ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/৯৯ পৃষ্ঠা ৮
  • আপুনি এজন হিন্দুক কি কব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি এজন হিন্দুক কি কব?
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত আগবঢ়োৱা উপস্থাপনৰ সম্পৰ্কে দাঙি ধৰা ব্যৱহাৰিক পৰামৰ্শসমূহ
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কাৰ্য্যত প্ৰস্তুত কৰা প্ৰস্তাৱনাবোৰৰ পৰামৰ্শ দিয়া হ’ল
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/৯৯ পৃষ্ঠা ৮

আপুনি এজন হিন্দুক কি কব?

১ যিদৰে আপুনি জানে যে, আমি পৰিচৰ্য্যা ক্ষেত্ৰত লগ পোৱা এই দেশৰ অধিকাংশ লোক হিন্দু পৃষ্ঠভূমিৰ। যেতিয়া আপুনি তেওঁলোকক লগ পাই আপুনি কেনেদৰে তেনেলোকৰ সৈতে কথা-বতৰা হব?

২ এইবোৰ বিষয়ক মনত ৰাখক: সত্যক সৰল আৰু কৌশলপূৰ্ণৰে কৰা প্ৰস্তুতিয়ে প্ৰায়ে ধনাত্মক ফল দিয়ে। ঘৰৰ মূখীয়ালৰ সৈতে কথা-বতৰা হবলৈ প্ৰথমে সোধক। যদি তেওঁৰ প্ৰত্যুত্তৰ অনুকূল হয় তেনেহʼলে, ঘৰৰ অন্য সদস্যসকলক সাক্ষী দিবলৈ সহজ হব। হিন্দু সংস্কৃতিয়ে সকলো জীৱিত প্ৰাণী আৰু প্ৰাচ্য দেশৰ লোকসকলক সন্মান কৰে। এইদৰে, এইধৰণৰ বিষয়বোৰৰ ওপৰত কথা-বতৰা হওঁক যিবোৰৰ বিষয়ে সকলো লোকে চিন্তা কৰে। ইয়ে এক অৰ্থপূৰ্ণ আৰু পৰস্পৰে হিতকাৰী কথা-বতৰা হোৱাৰ পথ মুকলি কৰিব। হিন্দু ধৰ্ম্মই আধ্যাত্মিকতাক উৎসাহিত কৰে। সেইবাবে হিন্দু লোকে এজন ঈশ্বৰক উপাসনা কৰিবলৈ চেষ্টা কৰে যাৰ সৈতে তেওঁলোকে ব্যক্তিগত সমন্ধত আনন্দ পাব পাৰে। সেইবাবে, এনেধৰণৰ বিষয়বোৰক ব্যৱহাৰ কৰক যিবোৰ তেওঁলোকে মানি লয় আৰু তেওঁলোকক দেখুৱাওঁক যে বাইবেল আৰু আমাৰ পুস্তকবোৰে মানৱৰ সৃষ্টিকৰ্তাৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ কিদৰে সহায় কৰে। প্ৰায় সকলো হিন্দু ব্যক্তি নম্ৰ আৰু হিতৈষী লোক। সেইবাবে আমি তেনে ব্যক্তি হোৱা আৰু বিৰোধিতাৰ পৰা আতঁৰি থকাটো আৱশ্যক। যিহেতু হিন্দু ধৰ্ম্মৰ বিষয়ে গভীৰ অধ্যয়ন কৰাটো প্ৰয়োজন নাই কিন্তু তেওঁলোকৰ বিশ্বাসৰ বিষয়ে এক মূল কথাৰ জ্ঞান ৰখাটো সহায়ক হব।

৩ সঠিক সাৰঞ্জাম ব্যৱহাৰ কৰক: হিন্দুসকলৰ বাবে বহুতো প্ৰকাশন তৈয়াৰ কৰা হৈছে। আমাৰ সমস্যা—কোনে ইয়াক সমাধান কৰিবলৈ আমাক সহায় কৰিব? এই ব্ৰচাৰখন ইংৰাজীৰ ওপৰিও ১৩টা ভাৰতীয় ভাষাত উপলব্ধ আছে। “চোৱা, মই সকলোকে নতুন কৰোঁ” আৰু বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? এই ব্ৰচাৰবোৰ হিন্দু লোকসকলক সাক্ষী দিয়াৰ ক্ষেত্ৰত বহু কাৰ্য্যকাৰী হৈছে। কুৰুক্ষেত্ৰৰ পৰা হৰমাগিদোনলৈ—আৰু আপোনাৰ উত্তৰজীৱি পুস্তিকাখন ইংৰাজী, কানাড়ী, গুজৰাটী, পঞ্জাৱী, বঙালী আৰু মালায়ালম ভাষাত উপলব্ধ আছে। মৃত্যুত বিজয় পোৱা আপোনাৰ বাবে সম্ভৱ নে? পুস্তিকাখন ইংৰাজী, গুজৰাটী, নেপালী আৰু পঞ্জাৱী ভাষাত আৰু ঐশ্বৰীয় সত্যই মুক্তিলৈ পৰিচালিত কৰে পুস্তিকাখন ইংৰাজী, উৰ্দু, তেলেগু, মালায়ালম আৰু লোচাই ভাষাত উপলব্ধ আছে। বিচাৰে ব্ৰচাৰ আৰু জ্ঞান পুস্তকখন বাইবেল অধ্যয়নক সফলতাৰূপে পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

৪ সাধাৰণ বিষয়বস্তু ব্যৱহাৰ কৰক: হিন্দু লোকৰ সৈতে কথা-বতৰা হবলৈ সাধাৰণ বিষয়বস্তু অভাৱ নাই। তেওঁলোকে বিশ্বাস কৰে যে আমি যি সময় জীয়াই আছো ইয়াত দুষ্টতাৰ মাত্ৰা ইয়াৰ শীৰ্ষত আছে আৰু ঈশ্বৰে এটা ডাঙৰ মহাদুৰ্যোগৰ দ্বাৰা পৃথিৱীৰ সকলো সমস্যা শেষ কৰি সত্য যুগ আনিব। আপুনি চাব পাৰে যে কেনেকৈ এই বিশ্বাস বাইবেলে শেষকাল, মহাক্লেশ আৰু অহিবলগীয়া নতুন সংসাৰৰ বিষয়ে কোৱা শিক্ষাৰ সৈতে জড়িত আছে। যিহেতু বহুতো হিন্দু ব্যক্তিয়ে জীৱনটো এক সমস্যাৰে পৰিপূৰ্ণ আৰু ইয়াৰ কোনো সমাধান নাই বুলি ভাৱে, তেনে লোকসকলে পৰিয়ালৰ জীৱন, অপৰাধ আৰু সুৰক্ষা, আৰু মৃত্যুৰ পাছত কি হয়, এনেধৰণৰ বিষয়বোৰ জানিবলৈ আগ্ৰহী। ইয়াত দুটা প্ৰস্তুতিকৰণৰ উদাহৰণ দিয়া হৈছে যাৰ দ্বাৰ আপুনি চেষ্টা কৰিব পাৰে:

৫ এইটো পৰিয়াল থকা ব্যক্তিলৈ ব্যৱহাৰিক হয়:

▪ “মই সেইসকলৰ লোকৰ সৈতে কথা-বতৰা হৈছো যিসকলে বৰ্তমান সময়ত বহুতো দেশত থকা পৰিয়ালৰ অৱস্থাৰ বিষয়ে চিন্তা কৰে। পৰিয়ালত একতা বজাই ৰখা সহায়ৰ বিষয়ে আপুনি কি ভাৱে? [উত্তৰৰ বাবে ৰওঁক।] কিমান লোকে জানে যে হিন্দু শাস্ত্ৰত পৰিয়ালৰ বিষয়ে কি কৈছে, কিন্তু বাইবেলে ইয়াৰ বিষয়ে কি কৈছে তাৰ সৈতে তুলনা কৰিবলৈ তেওঁলোকে কেতিয়াও সুযোগ পোৱা নাই। মই আপোনাৰ সৈতে কলচীয়া ৩:১২-১৪ পদত দিয়া চিন্তাধাৰাৰ বিষয়ে কথা পাতিব বিচাৰো।” শাস্ত্ৰ পদ পঢ়াৰ পাছত, গৃহস্থক জ্ঞান কিতাপৰ ১৫ অধ্যায়টো দেখুৱাই কওঁক: “মই আপোনাৰ সৈতে অলপ সময় এই অধ্যায়টো পঢ়ি আনন্দিত হব পৰাহেঁতেন।”

৬ এজন যুবকক এইদৰে প্ৰত্যুত্তৰ দিব পাৰে:

▪ “নিঃসন্দেহে আপুনি ঈশ্বৰক বিশ্বাস কৰে। আমাৰ বাবে ঈশ্বৰ উদ্দেশ্যৰ বিষয়ে আপুনি কি ভাৱে?” উত্তৰ বাবে ৰওঁক। তাৰ পাছত আদিপুস্তক ১:২৮ পদটো পঢ়ি কওঁক: “পৃথিবীৰ বহুতো স্থানত জনসংখ্যা বৃদ্ধি আৰু সমস্যাই মহামাৰীৰ ৰূপ লৈছে। আপুনি ভাৱেনে যে সৃষ্টিকৰ্ত্তাই আমাৰ সমস্যাবোৰক সমাধান কৰাত আমাক সহায় কৰিবলৈ ইচ্ছূক?” ব্যক্তিজনৰ উত্তৰ শুনাৰ পাছত, তেওঁৰ মনোযোগ এক উপযুক্ত প্ৰকাশনত দিবলৈ চেষ্টা কৰক।

৭ ধনাত্মক ফলাফলত আনন্দিত হওঁক: বজাৰত সাক্ষী দিয়া কাৰ্য্য কৰি থকাৰ সময়ত, ২২ বছৰীয়া এজন ব্যক্তিয়ে এজনী ভনীৰ কাষ চাপি বাইবেল অধ্যয়নৰ বাবে আগ্ৰহ দেখুৱায়। তেওঁ ভনীজনীক কয় যে আঠ বছৰৰ আগতে তাই আৰু তেওঁৰ মাতৃৰ মাজত হোৱা বাইবেল আলোচনা তেওঁ শুনিছিলে। যদিও, তেওঁ মানৱজাতিৰ সমস্যাৰ বিষয়ে বাইবেলৰ ব্যৱহাৰিক উত্তৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল, কিন্তু তেওঁৰ মাকে এই বিষয়ত আগ্ৰহী হোৱা নাছিল আৰু সেই সময়ত সত্যক গ্ৰহণ কৰিবলৈ তেওঁ নিজকে বহুত সৰু বুলি ভাৱিছিল। এতিয়া, যিহেতু তেওঁ এজন যুৱক, তেওঁ ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ আগ্ৰহী। সেই যুৱকজনে সময় নষ্ট নকৰিলে। মাত্ৰ ২৩ দিনৰ ভিতৰত, তেওঁ সম্পূৰ্ণৰূপে জ্ঞান কিতাপৰ অধ্যয়ন শেষ কৰে আৰু বজাৰত সেই ভনীজনীক লগ পোৱা মাত্ৰ চাৰি মাহৰ ভিতৰতে বাপ্তিষ্মাৰ বিষয়ে আগ্ৰহ হয়।

৮ এজন ভায়ে ট্ৰেইনত লগ পোৱা এজন হিন্দু ব্যক্তিৰ সৈতে অধ্যয়ন আৰম্ভ কৰে। সেই ব্যক্তিজনৰ বৈবাহিক জীৱনৰ সমস্যাৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ অধিককৈ মদ পান কৰিছিল। সাক্ষীজনৰ সৈতে হোৱা কথা-বতৰাত ব্যক্তিজনে মানি লৈছিল আৰু পৰিয়ালৰ জীৱনৰ বাবে বাইবেলৰ উপদেশত অংশ গ্ৰহণ কৰিবলৈ মান্তি হʼল। বাইবেলৰ নৈতিক শিক্ষাই তেওঁক আকৰ্ষণ কৰিলে আৰু তেওঁ বাইবলে অধ্যয়ন কৰিবলৈ সন্মত হʼল। তেওঁ আৰু তেওঁৰ পৰিয়ালে সভাবোৰত একেলগে উপস্থিত থাকিবলৈ আৰম্ভ কৰিলে। পাছলৈ তেওঁলোকে সত্যক তেওঁলোকৰ বন্ধু-বান্ধৱ আৰু সমন্ধীয় লোকসকলৰ সৈতে বিতৰণ কৰিলে। অতি কমে, এওঁলোকৰ ভিতৰত ছয় জন ব্যক্তিয়ে সত্যক গ্ৰহণ কৰিলে!

৯ ঈশ্বৰৰ ইচ্ছা হৈছে যে “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:৪) ইয়াত সন্মিলিত আছে সকলো পুৰুষ আৰু স্ত্ৰী যিসকল খ্ৰীষ্টান ধৰ্ম্মৰ নহয়, যেনে হিন্দু ধৰ্ম্ম। যেতিয়া আপুনি আপোনাৰ ক্ষেত্ৰত থকা হিন্দু ব্যক্তিক লগ কৰিব, এই আলোচনাত থকা উপদেশবোৰ ব্যৱহাৰ নকৰিবনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক