ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৩/১ পৃষ্ঠা ৩২
  • ‘মই পোৱা প্ৰশিক্ষণৰ বাবে অতি আনন্দিত’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘মই পোৱা প্ৰশিক্ষণৰ বাবে অতি আনন্দিত’
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৩/১ পৃষ্ঠা ৩২

‘মই পোৱা প্ৰশিক্ষণৰ বাবে অতি আনন্দিত’

কাজুনা নামৰ এগৰাকী কিশোৰীক যেতিয়া তাইৰ শিক্ষকে ইংৰাজীত বক্তৃতা দিয়া প্ৰতিযোগিতাত ভাগ লʼবলৈ পৰামৰ্শ দিয়ে, তেতিয়া তাই অতি আচৰিত হৈছিল। যদিও এই প্ৰতিযোগীতা জাপানৰ উত্তৰে থকা হাক্কাইডো নামৰ বৃহৎ দ্বীপত থকা সকলো হাই স্কুলৰ বাবে পতা হৈছিল, তথাপিও তাইৰ স্কুলে পূৰ্বে কেতিয়াও ভাগ লোৱা নাছিল। প্ৰতিযোগিতাৰ দিনা কাজুনাই ৫০ জন বিদ্যাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাৰ বাবে অধিক সঙ্কিত হৈছিল। তদুপৰি তাই প্ৰতিযোগিতাত দুগৰাকী ইংৰাজী ভাষা কব পৰা বিচাৰকক লক্ষ্য কৰি অধিককৈ ভয় খাইছিল।

অৱশেষত নিম্ন স্থানৰ পৰা ক্ৰমে দ্বিতীয় স্থানৰ পুৰষ্কাৰ লাভ কৰা বিজেতাসকলৰ নাম ঘোষণা কৰিলে। শেষত যেতিয়া প্ৰথম স্থান লাভ কৰা জনৰ নাম ঘোষণা কৰিলে তেতিয়া শিক্ষকৰ কাষত বহি থকা কাজুনাই অতিশয় আচৰিত হʼল। এজনে আনজনক বিস্ময়জনকভাৱে চাব ধৰিলে। কাজুনাই মঞ্চলৈ প্ৰথম পুৰষ্কাৰ গ্ৰহণ কৰিবলৈ উঠি যোৱাৰ স্বত্ত্বেও তাই আচৰ্য্য হৈ থাকিল!

আনন্দিত হোৱা কাজুনাই পিছলৈ এইদৰে বৰ্ণনা কৰি কয় যে, “যিহোৱাৰ সংগঠনে ব্যৱস্থা কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ বাবেহে এই সকলো সম্ভৱ হʼল। মই সেই প্ৰশিক্ষণ লাভ কৰি অতি আনন্দিত হৈছোঁ।” কাজুনাই নিচেই কম বয়সতে সেই প্ৰশিক্ষণ লাভ কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত পৰিচালনা কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত ভাগ লৈছিল। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰাৰ সময়ত কাজুনাই এই বিষয়বোৰত অধিক মনোযোগ দিছিল, যʼত সন্মিলিত আছিল, মাইক্ৰফʼনত আবেগীক, উৎসাহ, ভঙ্গিমাৰে শ্ৰোতাসকলৰ সৈতে সংস্পৰ্শতা বজাই ৰাখা আৰু ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ আন আন বিষয়বোৰ।

যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত সপ্তাহত এবাৰকৈ এই স্কুল পৰিচালনা কৰা হয়। এই বিষয়ে নিৰীক্ষণ কৰি চাবলৈ আমি আপোনালোকক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। তাত ডেকা, বৃদ্ধ আৰু সকলো বয়সৰ লোকে লাভৱান হোৱাৰ বিষয়ে স্বয়ং নিজেই লক্ষ্য কৰিব পাৰিব। এই সভাত সকলোৱে উপস্থিত হʼব পাৰে। সেই স্কুলৰ বাবে অধিককৈ জানিবলৈ, অনুগ্ৰহ কৰি আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগা-যোগ কৰক। (w04 12/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক