ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যাৰ সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যাৰ সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জানুৱাৰী ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০০ পৃষ্ঠা ২

পৰিচৰ্য্যাৰ সভাৰ তালিকা

জানুৱাৰী ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১০৭

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: “পৃথিৱীজুৰি যিহোৱাৰ নাম ঘোষণা কৰা।” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। আমাৰ পৰিচৰ্য্যা (ইংৰাজী) ৯৩-৪ পৃষ্ঠাৰ পৰা অনিয়মিত সাক্ষী বিষয়ে মন্তব্য দিয়ক।

২০ মি: আপুনি তেজ লোৱাৰ পৰা বিৰত থাকিবলৈ এক আইনসঙ্গত অধিকাৰ বনাওঁক। (পাঁচ. ১৫:২৮, ২৯) ব্লাড কাৰ্ডখনত থকা বিষয়সমূহক আৰু সকলো সময়তে নিজৰ লগত ৰখাৰ গুৰুত্বৰ বিষয়ে এজন যোগ্য প্ৰাচীনৰ দ্বাৰা ভাষণ। এই সভাৰ পাছত বাপ্তিষ্মা প্ৰাপ্ত সাক্ষীসকলে নতুন ব্লাড কাৰ্ড লব পাৰে আৰু যিসকলৰ বাপ্তিষ্মা নোলোৱা সৰু লʼৰা-ছোৱালী আছে, তেওঁলোকৰ বাবে চিনাক্ত-প্ৰত্ৰ (আইডেন্টিটি কাৰ্ড) দিয়া যাব। সেই কাৰ্ডখন আজি ৰাতিয়ে ভৰ্ত্তি কৰিব নালাগে। ঘৰলৈ গৈ সাৱধানে এই কাৰ্ডখন ভৰ্ত্তি কৰা আৱশ্যক। কিন্তু কাৰ্ডখনত সেই ব্যক্তিসকলৰ সন্মূখত চহী কৰক আৰু তাৰিখ দিয়া উচিত যিসকলে ইয়াত সাক্ষীৰূপে চহী কৰিব। সেই দুজন সাক্ষীয়ে এই কাৰ্ডখনত চহী কৰা ব্যক্তি জনক লক্ষ্য কৰা আৱশ্যক। যদি কোনো ভাইক এই বিষয়ে সহায়ৰ আৱশ্যক হয় তেনেহʼলে পুস্তক অধ্যয়নৰ পৰিচালকৰ সহায় লব পাৰে। চহী কৰাৰ আগতে, সম্পূৰ্ণৰূপে কাৰ্ডখনত ভৰ্ত্তি কৰা হʼল নে নাই তাক চোৱা আৱশ্যক। বাপ্তিষ্মা নোলোৱা প্ৰকাশকে নিজৰ বাবে আৰু নিজৰ লʼৰা-ছোৱালীৰ কাৰণে কাৰ্ডত যি লিখা আছে সেইবোৰক অনুলিপি কৰি পৰিস্থিতি আৰু বিশ্বাস অনুসৰি নিজৰ বাবে আছুঁতীয়াকৈ এখন নিৰ্দেশ পত্ৰ লিখিব পাৰে। পুস্তক অধ্যয়নৰ পৰিচালকসকলে নিজৰ গ্ৰুপত থকা লোকসকলৰ আৱশ্যকীয় সহায়ৰ প্ৰতি মনোযোগ দিয়া উচিত যিসকলে ব্লাড কাৰ্ডখন ভৰ্ত্তি কৰিবলৈ বিচাৰে।

গীত ১৫৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১২

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২০ মি: “আপুনি এজন মুছলমান ব্যক্তিৰ সৈতে কেনেদৰে কথা-বতৰা হ’?” প্ৰশ্ন আৰু উত্তৰ। অন্য সংস্কৃতিৰ লোকসকলৰ সৈতে কথা-বতৰা হওঁতে বিচাৰ শক্তিৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰক। এটা ভালদৰে তৈয়াৰী কৰা উপস্থাপন প্ৰস্তুত কৰক। ইছলাম ধৰ্ম্মৰ বিষয়ে অতিৰিক্ত সূচনাৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যা ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ অন্তঃপত্ৰ; বাইবেল পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি পুস্তিকা পৃষ্ঠা ২৩-৪; আৰু মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী) অধ্যায় ১২।

গীত ৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১০

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু প্ৰচাৰ ক্ষেত্ৰত পোৱা অনুভৱবোৰ।

১৫ মি: প্ৰতিদিনে যিহোৱাৰ বাক্যক বিবেচনা কৰক! ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। সকলোকে ২০০০ চনৰ প্ৰতিদিনে শাস্ত্ৰপদক পৰীক্ষা কৰা পুস্তিকাখনক ভালদৰে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক। ৩-৪ পৃষ্ঠাত থকা পাতনিৰ পৰা মন্তব্য দাঙি ধৰক। প্ৰত্যেক দিনা ব্যক্তিগত আৰু পৰিয়ালৰূপে পাঠ বিবেচনা কৰি বিশ্বাসীভাৱে মন্তব্য দিবলৈ কৰা প্ৰচেষ্ঠাক কবলৈ প্ৰচাৰকসকলক নিমণ্ত্ৰণ কৰক।

২০ মি: “ঈশ্বৰৰ সকলোবোৰ ভৱিষ্যতসূচক বাক্য সত্য প্ৰমাণিত হʼব!” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। নতুন কিতাপখনৰ বিষয়ে কিছুমান বৰ্ণনা আঙুলিয়াই দেখুৱাক আৰু আমাৰ সময়ৰ গুৰুত্বতাক উল্লেখ কৰক।

গীত ১৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬

১২ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জানুৱাৰী মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। উল্লেখ কৰক যে ফেব্ৰুৱাৰী মাহত বিতৰণ কৰা সাহিত্য হৈছে: পৰিয়ালৰ সুখ কিতাপ। কিতাপখনৰ ১২ পৃষ্ঠাৰ বক্সত থকা তিনিটা প্ৰশ্ন কেনেকৈ ব্যক্তিৰ সৈতে কথা-বতৰা হওঁতে ব্যৱহাৰ কৰিব পাৰি তাক প্ৰদৰ্শন কৰি দেখুৱাক।

১৫ মি: ‘চিহ্ন’ বিষয়ে থকা প্ৰশ্নৰ উত্তৰ। জুলাই ১৫, ১৯৯৯, প্ৰহৰীদূৰ্গ, ১২-৩১ পৃষ্ঠাৰ ওপৰত আধাৰ কৰি প্ৰাচীনে এটা ভাষণ প্ৰস্তুত কৰে।

১৮ মি: সত্য ধৰ্ম্ম চিনাক্ত কৰিবলৈ আনক কেনেকৈ সহায় কৰিব পাৰি। কেনেকৈ লোকসকল যিহোৱাৰ সাক্ষীসকলৰ সৈতে প্ৰভাৱিত হয় কিন্তু অন্য ধৰ্ম্ম আৰু আমাৰ ধৰ্ম্মৰ মাজত থকা পাৰ্থক্যতাক স্পষ্টৰূপে বুজি নাপাই, তাৰ বিষয়ে এজন উপযুক্ত সহায়ক সেৱক আৰু দুজন বা তিনিজন প্ৰচাৰকৰ সৈতে আলোচনা। মে ৮, ১৯৯৫, সচেতন! ২০ পৃষ্ঠাত থকা দহটা মুখ্য বিষয়ক পুনৰ আলোচনা কৰক। কেনেকৈ এজন প্ৰকৃত ব্যক্তিক এই বিষয়বোৰৰ জ্ঞানে সত্য আৰু অসত্য উপাসনাৰ মাজত থকা পাৰ্থক্যতাক বিচাৰি উলিয়াবলৈ আৰু যিহোৱাৰ লোকসকলৰ পৰা শিকিবলৈ আৰু আমাৰ সৈতে সঙ্গতি কৰিবলৈ সহায় কৰিব পাৰে তাৰ বিষয়ে বৰ্ণনা কৰক।

গীত ৬০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৩

৮ মি: স্থানীয় ঘোষণাসমূহ।

১৭ মি: “পূৰ্বীয় ইউৰূপত সত্য উপাসনাৰ বৃদ্ধি।” প্ৰাচীনে প্ৰশ্ন উত্তৰৰ যোগেদি এই ভাগ প্ৰস্তুত কৰিব। নতুন বাৰ্ষিক পুস্তক-ত উল্লেখ থকা প্ৰতিনিধিত্ব দেশবোৰত বৃদ্ধিৰ প্ৰমাণ বা অনুভৱবোৰ উল্লেখ কৰক।

২০ মি: তেওঁলোকে সঠিক বাচঁনি কৰিলে। প্ৰহৰীদূৰ্গ অক্টোবৰ ১৫, ১৯৯৭, পৃষ্ঠা ১৯-২১, অনুচ্ছেদ ৩ -১৬ ওপৰত আধাৰিত এক ভাষণ। অগ্ৰগামীসকলৰ অনুভূতিক প্ৰকাশ কৰি বৰ্ণনা কৰক কিয় তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ জীৱন উত্তম প্ৰতিফলদায়ক পথেদি অতিক্ৰম কৰিছে। ভৱিষ্যতে অগ্ৰগামী বাবে থকা লক্ষ্যক নিৰ্ণয় কৰিবলৈ উপস্থিত থকা সকলোকে উৎসাহিত কৰক।

গীত ১৮২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক