ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/৯৯ পৃষ্ঠা ১
  • যিহোৱাৰ সুন্দৰ নামক বিশেষৰূপে সন্মান কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সুন্দৰ নামক বিশেষৰূপে সন্মান কৰক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “তোমাৰ নাম পূজনীয় হওক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • সকলোকে ঈশ্বৰৰ নামটোৰ বিষয়ে জনাওক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/৯৯ পৃষ্ঠা ১

যিহোৱাৰ সুন্দৰ নামক বিশেষৰূপে সন্মান কৰক

১ যেতিয়া চয়তানে আমাৰ প্ৰথম পিতৃ-মাতৃক পাপৰ বাবে প্ৰলোভিত কৰিলে তেতিয়া তেওঁ যিহোৱাৰ নামকো বদনাম কৰিলে। দিয়াবলে যিহোৱাৰ বিষয়ে মিছা অপবাদ দি আদমৰ মনত সন্দেহ সৃষ্টি কৰিলে। (আদি. ৩:১-৫) যিহেতু ঈশ্বৰীয় নাম ঈশ্বৰৰ নিজ বাক্যক পূৰ্ণ কৰা সৈতে জড়িত্ব হৈ আছে, চয়তানে তেওঁক মিছা অপবাদৰে দোষী সাবস্থ্য কৰিলে। ঈশ্বৰে তেওঁৰ উদ্দেশ্যক ক্ৰমান্বয়ে পূৰ্ণ কৰি তেওঁক দিয়া মিছাৰ অপযশ দূৰ কৰি নিজৰ নামক সুন্দৰ কৰিলে।—যিচ. ৬৩:১২-১৪.

২ আমি সেই লোক, যাক যিহোৱাই ‘তেওঁৰ নামৰ দ্বাৰা মাতিলে।’ (পাঁচ. ১৫:১৪, ১৭) ইয়াৰ দ্বাৰা তেওঁৰ নামৰ পবিত্ৰকৰণত কেনে অনুভৱ কৰোঁ তাক প্ৰকাশ কৰিবলৈ আমাক এটা সুযোগ দিয়ে। আমি পাইছোঁ যে যিহোৱাৰ নাম সচাঁকৈ সুন্দৰ, কিয়নো তেওঁৰ নামে উত্তম, কৃপালু, প্ৰেমময়, দয়াশীল আৰু ধাৰ্ম্মিকতাক আদি গুণসমূহক চিহ্নিত কৰে। মহান ঈশ্বৰ মহৎ নাম শুনি আমি অত্যন্ত ভয়ভীত হওঁ। (গীত. ৮:১; ৯৯:৩; ১৪৮:১৩) ই আমাক কি কৰিবলৈ সঞ্চালিত কৰা উচিত?

৩ ঈশ্বৰৰ নাম পবিত্ৰকৰণ কৰা: ঈশ্বৰৰ নাম যি সকলোতকৈ পবিত্ৰ, তাতকৈ আৰু পবিত্ৰ কৰিব পৰা নাযায়। কিন্তু আমাৰ পবিত্ৰ আচৰণ আৰু ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা প্ৰদৰ্শন কৰি দেখুৱাম যে আমি তেওঁৰ নামক বৃহতভাৱে সন্মান কৰোঁ। আহঁক আমি সকলোৱে কওঁ: “যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নাম লোৱা, আৰু জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্য্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম উন্নত বুলি কীৰ্ত্তন কৰা।” (যিচ. ১২:৪) আমি কেনেকৈ এইদৰে কৰিব পাৰোঁ?

৪ আমি যিহোৱাৰ নামক প্ৰচাৰ কৰিবলৈ আৰু ইয়াৰ সৈতে জড়িত্ব থকা সকলো কাৰ্য্যক সমৰ্থন কৰিবলৈ প্ৰত্যেক সুযোগক গ্ৰহণ কৰিব পাৰোঁ। নিয়মিত বা অনিয়মিতৰূপে, ঘৰে-ঘৰে বা দোকানে-দোকানে, ৰাস্তাত বা টেলিফোনৰ দ্বাৰা কৰা প্ৰচাৰ কাৰ্য্যৰে আমি যিহোৱাক সন্মান দিব পাৰোঁ। যেতিয়া আমি কোনো আগ্ৰহী ব্যক্তিক লগ পাওঁ যিজনে আমাৰ বাক্যক গ্ৰহণ কৰে, আমি তেওঁক পুনৰ সাক্ষাত কৰিবলৈ আৰু যিহোৱাৰ বিষয়ে অধিক জ্ঞান দিবলৈ ব্যৱস্থা কৰা উচিত। ইয়াৰ অৰ্থ এইটো হৈছে, আমি সেই ব্যক্তিক পুনৰ সাক্ষাত কৰাৰ পৰা কেতিয়াও বঞ্চিত থাকিব নালাগে আৰু আমি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰিব লাগিব। আনন্দৰ বিষয় এই যে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোক যিহোৱাৰ সুন্দৰ নামক জানিবলৈ, সন্মান দিবলৈ আৰু পবিত্ৰকৰণ কৰিবলৈ যোগ দিছে।

৫ আন্তৰিকতাৰে ঈশ্বৰৰ নামক পবিত্ৰকৰণ বাবে অংশ গ্ৰহণ কৰাত স্পষ্টৰূপে এইটো প্ৰদৰ্শন কৰে যে চয়তানে এদন বাগিছাত উঠোৱা বাদ-বিবাদৰ কোনটো স্থানত আমি থিয় হৈ আছোঁ। আমি কৰা এই কাৰ্য্যই হৈছে সকলোতকৈ উত্তম আৰু সন্মানীয়। আহঁক আমি যিহোৱাৰ নামক সন্মান কৰোঁ আৰু উৎসাহিত হৈ তেওঁৰ স্তুতি কৰোঁ!—১ বং. ২৯:১৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক