ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/৯৯ পৃষ্ঠা ২
  • জুলাই মাহৰ বাবে পৰিচৰ্য্যা সভা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই মাহৰ বাবে পৰিচৰ্য্যা সভা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুলাই ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/৯৯ পৃষ্ঠা ২

জুলাই মাহৰ বাবে পৰিচৰ্য্যা সভা

জুলাই ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। গোটেই দেশ আৰু স্থানীয় মণ্ডলীৰ মাৰ্চ মাহৰ সেৱা ৰিপৰ্টৰ সম্পৰ্কে উল্লেখ কৰক। ঈশ্বৰ-শাসিত বাৰ্তা।

২০ মি: “সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত পৰিচয় দি, প্ৰশ্ন আৰু উত্তৰৰ সৈতে আলোচনা কৰক। বৰ্ণনা কৰক যে কেনেকৈ আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাই আমাৰ পৰিচৰ্য্যা কাৰ্য্যক সফলৰূপে বহন কৰিবলৈ সহায় কৰে। সময়ত কৰা প্ৰাৰ্থনাৰ দ্বাৰা প্ৰচাৰ কাৰ্য্যত সাহাৰ্য্য পোৱা অনুভৱ কবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।​—⁠অক্টোবৰ ১৫, ১৯৯৬, প্ৰহৰীদূৰ্গ (ইংৰাজী) পৃষ্ঠা ৩২ চাওঁক।

১৫ মি: ব্ৰচাৰসমূহক উত্তমৰূপে ব্যৱহাৰ কৰক। ভাষণ আৰু প্ৰদৰ্শন। বৰ্ণনা কৰক যে ব্ৰচাৰসমূহ আমাৰ প্ৰচাৰ কাৰ্য্যৰ বাবে কিয় মূল্যবান। ব্ৰচাৰসমূহে বিষয়বিলাকক আকৰ্ষ ণীয়, চমুকৈ, সৰলভাৱে প্ৰস্তুত কৰে, যিবিলাকত এটা মুল বিষয় থাকে আৰু শাস্ত্ৰৰ বিষয়বোৰৰ সৈতে জড়িত্ব হৈ থাকে। এই মাহত ব্ৰচাৰ বিতৰণ কৰিবলৈ স্মৰণ কৰাই দিয়ক আৰু স্থানীয় মণ্ডলীত যি ব্ৰচাৰ উপলব্ধ আছে তাক প্ৰদৰ্শন কৰক। প্ৰহৰীদূৰ্গ প্ৰকাশন নিৰ্ঘন্ট (ইংৰাজী) “প্ৰদৰ্শন” নামৰ শিৰোনামাৰ ওপৰত আধাৰিত সংক্ষেপতে দুটা বা তিনিটা প্ৰদৰ্শন কৰক।

গীত ১৮১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১০৩

১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।

১৫ মি: “অৰ্থপূৰ্ণ প্ৰস্তুতিকৰণে আনন্দ কঢ়িয়াই আনে।” ভাষণ আৰু সাক্ষাতকাৰ। বৰ্ণনা কৰক যে প্ৰচাৰ কাৰ্য্যৰ বাবে কিয় প্ৰস্তুতিকৰণৰ আৱশ্যক আৰু ইয়াৰ দ্বাৰা আমি যি কৰোঁ তাৰ পৰা কেনেকৈ আনন্দ লাভ কৰিব পাৰি। (স্কুল নিৰ্দেশনা পুস্তক (ইংৰাজী), পৃষ্ঠা ৩৯, অনুচ্ছেদ ১-৩ চাওঁক।) দুজন বা তিনিজন অনুভৱী প্ৰচাৰক সাক্ষাতকাৰ গ্ৰহণ কৰক যে তেওঁলোকে প্ৰচাৰ কাৰ্য্য কৰাৰ আগতে কৰা প্ৰস্তুতিকৰণে তেওঁলোকক কেনেকৈ সহায় কৰে। এপ্ৰিল ১৫, ১৯৯৩, প্ৰহৰীদূৰ্গ (ইংৰাজী), ৩০ পৃষ্ঠাৰ পৰা কিছুমান অনুভৱ দেখুৱাওঁক আৰু ৰীজনিং কিতাপ ব্যৱহাৰ কৰি প্ৰচাৰ কাৰ্য্যক কেনেকৈ কাৰ্য্যকাৰী কৰিব পাৰি তাৰ সম্পৰ্কে কওঁক।

২০ মি: “সংক্ষেপতে বিষয়টো কওঁক!” শ্ৰোতাসকলৰ অংশগ্ৰহণ আৰু প্ৰদৰ্শন। আমাৰ বাৰ্ত্তাক গৃহস্থসকলে মন দি শুনিবলৈ আমি কি কৰা আৱশ্যক এই সম্পৰ্কে পৰামৰ্শসমূহক পুনৰ আলোচনা কৰক। কেইবাজনো অনুভৱী প্ৰচাৰক দ্বাৰা কিছুমান পৰামৰ্শক কাৰ্য্যকাৰীৰূপে প্ৰদৰ্শন কৰাওঁক। শ্ৰোতাসকলক অতিৰিক্ত পৰামৰ্শ আৰু তাৰ সৈতে সম্বন্ধ থকা উৎসাহদায়ক অনুভৱ কওঁক যাতে স্থানীয় ক্ষেত্ৰত বাস্তৱতে কাৰ্য্যকাৰী হয়।

গীত ১৮৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩১

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২০ মি: মই সংগঠনৰ সৈতে জড়িত্ব হোৱাটো আৱশ্যক নে? ৰীজনিং কিতাপ ২৮০-​২৮৪ পৃষ্ঠাৰ ওপৰত আধাৰিত থকা বিষয়টো, শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। যিসকলে আমাৰ বাৰ্ত্তাক স্বীকাৰ কৰিছে কিন্তু তেওঁলোকে কোনো ধৰ্ম্মীয় সংগঠনত “যোগ” দিব নিবিচাৰে তেনে লোকসকলৰ পৰা আমি প্ৰায়ে প্ৰতিৰোধৰ সন্মূখীন হবলগীয়া হয়। “সংগঠনৰ” অৰ্থ আৰু যিহোৱাৰ দৃশ্যমান সংগঠনক চিনাক্ত কৰিবলৈ সাতোটা বৈশিষ্টক পুনৰ বাখ্যা কৰক। বৰ্ণনা কৰক যে ই কিয় আন সংগঠনৰ পৰা ভিন্ন আৰু ইয়াৰ সৈতে সম্পৰ্ক ৰাখিলে কেনেকৈ আশীৰ্ব্বাদ লাভ প্ৰাপ্ত কৰিব পাৰি।

গীত ১৮৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮৪

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুলাই মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাই দিয়ক। প্ৰশ্ন বক্স।

১৫ মি: আমি শিষ্য বনাইছোঁনে? সেৱা ওভাৰচিয়াৰে ফেব্ৰুৱাৰী ১৫, ১৯৯৬, প্ৰহৰীদূৰ্গ, ১৯-​২২ পৃষ্ঠাত দিয়া বিষয়সমূহক এজন বা দুজন সহায়ক সেৱকৰ সৈতে আলোচনা কৰে। শাস্ত্ৰীয় কাৰণসমূহ উল্লেখ কৰি কওঁক যে এলেকাত থকা আগ্ৰহীলোকক বিচাৰি তেওঁলোকক শিষ্য বনোৱা কিয় আৱশ্যক। (মথি ১০:​১১) তেনে লোকসকলে চাৰিওফালে হৈ থকা এই দুষ্ট আৰু ভক্তিহীন পৰিস্থিতিত কষ্ট ভোগী আছে আৰু সেইসকলে যিহোৱাৰ ক্ৰোধ উদয় হোৱাৰ আগতে তেওঁক বিচাৰি পাবলৈ আগ্ৰহী। (যিহি. ৯:৪; চফ. ২:​২, ৩) তেওঁলোকৰ মাজৰ “যিমান লোক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সিমানে বিশ্বাস কৰিলে।” (পাঁচ. ১৩:​৪৮) যীচুৱে দিয়া আজ্ঞাৰ অনুসাৰে আমাৰ দায়ীত্ব হৈছে লোকসকলক শিক্ষা দিয়া আৰু তেওঁলোকক শিষ্য বনোৱা। (মথি ২৪:​১৪; ২৮:​১৯, ২০) যেতিয়া ঘৰে-ঘৰে প্ৰচাৰ, অনিয়মিত সাক্ষী আৰু ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰোঁ, আমি হয়তো প্ৰথমতে আগ্ৰহী থকা লোকক বিচাৰি পাম তেনে লোকক শিষ্য কৰি আমাৰ পৰিচৰ্য্যাক আগবঢ়াবলৈ​—⁠পুনৰ সাক্ষ্যাৎ আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ। ব্যৱহাৰিক পৰামৰ্শসমহ উল্লেখ কৰি কওঁক যে কেনেকৈ এইবোৰ কৰিব পাৰি।

২০ মি: “আমি ঈশ্বৰৰ গৃহক তুচ্ছজ্ঞান কৰা উচিত নহয়।” জানুৱাৰী ১৯৯৭ আমাৰ ৰাজ্য পৰিচৰ্য্যা (ইংৰাজী) অন্তপত্ৰ ৩-৬ পৃষ্ঠাত আধাৰিত এজন প্ৰচীনৰ দ্বাৰা উৎসাহপূৰ্ণ ভাষণ। আপোনাৰ মণ্ডলীৰ সকলোকে এক নিজা ৰাজ্য গৃহ নিৰ্ম্মাণ কৰিবলৈ, যদি ইতিমধ্যে ৰাজ্য গৃহ আছে তাক ভালকৈ যত্ন লবলৈ উৎসাহিত কৰক আৰু দেশত থকা আন মণ্ডলীসমূহক নিজাকৈ ৰাজ্য গৃহ নিৰ্ম্মণ কৰিবলৈ সহায় কৰক। অন্তপত্ৰৰ ৬ পৃষ্ঠাত থকা বক্সত ধ্যান আকৰ্ষণ কৰক।

গীত ১১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক