ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
১৯৯৯ চনৰ ছেপ্টেম্বৰ ৬ তাৰিখৰ পৰা ডিচেম্বৰ ২০ তাৰিখলৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰত ওপৰত আধাৰিত, এই পুনৰ নিৰীক্ষণ আমি কোনো কিতাপ নোখোলাকৈ আলোচনা কৰিম। নিযুক্তি সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগ কাগজ ব্যৱহাৰ কৰক।
[সূচনা: লিখিত পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্ন উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্ন কাকত দিয়া অতিৰিক্ত উল্লেখবোৰ আপোনাৰ ব্যক্তিগত অনুসন্ধান বাবে। প্ৰহৰীদূৰ্গ-ৰ সকলোবোৰ অতিৰিক্ত উল্লেখবোৰত হয়তো পৃষ্ঠা আৰু অনুচ্ছেদৰ সংখ্যা নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. যিহোৱাৰ শাসন প্ৰণালী যে সদায়ে সঠিক আৰু শুদ্ধ তাক প্ৰমাণ কৰিবলৈ স্বাধীন মানৱ শাসনক অনুমতি দিলে। (দ্বিতী. ৩২:৪; ইয়ো. ৩৪:১০–১২; যিৰি. ১০:২৩) [w৯৭ ২/১৫ পৃ. ৫ অনু. ৩]
২. বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰে সকলো অভিযোগক নিন্দা কৰে। [w৯৭ ১২/১ পৃ. ৩০ অনু. ৩–৪]
৩. উচিত দৃষ্টিভঙ্গীৰ ক্ষেত্ৰত ঈশ্বৰীয় মৃৰস্বৰূপ নীতি আৰু ভাল ব্যৱস্থাক স্মৰণ কৰি পিতৃ-মাতৃসকলে তেওঁলোকৰ বিবাহিত সন্তানৰ সৈতে সমন্ধ ৰাখে। (আদি. ২:২৪; ১ কৰি. ১১:৩; ১৪:৩৩, ৪০) [fy পৃ. ১৬৪ অনু. ৬]
৪. মাৰ্ক ৬:৩১–৩৪ পদত দেখুৱাইছে যে ৰাইজৰ প্ৰতি মাত্ৰ বেমাৰ আৰু দুখীয়া হোৱাৰ কাৰণেহে যীচুৰ দয়া উপজিছিল। [w৯৭ ১২/১৫ পৃ. ২৯ অনু. ১]
৫. যদি অন্য মেৰ শ্ৰেণীৰ এজন ভাই যীচুৰ মৃত্যুৰ স্মৰণৰ দিনত উপস্থিত হবলৈ অসক্ষম হয়, তেনেহʼলে গণনা পুস্তক ৯:১০, ১১ পদত বৰ্ণনা কৰা সিদ্ধান্তৰ সামঞ্জস্য ৰাখি পাছৰ মাহত তাক পালন কৰা উচিত। (যোহন ১০:১৬) [সপ্তাহিক বাইবেল পাঠ; w৯৩ ২/১ পৃ. ৩১ অনু. ৯ চাওঁক।]
৬. যিহেতু খ্ৰীষ্টান ককা দেউতা-আইতাই সন্তানক বাইবেলৰ সত্যক শিকাবলৈ পিতৃ-মাতৃৰ যি দায়ীত্ব তাক বহন নকৰে, কিন্তু সন্তানৰ আধ্যাত্মিক উন্নতিৰ বাবে ককা দেউতা-আইতাই পৰিপূৰক ভূমিকা আদায় কৰিব পাৰে। (দ্বিতী. ৬:৭; ২ তীম. ১:৫; ৩:১৪, ১৫) [fy পৃ. ১৬৮ অনু. ১৫]
৭. হিতোপদেশ ৬:৩০ পদে দেখুৱাইছে যে কিছু ক্ষেত্ৰত চুৰ কৰা কাৰ্য্যক দোষ খণ্ডন কৰিব পাৰি বা সঠিক বুলি মানিব পাৰি। [g৯৭ ১১/৮ পৃ. ১৯ অনু. ২]
৮. ১৫৩০ চনত হিব্ৰু শাস্ত্ৰৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ সময়ত ঈশ্বৰ নাম, যিহোৱা ৰূপে ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন উইলিয়াম টেনডেল। [w৯৭ ৯/১৫ পৃ. ২৮ অনু. ৩]
৯. বৰ্তমান সময়ত ঈশ্বৰে প্ৰতিৰূপী আশ্ৰয়-নগৰৰ ব্যৱস্থা কৰিছে যাৰ দ্বাৰা তেজৰ পবিত্ৰকৰণৰ বিষয়ে ঈশ্বৰৰ যি আজ্ঞা তাক ভঙ্গ কৰাৰ বাবে পোৱা মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাব পাৰি। (গণ. ৩৫:১১) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ১১/১৫ পৃ. ১৭ অনু. ৮ চাওঁক।]
১০. দ্বিতীয় বিৱৰণৰ অৰ্থ “দ্বিতীয় বিধান” কাৰণ বাইবেলৰ এই কিতাপখনত কেৱল বিধানৰ কথা বাৰে বাৰে উল্লেখ কৰিছে। [সপ্তাহিক বাইবেল পাঠ; si পৃ. ৩৬ অনু. ৪ চাওঁক।]
নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:
১১. পঞ্চাশ-দিনীয়া পৰ্ব্বৰ সময়ত মহাপুৰোহিতে উৎসৰ্গা কৰা দুটা খমীৰ পিঠাই কিহক চিত্ৰিত কৰে? (লেবী. ২৩:১৫-১৭) [সপ্তাহিক বাইবেল পাঠ; w৯৮ ৩/১ পৃ. ১৩ অনু. ২১ চাওঁক।]
১২. খ্ৰীষ্টান মহোৎসৱ কেতিয়া আৰম্ভ হʼল, আৰু ই সেই সময়ত কেনে ধৰণৰ স্বাধীনতা কঢ়িয়াই আনিছিল? (লেবী. ২৫:১০) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৫/১৫ পৃ. ২৪ অনু. ১৪ চাওঁক।]
১৩. গনণা পুস্তকত বৰ্ণনা কৰা মতে কি তিনিটা কাৰণত জীয়াই থকাটো নিৰ্ভৰ কৰে? [si পৃ. ৩০ অনু. ১]
১৪. কিদৰে মোচিৰ উদাহৰণে প্ৰদৰ্শন কৰিলে যে তেওঁৰ ইৰ্ষ্যা আত্মা নাছিল? (গণ. ১১:২৯) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৯/১৫ পৃ. ১৮ অনু. ১১ চাওঁক।]
১৫. কিদৰে কোৰহ, দাথন আৰু অবীৰামৰ ক্ষেত্ৰত প্ৰমাণিত হʼল যে দৃষ্টি কৰা কাৰ্য্যই সকলো সময়ত বিশ্বাসলৈ পৰিচালিত নকৰে? [w৯৭ ৩/১৫ পৃ. ৪ অনু. ২]
১৬. বয়সস্থ পিতৃ-মাতৃসকলক সন্মান দিয়াৰ বিষয়ে কি দুটা দিশ মথি ১৫:৩–৬ আৰু ১ তীমথিয় ৫:৪ পদত বৰ্ণনা কৰিছে? [fy পৃ. ১৭৩-৫ অনু. ২-৫]
১৭. গণনা পুস্তক ২৬:৬৪, ৬৫ পদত কি গুৰুত্বপূৰ্ণ পাঠৰ উল্লেখ কৰা হৈছে? [সপ্তাহিক বাইবেল পাঠ; g৯৫ ৮/৮ পৃ. ১০-১১ অনু. ৫-৮ চাওঁক।]
১৮. ঈশ্বৰলৈ সমৰ্পিত অৰ্থ কি তাক বুজিবলৈ পীনহচৰ উদাহৰণে আমাক কেনেকৈ সহায় কৰে? (গণ. ২৫:১১) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৩/১ পৃ. ১৬ অনু. ১২-১৩ চাওঁক।]
১৯. প্ৰতিৰূপী আশ্ৰয়-নগৰত থকা এজন ব্যক্তি কেনেকৈ ‘আশ্ৰয়ৰ-নগৰৰ সীমাৰ বাহিৰ’ হব পাৰে? (গণ. ৩৫:২৬) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ১১/১৫ পৃ. ২০ অনু. ২০ চাওঁক।]
২০. বাইবেল অনুবাদৰ বাবে কিদৰে কডেক্স চিনেইটিকাচে এক বৰঙণি যোগাইছিল? [w৯৭ ১০/১৫ পৃ. ১১ অনু. ২]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ(বোৰ) বা বাক্য দিয়ক:
২১. যিহোৱাই একমাত্ৰ _________________________ ব্যক্তি আৰু সকলো সৃষ্টিৰ শান্তি আৰু আনন্দ বজাই ৰাখিবলৈ তেওঁৰ ব্যৱস্থাৰ প্ৰতি _________________________ হোৱা আৱশ্যক, এই মৌলিক সত্যক এবাৰ আৰু সকলো সময়ৰ বাবে স্থাপন কৰিবলৈ দুষ্টক অস্তিত্বত থাকিবলৈ অনুমতি দিলে। (গীত. ১:১-৩; হিতো. ৩:৫, ৬; উপ. ৮:৯) [w৯৭ ২/১৫ পৃ. ৫ অনু. ৪]
২২. লেবীয়া কিতাপত তেওঁৰ _________________________ ওপৰত উল্লেখযোগ্য বৰ্ণনা আছে, _________________________ কেৱল ইয়াৰ প্ৰয়োগৰ অনুমতি দিছে। [si পৃ. ২৯ অনু. ৩৩]
২৩. গীতমালা ১৪৪:১৫খ সামঞ্জস্যত, প্ৰকৃত সুখ হৈছে হৃদয়ৰ এটা স্থিতি, যিটো যিহোৱাৰ প্ৰতি সচাঁ _________________________ আৰু তেওঁৰ সৈতে এটা ভাল _________________________ ওপৰত আধাৰিত। [w৯৭ ৩/১৫ পৃ. ২৩ অনু. ৭]
২৪. প্ৰায় সা.যু.পূ. ১৫০ চনত হিব্ৰু বাইবেল সাধাৰণ গ্ৰীক ভাষাত অনুবাদ সম্পূৰ্ণ কৰা হয়, ফলস্বৰূপে সেই বাইবেলৰ নাম _________________________ নামেৰে জনা হয়; প্ৰায় সা.যু. ৪০০ চনত সম্পূৰ্ণ কৰা লেটিন ভাষাৰ জেৰোমৰ অনুবাদক _________________________ ,_________________________ নামেৰে জনা যায়। [w৯৭ ৮/১৫ পৃ. ৯ অনু. ১; পৃ. ১০ অনু. ৪]
২৫. গণনা পুস্তকত উল্লেখ কৰা বালম আৰু কোৰাৰ বিষয়ে কৰা আলোতনাৰে, যিহুদাই খ্ৰীষ্টানসকলক _________________________ আৰু _________________________ পৰা বাচি থাকিবলৈ সতৰ্ক কৰি দিছে। [si পৃ. ৩৫ অনু. ৩৫]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:
২৬. বছৰত এবাৰ, যি (পঁজা-পৰ্ব্ব; প্ৰায়শ্চিত্তৰ দিন; নিস্তাৰ-পৰ্ব্ব) বুলি কোৱা হৈছিল, সকলো ইস্ৰায়েল জাতিৰ সৈতে যিহোৱাক উপাসনা কৰা অন্য জাতিকো (কোনো কাৰ্য্যকে হাতত নলবলৈ; এক দশমাংশ দিবলৈ; প্ৰথম ফলৰ উপহাৰ উৎসৰ্গ কৰিবলৈ) আৰু উপবাস কৰিব লাগিছিল। (লেবী. ১৬:২৯–৩১) [সপ্তাহিক বাইবেল পাঠ; w৯৬ ৭/১ পৃ. ১০ অনু. ১২ চাওঁক।]
২৭. নিউ ওৱৰ্ল্ড বাইবেল অনুবাদ কমিটিৰ লক্ষ্যবোৰৰ ভিতৰত এটা বিশেষ লক্ষ্য আছিল (যিমান সম্ভৱ হয় সাহিত্য ৰূপে; মূল্য ভাষাৰ এক ব্যাখ্যা ৰূপে; এক বিশেষ বিধান বুজি পোৱা সামঞ্জস্য ৰূপে) অনুবাদ কৰিছিল যাতে পাঠকসকলে মূল ভাষা আৰু ইয়াত সংযুক্ত থকা ভাৱ-ধাৰাৰ প্ৰতি স্বাদ গভীৰভাৱে উপলব্ধি কৰিব পাৰে। [w৯৭ ১০/১৫ পৃ. ১১ অনু. ৫]
২৮. ইব্ৰী ১৩:১৯ পদৰ অনুসৰি বিশ্বাসী সঙ্গীসকলৰ একেৰাহে কৰা প্ৰাৰ্থনাই এই কথাৰ প্ৰভেদ দেখুৱাই যে (ঈশ্বৰে কি অনুমতি দিয়ে; ঈশ্বৰে কেতিয়া কাৰ্য্য কৰে; কেনেকৈ ঈশ্বৰে কাৰ্য্যবোৰ পৰিচলনা কৰে)। [w৯৭ ৪/১৫ পৃ. ৬ অনু. ১]
২৯. ইস্ৰায়েলসকলে (পবিত্ৰ শোভাবৰ্দ্ধনৰূপে; নম্ৰতা চিহ্নৰূপে; যিহোৱাৰ লোক হিচাপে জগতৰ পৰা পৃথক তাক দৃশ্যৰূপে স্মৰণ কৰিবলৈ) “কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা” লগোৱাৰ আৱশ্যক আছিল। (গণ. ১৫:৩৮, ৩৯) [সপ্তাহিক বাইবেল পাঠ; w৮৩ ১০/১৫ পৃ. ২০ অনু. ১৬ চাওঁক।]
৩০. দ্বিতীয় বিবৰণ লিখাৰ সময় আছিল (দুমাহ; এমাহ; দুবছৰ), আৰু এই পুস্তক আৰম্ভণিতে লিখি সম্পূৰ্ণ কৰিছিল (১৫১৩; ১৪৭৩; ১৪৬৭) খ্ৰীষ্টব্দ পূৰ্ব্বত। [si পৃ. ৩৬ অনু. ৬]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত থকা তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক।
গণ. ১৬:৪১, ৪৯; মথি ১৯:৯; লূক ২:৩৬–৩৮; কল. ২:৮; ৩:১৪
৩১. সন্যাসীবাদে বিশেষ পবিত্ৰতা বা সত্য পৰিবৰ্দ্ধনলৈ পৰিচালিত নকৰে। [g৯৭ ১০/৮ পৃ. ২১ অনু. ৩]
৩২. ব্যভিচাৰ একমাত্ৰ বিবাহ বিচ্ছেদৰ শাস্ত্ৰীয় আধাৰ যাৰ বাবে পুনৰ বিবাহ সম্ভৱ। [fy পৃ. ১৫৮–৯ অনু. ১৫]
৩৩. ঈশ্বৰ-শাসিত কাৰ্য্যত সক্ৰিয় হʼলে, আনকি পিছৰ বয়সতো, এজন ব্যক্তিক হেৰুৱা বিবাহ-সঙ্গীৰ প্ৰতি থকা যি দুঃখ তাক জয় কৰিবলৈ সমৰ্থ হয়। [fy পৃ. ১৭০-১ অনু. ২১]
৩৪. যিহোৱাৰ নিযুক্ত সেৱকৰ দ্বাৰা পৰিচালিত কৰা তেওঁৰ শাসন কৰা ন্যায়ৰ পদ্ধতিক ভূল উলিয়াটো সৰ্বনাশজনক পৰিণাম হব পাৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৬ ৬/১৫ পৃ. ২১ অনু. ১৩ চাওঁক।]
৩৫. নিস্বাৰ্থ প্ৰেমে এক বিবাহিত দম্পতীক একলগে বান্ধে আৰু তেওঁলোকক সেইটো কৰিবলৈ সহায় কৰে যিটো এজনে আনজনৰ প্ৰতি আৰু তেওঁলোকৰ সন্তানৰ প্ৰতি সৰ্বোত্তম। [fy পৃ. ১৮৭ অনু. ১১]