ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/৯৯ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পিতৃ-মাতৃ আৰু লৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/৯৯ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ যেতিয়া সৰু লৰা-ছোৱালী প্ৰচাৰ ক্ষেত্ৰত ভাগ লয় তেতিয়া পিতৃ-মাতৃয়ে কি সাৱধানতা অবলম্বন কৰা আৱশ্যক?

খ্ৰীষ্টান পিতৃ-মাতৃসকলে পৰিচৰ্য্যা ক্ষেত্ৰত তেওঁলোকৰ লৰা-ছোৱালীক নিজৰ লগত ৰাখিব লাগে, তেওঁলোকক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া উচিত। এনেদৰে কৰা সময়ত তেওঁলোকৰ লৰা-ছোৱালীৰ ওপৰত চকু ৰাখা আৱশ্যক কিয়নো যʼত সুৰক্ষিত এলেকা বুলি জনা যায় তাত আকস্মিক বিপদ আহিব পাৰে। আমি যি সময়ত বাস কৰি আছো এই সময়ক “ভয়ঙ্কৰ সময়” বুলি কোৱা হৈছে যʼত লোভ আৰু যৌন কুপ্ৰবৃত্তি বৃদ্ধি হোৱাৰ বাবে বহুতো লৰা-ছোৱালী, হিংসা আৰু অপব্যৱহাৰৰ বলি হবলগীয়া হয়। (২ তীম. ৩:⁠১-৫) পিতৃ-মাতৃসকলে বলেৰে ধৰি নিয়া লোকৰ পৰা নিৰাপত্তা দিবলৈ তেওঁলোকৰ সৰু লৰা-ছোৱালীৰ বাবে সতৰ্কতা অৱলম্বন কৰা আৱশ্যক। কি কৰিব পৰা যায়?

আমি সাৱধান হবলৈ আৰু আগন্তক বিপদৰ পৰা হাত সাৰিবলৈ বাইবেলে বুদ্ধিমানৰূপে পৰামৰ্শ দিছে। (হিতো. ২২:৩; মথি ১০:১৬) ইয়াৰ অভিপ্ৰায় এইটো নহয় যে ইয়াৰ বাবে কোনো নিয়ম তৈয়াৰ কৰা আৱশ্যক, কিন্তু ক্ষেত্ৰ সেৱা কাৰ্য্যৰ সময়ত পিতৃ-মাতৃ বা অন্য প্ৰাপ্তবয়স্ক ব্যক্তি সৰু লৰা-ছোৱালীৰ সৈতে থকাটো বুদ্ধিমানৰ কাৰ্য্য হব। যদি দুজন দায়ীত্ববান কম বয়সীয়া প্ৰচাৰকে একেলগে কাৰ্য্য কৰিছে, তেনেহʼলে তেওঁলোকৰ সৈতে পিতৃ বা মাতৃ বা অন্য কোনো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে তেওঁলোকৰ ওপৰত সকলো সময়তে চকু ৰখাটো উচিত কাৰ্য্য হব। নিঃসন্দেহ, যেনেকৈ এটা সৰু লৰা বা ছোৱালী ডাঙৰ হয় আৰু প্ৰমাণ কৰে যে তেওঁলোক দায়ীত্ববান, তেনে স্থলত পিতৃ-মাতৃয়ে নিৰ্ণয় লব পাৰে যে তেওঁক বা তাইক মাক-দেউতাকৰ নজৰ ৰাখা আৱশ্যক আছে নে নাই।​—⁠নৱেম্বৰ ১৯৯২ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ (ইংৰাজী) প্ৰশ্ন বক্স চাওঁক।

যেতিয়া গাড়ীৰে যাত্ৰা কৰে আৰু খোজ কাঢ়ি যোৱাৰ সময়ত নিৰাপত্তাৰ প্ৰতি চকু ৰখাটো বুদ্ধিমানৰ কাৰ্য্য হব। প্ৰথমৰ পৰাই উত্তমৰূপে সাৱধানতা অৱলম্বন কৰাৰ দ্বাৰা আমাৰ চাৰিওফালে বৃদ্ধি হোৱা দুৰ্ঘটনা আৰু তাৰ ফলত উৎপন্ন হোৱা কষ্ট, চিকিৎসাৰ খৰচ-পাতি আৰু আইনৰ আপদাহৰ পৰা ৰক্ষা পাব পাৰি।

যুৱকসকলৰ বাবে “যিহোৱাৰ নামৰ প্ৰশংসা” কৰাটো এইয়া উপযুক্ত সময়। (গীতমালা ১৪৮:১২, ১৩) পৰিচৰ্য্যা ক্ষেত্ৰত তেওঁলোকৰ আকৰ্ষণীয় কথা আৰু ভাল আচৰণৰ দ্বাৰা অন্যলোকৰ হৃদয়স্পৰ্শী হয় আৰু ইয়াৰ দ্বাৰা যিহোৱালৈ প্ৰশংসা আনে। পিতৃ-মাতৃসকল, সকলো প্ৰকাৰে নিজৰ লৰা-ছোৱালীক ৰাজ্য বাৰ্ত্তা ঘোষণা কৰাত নিয়মিতৰূপে ভাগ লবলৈ সহায় কৰক আৰু লগতে আপুনি যিকোনো আহিব লগা আগন্তক বিপদৰ পৰা তেওঁলোকক নিৰাপত্তা দিবলৈ সতৰ্কতা অৱলম্বন কৰক!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক