ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০০ পৃষ্ঠা ১
  • ঈশ্বৰৰ সকলোবোৰ ভৱিষ্যতসূচক বাক্য সত্য প্ৰমাণিত হ’ব!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ সকলোবোৰ ভৱিষ্যতসূচক বাক্য সত্য প্ৰমাণিত হ’ব!
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনৰ পৰা যি শিকিলে তাক নিজৰ জীৱনত পালন কৰিছেনে?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০০ পৃষ্ঠা ১

ঈশ্বৰৰ সকলোবোৰ ভৱিষ্যতসূচক বাক্য সত্য প্ৰমাণিত হʼব!

১ বাইবেলৰ ভৱিষ্যতবাণীৰ প্ৰতি যিহোৱাৰ সাক্ষীসকল সদায়ে আগ্ৰহী। যোৱা বছৰৰ জিলা অধিৱেশনৰ বিষয় আছিল “ঈশ্বৰ ভৱিষ্যতসূচক বাক্য,” এই বিষয়ে শিকিবলৈ আমি আগ্ৰহী হৈছিলোঁ। আৰু যিহোৱাই আমাৰ বাবে “উচিত সময়ত আহাৰ দিবলৈ” কি প্ৰৱন্ধ কৰিছে তাক জানিবলৈ আমি উৎসুক হৈছিলোঁ। (মথি ২৪:৪৫) কিন্তু তেওঁ আমাক নিৰাশ নকৰিলে।

২ অধিৱেশষনৰ মূখ্য বিষয়বোৰ: শুক্ৰবাৰৰ মূখ্য ভাষণ আছিল, “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্যত মনোযোগ দিয়া” যʼত যীচুৰ ৰূপান্তৰ বিৱৰণিৰ ওপৰত পোহৰ পেলাইছিল। (মথি ১৭:১-৯) ইয়াত জোৰ দিয়া হৈছিল যে আমি এতিয়া উপযুক্ত সময়ৰ দুৱাৰদলিত থিয় হৈছোঁ। কিয়নো আমি একেবাৰে শেষকালত জীয়াই আছোঁ আৰু ঈশ্বৰৰ নতুন জগত একেবাৰে ওচৰত! ঈশ্বৰৰ বাক্যক প্ৰতিদিনে পঢ়া আৰু ইয়াৰ প্ৰতি মনোযোগ দিয়া অতি আৱশ্যক। আলোচনাৰ বিষয়ৰ এটা ভাগ আছিল “ঈশ্বৰৰ বাক্যক পঢ়ি সন্তোষ লাভ কৰক।” ইয়াত আমাৰ বাইবেল অধ্যয়নক অধিকৰূপে লাভদায়ক আৰু আনন্দদায়ক কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছিল।

৩ শনিবাৰ দিনা আবেলি কাৰণবোৰক পুনৰ আলোচনা কৰিছিল যে আমি অন্তিম দিনত জীয়াই আছোঁ তাক বিশ্বাস কৰাটো কিয় উচিত। আপুনি সেইবোৰ মনত পেলাব পাৰেনে? দেওবাৰে ৰাতিপূৱা, হবক্কুক ভৱিষ্যতবাণীৰ পৰা আমি শিকিলো যে তেওঁৰ দিনৰ সৈতে আমাৰ বৰ্তমান সময় কেনেদৰে মিল আছে। সেই অতি গুৰুত্বপূৰ্ণ ঘটনা একেবাৰে ওচৰত যেতিয়া যিহোৱাই এই দুষ্টতাক ধ্বংস কৰিব আৰু ধাৰ্ম্মিকসকলক উদ্ধাৰ কৰিব। যাকোব আৰু এচৌৰ সমন্ধে থকা বাইবেল নাটকৰ বিষয়টো বুজি পালেনে? আমি যিহোৱাৰ পৰা উৎসাহেৰে আৰ্শীব্বাদসমূহৰ অনুসন্ধান কৰি নিৰুৎসাহ আৰু উদাসীনতা আত্মাক প্ৰতিৰোধ কৰি থকা আৱশ্যক।

৪ এখন মহত্বপূৰ্ণ কিতাপ: দানিয়েলৰ ভৱিষ্যতবাণীলৈ মনোযোগ দিয়া! নামৰ নতুন কিতাপখন পাই আমি কিমান যে উৎসাহিত হৈছিলোঁ। নিঃসন্দেহ, আপুনি এই প্ৰকাশনখন পঢ়াত মগ্ন। যিজনে এই কিতাপখনক প্ৰকাশ কৰিছিল সেই বক্তাজনে কৈছিল: “মাত্ৰ কিছুমান বিৱৰণিৰ বাহিৰে, দানিয়েল কিতাপৰ সকলোবোৰ ভৱিষ্যতবাণী পূৰ্ণ হৈছে।” তেনেহʼলে আমাৰ সময়ক এক গুৰুত্বপূৰ্ণ সময় বুলি জোৰ নিদিয়েনে?

৫ অধিৱেশনৰ কাৰ্য্যক্ৰমে এতিয়ালৈকে পূৰ্ণ নোহোৱা ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত আমাৰ বিশ্বাসক দৃঢ় কৰে যে সেইবোৰ নিশ্চয় পূৰ্ণ হʼব। ই আমাক ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য আনৰ আগত ঘোষণা কৰি থাকিবলৈ উৎসাহিত কৰে!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক