ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যাৰ সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যাৰ সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ফেব্ৰুৱাৰী ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০০ পৃষ্ঠা ২

পৰিচৰ্য্যাৰ সভাৰ তালিকা

ফেব্ৰুৱাৰী ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৩ (১২)

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: “বাক্য ঘোষণা কৰিবলৈ . . . উৎসাহী হোৱা।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। আমাৰ পৰিচৰ্য্যা কিতাপৰ ১৭০ পৃষ্ঠাত থকা মন্তব্যক সন্মিলিত কৰক। বাকী থকা শীতকালৰ মাহ কেইটাত কেনেকৈ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে কিছুমান ব্যৱহাৰিক পৰামৰ্শ দিয়ক।

২০ মি: “আমি কেনেকৈ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰিব পাৰোঁ।” ভাষণ আৰু উপস্থাপন। বৰ্ণনা কৰক যে কিয় প্ৰচাৰ কাৰ্য্যৰ বাবে যুক্তি কৰা ক্ষমতা ইমান গুৰুত্বপূৰ্ণ আৰু ইয়াক কেনেকৈ লাভ কৰিব পাৰি। বিষয়টোৰ ৩ অনুচ্ছেদত থকা পদক্ষেপবোৰ কেনেকৈ প্ৰচাৰ কাৰ্য্যৰ বাবে তৈয়াৰ কৰিব পাৰি তাৰ সমন্ধে দুজন প্ৰচাৰকে আলোচনা কৰি উপস্থাপন প্ৰদৰ্শন কৰি দেখুৱাব।

গীত ১৮২ (২৪) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭ (৭)

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: “যিসকল তিৰোতাই প্ৰভুত কঠোৰ পৰিশ্ৰম কৰে।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। প্ৰহৰীদূৰ্গ, ছেপ্টেম্বৰ ১৫, ১৯৯৬, পৃষ্ঠা ১৪-১৫, ১৮-১৯ অনুচ্ছেদত থকা মন্তব্যক সন্মিলিত কৰক। ইচ্ছাকৃত সমৰ্থন, আনৰ বাবে সম্পন্ন কৰা লাভজনক সেৱা আৰু উৎসাহী হৈ প্ৰচাৰ কাৰ্য্য কৰা ভনীসকলক আন্তৰিকৰূপে প্ৰশংসা কৰক।

২০ মি: “বিশ্বাসত থিৰে থাকিবলৈ কিহে আমাক সহায় কৰিব?” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। আমি একেবাৰে কঠিন সময়ত জীয়াই আছোঁ আৰু সেইবাবে আমি সকলোৱে কিছুমান ক্ষেত্ৰত সহায় আগবঢ়োৱা আৱশ্যক। যিসকল লোক নিৰুৎসাহজনক সমস্যাৰ পৰা অতিষ্ঠ হৈছে তেওঁলোকক শক্তিশালী কৰিবলৈ প্ৰাচীন আৰু সহায়ক সেৱকসকলে কি কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰক। (প্ৰহৰীদূৰ্গ, ছেপ্টেম্বৰ ১৫, ১৯৯৩, (ইংৰাজী) ২১-৩ পৃষ্ঠাত থকা “মেৰবোৰক কেনেকৈ উৎসাহিত কৰিব পাৰি” উপশিৰোনামাটো চাওঁক।) আমি এজনে আনজনক আধ্যাত্মিকত দৃঢ় হৈ থাকিবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰোঁ তাৰ বিষয়ে বৰ্ণনা কৰক।—ৰোমী. ১:১১, ১২.

গীত ৮২ (১০) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৬ (৫)

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ফেব্ৰুৱাৰী মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। প্ৰদৰ্শন কৰক যে মাৰ্চ মাহত কেনেকৈ শান্তিপূৰ্ণ নতুন জগত ট্ৰেক্টখন জ্ঞান কিতাপখনৰ সৈতে পৰিচিত হʼবলৈ ব্যৱহাৰ কৰিব পাৰি। ট্ৰেক্টখনৰ আৰম্ভণি অনুচ্ছেদৰ পৰা প্ৰশ্নবোৰ সোধাৰ পাছত অলপ ৰৈ ৩ পৃষ্ঠাত থকা প্ৰথম অনুচ্ছেদটো পঢ়ক আৰু ইয়াৰ লগতে গীতমালা ৩৭:২৯ পদটোও পঢ়ক। যদি গৃহস্থই আগ্ৰহ দেখুৱাই, তেনেহʼলে জ্ঞান কিতাপখনৰ ৫ পৃষ্ঠা খুলি বক্সত দিয়া বিষয়টো পঢ়ক আৰু এটা বাইবেল অধ্যয়ন আগবঢ়াওঁক। এই মাহত সকলোৱে এটা নতুন গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ প্ৰচেষ্ঠা কৰা উচিত।

৫ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।

১২ মি: দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখন পুনৰ আলোচনা কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। নতুন কিতাপখনৰ মুখ্য বিষয়বোৰ পুনৰ আলোচনা কৰক: অধ্যায়ৰ শিৰোনামাবোৰ আকৰ্ষণীয়, প্ৰভাৱশালী দৃষ্টান্ত, প্ৰত্যেক আলোচনাৰ শেষত থকা প্ৰশ্নবোৰৰ প্ৰমাণৰ সৈতে বক্স, মেপ আৰু বৰ্ণনাবিলাক স্পষ্ট কৰিবলৈ চাৰ্টবোৰ ব্যৱহাৰ কৰক। মীখায়েলে কেনেকৈ বিশেষৰূপে “থিয়” হব তাৰ বিষয়ে থকা উৎসাহজনক বৰ্ণনাক বিবেচনা কৰক (পৃষ্ঠা ২৮৮-৯০)। শিক্ষকৰূপে ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা আমাৰ ধৈৰ্য্যৰ গুৰুত্বতাক আলোচনা কৰক (পৃষ্ঠা ৩১১-১২)। আমি সকলোৱে এই কিতাপখন সাৱধানে পঢ়া উচিত আৰু আগ্ৰহী থকা লোকসকলক সেইদৰে কৰিবলৈ উৎসাহিত কৰা উচিত।

১৮ মি: “দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক।” ১ আৰু ২ অনুচ্ছেদত উল্লেখিত থকা শাস্ত্ৰ পদবোৰৰ ওপৰত ভিত্তি কৰি দুই বা তিনি মিনিটৰ ভিতৰত এক উৎসাহজনক সুচনা দিয়ক। তাৰ পাছত ৩-১২ অনুচ্ছেদটো প্ৰশ্ন আৰু উত্তৰ সৈতে আলোচনা কৰক।

গীত ৬১ (১৬) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৬ (২৩)

৫ মি: স্থানীয় ঘোষণাসমূহ।

১০ মি: স্থানীয় আৱশ্যকসমূহ।

১০ মি: “কেনেকৈ শুনে তালৈ মনোযোগ দিয়ক।” কেনেকৈ মণ্ডলীৰ সভা, সন্মিলন, আৰু অধিৱেশনৰ পৰা অধিকৰূপে লাভৱান হʼব পাৰে ইয়াৰ বিষয়ে এজন পৰিয়ালৰ মুখীয়ালে তেওঁৰ পত্নী আৰু লʼৰা-ছোৱালীৰ সৈতে আলোচনা কৰক। পৰিয়ালৰ সকলোৱে যাতে ভালদৰে মনোযোগ দিয়ে তাৰ প্ৰতি গুৰুত্ব দিব। তেওঁলোকে পৰামৰ্শবোৰ পুনৰ আলোচনা কৰি তাক বিবেচনা কৰিব যে প্ৰত্যেকজনে সেইবোৰত কেনেকৈ প্ৰয়োগ কৰিছে। তেওঁলোকে বিবেচনা কৰিব যে সকলো সভা, অধিৱেশন আৰু সন্মিলনত কেনেকৈ উপস্থিত থাকিব পাৰে।

২০ মি: “দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক।” যোৱা সপ্তাহত হৈ যোৱা অন্তপত্ৰখনৰ ১-১২ অনুচ্ছেদ লৈকে চমুকৈ পুনৰ আলোচনা কৰি পৰিচালকে ১৩-২৪ অনুচ্ছেদটো প্ৰশ্ন আৰু উত্তৰৰ সৈতে আলোচনা কৰক। উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰক।

গীত ১৮৬ (২২) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক