পৃথিৱীজুৰি যিহোৱাৰ নাম ঘোষণা কৰা
১ যীচুৱে তেওঁৰ শিষ্যসকলক “পৃথিবীৰ সীমালৈকে” সাক্ষী দিবলৈ কৈছিল। তাৰ বাবে তেওঁ নিজেই আৰ্হি দেখুৱালে। তেওঁ যʼলৈকে গৈছিল সকলো লোককে মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্য বিষয়ে ঘোষণা কৰিছিল। যীচুৰ দৰে বিশ্বাসী দাস বৰ্গই যিহোৱাৰ নামক “সমস্ত পৃথিবীত জনাজাত” কৰিবলৈ বিভিন্ন পথ অবলম্বন কৰিছে।—যিচ. ১২:৪, ৫.
২ শতাব্দীৰ আৰম্ভণি ভাগত প্ৰচাৰ কাৰ্য্য কিদৰে চলোৱা হৈছিল: এই শতাব্দীৰ আৰম্ভণিৰ ভাগত শুভবাৰ্ত্তা সকলো ঠাইতে প্ৰচাৰ কৰিবলৈ বিভিন্ন মাধ্যম ব্যৱহাৰ কৰা হৈছিল। বাতৰি কাকতৰ যোগেদি শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছিল; “ফটো-ড্ৰামা ক্ৰিয়েচ্ন” চলচিত্ৰ প্ৰস্তুত কৰি লাখ লাখ লোকক দেখুৱা হৈছিল; ৰাস্তা-ঘাটত ঘোষণা কৰিবলৈ গাড়ীত লাউড-স্পিকাৰ ব্যৱহাৰ কৰিছিল; আৰু গ্ৰামʼফোন আৰু ৰেডিঅ যোগেদিও প্ৰচাৰ কাৰ্য্য চলোৱা হৈছিল। কিন্তু ইয়াৰ প্ৰধান লক্ষ্য হৈছিল ব্যক্তিগতভাৱে গৈ সত্য পথত আগ্ৰহী থকা লোকসকলক বিচাৰি উলিওৱা। যাৰ ফলস্বৰূপে, যিহোৱাৰ নাম সকলো ঠাইতে জনাজাত কৰিবলৈ ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্য অধিক কাৰ্য্যকৰীৰূপে প্ৰমাণিত হৈছে।—পাঁচ. ৫:৪২.
৩ বৰ্তমান সময়ত প্ৰচাৰৰ পদ্ধতিত কি সলনি কৰা হৈছে: কিন্তু সময় গতি কৰা লগে লগে জগতখন অতি ব্যস্ত হৈ পৰিছে, যাৰবাবে বহু কম সংখ্যক লোককহে ঘৰত পোৱা যায়। বেছি ভাগ লোকে আধ্যাত্মিক বিষয়বোৰ পঢ়িবলৈ আৰু মনোযোগ দিবলৈ সময় অতিবাহিত কৰিব নিবিচাৰে। সেইবাবে আমিও পৰিস্থিতি অনুসৰি আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰদ্ধতিক সলনি কৰা আৱশ্যক। সেইকাৰণে আমাক কোৱা হৈছে যে ঘৰে ঘৰে প্ৰচাৰ কাৰ্য্য কৰা ওপৰিও যʼতে লোকসকলক লগ নাপাওঁ কিয় সেই সকলোকে শুভবাৰ্ত্তা কোৱা আৱশ্যক। সেইবাবে আমি সকলো সময়তে আমাৰ মাজত থকা আশাৰ বিষয়ে কবলৈ “সষ্টম” হৈ থকা উচিত। (১ পিত. ৩:১৫) ইয়াৰ অৰ্থ হৈছে সঙ্গী কৰ্মীবৃন্দ, স্কুলৰ সহপাঠী, ৰাস্তা-ঘাট, পাৰ্ক বা পাৰ্কিং স্থানবোৰ, দোকান আৰু যʼতে লোকসকলক লগ পোৱা যায় সেই সকলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰা। আমাৰ প্ৰচেষ্ঠাত উত্তম সফলতা লাভ কৰিবলৈ যিহোৱাই সদায় সহায় কৰে। যʼতে লোকসকলক লগ পাই তেওঁলোকক আপুনি শুভবাৰ্ত্তা প্ৰচাৰ কৰেনে?
৪ আহঁক, আমি সকলো সুযোগ গ্ৰহণ কৰি যিহোৱাৰ নাম আমাৰ প্ৰচাৰ কাৰ্য্যৰ যোগেদি সকলো লোককে জনাওঁহঁক। আৰু যেতিয়া ধৰ্ম্মী লোকসকলক যিহোৱাৰ কাষ চপা দেখোঁ, আমাৰ পৰিচৰ্য্যা কাৰ্য্যক সপন্ন কৰি মহান সন্তোষ লাভ কৰোঁ।—যোহ. ৬:৪৪.