আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰা পদ্ধতি
১ চল্লিশ বছৰৰ আগতে, জানুৱাৰী ১৫, ১৯৫৫, প্ৰহৰীদূৰ্গ-ত (ইংৰাজী) এটা লেখ আহিছিল যাৰ বিষয় আছিল “সৰ্বোত্তম যি আপুনি কৰিছে সেইটোৱে যথেষ্ঠ নে?” যিহোৱাৰ সাক্ষীসকলৰ পৰিচৰ্য্যা কাৰ্য্যত ব্যক্তিগতভাৱে কেনেকৈ উন্নত কৰাটো সম্ভৱ, যাতে তেওঁলোকে ৰাজ্যৰ কাৰ্য্যক বৃদ্ধি কৰিব পাৰে তাৰ বিষয়ে সেই লেখত অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। যেনেকৈ আমি আৰু বেছি উন্নত কৰাৰ বাবে চেষ্টা কৰাৰ চেষ্টা কৰি যাওঁ, সেই সুন্দৰ পৰামৰ্শ আজিও আমাৰ সময়ত ব্যৱহাৰ হয়।
২ মহান আজ্ঞাৰ দ্বাৰা আমাৰ সকলো কাৰ্য্য অনুপ্ৰেৰিত হোৱা উচিত: “আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।’” (মাৰ্ক ১২:৩০) তেওঁৰ ৰাজ্যৰ কাৰ্য্য বৃদ্ধি কৰা যি সুযোগ আমাৰ বাবে উপলব্ধ আছে তাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ দ্বাৰা আমি যিহোৱাৰ প্ৰতি থকা আমাৰ সম্পূৰ্ণ প্ৰেম প্ৰদৰ্শিত কৰা আৱশ্যক। আপুনি আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক কেনেকৈ বৃদ্ধি কৰিব পাৰে তাৰে কিছুমান পদ্ধতিক আলোচনা কৰোঁহঁক।
৩ আপোনাৰ দায়ীত্ববোৰ বহন কৰক: সমৰ্পিত ভাইসকলে পৰিচাৰক সেৱক আৰু তাৰ পাছত প্ৰাচীনৰূপে কাৰ্য্য কৰিবলৈ চেষ্টা কৰিব পাৰে। ছেপ্তম্বৰ ১, ১৯৯০, প্ৰহৰীদূৰ্গ-ত (ইংৰাজী) থকা “আপুনি পাবলৈ চেষ্টা কৰেনে?” আৰু “আপুনি সেৱা কৰিবলৈ উপযুক্ত নে?” এই লেখত ভাইসকলে মণ্ডলীৰ দায়ীত্ববোৰ বহন কৰাত নিজকে প্ৰস্তুত কৰিবলৈ অনুপ্ৰেৰিত কৰা হʼল। কেনেকৈ নিজে চেষ্টা কৰিব পাৰে আৰু উপযুক্ত হব পাৰে তাৰ বাবে আপোনাৰ স্থানীয় প্ৰাচীনৰ সৈতে এই উল্লেখিত উপদেশৰ বিষয়ে অনুসন্ধান কৰক।
৪ মিনিচট্ৰীয়েল টেইনিং স্কুলৰ বাবে আবেদন কৰিবলৈ অবিবাহিত বা অকলশৰীয়া প্ৰাচীন আৰু সহায়ক সেৱকসকলক গভীৰভাৱে এইবিষয়ে বিবেচনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। “মিনিচট্ৰীয়েল টেইনিং স্কুলৰ” সময়ত ১৯৮৬-১৯৯৫, ১৯৯৬, আৰু ১৯৯৭ চনৰ প্ৰহৰীদূৰ্গ প্ৰকাশন নিৰ্ঘন্টবোৰ-ৰ (ইংৰাজী) অন্তৰ্গত থকা সূচনাবোৰ পঢ়াৰ দ্বাৰা এই স্কুলৰ সৈতে আপুনি নিজে পৰিচিত হব পাৰে। “কাৰ্য্যসাধক এখন বৰ দুৱাৰ” আপোনালৈ মুকলি হয় থকা আপুনি দেখিব পাইছেনে? (১ কৰি. ১৬:৯ক) বহুতো ভাই, যিসকলে এই দুৱাৰৰেদি প্ৰবেশ কৰিলে, তাত থকা সেৱাৰ বিশেষ অধিকাৰসমূহ বিষয়ে তেওঁলোকে কেতিয়াও চিন্তা কৰা নাছিল। বৰ্তমান সময়ত তেওঁলোকে বেথেলত বা পৰিচৰ্য্যা ক্ষেত্ৰত বিশেষ অগ্ৰগামী, মিচেনেৰী বা ভ্ৰমণ ওভাৰচিয়াৰৰূপে কাৰ্য্য কৰি আছে।
৫ পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ লক্ষ্য বনাওঁক: যুবক-যুবতীসকলে স্নাতক হোৱাৰ পাছত, গৃহিনী আৰু চাকৰিৰ পৰা অৱসৰ অৱস্থাত থকাব্যক্তিসকলে অগ্ৰগামী কাৰ্য্যৰূপে কাৰ্য্য কৰিবলৈ গভীৰভাৱে বিবেচনা কৰা আৱশ্যক। জুলাই ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত (ইংৰাজী) থকা অন্তপত্ৰখন পুনৰ আলোচনা কৰক আৰু তাৰ পাছত সেই অগ্ৰগামী কাৰ্য্য কৰা লোকসকলৰ সৈতে আলোচনা কৰক যিসকলৰ পৰিস্থিতি আপোনাৰ দৰে একেই আছিল। ইয়ে হয়তো তেওঁলোকে কৰাৰ দৰে অগ্ৰগামী কাৰ্য্য কৰাৰ দ্বাৰা আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ প্ৰেৰণা দিব। (১ কৰি. ১১:১) মাহত ৭০ ঘন্টা প্ৰচাৰ কাৰ্য্য কৰিবলৈ আৰু এজন নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিবলৈ ই কিদৰে সম্ভৱ কৰিব?
৬ গোটেই পৃথিৱীত থকা শাখা কাৰ্য্যালয়বোৰত আৰু বেথেল গৃহত বৰ্তমান সময়ত ১৭,০০০ হাজাৰতকৈও অধিক ভাই আৰু ভনীসকলে সেৱা কৰি আছে। এইধৰণৰ সেৱাৰ বাবে আৱেদন কৰিবলৈ কিহৰ আৱশ্যক তাৰ বাবে মাৰ্চ ১৯৯৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত (ইংৰাজী) থকা বিষয়টো আলোচনা কৰক। বেথেল সেৱাৰ দৰে এনেধৰণৰ অমূল্য সেৱাত উপযুক্ত হবলৈ ইয়াত থকা অন্তপত্ৰখন নপঢ়ে কিয়?
৭ যʼত বেছিকৈ আৱশ্যক তাত সেৱা কাৰ্য্য কৰক: কি আপুনি সেই এলেকাত বাস কৰেনে যʼত সঘনাই কাৰ্য্য কৰা হৈছে বা যʼত বহুতো ভাইসকলে কাৰ্য্যবোৰ ভগাই লৈছে? যʼত আৱশ্যক তালৈ গৈ আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰাৰ সৰ্ম্পকে কেতিয়াবা আপুনি ভাৱিছেনে? ওচৰে-পাজৰে থকা গাওঁ অঞ্চলত যাব পাৰে যʼত বহু প্ৰচাৰকৰ প্ৰয়োজন আছে। (মথি ৯:৩৭, ৩৮) এইক্ষেত্ৰত খৰ-খেদাকৈ কাৰ্য্য কৰা উচিত নহয়। ইয়াৰ বাবে উপযুক্তৰূপে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰা উচিত। (লূক ১৪:২৮-৩০) আপোনাৰ পৰিস্থিতিৰ বিষয়ে প্ৰাচীন আৰু চাৰ্কিট ওভাৰচিয়াৰ সৈতে আলোচনা কৰক। আপুনি এতিয়া তালৈ যোৱাটো ভাল হবনে বা ভৱিষ্যতে যোৱাতো ভাল হব তাৰ বাবে তেওঁলোকে আপোনাৰ সৈতে আলোচনা কৰিব। আপুনি কʼলৈ যাব লাগে তাৰ বিষয়ে পৰামৰ্শ লবলৈ যদি আপুনি সংস্থালৈ লিখিব বিচাৰে তেনেহʼলে আপোনাৰ পত্ৰৰ সৈতে মণ্ডলীৰ সেৱা কমিটিয়ে চহী কৰা এখন পত্ৰ থকা আৱশ্যক।
৮ আপোনাৰ সেৱা কৰা পদ্ধতিক উন্নত কৰক: আমাৰ ক্ষেত্ৰ সেৱাৰ পদ্ধতিক উন্নত কৰাৰ দ্বাৰা আমি সকলোৱে পৰিচৰ্য্যা কাৰ্য্যত অধিককৈ ভাগ লব পাৰোঁ। ঘৰে-ঘৰে দিয়া সাক্ষী দিয়া, অনিয়মিত সাক্ষী কাৰ্য্যৰ সৈতে পুনৰ সাক্ষাত আৰু বাইবেল অধ্যয়ন কৰা কাৰ্য্যত আপুনি সকলোবোৰ আকৰ্ষণীয় বৈশিষ্ট্যক সন্মিলিত কৰেনে? যদি আপুনি এটা অধ্যয়ন পৰিচালনা কৰিছে তেনেহʼলে আপুনি শিক্ষা দিয়া দক্ষতাক উন্নত কৰিব পাৰেনে? আপোনাৰ বিদ্যাৰ্থীসকলক সমৰ্পন কৰি বাপ্তিস্মা প্ৰাপ্ত কৰাৰ ফালে অগ্ৰগতি হবলৈ সহায়ৰ বাবে জুন ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত (ইংৰাজী) থকা অন্তপত্ৰখন পুনৰ আলোচনা কৰিলে ভাল হব।
৯ আমাৰ পৰিচৰ্য্যা কাৰ্য্যক উন্নত কৰি বৃদ্ধি কৰিবলৈ আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত (ইংৰাজী) কিতাপখনৰ ৯ অধ্যায়ত আৰু ভালদৰে পদ্ধতিবোৰৰ সম্পৰ্কে আলোচনা কৰা হৈছে। নিশ্চয়ে আমাৰ সকলোৱে ঈশ্বৰৰ সেৱাত যিমান সম্ভৱ তাক কৰিবলৈ আগ্ৰহী হোৱা উচিত। আপোনাৰ আধ্যাত্মিক লক্ষ্যসমূহত গভীৰভাৱে বিবেচনা নকৰে কিয়? ১ তীমথিয় ৪:১৫ পদত দিয়া পৰামৰ্শৰ অনুসৰি কৰক: “সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা।”