ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৪/১ পৃষ্ঠা ৩২
  • সহায়ৰ বাবে আমি স্বৰ্গদূতবোৰক প্ৰাৰ্থনা কৰা উচিতনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সহায়ৰ বাবে আমি স্বৰ্গদূতবোৰক প্ৰাৰ্থনা কৰা উচিতনে?
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৪/১ পৃষ্ঠা ৩২

সহায়ৰ বাবে আমি স্বৰ্গদূতবোৰক প্ৰাৰ্থনা কৰা উচিতনে?

বিপত্তিৰ সময়ত আমি স্বৰ্গদূতৰ সহায় বিচৰাটো উপযুক্ত হʼবনে? বহুতে উপযুক্ত হʼব বুলি ভাবে। বাস্তৱতে নিউ কেথলিক এনচাইক্লোপিডিয়াʼত এইদৰে কৈছে: “. . . স্বৰ্গদূতবোৰলৈ . . . প্ৰাৰ্থনা কৰাজনে কেৱল ঈশ্বৰৰ মধ্যস্থ বুলি ভাবি নিৱেদন কৰে।” গতিকে আমি স্বৰ্গদূতক মধ্যস্থ কৰি প্ৰাৰ্থনা কৰাটো উচিত হʼবনে?

ঈশ্বৰৰ বাক্যত কেৱল দুজন বিশ্বাসী স্বৰ্গদূতৰ বিষয়ে উল্লেখ কৰিছে, এজনৰ নাম গাব্ৰিয়েল আৰু আনজন হৈছে মীখায়েল। (দানিয়েল ৮:১৬; ১২:১; লূক ১:২৬; যিহূদা ৯) যিহেতু বাইবেলত তেওঁলোকৰ নাম উল্লেখ কৰিছে, সেয়েহে আমি প্ৰত্যেকজনকে নামৰ সৈতে এক শক্তি বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে পৃথক আত্মিক ব্যক্তি বুলি বিবেচনা কৰা উচিত। আন স্বৰ্গদূতবিলাকে তেওঁলোকৰ নামৰ বিষয়ে কবলৈ নিবিচাৰিলে। উদাহৰণস্বৰূপে, যাকোবক সাক্ষাৎ কৰা স্বৰ্গদূতজনক যাকোবে তেওঁৰ নাম সোধাত তেওঁ নিজৰ নাম কবলৈ নিবিচাৰিলে। (আদিপুস্তক ৩২:২৯; বিচাৰকৰ্ত্তাবিলাক ১৩:১৭, ১৮) বাইবেলত স্বৰ্গদূতবিলাকৰ নামৰ তালিকা উল্লেখ কৰা নাই, এইদৰে মানুহক অনাৱশ্যকীয়ভাৱে স্বৰ্গদূতৰ ওপৰত মনোযোগ দিয়াৰ পৰা বিৰত ৰাখিলে।

স্বৰ্গদূতবিলাকে তেওঁলোকৰ কৰ্ম্ম কৰাৰ উপৰিও মানুহলৈ ঈশ্বৰৰ বাৰ্ত্তা প্ৰেৰণ কৰে। দৰাচলতে মূল হিব্ৰু আৰু গ্ৰীক ভাষাত “স্বৰ্গদূত” শব্দটোৰ অৰ্থ হৈছে “বাৰ্ত্তাবাহক।” প্ৰকৃততে স্বৰ্গদূতবিলাকে মানৱে সৰ্ব্বশক্তিমান জনালৈ কৰা প্ৰাৰ্থনাত কেতিয়াও মধ্যস্থ হিচাবে কাৰ্য্য নকৰে। ঈশ্বৰে নিৰ্দিষ্ট কৰিলে যে প্ৰাৰ্থনা কেৱল তেওঁৰ পুত্ৰ যীচুৰ যোগেদি তেওঁলৈ কৰা আৱশ্যক। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, তাকে তেওঁ তোমালোকক” দিব।—যোহন ১৫:১৬; ১ তীমথিয় ২:৫.

যিহোৱা ঈশ্বৰে কেতিয়াও নিজকে ইমান ব্যস্ত ৰাখা নাই যে তেওঁলৈ প্ৰাৰ্থনা কৰা জনাৰ নিৱেদন শুনিবলৈ তেওঁৰ সময় নাই। বাইবেলে আমাক এইদৰে আশ্বাস দিছে: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ।”—গীত ১৪৫:১৮. (w04 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক