ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
১৯৯৯ চনৰ মে ৩ তাৰিখৰ পৰা আগষ্ট ২৩ তাৰিখলৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰত ওপৰত আধাৰিত এই পুনৰ নিৰীক্ষণ আমি কোনো কিতাপ নোখোলাকৈ আলোচনা কৰিম। নিযুক্তি সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগ কাগজ ব্যৱহাৰ কৰক।
[সূচনা: লিখিত পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্ন উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্ন কাকত দিয়া অতিৰিক্ত উল্লেখবোৰ আপোনাৰ ব্যক্তিগত অনুসন্ধান বাবে। প্ৰহৰীদূৰ্গ-ৰ সকলোবোৰ অতিৰিক্ত উল্লেখবোৰত হয়তো পৃষ্ঠা আৰু অনুচ্ছেদৰ সংখ্যা নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. নিজৰ লৰা-ছোৱালীৰ সৈতে বিবেচনাপূৰ্বক আচৰণ কৰিবলৈ পিতৃ-মাতৃয়ে বাইবেলৰ সিদ্ধান্তবোৰক কেতিয়াও নিস্পত্তি কৰিব নালাগে। [fy পৃ. ১০৮ অনু. ১৪]
২. ইব্ৰীৰ অদিপুৰুষ অব্ৰাহাম, ইচ্হাক আৰু যাকোবে “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা” কৰিছিল, কিন্তু তেওঁলোকে ঈশ্বৰীয় নামৰ পূৰ্ণ অৰ্থ জনা নাছিল। (আদিপুস্তক ২১:৩৩; ২৬:২৫; ৩২:৯; যাত্ৰাপুস্তক ৬:৩) [kl পৃ. ২৫ অনু. ৮]
৩. সকলো লোকে যীচুক প্ৰতিজ্ঞাত মচীহৰূপে স্বীকাৰ কৰিলে, আৰু শাস্ত্ৰত এই বিষয়ে ভৱিষ্যতবাণী কৰিছিল। (গীতমালা ২:২) [kl পৃ. ৩৬ অনু. ৯]
৪. যি লোকসকল অত্যন্ত দুখীয়া অৱস্থাত আছে তেওঁলোকে ৰাজ্যৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ ধন দান কৰিব নোৱাৰে। [w৯৭ ৯/১৫ পৃ. ৫ অনু. ৭]
৫. বৃদ্ধ পিতৃ-মাতৃ আৰু ককা-আইতাসকলক তেওঁলোকৰ প্ৰাপ্য দিয়াটো, আমাৰ বাবে যিহোৱাৰ উপাসনাৰ এটা ভাগ। (১ তীম. ৫:৪) [w৯৭ ৯/১ পৃ. ৪ অনু. ১-২]
৬. বিশ্ৰামদিন পালন কৰা, প্ৰকৃততে যিহোৱা আৰু সকলো জাতিৰ মাজত এটা চিহ্ন আছিল। [সপ্তাহিক বাইবেল পাঠ; w৮৯ ১১/১৫ পৃ. ৪]
৭. যেতিয়া এটা শিশু সাৱালক হৈ নিজৰ নিৰ্ণয় নিজে লব পাৰে, বিশেষকৈ ঈশ্বৰৰ নিয়মৰ সমন্ধে তেওঁৰ ওপৰত নিজ কাৰ্য্যৰ সমন্ধে অধিক দায়িত্ব আহি পৰে। (ৰোমী. ১৪:১২) [fy পৃ. ১৩৫ অনু. ১৭]
৮. বাইবেলে প্ৰকাশ কৰিছে যে চয়তান হৈছে কোনো ব্যক্তিৰ মাত্ৰ হৃদয়ত থকা দুষ্টতা। (মথি ৪:১-১১) [kl পৃ. ৫৫ অনু. ৫]
৯. লূক ২১:২০, ২১ পদত লিপিবদ্ধ থকা যীচুৰ বাক্য সা.যু. ৬৬ চনত পূৰ্ণ হʼল, যেতিয়া জেনেৰেল টাইটাচৰ অধীনত অহা ৰোমীয়া সৈন্যসকলে যিৰূচালেমৰ পৰা উভটি গʼল। [w৯৭ ৪/১ পৃ. ৫ অনু. ৩-৪]
১০. ইফিকুৰচৰ শিক্ষাবোৰ খ্ৰীষ্টানসকলৰ বাবে এইকাৰণে বিপদজনক আছিল কিয়নো ই তেওঁৰ অবিশ্বাসী দৃষ্টিভঙ্গীৰ ওপৰত আধাৰিত আছিল, যাৰ বিষয়ে ১ কৰিন্থীয়া ১৫:৩২ পদত বৰ্ণনা কৰিছে। [w৯৭ ১১/১ পৃ. ২৪ অনু. ৫]
নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:
১১. লেবীয়া পুস্তক ৩:১৭ পদত (NW) বৰ্ণনা কৰিছে যে চৰ্বী খোৱাটো নিষেধ, ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? [সপ্তাহিক বাইবেল পাঠ; w৮৪ ২/১৫ পৃ. ২৯ অনু. ২ চাওঁক।]
১২. যিহোৱাই চয়তানক কিয় অস্তিত্বত থাকিবলৈ অনুমতি দিলে? (যাত্ৰা. ৯:১৫) [সপ্তাহিক বাইবেল পাঠ; w৯২ ৩/১৫ পৃ. ১০ অনু. ১৪ চাওঁক।]
১৩. যদি পৰিয়ালৰ এজন সদস্যই কোনো এক গভীৰ বেমাৰ সন্মূখীন হয়, তেনেহʼলে পৰিয়ালৰ আৱশ্যকীয় বিষয়বোৰক প্ৰথম স্থান দিবলৈ আৰম্ভৰ পৰা কি কি পদক্ষেপ লোৱা আৱশ্যক? (হিতো. ১৫:২২) [fy পৃ. ১২২ অনু. ১৪]
১৪. কি অৰ্থত ইস্ৰায়েল জাতি “ৰাজকীয় পুৰোহিতসমূহ” আছিল? (যাত্ৰা. ১৯:৬) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৭/১ পৃ. ১৬ অনু. ৮]
১৫. ‘ভাল চকু’ আৰু ‘বেয়া চকুৰ’ মাজত পাৰ্থক্য কি? (মথি ৬:২২, ২৩) [w৯৭ ১০/১ পৃ. ২৬ অনু. ৫]
১৬. দায়ূদে ভুল কৰাৰ পাছতো এইটো কেনেকৈ কব পাৰি যে তেওঁ “একান্ত মনে সৰল ভাৱে” চলিছিল? (১ ৰাজা. ৯:৪) [w৯৭ ৫/১ পৃ. ৫ অনু. ২]
১৭. উপাসনাগৃহৰ সমন্ধে ইস্ৰায়েলসকলে “আজ্ঞা দিয়াৰ দৰেই” কৰা কাৰ্য্যই আধুনিক সময়ৰ কি কি আৰ্শীব্বাদসমূহৰ বিষয়ে পূৰ্ব্বসূচনা দিছিল? (যাত্ৰা. ৩৯:৩২) [সপ্তাহিক বাইবেল পাঠ; w৯৫ পৃ. ১২ অনু. ৯ চাওঁক।]
১৮. “মই যি আছোঁ, সেয়েই আছোঁ” বুলি যিহোৱাই প্ৰকাশ কৰা এই উক্তিয়ে কি সূচায়? (যাত্ৰা. ৩:১৪) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৩/১ পৃ. ১০ অনু. ৬ চাওঁক।]
১৯. লেবীয়া পুস্তক ১০:১, ২ পদত, নাদ আৰু অবীহূৰ বিষয়ে উল্লেখ কৰা ঘটনাৰ পৰা কি শিক্ষা পোৱা যায়? [সপ্তাহিক বাইবেল পাঠ; w৮৪ ২/১৫ পৃ. ২৯ অনু. ৩ চাওঁক।]
২০. মোচিৰ ব্যৱস্থাৰ অনুসৰি, এগৰাকী তিৰোতাই সন্তানৰ জন্মত কিয় “অশুচি” হৈছিল? (লেবী. ১২:২, ৫) [সপ্তাহিক বাইবেল পাঠ; w৮৪ ২/১৫ পৃ. ২৯ অনু. ৫]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ(বোৰ) বা বাক্য দিয়ক:
২১. যিহেতু নিঃসঙ্গতাৰ কোনো অলৌকিক নিৰাময় নাই, তথাপি এক জনক পিতৃ বা মাতৃয়ে _________________________ পৰা পোৱা শক্তিৰ দ্বাৰা ইয়াক সহন কৰিব পাৰে, যিটো একেৰাহে _________________________ কৰাৰ দ্বাৰা পোৱা যায়। (১ তীম. ৫:৫) [fy পৃ. ১১২ অনু. ২১]
২২. কোনো এজনৰ জীৱনত যদি কোনো দুঃখজনক ঘটনা ঘটে, তেনেহʼলে ই হয়তো _________________________ বা আমাৰ নিজৰ _________________________ বাবে হব পাৰে। [w৯৭ ৫/১৫ পৃ. ২২ অনু. ৭]
২৩. আমি _________________________ আৰু ________________ পূৰ্ণ হোৱা _________________________ দ্বাৰা প্ৰেৰিত হয় “আত্মাৰে” ঈশ্বৰক উপাসনা কৰা আৱশ্যক। [kl পৃ. ৪৫ অনু. ৪]
২৪. দৰাচলতে _________________________ আমি যি হওঁ তাক আমি _________________________ প্ৰকাশ নকৰো, ইয়াৰ দ্বাৰা জনা যায় যে প্ৰকৃততে আমাৰ হৃদয় কেনেধৰণৰ। [w৯৭ ১০/১৫ পৃ. ২৯ অনু. ৪]
২৫. যদি চপোৱাৰ পৰ্ব্ব _________________________ বা _________________________ সৈতে সমন্ধ আছে তেনেহʼলে সত্য খ্ৰীষ্টানে এনেধৰণৰ ভ্ৰষ্ট উপাসনাৰ সৈতে কোনো _________________________ নাৰাখি যিহোৱাক অসন্তুষ্ট কৰাৰ পৰা ৰক্ষা পাব পাৰে। [w৯৭ ৯/১৫ পৃ. ৯ অনু. ৬]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:
২৬. দৃঢ়চিত্ত ফৰৌণ আৰু তেওঁৰ সৈন্য (৬০০; ৮০০; ৯০০) যুদ্ধ ৰথৰ সৈতে ইস্ৰায়েলীসকলক বন্ধী কৰিবলৈ ওলাই আহিল। যেনেকৈ তেওঁলোক ওচৰ পালেহি, ঈশ্বৰে আলৌকিক ভাৱে (চূফ সাগৰক; যৰ্দন নদীক, ভুমধ্য সাগৰক) ভাগ কৰিলে যাতে ইস্ৰায়েলীসকলে শুকান ভুমিয়েদি পাৰ হব পাৰে। (যাত্ৰাপুস্তক ১৪:৭) [kl পৃ. ২৬ অনু. ১১]
২৭. এটা পৰিয়ালে গভীৰ বেমাৰৰ সৈতে সফলতাপূৰ্বক সন্মূখীন হয় নে নহয়, এইটো বহু কিছু সেই পৰিয়ালৰ সদস্যসকলৰ (আৰ্থিক সুৰক্ষাৰ; মনোবৃত্তিৰ; বীমাৰ) ওপৰত নিৰ্ভৰ কৰে। (হিতো. ১৭:২২) [fy পৃ. ১২০ অনু. ১০]
২৮. যি ব্যক্তিয়ে নিজৰ মনতে ভাবে, “ঈশ্বৰ নাই,” তেওঁক এইবাবে “অজ্ঞান” কোৱা হৈছে কিয়নো (তেওঁত নৈতিকতাৰ অভাৱ আছে; তেওঁ পঢ়া-লিখা নাজানে; তেওঁত বিবেচনা কৰা শক্তি নাই)। (গীত. ১৪:১) [w৯৭ ১০/১ পৃ. ৬ অনু. ৮)
২৯. যেতিয়া আদম আৰু হৱাই বিদ্ৰোহ কৰিলে, তেতিয়া তেওঁলোকে যি হেৰুৱালে, তাৰে ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল (পৰিপূৰ্ণতা; ঈশ্বৰৰ সৈতে তেওঁলোকৰ সমন্ধ; বাগিছাৰূপী ঘৰ), যিটো তেওঁলোকৰ আনন্দৰ চাবি আছিল। [w৯৭ ১০/১৫ পৃ. ৬ অনু. ২]
৩০. আদম আৰু হৱাক প্ৰলোভিত কৰি নিজৰ পক্ষ কৰিবলৈ চয়তানে (প্ৰক্ষেপকৰূপে; যাদুকৰৰূপে; সম্মোহিতকাৰীৰূপে) সৰ্পক ব্যৱহাৰ কৰি মিছা কৈছিল। [kl পৃ. ৫৭ অনু. ১০]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত থকা তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:
যাত্ৰা. ৫:২; যাত্ৰা. ২১:২৯; হিতো. ১:৮; গালা. ৫:২০; যাকো. ১:১৪, ১৫
৩১. এজন খ্ৰীষ্টান বুলি দাবী কৰা ব্যক্তিয়ে বাৰে-বাৰে আৰু বিনা অনুতাপে হিংসকৰূপে ক্ৰোধ কৰে, যʼত বিবাহ সঙ্গী বা লৰা-ছোৱালীৰ সৈতে শাৰীৰিক অপব্যৱহাৰ সন্মিলিত আছে, তেওঁক খ্ৰীষ্টান মণ্ডলীৰ পৰা বহিষ্কাৰ কৰিব পাৰে। [fy পৃ. ১৫০ অনু. ২৩]
৩২. আমি যেনেকৈ চিন্তা কৰোঁ সেইদৰে আমি আচৰণ কৰোঁ। [fy পৃ. ১৪৮ অনু. ১৮]
৩৩. যিহোৱা ঈশ্বৰ এনেধৰণৰ সকলো লোকক অপদস্থ কৰে যিসকলে তেওঁৰ ঈশ্বৰত্বক মানিবলৈ দৃঢ়ভাৱে অস্বীকাৰ কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯২ ১২/১৫ পৃ. ১৩ অনু. ১৮ চাওঁক।]
৩৪. বাইবেলে সন্তানক শিক্ষা দিয়াৰ মুখ্য দায়িত্ব ভাৰ পিতৃক দিছে, তথাপি মাতৃৰো ইয়াত এটা গুৰুত্বপূৰ্ণ ভুমিকা আছে। [fy পৃ. ১১৩ অনু. ১২]
৩৫. ব্যৱস্থাক অৱেহেলা কৰাৰ দ্বাৰা হোৱা হত্যাৰ বাবে দয়াৰ ভিক্ষা স্বীকাৰ কৰা নহৈছিল। [সপ্তাহিক বাইবেল পাঠ; w৯৫ ১১/১৫ পৃ. ১১ অনু. ৫ চাওঁক।]