ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৬/১ পৃষ্ঠা ২২-২৬
  • যিহোৱাই তেওঁত আশা কৰা সকলক ৰক্ষা কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই তেওঁত আশা কৰা সকলক ৰক্ষা কৰে
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আধ্যাত্মিকভাৱে ৰক্ষা পোৱা
  • দয়া আৰু সত্যতাৰে নিৰাপত্তা দিয়া
  • বহুদৰ্শিতা আৰু সুবুদ্ধিৰে নিৰাপত্তা দিয়া
  • স্বাৰ্থপৰতাই বিপদক আমন্ত্ৰণ কৰে
  • আপোনাৰ হৃদয়ক ৰক্ষা কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱা আনুগত্য প্ৰেমত মহান
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৬/১ পৃষ্ঠা ২২-২৬

যিহোৱাই তেওঁত আশা কৰা সকলক ৰক্ষা কৰে

“তোমাৰ দয়া আৰু সত্যতাই মোক সদায় ৰক্ষা কৰক।”—গীত ৪০:১১.

১. ৰজা দায়ূদে কি অনুৰোধ কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু বৰ্তমান এই অনুৰোধ কেনেকৈ শুনা গৈছে?

ইস্ৰায়েলৰ ৰজা দায়ূদে “যিহোৱালৈ ধৈৰ্য্যৰে অপেক্ষা” কৰাৰ বাবে যিহোৱাই ‘তেওঁলৈ কাণ পাতি তেওঁৰ কাতৰোক্তি শুনিলে’ বুলি অতি আগ্ৰহী হৈ কৈছিল। (গীত ৪০:১) যিহোৱাক প্ৰেম কৰা সকলে কেনেকৈ নিৰাপত্তা লাভ কৰিছিল, সেই বিষয়ে তেওঁ স্বয়ং অনুভৱ কৰিছিল। সেইবাবে তেওঁ যিহোৱাৰ পৰা নিৰন্তৰে নিৰাপত্তা লাভ কৰাৰ অপেক্ষা কৰিছিল। (গীত ৪০:১১) আনকি তেওঁ বিশ্বাসী পুৰুষ-স্ত্ৰীসকলৰ দৰে “শ্ৰেষ্ঠ পুনৰুত্থানৰ” ভাগী হʼল আৰু বৰ্তমান সময়ত যিহোৱাৰ স্মৰণত আছে। (ইব্ৰী ১১:৩২-৩৫) তেওঁ যে ভৱিষ্যতে পুনৰুত্থান হʼব, সেইয়া একেবাৰে নিশ্চিত। তদুপৰি তেওঁৰ নাম যিহোৱাৰ “স্মৰণাৰ্থক পুথিত” লিখা আছে।—মলাখী ৩:১৬.

২. যিহোৱাৰ দ্বাৰা নিৰাপত্তা পোৱা বুলি কোৱা বাক্যশাৰীক বুজিবলৈ শাস্ত্ৰ পদবোৰে আমাক কেনেকৈ সহায় কৰে?

২ ইব্ৰী ১১ অধ্যায়ত উল্লেখ কৰা বিশ্বাসী পুৰুষ-স্ত্ৰীসকলে যীচুৱে এই পৃথিৱীত অহা বহু সময়ৰ পূৰ্বেই বাস কৰিছিল। তথাপিও তেওঁলোকে যীচুৱে দিয়া এই শিক্ষাটোৰ অনুসাৰে চলিছিল: “যি কোনোৱে নিজৰ প্ৰাণ প্ৰিয় বুলি মানে, তেওঁ তাক হেৰুৱায়; আৰু যি কোনোৱে এই জগতত নিজৰ প্ৰাণ অপ্ৰিয় বুলি মানে, তেওঁ অনন্ত জীৱনলৈ তাক ৰাখিব।” (যোহন ১২:২৫) গতিকে যিহোৱাৰ দ্বাৰা নিৰাপত্তা লাভ কৰাৰ অৰ্থ দুখ-কষ্ট বা উৎপীড়নৰ পৰা মুক্তি পোৱা নহয়। বৰঞ্চ, ই আধ্যাত্মিকভাৱে নিৰাপত্তা পোৱা জনক বুজাইছে যিজনে ঈশ্বৰৰ আগত নিজৰ উত্তম আচৰণ বজাই ৰাখাত সফল হৈছে।

৩. যীচুৱে যে যিহোৱাৰ দ্বাৰা নিৰাপত্তা লাভ কৰিলে, সেই বিষয়ে আমি কেনে প্ৰমাণ দেখিবলৈ পালোঁ আৰু তাৰ ফলাফল কি হʼল?

৩ আনকি যীচুৱে স্বয়ং অত্যধিক উৎপীড়নৰ সম্মুখীন হোৱাৰ উপৰিও নিন্দিত হৈ বিৰোধিবিলাকৰ দ্বাৰা অপমানজনক আৰু যন্ত্ৰণাদায়কভাৱে মৃত্যুবৰণ কৰিবলগীয়া হʼল। কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে ঈশ্বৰে মচীহক ৰক্ষা কৰাৰ সম্বন্ধে থকা প্ৰতিজ্ঞাক সম্পন্ন কৰিব নোৱাৰিলে। (যিচয়া ৪২:১-৬) যিহোৱাই যে যীচুৰ কাতৰোক্তি শুনিলে, সেই বিষয়ে তৃতীয় দিনা তেওঁৰ পুনৰুত্থানত স্পষ্ট হৈ পৰিল। তদুপৰি দায়ূদৰ নিচিনাকৈ অখণ্ডতা বজাই ৰাখিবলৈ যিহোৱা ঈশ্বৰে যীচুৰো মনোবল দৃঢ় কৰিলে। (মথি ২৬:৩৯) এইদৰে ৰক্ষা কৰাৰ বাবে যীচুৱে স্বৰ্গত অবিনাশী জীৱন প্ৰাপ্ত কৰিব পাৰিলে আৰু তেওঁৰ মুক্তিপণ বলিদানত বিশ্বাস ৰাখোঁতাসকলে অনন্ত জীৱনৰ ভাগী হʼল।

৪. অভিষিক্ত খ্ৰীষ্টান আৰু ‘অন্য মেৰৰ’ সদস্যসকলে কেনে আশ্বাস ৰাখিব পাৰে?

৪ যিদৰে যিহোৱাই দায়ূদ আৰু যীচুৰ সময়ত নিৰাপত্তা প্ৰদান কৰিছিল, সেইদৰে বৰ্তমান সময়ত তেওঁ নিজৰ উপাসকবিলাককো নিৰাপত্তা প্ৰদান কৰে বুলি আমি নিশ্চিত হʼব পাৰোঁ। (যাকোব ১:১৭) এই পৃথিৱীত জীৱিত থকা অতি কম সংখ্যক অভিষিক্ত ব্যক্তিবিলাকে এই প্ৰতিজ্ঞাটোৰ ওপৰত ভাৰসা ৰাখিব পাৰে: “অক্ষয়, নিৰ্ম্মল, আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ্জন্ম দিলে; সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে; শেষ-কালত প্ৰকাশিত হবলৈ যুগুত হোৱা পৰিত্ৰাণৰ নিমিত্তে, ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা।” (১ পিতৰ ১:৪, ৫) সেই একেইদৰে পাৰ্থিৱ আশা থকা ‘অন্য মেৰৰ’ সদস্যসকলে গীতমালা ৰচোঁতাজনৰ দ্বাৰা ভাৰাসা ৰাখি এইদৰে কʼব পাৰে: “হে যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীবিলাকক ৰক্ষা কৰে, কিন্তু গৰ্ব্ব-আচৰণ কৰোঁতাবোৰক অধিক প্ৰতিফল দিয়ে।”—যোহন ১০:১৬; গীত ৩১:২৩.

আধ্যাত্মিকভাৱে ৰক্ষা পোৱা

৫, ৬. (ক) বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে কেনেকৈ নিৰাপত্তা লাভ কৰিছে? (খ) যিহোৱাৰ সৈতে অভিষিক্তসকলৰ কেনে সম্পৰ্ক আছে আৰু পাৰ্থিৱ আশা ৰাখা সকলৰ বিষয়ে কি কʼব পাৰি?

৫ বৰ্তমান সময়ত যিহোৱাই নিজৰ লোকবিলাকক আধ্যাত্মিকভাৱে নিৰাপত্তা দিবলৈ বহুতো ব্যৱস্থা কৰিছে। তেওঁ যদিও নিজৰ লোকবিলাকক দুখ-কষ্ট বা উৎপীড়নৰ পৰা মুক্তি দিয়া নাই, তথাপিও তেওঁলোকক এক নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ বহুতো প্ৰকাৰে সহায় আৰু উৎসাহ প্ৰদান কৰিছে। তেওঁলোকে যি আধাৰত এই নিবিড় সম্পৰ্ক গঢ়ি তুলিছে, সেইয়া হৈছে মুক্তিপণ বলিদানৰ ওপৰত ৰখা তেওঁলোকৰ দৃঢ় বিশ্বাস। এই বিশ্বাসী খ্ৰীষ্টানসকলৰ কিছুমান হৈছে অভিষিক্তি ব্যক্তি, যিসকলক যীচুৰ সৈতে স্বৰ্গত সহশাসক হিচাপে কাৰ্য্য কৰিবলৈ বাছি লোৱা হৈছে। তেওঁলোকক ঈশ্বৰৰ আত্মিক পুত্ৰ হিচাপে ধাৰ্ম্মিক বুলি ঘোষণা কৰিছে আৰু উচিতৰূপে এই বাক্যবোৰ তেওঁলোকত পূৰ্ণতা হৈছে: “তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে; তেওঁতেইহে আমাৰ মুক্তি, অৰ্থাৎ পাপমোচন আছে।”—কলচীয়া ১:১৩, ১৪.

৬ এই মুক্তিপণ বলিদানৰ দ্বাৰা আন লাখ লাখ বিশ্বাসী খ্ৰীষ্টানসকলেও যে লাভৱান হʼব পাৰে, সেই বিষয়ে আশ্বাস দিয়া হৈছে। সেই ভাৰসাযোগ্য বাক্যৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মানুহৰ পুত্ৰ সেৱা-শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মাৰ্ক ১০:৪৫) অভিষিক্ত লোকসকলে ভৱিষ্যতে “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব” বুলি কোৱা বাক্যশাৰীৰ পূৰ্ণতালৈ অপেক্ষা কৰিছে। (ৰোমীয়া ৮:২১) সেই একেই সময়ত, তেওঁলোকে ঈশ্বৰৰ সৈতে থকা নিজৰ সম্বন্ধক দৃঢ়তাৰে ধৰি ৰাখিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰিছে।

৭. বৰ্তমান সময়ত যিহোৱাই কি ধৰণে নিজৰ লোকসকলক আধ্যাত্মিকভাৱে নিৰাপত্তা দিছে?

৭ আধ্যাত্মিকভাৱে যিহোৱাই নিজৰ লোকসকলক নিৰাপত্তা প্ৰদান কৰাৰ এটা পদ্ধতি হৈছে, প্ৰগতিশীল প্ৰশিক্ষণ কাৰ্য্যসূচী। ইয়ে তেওঁলোকক সত্যতাৰ বিষয়ে সঠিক জ্ঞান প্ৰাপ্ত কৰিবলৈ সহায় কৰে। তদুপৰি যিহোৱাই নিজৰ বাক্য, সংগঠন আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নিৰন্তৰে নিৰ্দ্দেশনা প্ৰদান কৰিছে। আনকি তেওঁ নিজৰ লোকসকলক আন্তঃৰাষ্ট্ৰীয় পৰিয়ালবৰ্গ হিচাপে গঢ়ি তুলিবলৈ ‘বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গৰ’ দ্বাৰা নিৰ্দ্দেশনা প্ৰদান কৰিছে। এই দাসবৰ্গই নিস্বাৰ্থৰে ঈশ্বৰৰ সকলো লোকৰ আধ্যাত্মিক আৱশ্যকতাবোৰৰ চোৱা-চিতা কৰিছে আৰু প্ৰয়োজনীয় সময়ত তেওঁলোকৰ ভৌতিকতাৰো যোগান ধৰিছে।—মথি ২৪:৪৫.

৮. যিহোৱাই নিজৰ আনুগত্য লোকবিলাকৰ ওপৰত কি ভাৰসা ৰাখে আৰু তেওঁলোকক কিহৰ বিষয়ে আশ্বাস দিছে?

৮ যিদৰে যিহোৱাই যীচুক শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ সহায় নকৰিলে, ঠিক সেইদৰে তেওঁ আজিৰ খ্ৰীষ্টানসকলকো তেনে সহায় নকৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ তেওঁলোকক প্ৰেম নকৰে। বৰঞ্চ, এনে কৰাৰ দ্বাৰা বিশ্বব্যাপী বাদ-বিবাদৰ বিষয়টোৰ সম্বন্ধে উপাসকসকলে যিহোৱাৰ সপক্ষে থিয় হʼব বুলি তেওঁক নিশ্চয়তা প্ৰদান কৰে।। (ইয়োব ১:৮-১২; হিতোপদেশ ২৭:১১) কিয়নো যিহোৱা হৈছে এজন ‘ন্যায়-বিচাৰ ভাল পোৱা, নিজ সাধুবিলাকক পৰিত্যাগ নকৰা আৰু তেওঁবিলাকক অনন্ত কাললৈকে ৰখা’ ঈশ্বৰ। গতিকে তেওঁ কেতিয়াও নিজৰ আনুগত্য লোকবিলাকক পৰিত্যাগ নকৰিব।—গীত ৩৭:২৮.

দয়া আৰু সত্যতাৰে নিৰাপত্তা দিয়া

৯, ১০. (ক) যিহোৱাৰ সত্যতাই কেনেকৈ তেওঁৰ লোকসকলক নিৰাপত্তা প্ৰদান কৰে? (খ) যিহোৱাই নিজৰ আনুগত্য লোকসকলক দয়া দেখুৱাৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰে বুলি বাইবেলে কেনেদৰে প্ৰকাশ কৰিছে?

৯ গীত ৪০ অধ্যায়ত যিহোৱা ঈশ্বৰৰ দয়া আৰু সত্যতাৰ দ্বাৰা নিৰাপত্তা পাবলৈ কৰা দায়ূদৰ প্ৰাৰ্থনাৰ বিষয়ে পঢ়িবলৈ পাওঁ। সত্যতা আৰু ধাৰ্ম্মিকতাৰ প্ৰতি থকা প্ৰেমৰ বাবে যিহোৱাই নিজৰ স্তৰসমূহৰ বিষয়ে স্পষ্টকৈ দাঙি ধৰিছে। যিসকলে তেওঁৰ এই স্তৰসমূহক পালন কৰি জীৱন-যাপন কৰে, তেওঁলোকে পালন নকৰা সকলৰ দৰে মনোবেদনা, বিপদ, সমস্যা আদিৰ সম্মুখীন নহয়। উদাহৰণস্বৰূপে, যদি আমি ড্ৰাগছ সেৱন, সুৰাপান, অনৈতিক আৰু হিংসাত্মক কাৰ্য্যবোৰৰ পৰা আঁতৰি থাকোঁ, তেন্তে আমি নিজকে আৰু আপোনজনাক বহুতো মৰ্ম্মভেদী সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম। আনহাতে, দায়ূদৰ দৰে পথভ্ৰষ্ট হোৱা সকলে আশ্বাস ৰাখিব পাৰে যে যিহোৱাই মনপালটন কৰোঁতাসকলৰ বাবে “গুপ্তস্থান” হিচাপে প্ৰমাণিত হʼব। তেনে ব্যক্তিসকলে আনন্দেৰে এইদৰে কʼব পাৰে: “তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা।” (গীত ৩২:৭) এইটো যিহোৱাৰ দয়াৰ কিযে এক মহান অনুভূতি!

১০ ঈশ্বৰে দয়া দেখুৱা আন এটা উদাহৰণ হৈছে, অতি শীঘ্ৰেই ধ্বংস হʼবলগীয়া এই দুষ্ট জগতখনৰ পৰা পৃথকে থকাৰ সম্বন্ধে তেওঁ দিয়া সতৰ্কবাণী। এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৫-১৭.

বহুদৰ্শিতা আৰু সুবুদ্ধিৰে নিৰাপত্তা দিয়া

১১, ১২. বহুদৰ্শিতা আৰু সুবুদ্ধিয়ে কেনেকৈ আমাক নিৰাপত্তা প্ৰদান কৰে, বৰ্ণনা কৰক।

১১ যিহোৱাৰ অনুগ্ৰহৰ বাবে অপেক্ষা কৰা সকলৰ বিষয়ে দায়ূদৰ পুত্ৰ চলোমনে প্ৰেৰিত হৈ এইদৰে লিখিছিল: “বহুদৰ্শিতা তোমাৰ পৰীয়া হব, আৰু সুবুদ্ধিয়ে তোমাক ৰক্ষা কৰিব।” তদুপৰি তেওঁ এইদৰে কৈছিল: “প্ৰজ্ঞা উপাৰ্জ্জন কৰা, . . . প্ৰজ্ঞাক ত্যাগ নকৰিবা, তাতে তেওঁ তোমাক ৰক্ষা কৰিব; তেওঁক প্ৰেম কৰা, তাতে তেওঁ তোমাক ৰাখিব।”—হিতোপদেশ ২:১১; ৪:৫, ৬.

১২ যদি আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকা বিষয়বোৰৰ ওপৰত মনোযোগ দিওঁ, তেন্তে বহুদৰ্শিতাৰে কাৰ্য্য কৰিব পাৰিম। এনেদৰে কৰাৰ দ্বাৰা আমি অধিককৈ বিবেচক হʼব পাৰিম, যি আমাক জীৱনত থকা গুৰুত্বপূৰ্ণ বিষয়বোৰ বুজিবলৈ সহায় কৰিব। আমি সকলোৱে ব্যক্তিগতভাৱে হোৱা অভিজ্ঞতাৰ পৰা জানিব পাৰিছোঁ যে জানিবুজি বা অজানিতে কৰা বাছনিৰ বাবে লোকসকলে সমস্যাৰ সম্মুখীন হয়। বৰ্তমান চয়তানৰ জগতখনে আমাৰ সম্মুখত ভৌতিকবাদ, যশস্যা আৰু অধিকাৰ লাভ কৰাৰ প্ৰলোভন দাঙি ধৰিছে। আনহাতে, যিহোৱাই আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিবলৈ জোৰ দি কৈছে। কিন্তু ঈশ্বৰৰ বিপৰীতে কাৰ্য্য কৰাৰ পৰিণাম পৰিয়ালত অশান্তি, বন্ধুত্ব ভাঙি যোৱা আৰু আধ্যাত্মিক লক্ষ্যবোৰৰ পৰা আঁতৰ হʼব পাৰে। পৰিণামস্বৰূপে, এজন ব্যক্তিৰ জীৱনত দুখৰ উপৰি দুখ আহি পৰে, যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “কোনো এজন মানুহে গোটেইখন জগত পাই, নিজৰ প্ৰাণ হেৰুৱালে, তেওঁৰ কি লাভ?” (মাৰ্ক ৮:৩৬) কিন্তু সুবুদ্ধিয়ে যীচুৰ এই পৰামৰ্শটো মানি চলিবলৈ প্ৰেৰিত কৰে: “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।”—মথি ৬:৩৩.

স্বাৰ্থপৰতাই বিপদক আমন্ত্ৰণ কৰে

১৩, ১৪. স্বাৰ্থপৰতাৰ অৰ্থ কি আৰু তেনে মনোবৃত্তি বিকশিত কৰাটো কিয় উচিত নহয়?

১৩ নিজৰ বিষয়ে চিন্তা কৰাটো হৈছে মানুহৰ এক স্বাভাৱিক ইচ্ছা। যেতিয়া জীৱনত ব্যক্তিগত অভিলাষবোৰে প্ৰথম স্থান দখল কৰে, তেতিয়া অশান্তিৰ সৃষ্টি হয়। গতিকে যিহোৱাৰ সৈতে থকা আমাৰ বন্ধুত্ব বজাই ৰাখিবলৈ তেওঁৰ নিৰ্দ্দেশনা পালন কৰা উচিত। কিয়নো তেওঁ আমাক স্বাৰ্থপৰতাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। স্বাৰ্থপৰতাৰ অৰ্থ হৈছে, “কেৱল নিজৰ আৱশ্যকতা আৰু আভিলাষৰ বিষয়ে চিন্তা কৰা।” এই উক্তিটো বৰ্তমান সময়ত বহুতো লোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় নে? উল্লেখ্য যে, ‘শেষকালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা’ হʼব বুলি বাইবেলত পূৰ্বেই কোৱা হৈছে।—২ তীমথিয় ৩:১, ২.

১৪ আনৰ প্ৰতি আগ্ৰহী হোৱা আৰু নিজৰ নিচিনাকৈ প্ৰেম কৰা বাইবেলৰ এই পৰামৰ্শটো পালন কৰাৰ গুৰুত্বতাক প্ৰকৃত খ্ৰীষ্টানসকলে ভালদৰে বুজি পায়। (লূক ১০:২৭; ফিলিপীয়া ২:৪) সাধাৰণতে লোকসকলে এই পৰামৰ্শটো পালন কৰা ব্যৱহাৰিক বুলি নাভাবিবও পাৰে। তথাপিও আমি যদি বিবাহিত জীৱন সুখী, পৰিয়ালৰ বান্ধোন দৃঢ় আৰু প্ৰকৃত বন্ধুত্বৰ আনন্দ লাভ কৰিব বিচাৰিছোঁ, তেন্তে সেই পৰামৰ্শ পালন কৰাটো হৈছে আমাৰ কাৰণে এক গুৰুত্বপূৰ্ণ বিষয়। গতিকে ঈশ্বৰৰ এজন প্ৰকৃত উপাসকে কেতিয়াও নিজৰ ব্যক্তিগত অভিলাষবোৰক তেওঁৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহয়। তেওঁৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিয়া।

১৫, ১৬. (ক) স্বাৰ্থপৰ মনোবৃত্তিয়ে কিহলৈ পৰিচালিত কৰিব পাৰে আৰু কোনসকলে তেনে মনোবৃত্তি প্ৰকাশ কৰিছিল? (খ) দৰাচলতে আনৰ ভুল বিচাৰি ফুৰা এজন ব্যক্তিয়ে কিহৰ পৰিচয় দিয়ে?

১৫ স্বাৰ্থপৰ মনোবৃত্তিয়ে এজন ব্যক্তিক ধৰ্ম্মাভিমানিলৈ পৰিচালিত কৰিব পাৰে, যাৰ পৰিণামস্বৰূপে তেওঁ ঠেকমনা আৰু অহঙ্কাৰী হৈ পৰে। সেইবাবে বাইবেলে এইদৰে কৈছে: “হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, তুমি যি কোনো নোহোৱা, তোমাৰো উত্তৰ দিবৰ ঠাই নাই; কিয়নো যি কথা তুমি লোকৰ সোধ-বিচাৰ কৰিছা; সেই কথাত নিজকেহে দোষী কৰিছা; কাৰণ লোকৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নিজেও সেই একে আচৰণ কৰিছা।” (ৰোমীয়া ২:১; ১৪:৪, ১০) যীচুৰ সময়ৰ ধৰ্ম্মগুৰুসকলে নিজকে ধাৰ্ম্মিক বুলি ভবাৰ বাবে তেওঁলোকে যীচু আৰু শিষ্যবিলাকক দোষ ধৰিবলৈ নিজকে উপযুক্ত বুলি ভাবিছিল। তেনে কৰি তেওঁলোকে নিজকে বিচাৰকৰ্তাৰ স্থানত বহুৱাইছিল। দৰাচলতে তেওঁলোকে নিজৰ দুৰ্ব্বলতাবোৰ আওকাণ কৰি ঈশ্বৰৰ আগত জগৰীয়া হৈ পৰিছিল।

১৬ যীচুক বিশ্বাসঘাটক কৰা যিহূদায়েও আনৰ ভুলবোৰ বিচাৰি ফুৰিছিল। উদাহৰণস্বৰূপে, এবাৰ লাজাৰৰ ভনীয়েক মৰিয়মে বহুমূল্য সুগন্ধি তেল আনি যীচুৰ ভৰিত ঘঁহাত, যিহূদাই অতিশয় আপত্তি কৰিলে। যাৰ বিষয়ে তেওঁ কোৱা কথাষাৰীৰ পৰা স্পষ্টকৈ জানিব পাৰি, যʼত এইদৰে কৈছিল: “এই তেল তিনি শ আধলিলৈ বেচি, দৰিদ্ৰবিলাকক কিয় দান কৰা নহল?” দৰাচলতে তেওঁৰ মনত কি আছিল, সেই বিষয়ে বাইবেলৰ বৃতান্তই আগলৈ এইদৰে কৈছে: “তেওঁ যে দৰিদ্ৰবিলাকলৈ চিন্তা কৰিলে, এনে নহয়; কিন্তু তেওঁ চোৰ; আৰু তেওঁৰ হাতত ধনৰ জোলোঙা থকাত, তাৰ ভিতৰত যি দিয়া যায়, তাকে হৰণ কৰে, এই কাৰণেই সেই কথা কলে।” (যোহন ১২:১-৬) গতিকে আঁহক আমি কেতিয়াও যিহূদা বা সেই ধৰ্ম্মগুৰুসকলৰ নিচিনা আনৰ ভুল বিচাৰি ফুৰি ঈশ্বৰৰ আগত জগৰীয়া নহওঁহঁক।

১৭. অত্যধিক আত্মবিশ্বাস বা অহঙ্কাৰ কৰাই কেনেকৈ বিপদলৈ পৰিচালিত কৰিব পাৰে, সেই বিষয়ে বৰ্ণনা কৰক।

১৭ দুখৰ বিষয় এই যে বহুতে যিহূদাৰ দৰে মনোবৃত্তি ৰখা নাছিল যদিও অহঙ্কাৰ ভাৱনা বিকশিত কৰিছিল। তেওঁলোকৰ বিষয়ে পাঁচনি যাকোবে এইদৰে লিখিছিল: “তোমালোকে নিজ নিজ দৰ্প-কথাত শ্লাঘা কৰিছা।” ক্ৰমান্বয়ে দৰ্প-কথাই কিহলৈ পৰিচালিত কৰে, সেই বিষয়ে পুনৰাই যাকোবে এইদৰে কৈছিল: “এই সকলো শ্লাঘা মন্দ।” (যাকোব ৪:১৬) যদি আমি দাম্ভিক হৈ নিজৰ সফলতা বা যিহোৱাৰ পৰা পোৱা বিশেষাধিকাৰক লৈ গৰ্ব্ব কৰোঁ, তেন্তে নিজকে বিৰোধি কৰাৰ প্ৰমাণ দিওঁ। (হিতোপদেশ ১৪:১৬) আমি পাঁচনি পিতৰে আত্মবিশ্বাসেৰে গৰ্ব্ব কৰি কোৱা কথাষাৰৰ বিষয়ে সোঁৱৰিব পাৰোঁ, যʼত তেওঁ এইদৰে কৈছিল: “আপোনাত বিঘিনি পালেও, মই কোতিয়াও বিঘিনি নাপাম। . . . যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক আসৈ নামাতিম।” দৰাচলতে নিজকে লৈ গৌৰৱ কৰিবলৈ আমাৰ ওচৰত কোনো কাৰণ নাই। বৰঞ্চ, আমি যিহোৱাৰ আশীৰ্ব্বাদৰ দ্বাৰাহে ধনৱান হৈছোঁ। তদুপৰি মনত ৰাখক যে, এনে মনোবৃত্তিয়ে আমাক অহঙ্কাৰী হোৱাৰ পৰা বিৰত ৰাখিব।—মথি ২৬:৩৩-৩৫, ৬৯-৭৫.

১৮. যিহোৱাই আত্মগৌৰৱ কৰা সকলৰ প্ৰতি কেনে অনুভৱ কৰে?

১৮ বাইবেলত আমি এইদৰে পঢ়িবলৈ পাওঁ: “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।” ইয়াত কিয় তেনেদৰে কোৱা হৈছে? এই বিষয়ে যিহোৱাই উত্তৰ দি কৈছে: “মই অহঙ্কাৰ, দম্ভ, . . . ঘিণ কৰোঁ।” (হিতোপদেশ ৮:১৩; ১৬:১৮) সেইবাবে যিহোৱাই ক্ৰোধিত হৈ “অচূৰৰ ৰজাৰ গৰ্ব্বী চিত্তৰ ফলস্বৰূপ কাৰ্য্যৰ আৰু তাৰ উৰ্দ্ধ-দৃষ্টিৰূপ আড়ম্বৰৰ প্ৰতিফল দিম” বুলি কৈছিল। (যিচয়া ১০:১২) পিছলৈ যিহোৱাই তেওঁক শাস্তি বিহিলে। ঠিক সেইদৰে অতি শীঘ্ৰেই চয়তানৰ ৰাজ্য, আত্মভিমান কৰা তাৰ পাৰ্থিৱ আৰু অদৃশ্য প্ৰতিনিধিবোৰৰ সোধ-বিচাৰ কৰিব। এতেকে আঁহক আমি যেন কেতিয়াও যিহোৱাৰ শত্ৰুবোৰৰ দৰে স্বেচ্ছাচাৰী মনোবৃত্তি নেদেখুৱাওঁহঁক!

১৯. কেনে ক্ষেত্ৰত ঈশ্বৰৰ উপাসকসকলে আত্মগৌৰৱ কৰে যদিও নম্ৰ হোৱাৰ পৰিচয় দিয়ে?

১৯ প্ৰকৃত খ্ৰীষ্টানসকলৰ ওচৰত আত্মগৌৰৱ কৰাৰ বহুতো কাৰণ আছে। (যিৰিমিয়া ৯:২৪) তথাপিও তেওঁলোকে নম্ৰ হোৱাটো অতি প্ৰয়োজন। কিয় প্ৰয়োজন? কিয়নো “সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে।” (ৰোমীয়া ৩:২৩) গতিকে যিহোৱাৰ উপাসক হোৱাৰ পৰিচয় বজাই ৰাখিবলৈ হʼলে আমি পাঁচনি পৌলে দেখুৱা এই মনোবৃত্তি অনুকৰণ কৰা আৱশ্যক, যʼত তেওঁ কৈছিল যে, “পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে, যীচু খ্ৰীষ্ট যে জগতলৈ আহিল” আৰু “সেই পাপী লোকৰ মাজত ময়েই প্ৰধান।”—১ তীমথিয় ১:১৫.

২০. বৰ্তমান সময়ত যিহোৱাই নিজৰ লোকসকলক কেনে নিৰাপত্তা প্ৰদান কৰিছে আৰু ভৱিষ্যতেও কেনেকৈ তেনেদৰে কৰিব?

২০ যিহোৱাৰ লোকসকলে তেওঁৰ ইচ্ছাক প্ৰথম স্থান দিবলৈ নিজৰ সকলো ধৰণৰ ব্যক্তিগত লাভসমূহ ত্যাগ কৰে। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে তেওঁলোকক আধ্যাত্মিক নিৰাপত্তা নিৰন্তৰে প্ৰদান কৰিব। তদুপৰি মহা-ক্লেশৰ সময়তো তেওঁ নিজৰ লোকসকলক আধ্যাত্মিক আৰু শাৰীৰিকভাৱে ৰক্ষা কৰিব। তেওঁলোকে পৰমদেশত প্ৰৱেশ কৰিবলৈ পাই আনন্দৰে ৰিঙিয়াই এইদৰে কʼব: “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈকে বাট চাইছিলোঁ, এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈকে বাট চাইছিলোঁ; আহাঁ, আমি এওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰোঁ।”—যিচয়া ২৫:৯. (w05 6/1)

আপুনি মনত পেলাব পাৰেনে?

• ৰজা দায়ূদ আৰু যীচুৱে কেনেকৈ নিৰাপত্তা লাভ কৰিলে?

• বৰ্তমান সময়ত যিহোৱাৰ লোকসকল কেনেকৈ নিৰাপত্তা পাইছে?

• আমি কিয় স্বাৰ্থপৰ হোৱা উচিত নহয়?

• আমি যদিও আত্মগৌৰৱ কৰোঁ, তথাপিও কিয় নম্ৰ হোৱা উচিত?

[২২ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাই কেনেকৈ দায়ূদ আৰু যীচুক নিৰাপত্তা প্ৰদান কৰিলে?

[২৪ পৃষ্ঠাৰ ছবি]

বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে কেনেকৈ আধ্যাত্মিকভাৱে নিৰাপত্তা লাভ কৰিছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক