মে মাহৰ বাবে পৰিচৰ্য্যা সভা
মে ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭
৮ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ঈশ্বৰ-শাসিত বাৰ্তা।
১৭ মি: “অন্যলোকে নিজেই লাভৱান হবলৈ তেওঁলোকক শিক্ষা দিয়ক।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি, প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। লোকসকলে অধ্যয়ন কৰি তাৰ বিষয়বোৰ বুজি আৰু বাইবেলৰ সিদ্ধান্তসমূহ প্ৰয়োগ কৰি কেনেকৈ ব্যৱহাৰিৰূপে লাভৱান হব পাৰে তাৰ বাবে জ্ঞান কিতাপৰ ১৩ অধ্যায় ব্যৱহাৰ কৰি ব্যাখ্যা কৰক।
২০ মি: ট্ৰেক্টবোৰৰ সৈতে বিশেষ অভিযান। প্ৰদৰ্শনৰ সৈতে এজন প্ৰাচীনে এই বিষয়ে উৎসাহপূৰ্ণৰে আলোচনা কৰে। এই ভাগত বক্তাৰ সৈতে সকলোৰ হাতত যাতে উল্লেখিত চাৰিখন ট্ৰেক্ট থাকে তাৰ বাবে নিশ্চিত হওঁক। মণ্ডলীয়ে এই ট্ৰেক্টবোৰ, সভা আৰম্ভ হোৱাৰ আগতে বিতৰণ কৰিব পাৰে। শ্ৰোতাসকলৰ সৈতে ১-৬ অনুচ্ছেদ লৈকে আলোচনা কৰক। তাৰ পাছত ১০ অনুচ্ছেদৰ পৰা দুটা প্ৰস্তুতি আৰু ৬ পৃষ্ঠাত থকা প্ৰথম দুটা অসমৰ্থনক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বিষয়ে ভালদৰে তৈয়াৰ কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। মে মাহত এই বিশেষ অভিযানত ভাগ লবলৈ সকলোকে উৎসাহিত কৰক।
গীত ১১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫
৮ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।
১২ মি: গ্ৰীষ্ম কালৰ বাবে আপোনাৰ আচঁনি কি? ট্ৰেক্টৰ সৈতে অভিযান, সহযোগী অগ্ৰগামী কাৰ্য্য কৰা, ছুটিত ফুৰিবলৈ যোৱা আৰু ভালপোৱা কাৰ্য্যৰ বাবে সময় উলিওৱা, এই সকলোবোৰ ব্যৱস্থাৰ ওপৰত এক পৰিয়ালে আলোচনা কৰে। (মে ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ [ইংৰাজী ] ৭ পৃষ্ঠা চাওঁক।) তেওঁলোকে কেনেকৈ আচঁনি তৈয়াৰ কৰিব আৰু অনিয়মিত সাক্ষী দিয়া কাৰ্য্য কৰিব তাৰ বিষয়ে আলোচনা কৰে আৰু তেওঁলোকে কথা-বাৰ্ত্তা কেনেকৈ আৰম্ভ কৰিব তাৰ বাবে এটা প্ৰদৰ্শন কৰে। ব্যক্তিগত আৰু পৰিয়ালত বাইবেল অধ্যয়ন বজাই ৰখা, যেতিয়া কʼৰবালৈ ভ্ৰমণ কৰে তাত থকা মণ্ডলীৰ সভাবোৰত উপস্থিত হোৱা আৰু নিজৰ মণ্ডলীত প্ৰচাৰ কাৰ্য্যৰ বাবে ৰিপৰ্ট পঠোৱাৰ বিষয়ে উল্লেখ কৰা আৱশ্যক। অন্য মণ্ডলীবোৰত ফুৰিবলৈ যোৱাৰ সময়ত আৰু তাত পোৱা অনুভৱবোৰক স্মৰণ কৰে। মণ্ডলীত অহা অতিথিসকলক কেনেকৈ তেওঁলোকে অতিথিসেৱা দেখুৱাব পাৰে তাৰ পদ্ধতিবোৰ তেওঁলোকে বিবেচনা কৰে।
২৫ মি: ট্ৰেক্টবোৰৰ সৈতে বিশেষ অভিযান। এজন প্ৰাচীনৰ দ্বাৰা আলোচনা, অনুভৱ আৰু প্ৰদৰ্শনবোৰ। নিশ্চিত কৰক যাতে উপস্থিত থকা সকলো ব্যক্তিৰ ওচৰত উল্লেখ কৰা চাৰিখন ট্ৰেক্ট যাতে থাকে। যোৱা সপ্তাহত কি আলোচনা কৰা হʼল তাক চমুকৈ পুনৰ নিৰীক্ষণ কৰক। পৰিচৰ্য্যা ক্ষেত্ৰত এই ট্ৰেক্টবোৰ ব্যৱহাৰ কৰা এজন বা দুজন প্ৰচাৰকক অনুভৱ কৰিবলৈ উৎসাহিত কৰক। শ্ৰোতাসকলৰ সৈতে ৭-৯, ১১ আৰু ১২ অনুচ্ছেদটো আলোচনা কৰক। তাৰ পাছত অন্তপত্ৰ থকা ১০ অনুচ্ছেদৰ পৰা দুটা প্ৰস্তুতি আৰু ৬ পৃষ্ঠাত থকা শেষৰ দুটা অসমৰ্থনক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বিষয়ে ভালদৰে তৈয়াৰ কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। পুনৰ সাক্ষ্যাতৰ সময়ত তেওঁলোকে যাতে এই ট্ৰেক্টবোৰ ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে সকলোকে উৎসাহিত কৰক।
গীত ১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৭
১০ মি: প্ৰাচীনে স্থানীয় ঘোষণাসমূহক পৰিচালনা কৰিব। “ৰাজ্যগৃহৰ ঋণ” বিষয়টোৰ ওপৰত আলোচনা। উল্লেখ কৰক যে কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে এই সঞ্চিত ধনৰ বাবে আৱেদন কৰা উচিত নহয়।
১২ মি: “আগতীয়াকৈ আচঁনি তৈয়াৰ কৰক!” অহা মাহবোৰৰ বাবে স্থানীয়ৰূপে আচঁনি তৈয়াৰ কৰা সকলো ঈশ্বৰ-শাসিত কাৰ্য্যৰ বিষয়ে পুনৰ নিৰীক্ষণ কৰি এটা ভাষণ প্ৰস্তুত কৰক। সকলোকে উৎসাহিত কৰক যে তেওঁলোকৰ কেলেণ্ডাৰত সেই তাৰিখবোৰত চিন দি ৰাখে আৰু যাতে কোনো বিষয়কে সেইবোৰত হস্তক্ষেপ কৰিবলৈ অনুমতি নিদিয়ে।
২৩ মি: “আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰা পদ্ধতি।” শ্ৰোতাসকলৰ মাজত থকা বিভিন্ন ব্যক্তিয়ে কৰা প্ৰশ্নবোৰ ওপৰত মনোযোগ দি দুজন প্ৰাচীনে এই বিষয়টোক আলোচনা কৰক। দুজন কমবয়সীয়া প্ৰচাৰক, এক বিবাহিত দম্পতী, আৰু এজন অৱসৰ হবলগীয়া ব্যক্তিয়ে প্ৰাচীনক সেই পদ্ধতিৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে যাৰ দ্বাৰা তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিব পাৰে। সেই লেখত আৰু আমাৰ পৰিচৰ্য্যা (ইংৰাজী) কিতাপখনৰ ৯ অধ্যায়ৰ ১১৬-১৮ পৃষ্ঠাত থকা “ভৱিষ্যতৰ বাবে আপোনাৰ আধ্যাত্মিক লক্ষ্য কি?,” বিষয়টোৰ পৰা কিছুমান ব্যৱহাৰিক পৰামৰ্শ আগবঢ়োৱা হৈছে। ভৱিষ্যতে সেৱা কাৰ্য্যবোৰৰ বাবে কেনেকৈ আচঁনি তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে সংস্থাই প্ৰৱন্ধ কৰা সূচনাবোৰত প্ৰচাৰকসকলে মূল্যঙ্কান দেখুৱায়।
গীত ২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪১
১৫ মি: স্থানীয় ঘোষণাসমূহ। অনুগ্ৰহ কৰি পুনঃসাক্ষাত কৰক (S-43) ফৰ্মৰ সৈতে অক্টোবৰ ১৫, ১৯৯৮ চনৰ সংস্থাৰ চিঠিখন পুনৰ নিৰীক্ষণ কৰক। অনিয়মিত সাক্ষীৰ সময়ত পোৱা আগ্ৰহী ব্যক্তিসকলক পুনঃসাক্ষাত কৰা সময়ত আৰু যিসকলে অন্য ভাষা কয় সেইসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ই কেনেকৈ সহায় কৰে তাক বৰ্ণনা কৰক। এই ফৰ্মবোৰক ভালদৰে ব্যৱহাৰ কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।
১২ মি: প্ৰশ্ন বক্স। প্ৰাচীনৰ দ্বাৰা এক ভাষণ।
১৮ মি: আমি পৃথক কৰা কাৰ্য্যত ভাগ লৈছোঁনে? প্ৰহৰীদূৰ্গ জুলাই ১, ১৯৯৭, ৩০-১ পৃষ্ঠাত ওপৰত ভিক্তি কৰি সেৱা ওভাৰচিয়াৰৰ দ্বাৰা অনুপ্ৰেৰিত ভাষণ।
গীত ৩২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৩
১৫ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে মে মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাই দিয়ক। জুন মাহত সাহিত্য প্ৰদৰ্শনৰ বিষয়ে পুনৰ নিৰীক্ষণ কৰক। যেতিয়া জ্ঞান কিতাপখন আগবঢ়োৱাৰ সময়ত মণ্ডলীত বেছিকৈ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপ এখনো লগতে সন্মিলিত কৰক। এটা সাধাৰণ প্ৰদৰ্শন প্ৰস্তুত কৰক।
১৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: মোৰ ধৰ্ম্মত কি ভূল আছে? দুজন সহায়ক সেৱকসকল মাজত আলোচনা। যিসকল লোকে সত্যৰ প্ৰতি অনুকূল প্ৰতিক্ৰিয়া দেখুৱাই আৰু যিহোৱাৰ সাক্ষীসকলক সম্মান কৰে আমি সেই সকলো লোকক সাক্ষাৎ কৰো। যিহেতু, তেওঁলোকে জড়িত্ব থকা গীৰ্জাবোৰে তেওঁলোকৰ বাবে বাধাৰ কাৰণ হয়। আমাৰ ওচৰতে যে মাত্ৰ সত্য ধৰ্ম্ম আছে আৰু তেওঁলোকে কৰা উপাসনা ভূল বুলি স্বীকাৰ কৰিবলৈ তেওঁলোকৰ বাবে কঠিন হব পাৰে। এয়েই আধ্যাত্মিকত উন্নতি কৰিবলৈ ডাঙৰ বাধা কাৰণ হয় পৰে। ভাইসকলে ৰীজনিং কিতাপৰ ২০৪ পৃষ্ঠাত উল্লেখ থকা ছয়টা কাৰণসমূহক পুনৰ নিৰীক্ষণ কৰে যʼত স্পষ্টৰূপে দেখুৱা হৈছে যে অন্য ধৰ্ম্মবোৰে বাইবেলৰ অনুকৰণ নকৰে। সৰল ব্যক্তিসকলক তেওঁলোকৰ ধৰ্ম্মৰ বিশ্বাসক পৰীক্ষা কৰিব বাবে সহায় কৰিবলৈ শ্ৰোতাসকলক এই মূখ্য বিষয়বোৰক সাৱধানে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
গীত ৫০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।