ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ
২০০২ চনৰ জানুৱাৰী ৭ তাৰিখৰ পৰা এপ্ৰিল মাহৰ ২২ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনঃ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুনঃ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেলখন ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীবুৰুজʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. ৰজা চলোমনে উপদেশক ২:২ পদত বৰ্ণনা কৰা অনুসাৰে, আমি হাঁহি আৰু আনন্দ কৰাৰ পৰা আঁতৰি থাকিব লাগে। [সপ্তাহিক বাইবেল পাঠ; w৮৭ ৯/১৫, ২৪ পৃ. ৫ অনু.]
২. গোটেই বাইবেলখনৰ মুল বিষয়টো হৈছে, মানৱজাতিক শাসন কৰাৰ অধিকাৰ থকা ঈশ্বৰক প্ৰতিপন্ন আৰু তেওঁৰ ৰাজ্যৰ যোগেদি তেওঁৰ প্ৰেমময় উদ্দেশ্যক সিদ্ধ কৰা। [kl ১৪ পৃ. ৭ অনু.]
৩. যিচয়া ১:৭ পদত ভৱিষ্যতবক্তাই উল্লেখ কৰা বাক্যশাৰীয়ে যিহূদাত ৰাজত্ব কৰা ৰজা আহজৰ সময়ছোৱাত হোৱা ধ্বংসক নিৰ্দ্দেশিত কৰিছে। [সপ্তাহিক বাইবেল পাঠ; ip-1 ১৭ পৃ. ১৬ অনু.]
৪. হেবলৰ বলিদান কয়িনতকৈ উত্তম হোৱাৰ বাবে যিহোৱাই তেওঁৰ বলিদান গ্ৰহণ কৰিলে। (আদি. ৪:৪) [my ৬ অধ্যায়।]
৫. আমাৰ সামৰ্থ্য অৰ্থাৎ আমাৰ সময়, নিপুণতা, শক্তি আৰু ভৌতিক সম্পত্তিৰে “যিহোৱাক আদৰ” কৰিলে তেওঁৰ পৰা প্ৰচুৰ আধ্যাত্মিক আশীৰ্ব্বাদ লাভ কৰিব পাৰি। (হিতো. ৩:৯, ১০) [w০০ ১/১৫ ২৫ পৃ. ১ অনু.]
৬. বৰ্তমান সময়ত যিচয়া ২৮:২১ পদত উল্লেখ কৰা ‘তেওঁৰ কাৰ্য্য, নজনা নুশুনা কাৰ্য্যক’ হৰমাগিদোনত হʼবলগীয়া জাতিবিলাকৰ ধ্বংসক নিৰ্দ্দেশিত কৰিছে। [সপ্তাহিক বাইবেল পাঠ; ip-1 ২৯৫ পৃ. ১৬ অনু.; ৩০১ পৃ. ২৮ অনু. চাওঁক।]
৭. মথি ২৪:৩৮, ৩৯ পদত বৰ্ণনা কৰিছে যে নোহৰ সময়ৰ মানুহবিলাকে ভোজন-পান, বিয়া-বাৰু আৰু আন আন কাৰ্য্যসমূহত অত্যাধিকভাৱে ব্যস্ত থকাৰ বাবে তেওঁলোকক জল-প্লাবনৰ দ্বাৰা ধ্বংস কৰা হৈছিল। [w০০ ২/১৫ ৬ পৃ. ৬ অনু.]
৮. নম্ৰ হৃদয়ৰ সেৱকসকলে নিস্বাৰ্থভাৱে সেৱা কৰিবলৈ কৰা নিবেদনৰ প্ৰতি যিহোৱাই তৎক্ষণাত উত্তৰ দিয়ে। [w০০ ৩/১ ৪ পৃ. ৩ অনু.]
৯. যিচয়া ৬০:৩ পদত উল্লেখ কৰা “জাতিবিলাক,” ৰাজনৈতিকৰ সৈতে জড়িত থকা প্ৰত্যেকজন ব্যক্তিক বুজাইছে; যিসকলে উদয় হোৱা ঈশ্বৰৰ দীপ্তিৰ প্ৰতি আকৰ্ষিত হৈছে। [সপ্তাহিক বাইবেল পাঠ; w০০ ১/১ ১২ পৃ. ৪ অনু. চাওঁক।]
১০. যিৰিমিয়া জন্ম হোৱাৰ পূৰ্বেই তেওঁৰ বাবে অনন্তকলীয়া লক্ষ্য নিৰ্দ্ধাৰিত কৰি, যিহোৱাই তেওঁক “পবিত্ৰ” কৰিলে। (যিৰি. ১:৫) [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৪/১ ১০ পৃ. ২ অনু. চাওঁক।]
নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক:
১১. হিতোপদেশ ১১:১ পদত কোৱা অনুসাৰে ‘আহাৰ পেলাই দিয়াৰ’ অৰ্থ কি? [সপ্তাহিক বাইবেল পাঠ; w৮৭ ৯/১৫ ২৫ পৃ. ১১ অনু. চাওঁক।]
১২. যিহোৱাই, যিচয়া ৬:৮ পদত “আমি” বুলি উল্লেখ কৰা শব্দটোত আৰু কোন সন্মিলিত আছে? [সপ্তাহিক বাইবেল পাঠ; ip-1 ৯৩-৯৪ পৃ. ১৩ অনু.]
১৩. যিচয়া ৯:২ পদত দিয়া ভৱিষ্যতবাণী পূৰ্ণতাৰ অনুসাৰে গালীল প্ৰদেশত কেনেকৈ “মহাজ্যোতি” দেখিবলৈ পাইছিল? [সপ্তাহিক বাইবেল পাঠ; ip-1 ১২৬ পৃ. ১৭ অনু.]
১৪. সা.যু.পূ. ৫৩৯ চনত বাবিলৰ পতন হোৱা আৰু অৱশেষত তাইৰ সম্পূৰ্ণ বিনাশক বৰ্তমান সময়ত কিহৰ সৈতে তুলনা কৰা হৈছে? (যিচ. ১৩:১৯, ২০; ১৪:২২, ২৩) [সপ্তাহিক বাইবেল পাঠ; ip-1 ১৮৮ পৃ. ৩০-১ অনু. চাওঁক।]
১৫. “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই কেনেকৈ যিচয়া ২১:৬ পদত বৰ্ণনা কৰা “পৰীয়া” দৰে কাৰ্য্য কৰিছে? (মথি ২৪:৪৫) [সপ্তাহিক বাইবেল পাঠ; ip-1 ২২১ পৃ. ১১ অনু. চাওঁক।]
১৬. যিসকল ডেকা পুৰুষে বিবাহৰ বাবে নিজ উপযুক্ত সঙ্গীৰ সন্ধান কৰিছে হিতোপদেশ ৩১:১০ পদত তেওঁলোকৰ উদ্দেশ্যে কেনে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰা হৈছে? [w০০ ২/১ ৩১ পৃ. ১ অনু.]
১৭. যিচয়া ৪৩:৯ পদৰ অনুসাৰে এই জগতৰ মিছা দেৱতাক পূজা কৰা জাতিবিলাকৰ সম্মুখত কেনে প্ৰত্যাহ্বান ৰাখিছে? [সপ্তাহিক বাইবেল পাঠ; w৮৮ ২/১ ১৬ পৃ. ৩ অনু. চাওঁক।]
১৮. যিসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰে, তেওঁলোকৰ ভৰি কেনেকৈ “সুন্দৰ” হয়? (যিচ. ৫২:৭) [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৪/১৫ ২৭ পৃ. ৬ অনু. চাওঁক।]
১৯. আমাৰ মন প্ৰবাঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আমি কি কৰা আৱশ্যক? (যিৰি. ১৭:৯) [w০০ ৩/১ ৩০ পৃ. ৪ অনু.]
২০. যিসকলে ‘যিহোৱাৰ পথত চলিব,’ বিচাৰে তেওঁলোকে কি কৰা প্ৰয়োজন? (যিৰি. ৭:২৩) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৮/১৫ ২৯ পৃ. ৬ অনু. চাওঁক।]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰণ কৰিবলৈ উপযুক্ত শব্দ বা বাক্য দিয়ক:
২১. “জ্ঞানৱানৰ হৃদয় তাৰ সোঁহাতে,” কিয়নো ‘সোঁহাত’ _________________________ চিহ্নিত কৰে; এইদৰে এইটো প্ৰকাশ পাইছে যে এজন ব্যক্তিৰ ভাল _________________________ অভিপ্ৰায়ে তেওঁক অনুমোদন লাভ কৰাৰ পথলৈ পৰিচালিত কৰে। (উপ. ১০:২; মথি ২৫:৩৩) [সপ্তাহিক বাইবেল পাঠ; w৮৭ ৯/১৫ ২৫ পৃ. ৮ অনু. চাওঁক।]
২২. যেতিয়া আমি শাস্ত্ৰ পদ _________________________ আৰু তাত দিয়া পৰামৰ্শক _________________________ কৰোঁ, তেতিয়া আমি _________________________ লাভ কৰোঁ, যিটো মানুহে নিজৰ দ্বাৰা কেতিয়াও আৰ্জন কৰিব নোৱাৰে। [kl ২১ পৃ. ২০ অনু.]
২৩. যিচয়া ৩৩:১ পদত বৰ্ণনা কৰা যিহূদা নগৰৰ ধ্বংস কৰোঁতা জন হৈছে _________________________ , যিজনে সা.যু.পূ. ৬৩২ চনত নিজে ধ্বংসিত হʼল আৰু _________________________ নিবাসীবিলাকলৈ ‘ফৰিংবোৰে জঁপিওৱাৰ’ দৰে তেওঁলোকৰ বৃহত পৰিমাণৰ লুটদ্ৰব্য এৰি গʼল। (যিচ. ৩৩:৪) [সপ্তাহিক বাইবেল পাঠ; ip-1 ৩৪৩ পৃ. ৪ অনু.; ৩৪৫ পৃ. ৬ অনু. চাওঁক।]
২৪. যিচয়া ৫৪:১ পদটো গালাতীয়া ৪:২৬, ২৭ পদৰ সৈতে তুলনা কৰিলে এইটো প্ৰকাশ হয় যে, উল্লেখ কৰা “বাঁজী” স্ত্ৰী “_________________________ ” চহৰক চিহ্নিত কৰে; আৰু “স্বামী থকা জনী” _________________________ চিত্ৰিত কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৮/১ ১১ পৃ. ৮ অনু. চাওঁক।]
২৫. প্ৰচাৰ কাৰ্য্যত আমি যেতিয়া বিদ্ৰূপ আৰু অগ্ৰাহ্যৰ সম্মুখীন হওঁ, তেতিয়া সদায়ে আমি মনত ৰখা উচিত যে লোকবিলাকে _________________________ নহয় কিন্তু _________________________ বাৰ্ত্তাকহে বিৰোধ কৰে। (২ কৰি. ৪:১, ৭) [w০০ ১/১৫ ২১ পৃ. ২ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ পৰা শুদ্ধ উত্তৰ বাছনি কৰক:
২৬. পাঁচনি পৌলে যেতিয়া স্বৰ্গত যীচুৰ মহিমাৰ সম্পৰ্কে পোৱা দৰ্শনৰ বিষয়ে লিখিছিল, তেতিয়া তেওঁ নিজৰ “অকালত জন্মা” হোৱাৰ সম্বন্ধে নিৰ্দ্দেশিত কৰিছিল, যাৰ অৰ্থ আছিল (তেওঁ নতুনকৈ আত্মিকৰূপে জন্ম গ্ৰহণ কৰা; পূৰ্বেই তেওঁক জাতিবিলাকৰ পাঁচনি হʼবলৈ আমন্ত্ৰণ দিয়া; সময়ৰ পূৰ্বেই তেওঁ আত্মিক প্ৰাণী হিচাবে জন্ম বা পুনৰুত্থান হোৱাৰ সন্মান লাভ কৰা)। (১ কৰি. ৯:১; ১৫:৮) [w০০ ১/১৫ ২৯ পৃ. ৬ অনু.]
২৭. উল্লেখ কৰা “অনন্তকালস্থায়ী পিতৃ” ৰজাৰূপে মচীহৰ সামৰ্থ আৰু মানৱজাতিক (আধ্যাত্মিক জীৱন; স্বৰ্গত চিৰকালৰ বাবে জীৱন; পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আশা) প্ৰদান কৰাৰ অধিকাৰক বুজাইছে। (যিচ. ৯:৬; যোহ. ১১:২৫, ২৬) [সপ্তাহিক বাইবেল পাঠ; ip-1 ১৩১ পৃ. ২৬ অনু. চাওঁক।]
২৮. যিচয়া ৬৬:৭ পদত “পুত্ৰ-সন্তান” বুলি উল্লেখ কৰা ভৱিষ্যতবাণীৰ বৰ্তমান সময়ৰ পূৰ্ণতাই (যীচু খ্ৰীষ্টক; মচীহৰ ৰাজ্যক; ১৯১৯ চনত গঠিত হোৱা এক নতুন আধ্যাত্মিক জাতিক) চিহ্নিত কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৫ ১/১ ১১ পৃ. ৩ অনু. চাওঁক।]
২৯. পিতৰক, “মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম” বুলি কোৱাৰ দ্বাৰা যীচুৱে এইটো প্ৰকাশ কৰিলে যে পিতৰক (আন পাঁচনিসকলতকৈ প্ৰথম স্থান; এক বিশেষ অধিকাৰ; মণ্ডলীৰ আধাৰশিলা স্থাপন কৰিবলৈ দায়িত্ব) দিয়া হʼল। (মথি ১৬:১৯) [gt ৫৯ অধ্যায়]
৩০. “এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি” বুলি যিৰিমিয়া ৭:২৮ পদত উল্লেখ কৰা ভৱিষ্যতবাণী, বৰ্তমান সময়ত (মহা-বাবিল; খ্ৰীষ্টীয়জগতত; সপ্তম বিশ্ব শক্তিত) পূৰ্ণতা হৈছে। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৪/১ ১৮ পৃ. ১০ অনু. চাওঁক।]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া উক্তিবোৰৰ সৈতে মিলাওঁক:
হিতো. ২৪:১৬; উপ. ৩:১১; যিচ. ৪০:৮; মথি ৩:১৬, ১৭; যোহ. ৬:১৪
৩১. ঈশ্বৰৰ উদ্দেশ্যৰ সৈতে খাপ খোৱা তেওঁৰ প্ৰত্যেকটো কাৰ্য্যৰ স্থান ইয়াৰ নিৰ্দ্দিষ্ট সময়ত প্ৰকাশ কৰা হʼব। [সপ্তাহিক বাইবেল পাঠ; w৮৭ ৯/১৫ ২৪ পৃ. ৮ অনু. চাওঁক।]
৩২. যীচুৱে আচৰিতভাৱে হাজাৰ হাজাৰ লোকক ভোজন কৰোৱা দেখি বহুতে এই সিদ্ধান্তত উপনীত হৈছিল যে, তেওঁ নিশ্চয়ে মোচিতকৈ মহান ভৱিষ্যতবক্তা আৰু একমাত্ৰ তেওঁহে শাসন কৰাৰ বাবে উপযুক্ত। [gt ৫৩ অধ্যায়]
৩৩. যদিও জীৱনত অৱনতি হোৱাটো বাধা দিব নোৱাৰি, কিন্তু এজন ঈশ্বৰীয় ব্যক্তিয়ে যি উত্তম তাক কৰিবলৈ কেতিয়াও ত্যাগ নিদিয়ে। [w০০ ২/১ ৫ পৃ. ১ অনু.]
৩৪. ঈশ্বৰৰ বাক্য বা উদ্দেশ্য পূৰ্ণ হোৱাৰ পৰা কেতিয়াও প্ৰত্যাহাৰ বা বাধাগ্ৰস্ত হʼব নোৱাৰে। [সপ্তাহিক বাইবেল পাঠ; ip-1 ৪০১-৪০২ পৃ. ১০ অনু. চাওঁক।]
৩৫. যিহোৱাই স্বয়ং স্বৰ্গৰ পৰা কথা কৈ যীচুৰ প্ৰতি থকা তেওঁৰ অনুমোদনক সমৰ্থন কৰিছিল। [kl ৩৮ পৃ. ১০ অনু.]