ঘোষণাসমূহ
▪ সাহিত্য বিতৰণ ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় সৈতে নতুন সংসাৰ অনুবাদ (ইংৰাজী)। জানুৱাৰী: মণ্ডলীৰ ষ্টকত থকা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ। মণ্ডলীৰ ষ্টকত যদি সেইবোৰ কিতাপ নাথাকে তেনেহʼলে জীৱন—ইয়াত কেনেকৈ আহিল? ক্ৰমবিকাশৰ দ্বাৰা নে সৃষ্টিৰ দ্বাৰা? বা আপুনি পৰমদেশীয় পৃথিবীত সৰ্বদা জীয়াই থাকিব পাৰে। ফেব্ৰুৱাৰী: পৰিয়ালৰ সুখৰ ৰহস্য। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হব।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ মনোনীত কৰা কোনো ব্যক্তিয়ে ডিচেম্বৰ ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ, মন্ডলীৰ লেখসমূহ নিৰক্ষণ কৰা উচিত। যেতিয়া এইটো কৰা শেষ হয়, মন্ডলীত পৰৱৰ্তী হিচাপ-লেখ ৰিপৰ্ট প্ৰস্তুত কৰা সময়ত ইয়াক ঘোষণা কৰক।
▪ চন ২০০১, এপ্ৰিল ৮, দেওবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব্ব পালন কৰা হব। এই জাননী এইবাবে আগতীয়াকৈ দিয়া হৈছে, কিয়নো যি ৰাজ্যগৃহবিলাক এখনতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে তেওঁলোকে যাতে আগতীয়াকৈ উপলব্ধ থকা স্থানীয় সভাগৃহ সংৰক্ষিত কৰিব পাৰে আৰু যʼত আন-আন সুবিধাবোৰো পোৱা যাব। প্ৰাচীনসকলে যি সভাগৃহবোৰ সংৰক্ষিত কৰিব, তাৰ অধিকাৰীৰ সৈতে এটা চুক্তি কৰা উচিত যে স্মৰণীয় পৰ্ব্বৰ উৎদযাপনৰ সময়ত যাতে কোনো প্ৰকাৰৰ হুলস্থুল নহয় আৰু ইয়াক শান্তিৰে পালন কৰিব পাৰে। স্মৰণীয় পৰ্ব্ব হৈছে এটা বিশেষ পৰ্ব্ব আৰু সেইবাবে প্ৰাচীনসকলে সেই দিনত ভাষণ দিবলৈ এনে এজন ভাইক নিৰ্ব্বাচিত কৰা উচিত যিজন অধিক উপযুক্ত। কিন্তু এই কাৰ্য্য মাত্ৰ পাল পৰা ভাই বা একেজন ভাইকে প্ৰত্যেক বছৰে ভাষণ দিবলৈ কোৱাটো উচিত নহয়। অকলমাত্ৰ এই ক্ষেত্ৰতে এজন ভায়ে এই ভাষণ দিব পাৰে যদি মণ্ডলীত কোনো উপযুক্ত অভিষিক্ত প্ৰাচীন আছে।
▪ ১৯৯৯ চনৰ আগষ্ট মাহত ভাৰতত প্ৰচাৰকৰ এটা নতুন চূড়ান্ত পৰিমাণৰ সংখ্যা দেখিবলৈ পাই আনন্দিত হৈছো। এইটো এই কাৰণে সম্ভৱ হʼল কিয়নো প্ৰচাৰকসকলক প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট সময় মতে দিবলৈ উৎসাহিত কৰা হৈছিল। এই কাৰ্য্যত জড়িত আছিল পুস্তক অধ্যয়নৰ পৰিচালক, চেক্ৰেটৰীয়ে ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ কৰা চেষ্টা আৰু সংস্থালৈ মণ্ডলীৰ ৰিপৰ্ট সময়মতে পঠোৱা। সকলোকে আন্তৰিকতাৰে প্ৰশংসা কৰা হৈছে আৰু আশা কৰা হৈছে যে সকলো মাহতে যাতে তেনেদৰে উদাহৰণ ৰাখে।