আপোনাৰ আলোচনীৰ স্থায়ী অৰ্ডাৰ আছেনে?
১ কেতিয়াবা আপোনাৰ ক্ষেত্ৰত এনে হৈছেনে, যেতিয়া আপুনি ক্ষেত্ৰ পৰিচৰ্য্যা সভাত উপস্থিত হৈ দেখে যে আপোনাৰ বেগত আলোচনী নাই? জানুৱাৰী ১৯৯৬ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত (ইংৰাজী) থকা অন্তপত্ৰৰ বিষয় “আমাৰ আলোচনীৰ উত্তমৰূপে ব্যৱহাৰ কৰোহঁক” স্মৰণ কৰক। ইয়াত আমাক কোৱা হৈছিল যে “স্থায়ীৰূপে আলোচনীৰ অৰ্ডাৰ থকা আৱশ্যক,” আৰু বাখ্যা কৰিছে: “আলোচনীৰ প্ৰত্যেক খণ্ডৰ নিৰ্দ্দিষ্ট সংখ্যাৰ কপিসমূহৰ বাবে আলোচনী চোৱা-চিতা কৰা ভাইজনৰ সৈতে এক ব্যৱহাৰিক অৰ্ডাৰ ৰাখক। এইদৰে আপুনি আৰু আপোনাৰ পৰিয়ালে নিয়মিতৰূপে আৰু যথেষ্ট পৰিমাণে আলোচনী প্ৰাপ্ত কৰিব।” আপুনি এইদৰে কৰিলে নে?
২ আলোচনীৰ বাবে কিয় এটা নিৰ্দ্দিষ্ট অৰ্ডাৰৰ আৱেদন নকৰে? আপুনি প্ৰত্যেক সপ্তাহে আলোচনী বিতৰণ কৰিবলৈ এটা আৱশ্যকীয় দায়ীত্ব অনুভৱ কৰিব আৰু ইয়াক কৰাৰ দ্বাৰা আপুনি আনন্দিত হব। যদি ইতিমধ্যে আপোনাৰ আলোচনীৰ স্থায়ী অৰ্ডাৰ আছে তেনেহʼলে আপুনি সেইমতে আলোচনীবোৰৰ পুনৰ নিৰীক্ষণ কৰক যিবোৰ আপোনাক এটা মাহেকীয়া গড় হিচাবে পৰিচৰ্য্যাৰ বাবে আৱশ্যক। নিঃসন্দেহ, প্ৰত্যেক সপ্তাহত আমি আমাৰ অৰ্ডাৰ বিশ্বাসীৰূপে প্ৰাপ্ত কৰিব বিচাৰো আৰু ইয়াক কৰিবলৈ আমি এক কৰ্তব্য বুলি অনুভৱ কৰা উচিত। যদি আপুনি দীঘলীয়া সময়ৰ বাবে মণ্ডলীৰ পৰা দূৰত গৈছে, তেনেহʼলে আলোচনী চোৱা-চিতা কৰা সেৱকক জানিবলৈ দিয়ক যে আপুনি উলটি অহালৈকে আপোনাৰ আলোচনীবোৰ অন্য ভাইয়ে লব পাৰে।
৩ সেই অন্তপত্ৰখনত এইটো কোৱা হৈছিল যে আমি “নিয়মিত আলোচনীৰ দিনৰ বাবে তালিকা” বনোৱা উচিত। সপ্তাহিক আলোচনীৰ দিনত আপুনি অংশ গ্ৰহণ কৰেনে? যেনেকৈ ১৯৯৯ চনৰ যিহোৱা সাক্ষীসকলৰ কেলেণ্ডাৰ-ত এটা দিন নিদ্ধাৰিত কৰাৰ সম্পৰ্কে দেখুৱা হৈছে, সেই দিনটো হৈছে বছৰৰ প্ৰত্যেক শনিবাৰ! প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ বিতৰণ কৰা গুৰুত্বক হেয়জ্ঞান নকৰিব। যেতিয়া আমি আলোচনীৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লবলৈ চেষ্টা কৰো, আমি আমাৰ ওচৰ-চুবুৰীয়াক “মঙ্গলৰ শুভবাৰ্ত্তা” দিওঁ।—যিচ. ৫২:৭.