ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। এপ্ৰিল আৰু মে: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী আগবঢ়াওঁক। যিসকল আগ্ৰহী, তেওঁলোকক পুনৰ সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে আলোচনী প্ৰবাহ আৰম্ভ কৰক। বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক মণ্ডলীত উপলব্ধ থকা এখন উপযুক্ত ব্ৰচাৰ আগবঢ়াওঁক। জুলাই: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? তদুপৰি, যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে?
▪ প্ৰত্যেকখন মণ্ডলীলৈ মাহেকীয়া স্টেটমেন্টৰ সৈতে বছেৰেকীয়া সাহিত্যসমূহৰ বাবে বিশেষ অনুৰোধ পত্ৰসমূহো পঠোৱা হʼল। যি মণ্ডলীসমূহে এতিয়ালৈকে ২০০২ চনৰ অধিবেশনৰ বেজ কাৰ্ড আৰু ২০০৩ চনৰ বছেৰেকীয়া আন সাহিত্যসমূহৰ বাবে বিশেষ অনুৰোধ পঠোৱা নাই, তেওঁলোকে কোনো পলম নকৰি তেওঁলোকৰ আৱেদন পঠোৱা আৱশ্যক। যিবোৰ মণ্ডলীৰ ৰাজ্যগৃহ সাহিত্য তালিকা ব্যৱস্থাৰ অধিনত আছে, তেওঁলোকে নিজৰ আৱেদন কেৱল “সমকক্ষ মণ্ডলীৰ” যোগেদিহে পঠোৱা উচিত। সমকক্ষ মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিশ্চিত হোৱা উচিত যে প্ৰয়োজনীয় প্ৰকাশনসমূহ যেন প্ৰত্যেক মণ্ডলীয়ে লাভ কৰে।
▪ শাখা কাৰ্য্যলয়সমূহক প্ৰিজাইডিং অভাৰচিয়াৰ আৰু চেক্ৰেটাৰী সকলৰ শেহতীয়া ঠিকনা আৰু ফোন নম্বৰ তালিকা বজাই ৰখা আৱশ্যক হৈছে। যদি ঠিকনা বা পিন নম্বৰ সলনি হৈছে, তেতিয়াহʼলে মণ্ডলীৰ সেৱা কমিটিয়ে প্ৰিজাইডিং অভাৰচিয়াৰ/চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু পিন নম্বৰসমূহ ঠিকনা ফ্ৰম (S-29) লিখি অতি শীঘ্ৰেই শাখা কাৰ্য্যালয়লৈ পঠোৱা উচিত।
▪ মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত যথেষ্টমাত্ৰাত নিয়মিত অগ্ৰগামী আৱদেন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205b) ৰখা আৱশ্যক। এই পত্ৰসমূহৰ বাবে সাহিত্য অনুৰোধ পত্ৰ (S-14) যোগেদি আৱেদন কৰিব পাৰি। অন্ততঃ এবছৰৰ বাবে এই আৱেদন পত্ৰসমূহ থকা আৱশ্যক। সকলো নিয়মিত অগ্ৰগামী সেৱাৰ বাবে আৱেদন কৰা পত্ৰসমূহ সম্পূৰ্ণকৈ ভৰ্তি কৰা হৈছে নে নাই তাক নিৰীক্ষণ কৰি নিশ্চিত কৰা আৱশ্যক। আৱেদন কৰোঁতাসকলে যদি নিজৰ বাপ্তিষ্মা লোৱাৰ সঠিক তাৰিখ মনত নাই, তেনেহʼলে তেওঁলোকে এটা তাৰিখ নিৰ্ধাৰিত কৰি লিখা আৱশ্যক আৰু সেই তাৰিখ নিজৰ ডায়েৰীত লিপিবদ্ধ কৰি ৰখা উচিত।
▪ যদি আপুনি কোনো এখন দেশলৈ গৈ মণ্ডলীৰ সভা, সন্মিলন বা জিলা অধিৱেশনত উপস্থিত হʼবলৈ পৰিকল্পনা কৰিছে, তেনেহʼলে সন্মিলন বা অধিৱেশন অথবা মণ্ডলীৰ সভাৰ দিন, তাৰিখ, সময় আৰু তাৰ ঠিকনাসমূহৰ বিষয়ে জানিবলৈ সেই দেশত থকা শাখা কাৰ্য্যালয়লৈ লিখা আৱশ্যক। আপুনি যাবলগীয়া দেশত থকা শাখা কাৰ্য্যালয়ৰ ঠিকনাসমূহ চলিত বছৰৰ বাৰ্ষিক পুস্তকʼৰ শেষ পৃষ্ঠাত পাব।
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ
“গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” —তামিল
আমাৰ পৰিচৰ্য্যা সম্পন্ন কৰিবৰ বাবে সংগঠিত —তামিল