ঘোষণাসমূহ
▪ আলোচনী বিতৰণ আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? এই ব্ৰচাৰবোৰ যʼত উপযুক্ত তাত আগবঢ়াব পাৰে। ছেপ্তেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। অক্টোবৰ: প্ৰহৰীদূৰ্গ আৰু সজাগ হোৱা! আলোচনীৰ গ্ৰহকতা। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়।
▪ বহুতো কাৰণৰ বাবে বছৰটোত বহুধৰণৰ বন্ধ থাকে, ধৰ্ম্মীয় সম্বন্ধত বন্ধ, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ স্কুল আৰু কৰ্ম্মচাৰীসকলৰ কৰ্ম্মস্থল বন্ধ থাকে। এই সময়ছোৱাত মন্ডলীৰ বাবে প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰাৰ এক উত্তম সুযোগ। প্ৰাচীনসকলে এই বন্ধ দিনবোৰত মণ্ডলীক আগৰে পৰা ভালদৰে তৈয়াৰ কৰি সমূহীয়াৰূপে প্ৰচাৰ কাৰ্য্য কৰিব বাবে সাজু কৰিব পাৰে।
▪ প্ৰত্যেক মণ্ডলীয়ে তিনিটা সাহিত্য তালিকাৰ ফ্ৰৰ্ম পাব (S-AB-18)। মণ্ডলীৰ চেক্ৰেটেৰীয়ে সাহিত্যৰ দায়ীত্ব থকা সেৱকসকলক আগষ্ট মাহৰ আগতে সাক্ষাত কৰি মাহৰ শেষলৈকে মণ্ডলীত সংগ্ৰহীত থকা সাহিত্যৰ তালিকা প্ৰস্তুত কৰিবলৈ এটা তাৰিখ নিৰ্ধাৰিত কৰিব। সংগ্ৰহীত থকা সাহিত্যৰ সঠিক হিচাব কৰা আৱশ্যক আৰু মুঠ হিচাবসমূহক সাহিত্য তালিকাৰ ফ্ৰৰ্মত লিপিবদ্ধ কৰা উচিত। সৰ্বমূঠ আলোচনীৰ হিচাবৰ সংখ্যা আলোচনীৰ সেৱকৰ পৰা সংগ্ৰহ কৰিব পাৰে। অনুগ্ৰহ কৰি চেপ্তেম্বৰ ৬ তাৰিখৰলৈকে সংস্থালৈ আচল কপিখন পঠিয়াই দিয়ে যেন। এখন কাৰ্বন কপি আপোনাৰ ফাইলত ৰাখক। তৃতীয় কপিটো কাৰ্য্যৰ বাবে ৰখা উচিত। তালিকাখনৰ চেক্ৰেটেৰীৰ দ্বাৰা নিৰীক্ষণ কৰা উচিত আৰু সম্পূৰ্ণ ফ্ৰৰ্মখন প্ৰিজাইডিং ওভাৰচিয়াৰ দ্বাৰা পৰীক্ষা কৰা উচিত। চেক্ৰেটৰী আৰু প্ৰিজাইডিং ওভাৰচিয়াৰে ফ্ৰৰ্মখনত চহী কৰিব।
▪ মণ্ডলীৰ চেক্ৰেটৰীয়ে মণ্ডলীৰ বিশ্লেষণ ৰিপৰ্ট ফ্ৰৰ্মৰ (S-10) বাবে সাহিত্য হিচাবৰ পৰা সংগ্ৰহ কৰা সংখ্যাক লিপিবদ্ধ কৰিব। তেওঁ প্ৰচাৰকৰ ৰেকৰ্ড কাৰ্ডসমূহৰ (S-21) পৰা সাহিত্যৰ ৰিপৰ্টৰ হিছাব সঠিকৈ কৰা হৈছে নে নাই তাক নিশ্চয় কৰিবলৈ যি প্ৰাচীনে বা সহায়ক সেৱকে সহায় কৰিব পাৰে তেওঁলোকক সাৱধানে প্ৰশিক্ষণ দিব। ফৰ্মখন ভৰ্তি কৰাৰ আগতে অনুগ্ৰহ কৰি তাত দিয়া সকলো নিৰ্দ্দেশনসমূহ সাৱধানে পঢ়ক। মণ্ডলীৰ বিশ্লেষণ ৰিপৰ্ট ফৰ্মখন সঠিক আৰু পৰিপাটিকৈ ভৰ্তি কৰা উচিত, সেৱা কমিটিয়ে চহী কৰাৰ আগতে সাৱধানে নিৰীক্ষণ কৰা আৱশ্যক। অনুগ্ৰহ কৰি S-10 ফৰ্মৰ মূল কপিখন সংস্থালৈ চেপ্তেম্বৰ মাহৰ ১০ তাৰিখলৈকে পঠিয়াই দিয়ক; কাৰ্বন কপি খন নিজৰ ফাইলত ৰাখি থওঁক।
▪ ১৯৯৯ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখৰ পৰা ১৯৯৯ চনৰ আগষ্ট ৩১ তাৰিখৰলৈকে সংস্থাই লোনাভালা বেথেলত থকা আৰু ঠিক একেইদৰে কোট্টায়ম আৰু চেন্নাই বুক ডিপোত থকা সকলো সাহিত্য হিছাবৰ তালিকা লৈছে। সেই বাবে এই কেইদিনৰ ভিতৰত মণ্ডলীৰ পৰা কোনো সাহিত্যৰ নিৱেদন পঠোৱা বা গ্ৰহণ কৰা নহব।
▪ নতুন প্ৰকাশন উপলব্ধ:
▪ অসমীয়া ভাষাত বাইবেলৰ প্ৰাথমিক শিক্ষাসমূহ (৬৪ পৃষ্ঠাৰ পুস্তিকা যাৰ প্ৰস্নসমূহ আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত নামৰ ইংৰাজী কিতাপৰ পৰা যিসকলে বাপ্তিষ্মা লবলৈ বিচাৰে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে।)
হিন্দী ভাষাত যিহোৱালৈ স্তুতি গীত (এই ব্ৰচাৰখন ২৯ টা গীতৰ সৈতে ৰচিত।) মণ্ডলীয়ে সংন্থালৈ তেওঁলোকৰ অৰ্ডাৰ পঠাব পাৰে। অগ্ৰগামী, প্ৰচাৰক আৰু ৰাইজৰ বাবে ৫·০০ টকা মূল্যত দিয়া হব।