যিহোৱাই এনে কাম কৰিবলৈ গৈ আছে, যাৰ জৰিয়তে যিহোৱাৰ নাম সদায় কালৰ বাবে মহিমা হৈ থাকিব
পাঠকসকলৰ প্ৰশ্ন
জুন ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ “তোমাৰ নাম পূজনীয় হওক” নামৰ লেখখনত যিহোৱাৰ নাম আৰু তেওঁ শাসন কৰাৰ অধিকাৰৰ বিষয়ে আমাৰ বুজাবুজিত কি সাল-সলনি কৰা হৈছিল?
এই লেখত শিকিছিলোঁ যে প্ৰকৃততে মানুহ আৰু স্বৰ্গদূতসকলৰ ওচৰত এটা ডাঙৰ সমস্যা আছে। সেয়া হৈছে ঈশ্বৰৰ নাম পবিত্ৰ কৰা। এয়া সঁচা যে ইয়াৰ লগত আৰু দুটা প্ৰশ্ন তোলা হৈছে। প্ৰথম, যিহোৱা ঈশ্বৰৰ শাসন কৰাৰ পদ্ধতিয়ে সকলোতকৈ শ্ৰেষ্ঠ হয়নে? দ্বিতীয়, মানুহে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবনে? এইবোৰৰ উত্তৰ পোৱাটো অতি প্ৰয়োজন কিয়নো এয়া সেই ডাঙৰ সমস্যাৰে এটা ভাগ হয়।
কিন্তু এতিয়া আমি কিয় এই কথাৰ ওপৰত জোৰ দিছোঁ যে যিহোৱাৰ নাম পবিত্ৰ কৰাটো আটাইতকৈ ডাঙৰ বিষয়? আহক ইয়াৰ তিনিটা কাৰণৰ ওপৰত মন দিওঁ।
এদনৰ বাগিছাত যেতিয়াৰ পৰা বিদ্ৰোহ আৰম্ভ হ’ল, তেতিয়াৰ পৰা চয়তানে যিহোৱাৰ নাম কলংকিত কৰি আহিছে
প্ৰথম, এদনৰ বাগিছাত চয়তানে যিহোৱাৰ নাম কলংকিত কৰিবলৈ চেষ্টা কৰিছিল। চয়তানে মিছা কথা কৈ হৱাৰ মনত এয়া বিশ্বাস জন্মাবলৈ চেষ্টা কৰিলে যে যিহোৱাই অলপ বেছিকৈ কঠোৰতাৰে ব্যৱহাৰ কৰি আছে। যিহোৱাই এনে আজ্ঞাবোৰ দিয়ে যাক পালন কৰাটো কঠিন হয়। তেওঁলোকক ভাল ভাল বস্তুবোৰো দিব নিবিচাৰে। আনকি যিহোৱাই যিবোৰ কথা কৈছিল, চয়তানে তাৰ একেবাৰে বিপৰীতে কৈছিল। এইদৰে চয়তানে যিহোৱাক মিছলীয়া বুলি ক’লে আৰু তেওঁৰ নাম বদনাম কৰিলে। সেইবাবে, চয়তানক “দিয়াবল” বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে “নিন্দক।” (প্ৰকা. ১২:৯; যোহ. ৮:৪৪) হৱাই চয়তানে কোৱা মিছা কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁ যিহোৱাৰ কথা নামানিলে। এইদৰে তেওঁ দেখুৱালে যে তেওঁ যিহোৱাক নিজৰ ৰজা হিচাপে স্বীকাৰ কৰিব নিবিচাৰে। (আদি. ৩:১-৬) আজিও চয়তানে যিহোৱাৰ নাম বদনাম কৰে। সি বহুতো মিছা কথা বিয়পাই। যিসকল লোকে এই মিছা কথাক বিশ্বাস কৰে, তেওঁলোকে হয়তো যিহোৱাৰ কথা নামানে। এইদৰে যিহোৱাৰ পবিত্ৰ নাম বদনাম কৰাটো এটা ডাঙৰ অন্যায় হয়। এয়া চাই যিহোৱাৰ লোকসকলক বহুত বেয়া লাগে। চাবলৈ গʼলে, যদি যিহোৱাৰ পবিত্ৰ নামক বদনাম নকৰা হ’লে আজি জগতৰ পৰিস্থিতি এনেকুৱা নহʼলহেঁতেন। ইয়াৰ বাবেই আজি আমাৰ চাৰিওফালে দুখ-কষ্ট আৰু অন্যায় আছে।
দ্বিতীয়, যিহোৱাই থিৰাং কৰিছে যে তেওঁ নিজৰ নামত লগা সকলো কলংক আঁতৰাই পেলাব। এয়া তেওঁ মানুহ আৰু স্বৰ্গদূতসকলৰ ভালৰ বাবে কৰিব। নিজৰ নামত লগা কলংকক আঁতৰুৱাটোৱেই হৈছে যিহোৱাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কাম। সেইবাবে, তেওঁ এইদৰে কৈছে, “মোৰ মহৎ নাম মই পবিত্ৰ কৰিম।” (যিহি. ৩৬:২৩) যীচুৱে কৈছিল যে ঈশ্বৰৰ বিশ্বাসী সেৱকসকলে বিশেষকৈ এই বিষয়ে প্ৰাৰ্থনা কৰা উচিত যে, যিহোৱাৰ “নাম পূজনীয় বা পবিত্ৰ হওক।”। (মথি ৬:৯) ইয়াৰ উপৰিও বাইবেলত বাৰে বাৰে জোৰ দিয়া হৈছে যে যিহোৱাৰ নামক মহিমা কৰাটো অতি প্ৰয়োজন। যেনে, ইয়াত লিখা আছে, “যিহোৱাৰ উদ্দেশে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা।” (১ বং. ১৬:২৯; গীত. ৯৬:৮) “তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ প্ৰশংসাক গৌৰৱান্বিত কৰা।” (গীত.৬৬:২) ‘মই চিৰকাললৈকে তোমাৰ নাম গৌৰৱাম্বিত কৰিম।’ (গীত.৮৬:১২) যিহোৱাই নিজেও নিজৰ নাম মহিমা কৰিব। এবাৰ যীচু যেতিয়া যিৰূচালেম মন্দিৰত আছিল, তেতিয়া তেওঁ যিহোৱাক এইদৰে কৈছিল, “হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা।” তাতে যিহোৱাই স্বৰ্গৰ পৰা এইদৰে উত্তৰ দিলে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম।”—যোহ. ১২:২৭, ২৮.a
তৃতীয়, যিহোৱাৰ উদ্দেশ্য হৈছে যে তেওঁৰ পবিত্ৰ নামৰ সদায় মহিমা হৈ থাকক। ইয়াক বুজিবলৈ মন কৰক যে মচীহৰ হাজাৰ বছৰৰ শাসনৰ পাছত যেতিয়া শেষ পৰীক্ষা হ’ব তাৰ পাছত কি হ’ব। তেতিয়াও যিহোৱাৰ নামক পবিত্ৰ কৰাটো এটা ডাঙৰ সমস্যা হৈ থাকিবনে? কিছুমান মানুহ আৰু স্বৰ্গদুতসকল যিহোৱাৰ ফলীয়া হ’ব আৰু আন কিছুমান নহʼবনে? আহক ইয়াক জানিবলৈ আমি পুনৰ সেই দুটা প্ৰশ্নৰ ওপৰত ধ্যান দিম, যি এই ডাঙৰ সমস্যাৰ লগত জড়িত আছে। প্ৰথম, মানুহ ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব নে নাথাকে? মচীহৰ হাজাৰ বছৰৰ শাসনৰ পাছত এই প্ৰশ্নৰ উত্তৰ আমি পাই যাম। লোকসকল সিদ্ধ হৈ পৰিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে পৰীক্ষা কৰাও হৈ যাব। ইয়াৰ পাছত তেওঁলোক বিশ্বাসী হয় নে নহয় তাৰ প্ৰমাণ দিবলগীয়া নহʼব। তেওঁলোকক অন্তত জীৱন দিয়া হ’ব। দ্বিতীয় প্ৰশ্নৰ বিষয়েনো কি যিহোৱা ঈশ্বৰৰ শাসন কৰাৰ পদ্ধতিয়ে সকলোতকৈ শ্ৰেষ্ঠ হয়নে, মচীহৰ হাজাৰ বছৰৰ শাসনৰ পাছত এই প্ৰশ্নৰ উত্তৰো আমি পাই যাম। সেই সময়লৈকে স্বৰ্গদূত আৰু মানুহ এক হৈ পৰিব। আৰু তেওঁলোকে যিহোৱাক নিজৰ ৰজা বুলি স্বীকাৰ কৰিব।
এই দুটা প্ৰশ্নৰ উত্তৰ পোৱাৰ পাছত আটাইতকৈ ডাঙৰ সমস্যা সমাধান হৈ যাব। তেতিয়া যিহোৱাৰ নাম পবিত্ৰ হ’ব আৰু তেওঁৰ নামত লগা কলংক শেষ হ’ব। তেনেহʼলে যিহোৱাৰ নামৰ গুৰুত্বতা শেষ হৈ যাবনে? নহয়, কিয়নো যিহোৱা সকলো স্বৰ্গদূত আৰু মানুহৰ কাৰণে সদায় মহান হৈ থাকিব। কিয়নো যিহোৱাই সকলোৰে বাবে বহুত ভাল ভাল কাম কৰি থাকিব। যেনে, যেতিয়া যীচুৱে ৰাজ্যক তেওঁৰ হাতত সৰ্মপণ কৰিব, তেতিয়া ‘ঈশ্বৰ সকলোতে সকলো হ’ব।’ (১ কৰি. ১৫:২৮) ইয়াৰ পাছত মানুহে “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।” তেওঁলোকে বহুত আনন্দিত হ’ব। (ৰোম. ৮:২১) এইদৰে যিহোৱাই স্বৰ্গদূত আৰু মানুহক এটা পৰিয়াল কৰাৰ নিজৰ উদ্দেশ্যক পূৰ কৰিব।—ইফি. ১:১০.
এই সকলোবোৰ চায় স্বৰ্গদূত আৰু মানুহক কেনেকুৱা লাগিব? তেওঁলোকে যিহোৱাৰ মহান নাম মহিমা কৰাৰ পৰা নিজকে ৰখাব নোৱাৰিব। তেওঁলোকে দায়ূদৰ দৰে অনুভৱ কৰিব, যিজনে এইদৰে লিখিছিল, ‘ঈশ্বৰ যিহোৱাৰ মহান নাম ধন্য হওক, তেওঁৰ গৌৰৱান নাম অনন্ত কাললৈকে ধন্য হওক।’ (গীত. ৭২:১৮, ১৯) আমি সদায় যিহোৱাৰ নাম মহিমা কৰাৰ নতুন নতুন কাৰণবোৰ পাই থাকিম।
ঈশ্বৰৰ নামৰ পৰাই তেওঁৰ বিষয়ে বহুতো কথা জানিব পাৰি। তেওঁৰ নাম শুনাৰ লগে লগে তেওঁ কেনে ধৰনৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে এই কথা আমাৰ মনলৈ আহে। তেওঁৰ বিশেষ গুণ হৈছে প্ৰেম। (১ যোহ. ৪:৮) আমি এই কথা সদায় মনত ৰাখিম যে যিহোৱাই আমাক প্ৰেমৰ বাবেহে সৃষ্টি কৰিছে। তেওঁ আমাক প্ৰেম কৰাৰ বাবেহে মুক্তিপণ বলিদানৰ ব্যৱস্থা কৰিছে। আমি এয়াও সদাই মনত ৰাখিম যে যিহোৱা এজন প্ৰেমময় আৰু সত্য ৰজা হয়। আগলৈও আমি চাবলৈ পাই থাকিম যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। আমি সদায় কালৰ বাবে নিজৰ পিতৃ যিহোৱাৰ কাষ চাপিম আৰু তেওঁৰ মহান নাম মহিমা কৰি থাকিম।—গীত. ৭৩:২৮.
a বাইবেলৰ পৰা জানিব পাৰি যে যিহোৱাই নিজৰ নামৰ কাৰণে পদক্ষেপ লয়। যেনে, তেওঁ লোকসকলক পদ দেখুৱাই, তেওঁলোকক ৰক্ষা কৰে, তেওঁলোকক সহায় কৰে আৰু তেওঁলোকৰ পাপ ক্ষমা কৰে। ইয়াৰ লগতে তেওঁলোকৰ জীৱন সুৰক্ষিত কৰি ৰাখে আৰু এই সকলোবোৰ তেওঁ নিজৰ নামৰ বাবে কৰে। —গীত. ২৩:৩; ৩১:৩; ৭৯:৯; ১০৬:৮; ১৪৩:১১.