ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ১০/১ পৃষ্ঠা ৮-পৃষ্ঠা ১১ অনু. ১০
  • যিহোৱাৰ বাক্য জীয়া প্ৰথম বংশাৱলি কিতাপৰ আলোকপাত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বাক্য জীয়া প্ৰথম বংশাৱলি কিতাপৰ আলোকপাত
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • নামবোৰৰ এক গুৰুত্বপূৰ্ণ তালিকা
  • (১ বংশাৱলি ১:১-৯:৪৪)
  • দায়ূদে ৰজা হৈ শাসন কৰা
  • (১ বংশাৱলি ১০:১-২৯:৩০)
  • “সন্তুষ্ট মনেৰে” যিহোৱাৰ উপাসনা কৰা
  • জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ১০/১ পৃষ্ঠা ৮-পৃষ্ঠা ১১ অনু. ১০

যিহোৱাৰ বাক্য জীয়া

যিহোৱাৰ বাক্য জীয়া প্ৰথম বংশাৱলি কিতাপৰ আলোকপাত

বাবিলত বন্দী হৈ থকা প্ৰায় ৭৭ বছৰৰ পিছত ইস্ৰায়েলসকলে তেওঁলোকৰ জন্মগত দেশলৈ উভটি আহিল। মন্দিৰ পুনৰাই নিৰ্মাণ কৰা হʼল আৰু ৰাজ্যপাল হৈ জৰূব্বাবিলে প্ৰায় ৫৫ বছৰ ৰাজত্ব কৰিলে। ইস্ৰায়েলসকলে উভটি অহাৰ মুখ্য কাৰণটো আছিল, যিৰূচালেমত সত্য উপাসনাৰ পুনৰাই স্থাপন কৰা। কিন্তু যিহোৱাৰ উপাসনাৰ বাবে লোকসকলত কম আগ্ৰহকতা দেখা গʼল। গতিকে তেওঁলোকক উৎসাহিত কৰি তুলাৰ অতি আৱশ্যক আছিল আৰু প্ৰকৃততে সেই বিষয়ে বাইবেলৰ এই প্ৰথম বংশাৱলি কিতাপখনত সঠিককৈ উল্লেখ কৰা হৈছে।

প্ৰথম বংশাৱলি কিতাপখনত বংশগত তালিকাৰ উপৰিও চৌল ৰজাৰ মৃত্যুৰ পৰা ৰজা দায়ূদৰ মৃত্যুলৈকে প্ৰায় ৪০ বছৰ সময়ছোৱাত ঘটা ঘটনাবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এই কিতাপখন সা.যু.পূ ৪৬০ চনত ইস্ৰায়েলৰ পুৰোহিত ইজ্ৰাই লিখা বুলি কোৱা হয়। প্ৰথম বংশাৱলি কিতাপখন আমাৰ বাবে আগ্ৰহজনক, কিয়নো ইয়াত মন্দিৰত হোৱা উপাসনাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ উপৰিও মচীহ বংশৰ সম্পৰ্কে বিতংকৈ সংবাদ দিছে। ঈশ্বৰৰ প্ৰেৰিত বাক্যৰ এক অংশ হোৱাৰ বাবে এই কিতাপখনে আমাৰ বিশ্বাস দৃঢ় আৰু বাইবেলখনক ভালকৈ বুজি পাবলৈ সহায় কৰে।—ইব্ৰী ৪:১২.

নামবোৰৰ এক গুৰুত্বপূৰ্ণ তালিকা

(১ বংশাৱলি ১:১-৯:৪৪)

ইজ্ৰাই অন্ততঃ তিনিটা প্ৰধান কাৰণে বংশগত তালিকাখন লিপিবদ্ধ কৰিছিল আৰু সেইয়া হৈছে: একমাত্ৰ অধিকাৰ পোৱা ব্যক্তিয়ে পুৰোহিতবৰ্গত কাৰ্য্য কৰিব পাৰে, জনজাতীয় উত্তৰাধিকাৰবোৰ নিৰ্ণয় কৰাত সহায়ৰ বাবে আৰু মচীহলৈ পৰিচালিত কৰা বংশগত তালিকা সংৰক্ষণ কৰা। এই তালিকাখনত ইহুদীবিলাকক অতীতৰ প্ৰথম মানৱৰ সৈতে সংযোগ কৰিছে। আদমৰ পৰা নোহৰ সময়লৈ দহ পিৰি সময় অতিবাহিত হৈছিল। কিতাপখনে অব্ৰাহামৰ উপপত্নী কটুৰাৰ পুত্ৰ ইশ্মায়েল আৰু এচৌৰ সন্তানবোৰৰ বিষয়ে উল্লেখ কৰাৰ পিছত ইস্ৰায়েলৰ বংশত থকা ১২ জন সন্তানৰ বিষয়ে গুৰুত্ব দিছে।—১ বংশাৱলি ২:১.

মন কৰিবলগীয়া এই যে যিহূদা বংশৰ সন্তানবোৰ ৰজা দায়ূদৰ ৰাজকীয় বংশধৰ হোৱাৰ বাবে তেওঁলোকৰ বিষয়ে অধিক বিতংকৈ বৰ্ণনা কৰা হৈছে। অব্ৰাহামৰ পৰা দায়ূদ ১৪ পুৰুষ আৰু দায়ূদৰ পৰা বাবিললৈ নিয়াৰ সময়লৈকে ১৪ পুৰুষ সময় অতিবাহিত হয়। (১ বংশাৱলি ১:২৭, ৩৪; ২:১-১৫; ৩:১-১৭; মথি ১:১৭) এই কিতাপখনত ইজ্ৰাই যৰ্দ্দন নদীৰ পূবত থকা জাতিবিলাকৰ বংশৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও লেবীৰ সন্তানবিলাকৰ বংশধৰৰ সম্পৰ্কে লিপিবদ্ধ কৰিছে। (১ বংশাৱলি ৫:১-২৪; ৬:১) তদুপৰি ইজ্ৰাই কিতাপখনত যৰ্দ্দনৰ পশ্চিমে থকা আন জাতি আৰু বিন্যামীন গোত্ৰৰ বিতং সংবাদ দিছে। (১ বংশাৱলি ৮:১) ইয়াৰ উপৰিও বাবিলৰ দাসত্বৰ পৰা মুকলি হৈ যিৰূচালেমলৈ অহা প্ৰথম বাসিন্দাসকলৰো নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে।—১ বংশাৱলি ৯:১-১৬.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১:১৮—চেলহৰ পিতৃ অৰ্ফক্‌চদ নে কৈনন আছিল? (লূক ৩:৩৫, ৩৬) আচলতে অৰ্ফক্‌চদ চেলহৰ পিতৃ আছিল। (আদিপুস্তক ১০:২৪; ১১:১২) এতেকে লূক ৩:৩৬ পদত উল্লেখ কৰা “কৈনন” উক্তিটো “কল্‌দীয়া” উক্তিটোৰ ভুল বানান যেন বোধ হয়। তেতিয়াহʼলে মূল বাক্যত এনেদৰে পঢ়িবলৈ পোৱা গৈছিল যে, “কলদীয়া অৰ্ফক্‌চদৰ পুত্ৰ।” অথবা কৈনন আৰু অৰ্ফক্‌চদ এই দুয়োটা উক্তিয়ে একেইজন ব্যক্তিক নিৰ্দ্দেশিত কৰিছে। কিন্তু এটা কথা পাহৰি যোৱা উচিত নহয় যে, কিছুমান হস্তলিপিত “কৈননৰ পুত্ৰ” বুলি কʼতো উল্লেখ কৰা দেখিবলৈ পোৱা নাযায়।—লূক ৩:৩৬.

২:১৫—দায়ূদ যিচয়ৰ সপ্তম পুতেক আছিলনে? অৱশ্যেই নাছিল। কিয়নো যিচয়ৰ আঠটা পুতেক আছিল আৰু দায়ূদ যিচয়ৰ একেবাৰে কনিষ্ঠ পুত্ৰ। (১ চমূৱেল ১৬:১০, ১১; ১ চমূৱেল ১৭:১২) দৰাচলতে, যিচয়ৰ এজন পুতেক কোনো সন্তান হোৱাৰ পূৰ্বেই মৃত্যু হৈছিল। যিহেতু কোনো বৈশিষ্ট নথকাৰ বাবে তেওঁৰ নাম বংশগত তালিকাত অন্তৰ্ভুক্ত কৰা নহʼল।

৩:১৭—বাইবেলৰ লূক ৩:২৭ পদত যকনিয়াৰ পুতেক চল্‌টীয়েলক কিয় নেৰিৰ পুতেক বুলি উল্লেখ কৰিছে? দৰাচলতে, যকনিয়া চল্‌টীয়েলৰ পিতৃ আছিল। যিহেতু নেৰিয়ে নিজৰ জীয়েকক চল্‌টীয়েললৈ বিয়া দিছিল। যিদৰে লূকে যোচেফক মৰিয়মৰ পিতৃ এলিৰ জোঁৱায়েক নবুলিৰ পুতেক বুলি উল্লেখ কৰিছিল, তেনেদৰে চল্‌টীয়েলক নেৰিৰ জোঁৱায়েক বুলি নহয় কিন্তু পুতেক বুলি লিপিবদ্ধ কৰিলে।—লূক ৩:২৩.

৩:১৭-১৯—জৰূব্বাবিল, পদায়া আৰু চল্‌টীয়েলৰ কেনেকৈ সম্বন্ধীয়া আছিল? জৰূব্বাবিল চল্‌টীয়েলৰ ভায়েক পদায়াৰ পুতেক আছিল। তথাপিও বাইবেলে জৰূব্বাবিলক চল্‌টীয়েলৰ পুতেক বুলি উল্লেখ কৰিছে। (মথি ১:১২; লূক ৩:২৭) এইটো সম্ভৱতঃ এইবাবে হʼব পাৰে যিহেতু পদায়াৰ মৃত্যুৰ পিছত জৰূব্বাবিলক চল্‌টীয়েলে ডাঙৰ-দীঘল কৰিছিল। নতুবা চল্টীয়েলে নিঃসন্তানে মৃত্যু হোৱাৰ বাবে পদায়াই চল্‌টীয়েলৰ বিধবা পত্নীক বিয়া কৰিলত তেওঁলোকৰ প্ৰথম পুতেক জৰূব্বাবিলৰ জন্ম হয়।—দ্বিতীয় বিবৰণ ২৫:৫-১০.

৫:১, ২—জ্যেষ্ঠাধিকাৰ লাভ কৰাটোৱে যোচেফৰ বাবে কেনে অৰ্থ ৰাখিছিল? ইয়াৰ অৰ্থ আছিল যোচেফে উত্তৰাধিকাৰৰ দুগুণ লাভ কৰিছিল। (দ্বিতীয় বিবৰণ ২১:১৭) এইদৰে যোচেফে দুটা জাতি অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিৰ পিতৃ হৈ পৰিল। ইস্ৰায়েলৰ আন পুতেকসকলৰ প্ৰত্যেকজনৰ পৰা এটাকৈ জাতি উৎপন্ন হʼল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:১-৯:৪৪. বংশাৱলিত থকা প্ৰকৃত লোকসকলৰ তালিকাখনে দেখুৱাইছে যে সত্য উপাসনা কোনো পৰম্পৰাগত বিশ্বাসৰ ওপৰত নহয়, কিন্তু সত্যতাৰ ওপৰত আধাৰিত।

৪:৯, ১০. যাবেচে তেওঁৰ অঞ্চলটোৰ সীমা শান্তিময়ভাৱে বৃদ্ধি কৰিবলৈ কৰা আন্তৰিক প্ৰাৰ্থনাৰ উত্তৰ যিহোৱা ঈশ্বৰে দিছিল, যাতে তাত ঈশ্বৰলৈ ভয় ৰাখা লোকসকলে বসতি কৰিব পাৰে। একেইদৰে আমিও উৎসাহেৰে শিষ্য বনোৱা কাৰ্য্যক বৃদ্ধি কৰিবলৈ যিহোৱা ঈশ্বৰলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা আৱশ্যক।

৫:১০, ১৮-২২. চৌল ৰজাৰ সময়ত পূব যৰ্দ্দনত থকা জাতিবিলাকে হাগৰীয়াৰ বিপুল পৰিমাণৰ পৰাক্ৰমী লোকসকলৰ অহিতে যুদ্ধ কৰি শত্ৰু পক্ষক পৰাস্ত কৰে, কিয়নো পূব যৰ্দ্দনত থকা জাতিবিলাকে যিহোৱাৰ ওপৰত সহায়ৰ বাবে ভাৰসা কৰিছিল। এতেকে আঁহক আমি আধ্যাত্মিক যুদ্ধত ভাগ লোৱাৰ সময়ত সহায়ৰ বাবে যিহোৱাৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা কৰোঁহঁক।—ইফিচীয়া ৬:১০-১৭.

৯:২৬, ২৭ লেবীয়া দুৱৰীসকলৰ ওপৰত অতি গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। কিয়নো তেওঁলোকক মন্দিৰৰ পবিত্ৰ ঠাইবোৰত প্ৰৱেশ কৰা দুৱাৰবোৰৰ চাবি দিয়া হৈছিল। প্ৰত্যেক দিনা তেওঁলোকে কৰ্তব্যনিষ্ঠাৰে দুৱাৰ খুলা কাৰ্য্য কৰিছিল। একেইদৰে আমাৰ অঞ্চলত থকা লোকসকলৰ আগত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰি তেওঁলোকক যিহোৱাৰ উপাসনা কৰাত সহায় কৰিবলৈ এক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। গতিকে আমিও সেই লেবীয়া দুৱৰীসকলৰ দৰে বিশ্বাসী আৰু ভাৰসনীয় ব্যক্তি হোৱাৰ প্ৰমাণ দিয়া উচিত নহয়নে?

দায়ূদে ৰজা হৈ শাসন কৰা

(১ বংশাৱলি ১০:১-২৯:৩০)

চৌল ৰজা আৰু তেওঁৰ তিনিজন পুতেক গিল্‌বোৱা পৰ্ব্বতৰ দাঁতিত পলেষ্টীয়াবিলাকৰ অহিতে কৰা যুদ্ধত মৰা পৰাৰ বিষয়ে বৃতান্তটো আৰম্ভ কৰা হৈছে। যিচয়ৰ কনিষ্ঠ পুত্ৰ দায়ূদক যিহূদা প্ৰদেশৰ ওপৰত ৰজা নিযুক্ত কৰা হয়। তাৰ অলপ সময়ৰ পিছত তেওঁ যিৰূচালেম অধিকাৰ কৰে। সকলো গোত্ৰ হিব্ৰোণলৈ আহি বীৰ যুদ্ধা পুৰুষসকলে দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা নিযুক্ত কৰে। (১ বংশাৱলি ১১:১-৩) তাৰ অলপ পিছতেই তেওঁ যিৰূচালেম অধিকাৰ কৰে। তাৰ পিছত ইস্ৰায়েলসকলে যিৰূচালেমলৈ “মহা জয়-ধ্বনিৰে, শিঙা, তাল, ও তূৰীবাদ্যেৰে, আৰু নেবল ও বীণাৰ মহা-ধ্বনিৰে” যিহোৱা ঈশ্বৰৰ নিয়ম-চন্দুক আনে।—১ বংশাৱলি ১৫:২৮.

দায়ূদে সত্য ঈশ্বৰৰ বাবে মন্দিৰ নিৰ্মাণ কৰিবলৈ নিজৰ ইচ্ছা প্ৰকাশ কৰে। সেই নিৰ্মাণৰ বিশেষাধিকাৰ তেওঁৰ পুতেক চলোমনে পূৰ্ণ কৰিব বুলি যিহোৱাই দায়ূদৰ সৈতে এক নিয়ম স্থাপন কৰে। দায়ূদে ইস্ৰায়েলসকলৰ শত্ৰুবিলাকৰ অহিতে কৰিবলৈ যোৱা যুদ্ধত জয় হʼবলৈ যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ দিয়ে। দায়ূদে বে-আইনীভাৱে কৰা গণনাৰ ফলস্বৰূপে ৭০,০০০ লোক মৰা পৰে। দায়ূদে স্বৰ্গদূতৰ পৰা পোৱা নিৰ্দ্দেশনাৰ অনুসাৰে যিহোৱাৰ বাবে বেদি সাজিবলৈ যিবূচীয়া অৰ্ণনৰ ঠাই ডোখৰ কিনিলে। সেই ঠাইত দায়ূদে যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ “অতিশয় অধিক বস্তু আয়োজন কৰিলে।” (১ বংশাৱলি ২২:৫) এই কিতাপখনত দায়ূদে সংগঠিত কৰা লেবীয়াসকলৰ কাৰ্য্যৰ বাবে যিদৰে বৰ্ণনা কৰা হৈছে, তেনেদৰে বাইবেলৰ আন কোনো কিতাপত বৰ্ণনা কৰা নাই। ৰজা আৰু লোকসকলে মন্দিৰ নিৰ্মাণ কৰিবলৈ উদাৰ মনেৰে দান-বৰঙণী আগবঢ়ালে। দায়ূদে ৪০ বছৰ ৰাজত্ব কৰাৰ পিছত “তেওঁ আয়ুস, ধন, গৌৰৱেৰে পৰিপূৰ্ণ হৈ শুভ বৃদ্ধ কালত” মৃত্যু হয় আৰু “তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হল।”—১ বংশাৱলি ২৯:২৮.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১১:১১—ইয়াত বধ কৰা লোকসকলৰ সংখ্যা ৩০০ জন বুলি উল্লেখ কৰিছে, কিন্তু দ্বিতীয় চমূৱেল ২৩:৮ পদত বৰ্ণনা কৰা একেই ঘটনাত কিয় ৮০০ জনক বধ কৰা বুলি উল্লেখ কৰিছে? যাচবিয়াম বা যোচেব-বচেবৎ দায়ূদৰ তিনিজন অধিক বীৰ সেনাপতিবিলাকৰ অধক্ষ্য আছিল। ইলিয়াজৰ আৰু চম্মা আন দুজন বীৰ যুদ্ধা আছিল। (২ চমূৱেল ২৩:৮-১১) সম্ভৱতঃ একেইজন ব্যক্তিয়ে বেলেগ বেলেগ উপলক্ষ্যত দুবাৰকৈ শত্ৰু পক্ষক বধ কৰিছিল আৰু সেয়েহে ইয়াত দুটা ভিন্ন ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা দিয়া হৈছে।

১১:২০, ২১—দায়ূদৰ তিনিজন মুখ্য বীৰ যুদ্ধাৰ মাজত অবীচয়ৰ কেনে স্থান আছিল? অবীচয় দায়ূদৰ সৈন্যবাহিনীত কাৰ্য্য কৰা তিনিজন বীৰ যুদ্ধাৰ মাজৰ এজন নাছিল। তথাপিও নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ উইথ ৰিফেৰেন্সেচ্‌ নামৰ ইংৰাজী বাইবেলৰ ২ চমূৱেল ২৩:১৮, ১৯ পদত তেওঁক ৩০ জন যুদ্ধাৰ অধ্যক্ষ বুলি বৰ্ণনা কৰিছে আৰু অবীচয় তেওঁবিলাকতকৈ অধিক প্ৰসিদ্ধ আছিল। যাচবিয়ামৰ দৰে শক্তিশালী কাৰ্য্য সম্পন্ন কৰাৰ বাবে সেনাপতিবিলাকৰ ওপৰত থকা তিনিজন অধ্যক্ষৰ নিচিনাকৈ অবীচয়ে সুখ্যাতি লাভ কৰিছিল।

১২:৮—কি প্ৰকাৰে গাদীয়া যুদ্ধাবিলাক “সিংহৰ মুখ যেন” আছিল? এই পৰাক্ৰমী যুদ্ধাসকল অৰণ্যত দায়ূদৰ পক্ষে আছিল। তেওঁলোকৰ চুলি দীঘলকৈ বাঢ়িছিল। দীঘল চুলি থকাৰ বাবে তেওঁলোক দেখাত সিংহৰ দৰে ভয়ানক দেখা গৈছিল।

১৩:৫—‘মিচৰৰ চীহোৰ জুৰি’ কি? যিহেতু হিব্ৰু “চীহোৰ” শব্দটোৰ অৰ্থ হৈছে নদী। কিছুমানে ভাবে যে এই উক্তিটোৱে নীল নদীৰ এখন উপনদীক বুজাইছে। গণনা পুস্তক ৩৪:৫ পদত উল্লেখ কৰা ‘মিচৰৰ জুৰি’ বা নদী সেই একেই নদী বা ‘জুৰি’ বুলি বুজিব পাৰি। এতেকে গণনা পুস্তক ৩৪:৫ পদত ব্যৱহাৰ কৰা এক ভিন্ন হীব্ৰু শব্দক উপযুক্তভাৱে ‘মিচৰৰ জুৰি’ বুলি অনুবাদ কৰা হৈছে। এই ‘মিচৰৰ চীহোৰ জুৰি’ হৈছে ‘মিচৰৰ জুৰি’ যি, প্ৰতিজ্ঞাত দেশৰ সঙ্কীৰ্ণ উপত্যকাত দক্ষিণ-পশ্চিম সীমাক চিহ্নিত কৰিছে।—গণনা পুস্তক ৩৪:২, ৫; আদিপুস্তক ১৫:১৮.

১৬:৩০—যিহোৱাৰ সাক্ষাতে “কম্পমান” হোৱাৰ অৰ্থ কি? ইয়াত ব্যৱহাৰ কৰা “কম্পমান” শব্দটো লাক্ষণিক অৰ্থত বুজোৱা হৈছে, যি যিহোৱা ঈশ্বৰৰ প্ৰতি সম্ভ্ৰম ভয় বিকশিত কৰাক বুজায়।

১৬:১, ৩৭-৪০; ২১:২৯, ৩০; ২২:১৯—ঈশ্বৰৰ নিয়ম-চন্দুক যিৰূচালেমলৈ অনাৰ পৰা লৈ মন্দিৰ নিৰ্মাণ কৰালৈকে উপাসনাৰ কেনে ব্যৱস্থা একেৰাহে পালন কৰিব লাগিছিল? দায়ূদে ঈশ্বৰৰ নিয়ম-চন্দুক যিৰূচালেমলৈ অনাৰ পিছত বহু বছৰ ধৰি ইয়াক মন্দিৰত ৰখা হোৱা নাছিল। তাৰ পৰিৱৰ্তে নিয়ম-চন্দুক দায়ূদে বনোৱা তম্বুত ৰখা হৈছিল। সেই নিয়ম-চন্দুক যিৰূচালেমলৈ অনাৰ পিছতো তম্বুতে ৰখা হৈছিল। সেই তম্বু গিবিয়োনত আছিল আৰু মহা পুৰোহিত চাদোক আৰু তেওঁৰ ভায়েকে ব্যৱস্থাত বৰ্ণনা কৰা অনুসাৰে বলিদান কৰিব লাগিছিল। এই বলিদান যিৰূচালেমত মন্দিৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নোহোৱালৈকে কৰি থকা হʼল। মন্দিৰৰ নিৰ্মাণ কাৰ্য্য শেষ হোৱাৰ পিছত সেই নিয়ম-চন্দুক গিবিয়োনৰ পৰা যিৰূচালেমলৈ অনা হʼল আৰু মন্দিৰৰ অতি পবিত্ৰ স্থানত ৰখা হʼল।—১ ৰাজাৱলি ৮:৪, ৬.

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৩:১১. যেতিয়া আমি কোনো কাৰ্য্যত বিফল হওঁ, তেতিয়া ক্ৰোধীত বা যিহোৱাক দায় দিয়াৰ পৰিৱৰ্তে আমি বিফল হোৱাৰ কাৰণ আৰু আমাৰ পৰিস্থিতিক বিশ্লেষণ কৰা উচিত। ৰজা দায়ূদেও তেনে কৰিছিল। তেওঁ নিজৰ ভুলৰ পৰা শিকিব পাৰিলে আৰু পিছলৈ সঠিক পদ্ধতিৰে যিৰূচালেমলৈ ঈশ্বৰৰ নিয়ম-চন্দুক অনাত সফল হʼল।a

১৪:১০, ১৩-১৬; ২২:১৭-১৯. আমি কোনো কাৰ্য্য হাতত লোৱাৰ পূৰ্বেই যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁৰ নিৰ্দ্দেশনা বিচৰা উচিত, অন্যথা আমাৰ আধ্যাত্মিকাতক প্ৰভাৱিত কৰিব পাৰে।

১৬:২৩-২৯. আমাৰ জীৱনত যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিয়া উচিত।

১৮:৩. যিহোৱা হৈছে নিজৰ প্ৰতিজ্ঞা ৰাখা ঈশ্বৰ। অব্ৰাহামৰ বংশক সম্পূৰ্ণ কানান দেশ অৰ্থাৎ “মিচৰ জুৰীৰ পৰা ফৰাৎ মহানদীলৈকে” দেশ দিবলৈ কৰা প্ৰতিজ্ঞা তেওঁ দায়ূদৰ দ্বাৰা পূৰ্ণ কৰিলে।”—আদিপুস্তক ১৫:১৮; ১ বংশাৱলি ১৩:৫.

২১:১৩-১৫. যিহোৱা ঈশ্বৰে স্বৰ্গদূতজনক মহামাৰীৰে সংহাৰ নকৰিবলৈ আজ্ঞা কৰিলে, কিয়নো তেওঁ লোকসকলে পীড়িত হোৱা দেখি তেওঁবিলাকলৈ দয়া উপজিল। দৰাচলতে, “কিয়নো তেওঁৰ দয়া প্ৰচুৰ।”b

২২:৫, ৯; ২৯:৩-৫, ১৪-১৬. ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ দায়ূদে যদিও আজ্ঞা নাপলে, তথাপিও তেওঁ উদাৰভাৱে দান-বৰঙণী আগবঢ়ালে। কিয় আগবঢ়ালে? কিয়নো, তেওঁ যিহোৱাৰ পৰা যি উত্তমতা লাভ কৰিলে সেই সকলোৰে প্ৰতি গভীৰ মূল্যাঙ্কন কৰিছিল। আমিও উদাৰশীলতাৰে দান-বৰঙণী দিবলৈ সেই একেই দৰে কৃতজ্ঞতা মনোবৃত্তি ৰাখা উচিত।

২৪:৭-১৮. যিহোৱাৰ স্বৰ্গদূতে জখৰিয়াক দেখা দিয়াত দায়ূদে স্থাপন কৰা ২৪ জন পুৰোহিতৰ বিভাগীয় ব্যৱস্থা কাৰ্য্যকাৰী হৈছিল। স্বৰ্গদূতজনে জখৰিয়াক যোহন বাপ্তাইজকৰ পিতৃ আৰু যোহনৰ জন্ম হোৱাৰ বিষয়ে জনাইছিল। সেই সময়ত জখৰিয়াই অবিয় পালৰ বিভাগত মন্দিৰত পুৰোহিত হৈ কাৰ্য্য কৰিছিল। (লূক ১:৫, ৮, ৯) ইয়াৰ দ্বাৰা জানিব পৰা গʼল যে সত্য উপাসনা কোনো কাল্পনিকৰ ওপৰত নহয়, কিন্তু বাস্তৱিক ঐতিহাসিক ব্যক্তিৰ ওপৰত কেন্দ্ৰিত আছিল। গতিকে বৰ্তমান সময়ত যিহোৱাৰ সুসংগঠিত উপাসনাৰ সামঞ্জস্যত ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গক’ আনুগত্যভাৱে সহযোগ কৰাৰ দ্বাৰা আমি অৱশ্যেই আশীৰ্ব্বাদ লাভ কৰিম।—মথি ২৪:৪৫.

“সন্তুষ্ট মনেৰে” যিহোৱাৰ উপাসনা কৰা

প্ৰথম বংশাৱলি কিতাপখনত কেৱল বংশাৱলিৰ তালিকাৰ বিষয়ে যে উল্লেখ কৰিছে, এনে নহয়। ইয়াত দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ অনা, তেওঁ বৃহতভাৱে জয় লাভ কৰা, মন্দিৰ নিৰ্মাণ কৰাৰ বাবে তৈয়াৰী কৰা আৰু কাৰ্য্যৰ বাবে লেবীয়া পুৰোহিতসকলক বিভাগ কৰাৰ বিষয়েও উল্লেখ কৰা হৈছে। প্ৰথম বংশাৱলি কিতাপত ইজ্ৰাই উল্লেখ কৰা বিষয়বোৰৰ দ্বাৰা ইস্ৰায়েলসকলে অৱশ্যেই লাভৱান হৈছিল আৰু মন্দিৰত যিহোৱাৰ সত্য উপাসনা কৰিবলৈ তেওঁলোকৰ উৎসাহ আৰু মনোবল দৃঢ় কৰিছিল।

যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দি দায়ূদে কিমান যে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে! তেওঁ নিজলৈ কোনো বিশেষাধিকাৰ বিচাৰাৰ পৰিৱৰ্তে যিহোৱা ঈশ্বৰৰ ইচ্ছা পালন কৰিব বিচাৰিছিল। এই কিতাপখনে আমাকো পৰামৰ্শবোৰ পালন কৰি “সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে [যিহোৱা ঈশ্বৰৰ] আৰাধনা” কৰিবলৈ উৎসাহিত কৰা হৈছে।—১ বংশাৱলি ২৮:৯. (w05 10/1)

[ফুটনোটবোৰ]

a দায়ূদে ঈশ্বৰৰ নিয়ম-চন্দুক যিৰূচালেমলৈ আনিবলৈ কৰা চেষ্টাৰ পৰা আন শিক্ষামূলক পাঠ শিকিবলৈ প্ৰহৰীবুৰুজ, (w05-AE 6/1) জুন ১, ২০০৫, ৮-১১ পৃষ্ঠাত চাওক।

b দায়ূদে বে-আইনীভাৱে জনসংখ্যা গণনা কৰাৰ পৰা শিক্ষামূলক পাঠ শিকিবলৈ প্ৰহৰীবুৰুজ, (w05-AE 6/1) জুন ১, ২০০৫, ৮-১১ পৃষ্ঠাত চাওক।

[৮-১১ পৃষ্ঠাৰ তালিকা/ছবিসমূহ]

(লেখনিটো সম্পূৰ্ণ ফৰমেটত চাবলৈ, প্ৰকাশনত চাওক)

৪০২৬ সা.যু.পূ. আদম আদমৰ পৰা নোহলৈ (১,৯৫৬ বছৰ)

১৩০ বছৰ ⇩

চেথ

১০৫ ⇩

ইনোচ

৯০ ⇩

কৈনন

৭০ ⇩

মহললেলে

৬৫ ⇩

যেৰদ

১৬২ ⇩

হনোক

৬৫ ⇩

মথুচেলহ

১৮৭ ⇩

লেমক

১৮২ ⇩

২৯৭০ সা.যু.পূ. নোহ ২৯৭০ সা.যু.পূ. নোহৰ জন্ম

নোহৰ পৰা অব্ৰাহামলৈ (৯৫২ বছৰ)

৫০২ বছৰ ⇩

চেম

জল-প্ৰলয় ২৩৭০ সা.যু.পূ.

১০০ ⇩

অৰ্ফক্‌চদ

৩৫ ⇩

চেলহ

৩০ ⇩

এবৰ

৩৪ ⇩

পেলেগ

৩০ ⇩

ৰিয়ূ

৩২ ⇩

চৰূগ

৩০ ⇩

নাহোৰ

২৯ ⇩

তেৰহ

১৩০ ⇩

২০১৮ সা.যু.পূ. অব্ৰাহাম ২০১৮ সা.যু.পূ. অব্ৰাহামৰ জন্ম

অব্ৰাহামৰ পৰা দায়ূদলৈ: ১৪ পুৰুষ (৯১১ বছৰ)

১০০ বছৰ ⇩

ইচ্‌হাক

৬০ ⇩

যাকোব

৮৮ সা.পূ. ⇩

যিহূদা

⇩

পেৰচ

⇩

হিষোণ

⇩

ৰাম

⇩

অম্মীনাদব

⇩

নহচোন

⇩

চল্‌মোন

⇩

বোৱজ

⇩

ওবেদ

⇩

যিচয়

⇩

১১০৭ সা.যু.পূ. দায়ূদৰ জন্ম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক