ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০২ পৃষ্ঠা ৪
  • পূৰ্ণসময় সেৱা কৰাৰ আনন্দ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পূৰ্ণসময় সেৱা কৰাৰ আনন্দ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০২ পৃষ্ঠা ৪

পূৰ্ণসময় সেৱা কৰাৰ আনন্দ

১ ইয়াত কোনো সন্দেহ নাই যে এজন ডেকা ব্যক্তি হিচাবে আপুনি নিশ্চয়ে ভৱিষ্যতৰ বিষয়ে বিবেচনা কৰিছে। হিতোপদেশ ২১:⁠৫ পদে আমাক এইদৰে কৈছে যে, “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়।” আপোনাৰ ভৱিষ্যত জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গভীৰৰূপে চিন্তা কৰিলে আপুনিহে লাভবান হʼব। যেনেকৈ আপুনি ভৱিষ্যতৰ পৰিকল্পনা তৈয়াৰ কৰে, তেতিয়া পূৰ্ণসময় সেৱা কাৰ্য্য কৰাৰ বিষয়ে চিন্তা কৰক। কিয় চিন্তা কৰা আৱশ্যক?

২ ডেকা বয়সত অগ্ৰগামী সেৱা কৰা কিছুমান বয়স্ক ভাই-ভনীক সোধক যে পূৰ্ণসময় অগ্ৰগামী সেৱাৰ বাবে তেওঁলোকৰ অভিমত কি, তেওঁলোকে হয়তো এইদৰে একেই উত্তৰ দিব: “সেই সময়ছোৱা মোৰ জীৱনৰ আটাইতকৈ উত্তম দিন আছিল!” এজন ভায়ে তেওঁৰ ডেকা বয়সত পূৰ্ণসময়ৰ সেৱা কৰি আনন্দ লাভ কৰি অভিজ্ঞতা হোৱাৰ বিষয়ে পিছলৈ তেওঁ এইদৰে কয়: “‘যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা,’ বুলি কোৱা এই বুদ্ধিমান পৰামৰ্শটো পালন কৰাৰ বাবে অতীতলৈ উভটি চালে কʼব পাৰি যে ডেকা বয়সটো সঁচাকৈ এক গভীৰ সন্তুষ্টিৰ উৎস আছিল।” (উপ. ১২:⁠৭) ডেকা বয়সত তেনে আনন্দৰ অভিজ্ঞতা হʼবলৈ এতিয়াৰে পৰা আপুনি আৰু আপোনাৰ পিতৃ-মাতৃয়ে সাৱধানে এটা পৰিকল্পনা তৈয়াৰ কৰা আৱশ্যক।

৩ পিতৃ-মাতৃয়ে পূৰ্ণসময়ৰ সেৱা কৰিবলৈ উৎসাহিত কৰে: যত্ন লোৱা পিতৃ যিহোৱাই সঠিকভাৱে আপুনি যাবলগীয়া বাটৰ পথ প্ৰদৰ্শন কৰে। (যিচ. ৩০:⁠২১) তেওঁ আপোনাক এনে প্ৰেমময় নিৰ্দ্দেশনা প্ৰদান কৰিবলৈ খ্ৰীষ্টান পিতৃ-মাতৃ হিচাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। লʼৰা-ছোৱালীৰ বাবে যি উত্তম পথ তাৰ বাবে তেওঁলোকক নিজে বাছনি কৰিব দিয়াৰ পৰিৱৰ্তে, বুদ্ধিমানৰূপে প্ৰশিক্ষণ দিয়ক যাতে তেওঁলোকে এনে পথেৰে যাব পাৰে যʼত তেওঁলোকে যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিব। যেনেকৈ তেওঁলোকৰ বয়স বাঢ়ি আহিব আপুনি দিয়া প্ৰশিক্ষণৰ যোগেদি “ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ” হʼব। (ইব্ৰী ৫:⁠১৪) বয়সস্তসকলে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা জানিব পাৰিছে যে, তেওঁলোকে কেতিয়াও নিজৰ নিৰ্ণয়ত ভাৰসা কৰিব নোৱাৰে; তেওঁলোকে নিজৰ পথ সমান কৰিবলৈ নিশ্চয়ে যিহোৱাত ভাৰসা কৰা উচিত। (হিতো. ৩:⁠৫, ৬) জীৱনত কম অভিজ্ঞতা থকা ডেকা ব্যক্তিসকলৰ বাবে তেনে কৰাটো অতি আৱশ্যক।

৪ পিতৃ-মাতৃসকল, যেনেকৈ আপোনাৰ লʼৰা-ছোৱালীয়ে কিশোৰ অৱস্থাত উপনীত হৈছে বা তাতকৈ আগবাঢ়িছে, তেওঁলোকৰ ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে তেওঁলোকৰ সৈতে বাস্তৱিকতাৰে কথোপকথন কৰক। কিয়নো উপদেষ্টা, শিক্ষক আৰু সহপাঠীসকলে তেওঁলোকক জগতিক আৰু ভৌতিকবাদৰ অনুসাৰে চলিবলৈ প্ৰেৰিত কৰিব। গতিকে আপোনাৰ লʼৰা-ছোৱালীক এনেধৰণৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ বাবে বাছনি কৰিবলৈ সহায় কৰক যাতে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যৰ প্ৰতি কোনো অৱহেলা নকৰাকৈ তেওঁলোকৰ ভৌতিক আৱশ্যকতাসমূহ পূৰণ কৰিব পাৰে। (১ তীম. ৬:⁠৬-​১১) বহুতো ক্ষেত্ৰত উচ্চ বিদ্যালয়সমূহত ব্যৱহাৰিক প্ৰশিক্ষণ বা জীৱিকাৰ উপায় স্বৰূপে শিক্ষা দিয়া হয়, যাৰ দ্বাৰা তেওঁলোকে নিজৰ আৱশ্যকতাসমূহ পূৰণ কৰি নিমিতৰূপে অগ্ৰগামী সেৱা কৰিব পাৰিব।

৫ ডেকা ব্যক্তিসকলক উপহাৰ হিচাবে পোৱা অবিবাহিত জীৱন অতিবাহিত কৰিবলৈ উৎসাহিত কৰক। যদি তেওঁলোকে পিছলৈ বিবাহ কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে তেওঁলোকে বিবাহৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বক বহন কৰিবলৈ প্ৰস্তুত হৈছে। অগ্ৰগামী সেৱা, যি ঠাইবিলাকত আৱশ্যক আছে তালৈ গৈ সেৱা আৰু বেথেল সেৱা কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক যথাৰ্থৰূপে পৰামৰ্শ দি কম বয়সতে আগ্ৰহী কৰি তুলক, যাতে তেওঁলোকে যিহোৱাৰ মন সন্তুষ্টি, আনক লাভ প্ৰদান আৰু নিজে আনন্দিত হʼবলৈ নিজৰ জীৱন ব্যৱহাৰ কৰিব পাৰে।

৬ যুৱক-যুৱতীসকল, পূৰ্ণসময়ৰ সেৱা কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ক: কেনেকৈ অগ্ৰগামী সেৱা কাৰ্য্য কৰা হয়, এই বুলি ভাবি ডেকা ব্যক্তিসকলে চিন্তা কৰাৰ কোনো আৱশ্যক নাই। যেতিয়া সম্ভৱ হয় আপোনালোকে স্কুলত পঢ়ি থকা সময় আৰু ছুটিৰ সময়ছোৱাত অংশকালিক হিচাবে সহযোগী অগ্ৰগামী কৰিব পাৰে। তেতিয়াহে আপোনালোকে জানিব যে অগ্ৰগামীৰূপে সেৱা কৰি কিমান সন্তুষ্টি লাভ কৰিব পাৰি! আপুনি এতিয়া আৰু স্কুল বন্ধ থকাৰ সময়ছোৱাত সহযোগী অগ্ৰগামী সেৱা কাৰ্য্য কৰিবলৈ আঁচনি বনাব পাৰিবনে?

৭ ঈশ্বৰৰ সংগঠনত যদি আপুনি এজন ডেকা ভাই, তেনেহʼলে সহায়ক সেৱক হোৱাৰ বাবে উপযুক্ত হʼবলৈ গম্ভীৰতাৰে বিবেচনা কৰিব পাৰে। (১ তীম. ৩:⁠৮-​১০, ১২) ইয়াৰ উপৰিও আপুনি উপযুক্ত বয়সত বেথেল সেৱা বা পৰিচৰ্য্যা প্ৰশিক্ষণ স্কুলৰ বাবে আৱেদন কৰিবলৈ নিৰ্ণয় লʼব পাৰে। অগ্ৰগামী সেৱাই আপোনোক এক বহুমূলীয়া শিক্ষা প্ৰদান কৰে, যেনে, কেনেকৈ তালিকাৰ অনুসাৰে চলা, ব্যক্তিগতৰূপে সংগঠিত কৰা কাৰ্য্যত উন্নতি হোৱা, আনৰ সৈতে সহযোগ আৰু দায়িত্ব পালন কৰাৰ প্ৰতি জ্ঞান বিকাশিত কৰা। এই সকলোবিলাকে পিছলৈ আপোনাক ঈশ্বৰৰ সেৱাত বিশেষ অধিকাৰসমূহ বহন কৰাত নিজকে প্ৰস্তুতি কৰিবলৈ সহায় কৰিব।

৮ পূৰ্ণসময়ৰ সেৱাত সফলতা পোৱাৰ মুখ্য কাৰণ হৈছে ঈশ্বৰ-শাসিত পৰিশ্ৰমী মনোবৃত্তি বজাই ৰখা। এই মনোবৃত্তিৰ বাবে পাঁচনি পৌলে উৎসাহিত আৰু তাৰ ফলস্বৰূপে পোৱা আশীৰ্ব্বদসমূহৰ বিষয়ে এইদৰে কৈছিল: “[যিহোৱাৰ, NW] পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি, যি কৰা, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু [যিহোৱাৰ, NW] উদ্দেশে মনে চিত্তে সৈতে কৰা।” (কল. ৩:⁠২৩, ২৪) পূৰ্ণসময়ৰ সেৱা কাৰ্য্যত অনেক আনন্দ লাভ কৰিবলৈ যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰক!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক