আপেক্ষাবাদৰ ওপৰত আধাৰিত” বা “বিভিন্নতাবাদ ধৰ্ম্মমত” বিষয়বোৰৰ প্ৰতি আকৰ্ষিত হʼবলৈ অধিক যুক্তি পালে। তেওঁলোকৰ অনুসাৰে ধৰ্ম্মৰ বিষয়টো সম্পূৰ্ণকৈ এটা ব্যক্তিগত অভিৰুচি হোৱা উচিত। ‘অৱশেষত’ তেওঁলোকে কʼব যে, ‘আপুনি যি ধৰ্ম্মৰেই নহওঁক কিয় সেইটো কোনো ভাবিবলগীয়া বিষয় নহয়।’

সেইটো অধিক বহল দৃষ্টিভঙ্গী যেন বোধ হʼব পাৰে—যদিও এজনৰ ধৰ্ম্ম অসংখ্য সম্প্ৰদায়ত বিভাজিত নহওঁক কিয়। বহুতে কয় যে ‘ধৰ্ম্মত থকা এনে প্ৰভেদতা হৈছে ব্যক্তিগত স্বাধীনতাৰ এটা কাৰ্য্যকাৰী উক্তি।’ ষ্টিভ্‌ ব্ৰুচ্‌ নামৰ এজন লেখকৰ অনুসাৰে, এনে “ধৰ্ম্মীয় সহিষ্ণুতা” আচলতে “ধৰ্ম্মীয় বাধ্যবাধকতাহীনতাৰ” বাহিৰে আন একো হʼব নোৱাৰে।—এ হাউচ ডিভাইডেদ্‌: প্ৰটেষ্টান্টিজম্‌, চেইজেম্‌, এণ্ড চেকিউলাইৰেজেইশ্বেন।

তেতিয়াহʼলে সেইটোক সঠিক দৃষ্টিভঙ্গী বুলি কʼব পাৰিনে? কেৱল এটাই সত্য ধৰ্ম্ম আছেনে? সত্য কেৱল ৰোমান কেথলিক ধৰ্ম্মত বিদ্যামান হৈ আছেনে? আনবিলাক ধৰ্ম্মও একেইৰূপে ঈশ্বৰৰ গ্ৰহণযোগ্যনে? যিহেতু এই প্ৰশ্নসমূহৰ উত্তৰ সৃষ্টিকৰ্ত্তাৰ সৈতে থকা আমাৰ সম্বন্ধত জড়িত হৈ আছে, সেয়েহে এই বিষয়ে তেওঁৰ দৃষ্টিভঙ্গী কি তাক জনাটো বাস্তৱতে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমি কেনেকৈ তেওঁৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানিব পাৰিম? ঈশ্বৰৰ প্ৰেৰিত বাক্য বাইবেলক নিৰীক্ষণ কৰাৰ দ্বাৰা জানিব পাৰিম। (পাঁচনিৰ কৰ্ম্ম ১৭:১১; ২ তীমথিয় ৩:১৬, ১৭) আঁহক আমি আলোচনা কৰোঁহঁক যে বাইবেলত এটা সত্য ধৰ্ম্মৰ বিষয়ে কি কোৱা হৈছে। (w03 9/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক