ৰাজ্যগৃহৰ ঋণ
ভাৰতৰ বহু ঠাইত, যিহোৱা সাক্ষীসকলে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মূখীন হব লগা হৈছে, সেয়া হৈছে সভাৰ বাবে সুবিধাজনক সভা গৃহৰ ব্যৱস্থা কৰা। যিহেতু বেছিভাগ মণ্ডলীত নিজা ৰাজ্যগৃহ আছে, কিন্তু কম সংখ্যক মণ্ডলীত সভাৰ বাবে সেই ব্যৱস্থা নথকাৰ বাবে বাধ্য হৈ ভাৰা ঘৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে। দৰিদ্ৰ পৰিস্থিতিৰ বাবে একেলগে বহু সমস্যা দেখা দিয়ে যিবোৰক সকলো প্ৰচাৰকে মিলি-জুলি সামধান কৰিব পাৰে। বেছিভাগ পৰিয়ালৰ আৱশ্যকতা তেওঁলোকৰ উপাৰ্জনৰ উপৰত নিৰ্ভৰ কৰে, সেইবাবে ভৱিষ্যতে নিজাকৈ এটা ৰাজ্যগৃহৰ নিৰ্ম্মাণ কৰাটো নিৰুৎসাহজনক হৈ পৰে।
আৱশ্যকীয় সঞ্চিত ধন বৃদ্ধি কৰিবলৈ কিছুমান ভায়ে বিদেশত থকা ভাইসকলক আৰ্থিক সাহাৰ্য্যৰ বাবে অনুৰোধ কৰে। তেনে কৰাটো উচিত নহয়। যদিও তেওঁলোকৰ অভিপ্ৰায় ভাল, তথাপি সেই পদ্ধতি শাস্ত্ৰীয় বা সংস্থাৰ ব্যৱস্থাৰ সামঞ্জস্যত নহয়। ২ কৰিন্থীয়া ৮:১০-১৫ পদত দিয়া নিৰ্দেশনাৰ অনুসৰি তেওঁলোকৰ মণ্ডলীৰ আৱশ্যকতাৰ সম্পন্ন কৰিবৰ বাবে কোনো এজন ব্যক্তিক সহায়ৰ বাবে অনুৰোধ কৰাটো উচিত নাছিল। তাৰ পৰিবৰ্তে, ইয়াত থকা নিদেৰ্শন ভাইসকলৰ আৱশ্যকতাৰ সহায়ৰ বাবে প্ৰশাসন গোষ্ঠীক সম্বোধিত কৰিছিল।
বৰ্তমান সময়ত ভাৰতৰ শাখাত এটা “ৰাজ্যগৃহ সাৰ্বজানীন সহায়ক ফান্ড” আছে, যাৰ দ্বাৰা ই শাস্ত্ৰীয় নিদেৰ্শনৰ অনুসৰি কাৰ্য্য কৰে। মাটি কিনা বা ৰাজ্যগৃহ নিৰ্মাণ কৰা আৱশ্যকতাক সহায় কৰিবলৈ মণ্ডলীয়ে নিদেৰ্শনৰ বাবে সংস্থালৈ লিখা উচিত। বিদেশত থকা ভাইসকলক সহায়ৰ বাবে অনুৰোধ কৰাটো উচিত নহয়। যদিও আমি ভাবিব পাৰো যে তেওঁলোকৰ ওচৰত ধন আছে যাৰ দ্বাৰা তেওঁলোকে আমাক সহায় কৰিব পাৰে। যদি তেওঁলোকে নিজৰ ফান্ড প্ৰভুৰ কাৰ্য্যত দান কৰিব বিচাৰে, বিশ্বজুৰি কাৰ্য্যৰ বা ৰাজ্যগৃহ ফান্দৰ বাবে তেওঁলোকৰ দেশত থকা সংস্থাত এনেধৰণৰ যি ব্যৱস্থা আছে তাত দান কৰিব পাৰে।—২ কৰিন্থীয়া ৯:৭.
সকলো প্ৰাচীন গোষ্ঠীক সংস্থাই স্পষ্টৰূপে নিৰ্দেশন দিছে আৰু কেনেকৈ সুশৃঙ্খলবদ্ধৰূপে সংস্থাৰ সহায় বিচাৰিব পাৰি তাৰ পৰিলেখ দিয়া হৈছে। আমি সকলোৱে এই ঈশ্বৰ-শাসিত নিদেৰ্শনত সহযোগিতা কৰিব পাৰো যাতে “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা” হয়।—১ কৰিন্থীয়া ১৪:৪০.