ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৪/১ পৃষ্ঠা ৩১
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • জল-প্লাৱন
    বাইবেলৰ কাহিনী
  • আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৪/১ পৃষ্ঠা ৩১

পাঠকসকলৰ প্ৰশ্ন

জল-প্লাৱন হ্ৰাস হোৱাৰ সময়ত নোহে এটা কপৌ চৰাই পঠোৱাট, সেই কপৌটোৱে তাৰ ঠোঁটত “জিতবৃক্ষৰ এটা নতুন পাত” লৈ তেওঁৰ ওচৰলৈ উভটি আহিল। কপৌটোৱে সেই পাত কʼৰ পৰা পালে?

বাইবেলে আমাক কৈছে যে গোটেই পৃথিৱীখনৰ “ওপৰত জল অতিশয়ৰূপে প্ৰবল হলত, গোটেই আকাশৰ তলত সমুদায় ওখ পৰ্ব্বতবোৰ তল গল।” (আদিপুস্তক ৭:১৯) জল-প্লাৱনৰ পানী যেনেকৈ হ্ৰাস হৈ আহিল, নোহে এসপ্তাহ এৰি এসপ্তাহৰ পিছত তিনিবাৰকৈ কপৌটো পঠিয়াইছিল। দ্বিতীয়বাৰ পঠোৱাত কপৌটোৱে ঠোঁটত ‘জিতবৃক্ষৰ এটা নতুন পাতৰ’ সৈতে উভটি আহিছিল।—আদিপুস্তক ৮:৮-১১.

দৰাচলতে এতিয়া সঠিককৈ এইটো কʼব নোৱাৰি যে কিমান সময় ধৰি জল-প্লাৱনৰ পানীয়ে পৃথিৱীখন আগুৰি আছিল, কিয়নো তেতিয়ালৈকে জল-প্লাৱনৰ বাবে পৃথিৱীখনৰ ভূ-সংস্থান অৱশ্যেই সলনি হৈছিল। যিয়েই নহওক, কʼবলৈ গʼলে যিমান সময় পানীয়ে আগুৰি আছিল, তেতিয়ালৈকে প্ৰায় সকলোবোৰ গছ-গছনি মৰিছিল। কেৱল কিছুমানহে ৰক্ষা পাইছিল আৰু পানী হ্ৰাস হোৱাৰ লগে-লগে পুনৰ তাৰ পৰা নতুনকৈ পোখা ওলাইছিল।

জিতবৃক্ষৰ বিষয়ে দ্য নিউ বাইবেল ডিকশ্বন্‌ৰীয়ে, এইদৰে ব্যাখ্যা কৰিছে: “যদি এই গছজোপাক কাটি দিয়া হয়, তেন্তে পুনৰাই ইয়াৰ শিপাৰ পৰা নতুনকৈ অঙ্কুৰিত হয়। প্ৰায় পাঁচ সপ্তাহৰ ভিতৰতে নতুনকৈ ইয়াৰ ঠাল-ঠেঙুলি ওলাবলৈ আৰম্ভ কৰে। সাধাৰণতে গছজোপা মৰাৰ সময়লৈকে এইদৰে পোখা উলাই থাকে।” এইটো প্ৰায় সেইদৰে, যিদৰে দ্য নিউ চাৰ্ফ-হাৰ্ট চক্‌ এনচাইক্লোপিডিয়া অৱ ৰীলিজিয়াচ্‌ নলেজ নামৰ বিশ্বকোষখনে কৈছে, “ইয়াৰ প্ৰাণশক্তি যেন ধ্বংস নহয়।” কোনো মানুহে সেই জল-প্লাৱনৰ লবণতাৰ পৰিমাণ আৰু তাপমাত্ৰাৰ বিষয়ে নাজানে। গতিকে আমি নিশ্চিতভাৱে কʼব নোৱাৰোঁ যে জল-প্লাৱনৰ পানীয়ে জিতবৃক্ষ বা আন গছ-গছনিক হানি কৰিছিল।

ওখ পৰ্ব্বতবোৰত পোৱা বনৰীয়া জিতবৃক্ষই বাস্তৱতে চেঁচা পৰিৱেশত জীয়াই থাকিব নোৱাৰে। দৰাচলতে এইবোৰ ১০০০ মিটাৰতকৈ তলৰ ঠাইবোৰত ডাঙৰ-দীঘল হয়, যিবোৰ ঠাইৰ তাপমাত্ৰা সাধাৰণতে ১০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক। দ্য ফ্লাড্‌ ৰিকন্সিদাৰড্‌ নামৰ কিতাপখনত কৈছে যে, “এইদৰে নোহে পানী শুকাই যোৱা নিম্ন উপত্যকাবোৰৰ পৰা নতুন পাত লাভ কৰিলে।” নোহে কপৌটোক পুনৰাই এসপ্তাহৰ পিছত তৃতীয়বাৰ পঠোৱাত সি আৰু তেওঁৰ ওচৰলৈ উভটি নাহিল। ইয়ে এইটো নিৰ্দ্দেশিত কৰিছে যে কপৌটোৱে জিৰণি লʼবলৈ বহুতো গছ-গছনি পাইছিল।—আদিপুস্তক ৮:১২. (w04 2/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক