“মই কি কৰা উচিত?”
১ নবালকৰ পৰা সবালক অৱস্থালৈ অহা এটা শিশুৰ দৰে হয়তো আপুনি সুধিব পাৰে, ‘মই মোৰ জীৱনত কি কৰা উচিত?’ খ্ৰীষ্টান যুৱক-যুৱতীসকলে ডেকাসকলে পৰিচৰ্য্যাৰ দ্বাৰা যিহোৱালৈ তেওঁলোকৰ সেৱা বিস্তাৰিত কৰিব বিচাৰে। যেতিয়া আপুনি সাবালক হোৱাৰ দ্বায়ীত্ব গ্ৰহণ কৰে তেতিয়া আপুনি ইয়াক কেনেকৈ কৰিব পাৰে, যʼত সন্মিলিত আছে আপোনাৰ নিজৰ ভৌতিক আৱশ্যকতাবোৰৰ যোগান ধৰা? ইয়াৰ উত্তৰ বিচাৰি উলিয়াটো ইমান সহজ নহয়।
২ যেতিয়া কিছুমান যুৱক-যুৱতীয়ে এই জগতৰ অৰ্থনৈতিক অৱস্থা দেখে আৰু ভৱিষ্যতৰ সম্পৰ্কে চিন্তা কৰে, তেওঁলোকে ব্যাকুল হয় পৰে। তেওঁলোকে সন্দেহগ্ৰস্থ হয়: ‘মই অতিৰিক্ত শিক্ষা গ্ৰহণ কৰা উচিত হবনে? নতুবা এতিয়াৰ পৰাই মই পূৰ্ণ-সময়ৰ সেৱা কৰাটো উচিত হব?’ সঠিক সিধান্ত লবলৈ আৰু এই প্ৰশ্নৰ প্ৰকৃত উত্তৰ বিচাৰি পাবলৈ এজন ব্যক্তিক সৰলভাৱে এই প্ৰশ্নৰ উত্তৰ দিয়া আৱশ্যক যে ‘মোৰ জীৱনত সকলোতকৈ আৱশ্যকীয় কাৰ্য্য কি?’ তেওঁৰ নিজৰ অভিপ্ৰায়বোৰ পৰীক্ষা কৰিব লাগিব।
৩ নিজৰ ডেকা অৱস্থাত সৰ্ব্বপ্ৰথম কাৰ্য্যৰূপে আপুনি নিজকে কিদৰে প্ৰস্তুত কৰিব? কি আপুনি প্ৰধানকৈ আৰ্থিক সুবিধাবোৰত আগ্ৰহী নে, বা আপুনি সচাঁকৈ নিজৰ জীৱন ৰাজ্যৰ প্ৰতি থকা আগ্ৰহক উন্নত কৰিব বিচাৰে? এটা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীয়ে ব্যৱসায়ত উন্নতিৰ গেৰান্টী দিব নোৱাৰে। ভিন্ন উপায়েৰে, বহুতো লোকে ব্যৱসায়ৰ অৰ্হতা গ্ৰহণ কৰে, যেনে কিছুমান শিল্পকৰ্ম শিক্ষা, বৃত্তিমুলক বা প্ৰযুক্তি ভিক্তিক স্কুল, বা কোনো ডিপ্লোমা কোৰ্চ।
৪ যিহোৱাৰ বাক্যত ভৰসা কৰক: বিবেচনা কৰা এটা মূখ্য কাৰণ হৈছে যিহোৱাৰ পৰা পোৱা প্ৰতিশ্ৰুতি যে যিসকলে ৰাজ্যৰ প্ৰতি থকা আগ্ৰহক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে তেওঁলোকক তেওঁ সকলোবোৰ প্ৰদান কৰিব। (মথি ৬:৩৩) এইটো এটা ব্যৰ্থ প্ৰতিজ্ঞা নহয়। বহুতো ভায়ে পৰিচাৰক প্ৰশিক্ষন স্কুলত উপস্থিত হয় যদিও তেওঁলোক সত্যত অহা আগতে কলেজৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। কিন্তু তেওঁলোকে কি চাকৰি কৰিছিল? বহুত কম লোকেহে তেওঁলোকৰ শিক্ষাৰ অৰ্হতাৰ পৰা ব্যৱসায় কাৰ্য্যত সফলতা প্ৰাপ্ত কৰিছিল। বহুতে সৰু-সুৰা চাকৰি কৰিছিল আৰু অগ্ৰগামী কৰা সময়ত তেওঁলোকৰ আৰ্থিক আৱশ্যকতাবোৰ ভালদৰে পূৰ্ণ কৰিবলৈ পাৰিছিল। পৰিচৰ্য্যাত তেওঁলোকৰ সময় ব্যয় কৰাৰ দ্বাৰা, তেওঁলোকে কোনো ভৌতিক বস্তুৱে দিব নোৱাৰা আশীৰ্ব্বাদসমূহ প্ৰাপ্ত কৰিছে।
৫ আপোনাৰ উচ্চ বিদ্যালয়ৰ পৰা স্নাতক লাভ কৰা পাছত আপুনি কি কৰা উচিত তাক সিধান্ত লোৱা সময়ত, সকলোবোৰ কাৰ্য্যৰ প্ৰয়োজনীয়তাক লক্ষ্য কৰক আৰু আপোনাৰ অভিপ্ৰায়বোৰক ভালদৰে পৰীক্ষা কৰক। আপুনি নিৰ্ব্বাচিত কৰা বিষয়বোৰত ভাৰসাম্য বজাই ৰাখিবলৈ, সজাগ হওঁক! (ইংৰাজী) মাৰ্চ ৮, ১৯৯৮, ১৯-২১ পৃষ্ঠাত তেনেধৰণৰ বিষয়ৰ ওপৰত থকা সূচনাবোৰক বিবেচনা কৰক। আপোনাৰ পিতৃ-মাতৃ, প্ৰাচীন, আপোনাৰ চাৰ্কিট ওভাৰচিয়া আৰু আপোনাৰ এলেকাত সফলতা প্ৰাপ্ত কৰা অগ্ৰগামীসকলৰ সৈতে কথা-বতৰা হওঁক। ইয়ে আপোনাক আপোনাৰ জীৱন কি কৰা উচিত তাৰ বাবে সঠিক সিধান্ত লবলৈ সহায় কৰিব।—উপ. ১২:১, ১৩.