সন্তানবিলাক—“যিহোৱাই দিয়া আধিপত্য”
১ “যেতিয়ালৈকে লৰা-ছোৱালী সঠিক প্ৰশিক্ষণ দিয়া নহয় তেতিয়ালৈকে, সকলো মানৱজাতিৰ দীৰ্ঘকালীন সমস্যাবোৰ দীৰ্ঘ সময়লৈকে সমস্যা হৈ থাকিব।”—সংযুক্ত ৰাষ্ট্ৰ শিশুৰ ফাণ্ড। এইদৰে ১৯৯৯ চনৰ এপ্ৰিল ৮ খণ্ডৰ সচেতন (ইংৰাজী) আলোচনীৰ প্ৰথম পৃষ্ঠাটো পাতনি মেলা হৈছে। যিহোৱাৰ সাক্ষীৰূপে আমাৰ সকলোৱে এই আলোচনীখন বিতৰণ কৰিবলৈ আৰু বৰ্তমান জগতত শিশুসকলৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰিবলৈ পাই আনন্দিত হʼলো।
২ ঈশ্বৰৰ লোকসকলৰ মাজত, প্ৰায় সকলোবোৰ পিতৃ-মাতৃয়ে এই বিশ্বজুৰি অভিযানত ভাগ লবলৈ পায় কিমান যে আনন্দিত হৈছে। তেওঁলোকে বাইবেল আধাৰিত পথ-প্ৰদৰ্শনৰ পৰা অকলমাত্ৰ ভাল পিতৃ-মাতৃ হৈছে এনে নহয় তাৰ উপৰিও তেওঁলোকৰ লৰা-ছোৱালীক ঈশ্বৰৰ পথত চলিবলৈ সহায় কৰাত আগভাগ লৈছে। এই অভিযানত পূৰ্ণ-হৃদয়েৰে ভাগ লোৱা ঈশ্বৰীয় সন্তানসকলৰ দ্বাৰা দিয়া প্ৰচাৰ যিসকলে শুনিলে নিঃসন্দেহ সেইসকলোৰে হৃদয়ত ভালকৈ মোহৰ মৰা হʼল।—হিতোপদেশ ১:৮, ৯.
৩ যেতিয়া শিশুবিলাকে সভাবোৰত উপস্থিত হয় তেওঁলোক অধিক লাভৱান হয়। খ্ৰীষ্টান মণ্ডলীবোৰত মহান উপদেষ্টা যিহোৱাৰ দ্বাৰা শিকোৱা বিশেষ অধিকাৰত তেওঁলোকে আনন্দ লাভ কৰে। মহান শিক্ষক যীচু খ্ৰীষ্টক শুনাৰ দ্বাৰা, তেওঁৰ পথ চিহ্নত চলিবলৈ তেওঁলোকক সহায় কৰিলে। ইয়াৰ ওপৰিও কণ-কণ শিশুবিলাকক, বিশেষকৈ কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলৰ বাবে যথাসময়মত উপদেশ দিবলৈ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গয়ে বিশেষ প্ৰচেষ্টা চলাইছে।
৪ পিতৃ-মাতৃসকলে নিজৰ সন্তানক একেৰাহে আধ্যাত্মিকৰূপে সহায় কৰিবলৈ কি কৰিব পাৰে? যিহেতু এইটো সচাঁ যে এই জগতৰ লৰা-ছোৱালীবিলাকে চৰম অৱস্থাত উপনীত হৈছে আৰু তাৰ বাবে তৎকালীন সহায়ৰ আৱশ্যক, কিন্তু বাস্তৱতে খ্ৰীষ্টান সন্তানসকলক এই জগতৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ আগতকৈও অধিক নিৰাপত্তা দিয়া আৱশ্যক। এই সমন্ধে সহায় কৰিবলৈ নিয়মিত পৰিয়াল অধ্যয়নক বাদ দিব নোৱাৰি। উৎসাহিত কৰা হৈছে যে যদি আমি পৰিয়াল অধ্যয়ন কৰা নাই তেনেহʼলে আজিৰ পৰাই আৰম্ভ কৰা উচিত। (হিতোপদেশ ২:১-৫) এক অৰ্থপূৰ্ণ পৰিয়াল অধ্যয়ন আৰু সভাবোৰত হোৱা নিয়মীতৰূপে উপস্থিতিয়ে কিশোৰ-কিশোৰীসকলক নিজ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা আগবঢ়াই আৰু তেওঁলোকক চয়তানৰ নানা ফান্দত প্ৰলোভিত নহবলৈ কৰিব।—ইফিচীয়া ৬:১১, ১২, ১৬.
৫ নিজ লৰা-ছোৱালীক প্ৰতিপালন কৰিবলৈ পিতৃ-মাতৃসকলক এক অদ্বিতীয় বিশেষ অধিকাৰ আছে। এইটো হৈছে এক ঈশ্বৰীয় প্ৰত্যাশা যে আমাৰ স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰৰ দ্বাৰা তেওঁলোকলৈ এক অপূৰ্ব দান। ই এক মহৎ আৰু গধুৰ দায়ীত্ব বহন কৰাৰ দাবী কৰে। কিন্তু খ্ৰীষ্টান পিতৃ-মাতৃসকলে তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে এতিয়াৰ পৰাই সময় অতিবাহিত কৰা আৰু চেষ্টা কৰা আৱশ্যক। পাছলৈ যেতিয়া তেওঁলোকৰ লৰা-ছোৱালীয়ে ডাঙৰ হৈ ঈশ্বৰ-শাসিত পুৰুষ আৰু মহিলা হোৱা দেখিব তেতিয়া এইটো পিতৃ-মাতৃৰ বাবে পুৰষ্কাৰযুক্ত কাৰ্য্য হব।—গীতমালা ১২৭:৩-৫.